☞❤☞যেতিয়া তোমাৰ মেঘালি চুলিৰ পৰা
ওলাই আহে গধুলিৰ শেৱালিৰ গন্ধ
কবিতা কবিতা লগা মোৰ হৃদয়খন
বৰকৈ উঠা নমা কৰে ।
তেতিয়া মোৰ হৃদয়ৰ উকা কাগজত
সৃষ্টি হয় এটি কবিতা তোমালৈ ।
প্ৰেমৰ কবিতা !!!
এবাৰ কোৱা মাথোঁ ভালপাওঁ বুলি
তোমাৰ নামত দি থৈ যাম
মোৰ হৃদয়ৰ সমস্ত মৰম ভালপোৱা
এবাৰ কোৱা মাথোঁ ভালপাওঁ বুলি
ভগাই লম তোমাৰ সতে মোৰ সুখ-দুখ
উদযাপন কৰিম দুয়ো মিলি একেলগে জীৱনক
এবাৰ মিচকল দিয়া মাথোঁ
হেজাৰবাৰ ডায়েল কৰিম তোমাৰ নাম্বাৰত । ।
✍✍✍ইলিয়াছ হাছান✍✍✍
☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি । নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । ✍✍✍ইলিয়াছ হাছান✍✍✍
Sunday, 18 September 2016
এবাৰ কোৱা মাথোঁ ভালপাওঁ বুলি
Friday, 16 September 2016
মোৰ ডায়েৰিৰ এখিলা পাতত সপোনৰ অপেক্ষা
☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি ।
নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । কিন্তু যেতিয়া মনে সজা সপোনবোৰ ভাঙি যায় তেতিয়া ! তেতিয়া জীৱন হৈ পৰে এক অপাত্ৰক আৰু মৰণ হৈ পৰে শেষ পৰিণতি । কিন্তু কোনোৱে এইটো নিবিচাৰে । কিছুমান পৰিস্থিতিয়েহে বাধ্য কৰে । বৰ্তমান মইও এক অপাত্ৰক হৈ পৰিছো । মাথোঁ হৃদয়ত লিখা আছে দুখ বেদনাৰ হিয়াভৰা গান । কোৱা হয় যেতিয়া সপোনবোৰ ওচৰত থাকে তেতিয়া একো বুজিব নোৱাৰি বা উপলব্ধি কৰিব নোৱাৰি । কিন্তু যেতিয়া আতৰি যায় তেতিয়াহে উপলব্ধি কৰা হয় আৰু নিজৰ ভুল বুজি পোৱা যায় । কিন্তু হেৰুৱা সপোনবোৰতো আৰু ঘুৰাই পোৱা টান । এতিয়া মাথোঁ বিষাদৰ স্মৃতি আৰু চকুলোবোৰ একমাত্ৰ সংগী হৈ পৰিছে । আৰু আশা, আশা হৈয়ে ৰৈ আছে । জীৱন যাত্ৰাপথত আগুৱাই যাবলৈ সাহ নোহোৱা হৈ গৈছে । অসান্তিয়ে আৱৰি ধৰিছে, এনে লাগে যেন প্ৰকাণ্ড পাহাৰ এখন মূৰৰ ওপৰত জাপি দিছে, এনে ভাৱ হয় যেন মৰি যাওঁ কিন্তু মৰিবও তো নোৱাৰো । আৰু নতুনকৈ সপোন ৰচিবও নোৱাৰো, ভয় লাগে যদি ভঙা হৃদয়ত আকৌ সপোনবোৰ মৰহি যায়, কি থাকিব তেতিয়া হৃদয়ত জ্বলি পুৰি চাই হৈ যাব । সেয়েহে এটি আশা এবুকু মৰমৰ অপেক্ষাত আজি ৰৈ আছোঁ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । ।
✍✍✍ইলিয়াছ হাছান✍✍✍
Thursday, 15 September 2016
নষ্ট প্ৰেমিকৰ ভাষাত
সিদিনা মই বিচাৰিছিলো
নিস্তব্ধতা,কেৱল নিস্তব্ধতা, ফুটপাথৰ
কোলাহলৰ মাজত মই বিচাৰিছিলোঁ
নিস্তব্ধতা ৷ মোৰ ভাড়াঘৰৰ ভিতৰত
বিছাৰিছিলোঁ মৌনতাৰ মাজত
কোলাহল ৷ যেন হেজাৰটা
জেনেৰেটৰৰ ঘৰ্ ঘৰ্ শব্দই মোক তাল-
অাফাল কৰি পেলাই ৷ এনে লাগিছিল
বৰষুণবোৰ হেৰাই যাওক মোৰ চোতালৰ
পৰা ৷ নিশাবোৰ মাতাল হওঁক মোৰ
বাবে, জোনাকী পৰুৱাবোৰ যাতে
দুনাই নাহে মোৰ প্ৰিয় নদীৰ পাৰলৈ ৷
কেতিয়াবা এনে লাগিছিল নদীৰ
বুকুতেই হেৰাই যোৱা কবিতাবোৰ
বিচাৰি চলাথ কৰিম ৷ কিন্তু
সকলোবোৰে মোক ভেঙুচালি কৰিব
ধৰিলে ৷ অৱশেষত মই নিস্তব্ধতাক
সংগী কৰি লৈ বেলেগ এটা জীৱনলৈ
ঢাপলি মেলিলোঁ ৷ মই জানোঁ নাপাই
হেৰুৱাতকৈ পাই হেৰুৱাৰ যন্ত্ৰনা
অথবা সৰাপাত বুটলি এআকাশ ঠিকনা
বিচাৰি ৰৈ থকাৰ বেদনা ৷ প্ৰেমত
সৰ্বোচ্চ উজাৰি দিয়াৰ পাছত সকলো
হেৰুৱাই কোঙা হৈও অৱশেষত জীৱনৰ
ৰঙবোৰ ঘুৰাই পোৱাৰ মাদকতা কি মই
বুজোঁ ৷ মই বুজি পাঁও সচাঁকৈ
ভালপোৱাবোৰ হেৰোৱাৰ পাছত অহা
ছুনামিজাকৰ কথা আৰু বুজোঁ দিক্
হেৰুৱা পখীৰ আৰ্তনাদৰ বিভীষিকাৰ
বেথা ৷ সুখ-দুখ,হাঁহি-কান্দোন,মান-
অভিমানৰ মাজত জীৱনে যেতিয়া
পূৰ্ণতা পায় জীৱনটো ৰঙীন হ'ব ধৰে ৷
ৰঙীন পানীয়ত নোপোৱা সোৱাদ
যেতিয়া মোহনীয় হয়, বুজিব বিজয়
আপোনাৰেই ৷
Wednesday, 7 September 2016
প্ৰেমত ব্যৰ্থ সকললৈ
যি সকলে প্ৰেমত ব্যাৰ্থ হৈছে সেই
সকলক মই কব বিচাৰিছো যে ....প্ৰেমত
ব্যাৰ্থ মানেই জিৱনতো ধ্বংস নহয়,
কিয়নো....যি সকলে হিদয় হেৰুৱাইছে
তেওঁলোকেই কিবা এতা
পাইছে....তেওঁলোকে একো পোৱা
নাই যি সকল সদায় বিচাৰাতোকে
পাই.... দুখ আছে বাবে জিৱনতো সুখময়,
পৰাজয় আছে বাবেই জিৱনতো
অৰ্থময়....তেওঁল োকে আটাইতকৈ
বিফল মানুহ, যি সকল সদায় সফল. যি
সকল প্ৰেমত পৰা নাই তেওঁলোক
দুৰ্ভগীয়া. তেওঁলোক যি সকল প্ৰেমত
পৰি ব্যাৰ্থ হৱা নাই, যি সকল
যন্ত্ৰনাত উজাগৰে ৰাতি কতোৱা
নাই, যি সকলে জীৱনত এবাৰো
বিশ্বাস হেৰুৱা নাই, যি সকল দুখৰ
বোজা কাৰ্হিয়াই থাকিও হাহি
হাহি কোৱা, হয় মই ভালেই,
তেওলোকলৈ মোৰ ফালৰ পৰা
সমাবেদনা গিয়াপন কৰিছো কাৰন
তেওঁলোক সচাকৈ বৰ দুৰ্ভগীয়া....
প্ৰেমত পৰি ব্যাৰ্থ হোৱাতো জিৱনৰ
কাৰনে এতা ভাল স্মুতিৰ দিন, কাৰন
যি দিনাৰ পৰাই প্ৰেমত ব্যাথো
হোৱা যায় সেই দিনৰ পৰাই এক নতুন
জীৱন আৰম্ভ কৰা যায়.....শেষত মই
এইতো কব বিছাৰিছো
যে....বিফলতাই হৈছে সফলতাৰ মুল
চাবিকাথি......!!!!!!
Monday, 22 August 2016
প্ৰিয়তমা তোমালৈ
প্ৰিয়তমা
তোমাৰ নামেৰেই উন্মাদ
উমাল মোৰ হৃদয়ৰ মৰম ল’বা ৷
তোমাক দেখাৰে পৰা কি যে
হ’ল- এই লঠঙা শীততো মোৰ হৃদয়ত
পাহ মেলিছে কুমলীয়া
কুঁহিপাত ৷ দেহমন পিৰপিৰাই,
ৰাইজাই কৰি অহৰহ মোক চুই
গৈছে এজাক ফিৰফিৰীয়া
বতাহ ৷ ফিৰফিৰীয়া
বতাহজাকৰ পৰশত এক বুজাব
নোৱাৰা অজান কাৰণত আজি
মই অস্থিৰ-অশান্ত ৷ তোমাৰ
ভাৱনাই মোৰ দুচকুৰ নিদ্ৰা হৰণ
কৰি বহলাইছে মোৰ কল্পনা আৰু
সপোনৰ পৰিসৰ ৷ আহত গছ
শিপোৱা দি মোৰ হৃদয়ত
শিপাইছে প্ৰেমৰ এক অনাবিল
অনুভৱ ৷ প্ৰতিপল, প্ৰতিক্ষণ আজি
শিহৰিত মোৰ যৌৱন ৷ কবিয়ে
লিখাৰ দৰে, গায়কে গোৱাৰ
দৰে আকাশে বতাহে কেৱল
তোমাকেই দেখিছো ৷ যৌৱন-
যমুনাৰ পাৰৰ শুভ্ৰ কঁহুৱাবোৰেও
যেন আজি হালি-জালি
গাইছে তোমাৰ-মোৰ
নামেৰেই ব’হাগী বিহু গীত ৷
তোমাৰ নামেৰেই তলপাৰ মোৰ
হৃদয়ৰ দুয়োটি পাৰ ৷ তোমাতেই
যেন বিচাৰি পাম মোৰ জীৱনৰ
মৌ-জোলোঙা ৷
আজি মোৰ হৃদয় হাহাকাৰ
বিচাৰি তোমাৰ হৃদয়ৰ উমাল
উষ্মতা ৷ মোৰ হৃদয়ৰ এই প্ৰেমৰ
বলীয়া বানেৰে যেন বুৰাই
দিম তোমাক ৷ তোমাতেই
হেৰাই যাব খুজিছোঁ,
তোমাতেই নি:শেষ হ’ব
খুজিছো যদিহে দিয়া সুযোগকণ
৷ তোমাৰ নামেৰেই ভৰুণ মোৰ
হৃদয় ৷ তোমাৰ প্ৰেমহীনতাত
মোৰ হৃদয়ত বাজিব জীৱন বীণাৰ
কৰুণ সুৰ ৷
Tuesday, 16 August 2016
প্ৰিয়তমালৈ
মৰমৰ
প্ৰিয়তমা
আজি অলপ সোনকালে শুইছিলো।চিলি
মিলিকৈ টোপনি আহিছিল।এনেতে
কেতেকী চৰাই এজনিৰ কৰুণ আর্তনাদত
সাৰ পাই উঠিলো।চকুলৈ আৰু টোপনি
নাহিল।বিছনাৰ পৰা উঠি
আহিলো,তোমালৈকে দুএষাৰ
লিখো বুলি। তোমালৈ লিখা
অভ্যাসটো
মোৰ গধুৰ মন পাতল কৰাৰ অভিনৱ ঔষধ।মনৰ
পুঞ্জীভূত অনুভূতি বোৰ প্রকাশ কৰি
পাতল পাতল লাগে।সেয়েহে
তোমালৈ দু-এষাৰ
লিখিবলৈ বহিছো। প্ৰিয়তমা এই
গভীৰ নিশা অনেক স্মৃতি মনলৈ
আহিছে।বাহিৰত ছাগৈ শেতা
জোনটোক হিমচেঁচা কুঁৱলীয়ে ঢাকি
ধৰিছে।মোৰ চকুৰ পতাত এতিয়াও
টোপনিৰ পৰশ নাই।মাথোন মনলৈ
আহিছে প্রথম যৌৱনৰ সোণসনা স্মৃতি।
তেতিয়া মোৰ জীৱনত প্রথম বসন্তৰ
শিহৰণ লাগিছিল।অন্তৰত আশাই সাৰ
পাই উঠিছিল।ভাষাই
কুৰুলিয়াইছিল,মৰমবোৰ উতলি উঠিছিল।
পৃথিবীখনএকেবাৰে নতুন দেখিছিলো।
বহল পৃথিবীখন নিমজ,বাটবোৰ
পোন,জীৱনৰ গতি সহজ যেন লাগিছিল।
ল'ৰালি কালৰ কোমল অন্তৰখন উদং উদং
লাগিছিল।তাৰ পিছত উতলা হিয়াৰ
উপচি পৰামৰম বোৰ বাকি দিবলৈ
মনটো চঞ্চল হৈ উঠিছিল।এষাৰ মাত
এটা হাঁহি,এটা চাৱনি,এবুকু মৰম
বিচাৰি মনটোৱে উচপিচাইছিল।
মাজনিশা সাৰ পাই শুনা কেতেকীৰ
মাতত মই বিচাৰি পাইছিলো
হিয়াৰআহ্বান-প্রানৰ সহাৰি।মোৰ
বাবে মৰণ আছিল অলিক কল্পনা,বেদনা
আছিল সহজ কবিতা।কিন্তু সময়ৰ সোঁত বৈ
গ'ল।আজি মোৰ কোমল মনটোৱে হেজাৰ
ধুমুহা সহিব পৰা হৈ পৰিছে। বহুত কথাই
লিখিছো।আচল কথাটো এতিয়াও
কবপৰা নাই।তোমাৰ পৰা কিবা সহাৰি
পাম বুলি বাট চাই আছিলো।কিন্ত
ক'তা আজিও নাপালো ।মোৰ ভুলো হব
পাৰে।ৰহস্যঘন প্রণয়ৰ পাশত পৰা মানুহে
সকলো কথাকে নিজলৈ পোনাই
বিচাৰ কৰে;মোৰ ভূল হোৱা নাইতো?
তোমাৰ চাৱনি,ফুটোঁ ফুটোঁ কৰা ওঠৰ
পাহিৰ অব্যক্ত ভাষাই মোক মাথোন
এইটোকে বিশ্বাস কৰিবলৈ
শিকাইছিল যে তোমাৰ এখন অন্তৰ
আছে,এমুঠি আশা আছে,এবুকু ভাষা
আছে।তুমিও এখন অন্তৰ বিচাৰিছা।
কিন্তুআজিও সহাৰি নাপালো। মৰম
লবা।
আকৌ তোমালৈ বাট চাই ৰ'লো।
তোমাৰ মৰমৰ
ইলিয়াছ হাছান
"Depression"
"Depression"
আজিৰ সময়ত মানুহৰ ব্যস্ত
জীৱনযাত্ৰাত
প্ৰায়ে শুনিবলৈ পোৱা এটা শব্দ
হ’ল
‘ডিপ্ৰেছন’। ‘ডিপ্ৰেছন’ৰ অসমীয়া
প্ৰতিশব্দ
হিছাপে বিষাদগ্ৰস্থতা, বিষন্নতা
আদি বিভিন্ন সময়ত ব্যৱহাৰ হৈ
আহিছে
যদিও মই ‘ডিপ্ৰেছন’ৰ প্ৰতিশব্দ
হিছাপে
‘গভীৰ দুখানুভূতি’ শব্দটো ব্যৱহাৰ
কৰিব
বিচাৰিছোঁ। সাধাৰণতে দেখা
যায়
যে মানুহে
বাহ্যিক জগতৰ কোনো ব্যক্তি বা
অৱস্থাক নিজৰ সুখানুভূতিৰ কাৰক
হিছাপে গণ্য কৰে। এজন ছাত্ৰৰ
বাবে
পৰীক্ষাত প্ৰথম হোৱাটো, এজন যুৱকৰ
বাবে এগৰাকী যুৱতীৰ প্ৰেম লাভ
কৰাটো, এজন লেখকৰ কাৰণে এখন
গ্ৰন্থ
সম্পূৰ্ণ কৰাটো, এজন চাকৰিয়ালৰ
বাবে
পদোন্নতি লাভ কৰাটো বা
এগৰাকী
নাৰীৰ বাবে সন্তান লাভ কৰাটো
পৰম
সুখানুভূতিৰ কাৰণ হ’ব পাৰে।
প্ৰায়বোৰ
ক্ষেত্ৰতে মানুহৰ মনত কিবা নহয়
কিবা
এক প্ৰাপ্তিৰ বাসনাৰ লগত
সুখানুভূতি
জড়িত হৈ থকা দেখা যায়। সেয়ে
সেই
প্ৰাপ্তিৰ বাসনা কিবা কাৰণত
নিৰ্বাপিত হ’লে অপ্ৰাপ্তিৰ
বেদনা
জাগে। এই অপ্ৰাপ্তিৰ বেদনা বা
আশা
ভংগৰ যাতনাই মানুহৰ দুখানুভূতিৰ
সৃষ্টি
কৰে। প্ৰায় প্ৰতিজন মানুহে নিজৰ
পাৰিবাৰিক বা সামাজিক
জীৱনতো
নিজৰ বাবে সুখানুভূতিৰ সংজ্ঞা
নিৰূপন কৰি লয়। প্ৰত্যেকৰে
সুখানুভূতিৰ
পূৰ্ব চৰ্ত হিছাপে কিছুমান অপূৰ্ণ
আশা
আকাংক্ষা থাকে। এই আশা
আকাংক্ষাবোৰ পূৰণ নহ’লে মানুহৰ
দুখানুভূতি জাগি উঠে। প্ৰতিজন
মানুহৰ
জীৱনতে আশা ভংগ আৰু
অপ্ৰাপ্তিৰ বেদনাই সময়ে সময়ে
দুখানুভূতিৰ সৃষ্টি কৰাটো
স্বাভাৱিক।
পিছে এনে দুখানুভূতি সঘনে হ’বলৈ
ধৰিলে মানুহ এজনৰ মানসিক ভাৱে
কিছুমান পৰিৱৰ্তন আহিবলৈ ধৰে।
লাহে লাহে তেওঁ দুখানুভূতিত
অভ্যস্ত
হ’বলৈ ধৰে আৰু দুখানুভূতিকে এক
স্বাভাৱিক জীৱন যাপনৰ প্ৰক্ৰিয়া
হিছাপে গ্ৰহণ কৰি লয়। এনে
অৱস্থালৈ
যোৱা মানুহে বাহ্যিক কোনো
আনন্দ
দিব পৰা কাৰকৰ পৰাও সুখানুভূতি
আহৰন
কৰিব নোৱাৰা হয়। উদাহৰণ স্বৰূপে
কোনো সামাজিক আনন্দ, উত্সৱৰ
অনুস্থানত তেওঁলোকে অংশগ্ৰহণ
কৰিবলৈ ইচ্ছা নকৰা হয়, কোনো
কথাতে ৰস নোপোৱা হয়, বন্ধু বান্ধৱৰ
পৰা আতৰি থাকে, নিজৰ শুভ চিন্তক
সকলকো কেতিয়াবা শত্ৰু জ্ঞান
কৰিবলৈ লয়। স্বাভাৱিক দৈনন্দিন
কাম
কাজৰ প্ৰতিও তেওঁলোকৰ চৰম
অনীহা
আৰম্ভ হয়। টেলিভিচনৰ আগত অন্যমনস্ক
ভাৱে বহি সময় পাৰ কৰিবলৈ লয়,
খোৱা বোৱা আৰু টোপনি
অনিয়মীয়া
হয়, কথা বতৰাত উদাসীন হৈ পৰে।
এনে
অৱস্থাকে ‘গভীৰ দুখানুভূতি’ বা
‘ডিপ্ৰেছন’ বুলি ক’ব পৰা যায়।
Thursday, 11 August 2016
আধুনিক জীৱনত প্ৰতিজন ব্যক্তিৰে অন্যতম সংগী যেন হৈ পৰিছে – টেনছন।
আধুনিক জীৱনত প্ৰতিজন ব্যক্তিৰে
অন্যতম সংগী যেন হৈ পৰিছে – টেনছন।
বিভিন্ন কাৰণত সৃষ্টি হোৱা এই টেনছন
বা উদ্বেগ অৱশ্যে নিজে কোনো
ভয়ানক ব্যাধি বা অসুখ নহয়। টেনছন
আধুনিক জীৱন-যাপনৰ অন্যতম অংশস্বৰূপ।
এনে মানুহ হয়তো নোলাব, যিয়ে
কেতিয়াও টেনছনৰ চিকাৰ হোৱা
নাই। অৱশ্যে, জীৱনৰ প্ৰতিটো ক্ষণতেই
যে টেনছনৰ চিকাৰ হ’বলগীয়া, হয় সেই
কথাও সত্য নহয়। এই ক্ষেত্ৰত
মনোবিজ্ঞানীসকলে সৰু-সুৰা টেনছনত
ভোগাটো ভালৰ লক্ষণ বুলিহে ক’ব
খোজে। ই হেনো কৰ্মসংস্থাপনৰ লগতে
কৰ্মদক্ষতাও বৃদ্ধি কৰে। উদাহৰণস্বৰূপে
আমি পৰীক্ষাৰ কাৰণে সৃষ্টি হোৱা
টেনছনৰ কথাকে ক’ব পাৰোঁ। এই ধৰণৰ
টেনছনে ছাত্ৰ এজনক অধ্যয়নৰ প্ৰতি
অধিক মনোযোগীহে কৰি তোলে।
ফলস্বৰূপে ছাত্ৰজনৰ ফলাফল আশানুৰূপ
হোৱাত সহায় কৰে। কিন্তু মাত্ৰাধিক
টেনছনে মানুহক গোপন ব্যাধিৰ দৰে
খুলি খুলি খায়। কিয়নো টেনছনৰ পৰাই
সৃষ্টি হয় গভীৰ মানসিক উদ্বেগ তথা
হতাশা। দীৰ্ঘদিন ধৰি কোনো কঠিন
মানসিক চাপত থাকিলেই এই ধৰণৰ
হতাশাৰ সৃষ্টি হয়। অৱশ্যে হতাশাৰ
অন্যতম কাৰক টেনছনৰ কাৰণ ভালদৰে
জানিব পৰা নাযায়। উদ্বেগ বা টেনছনৰ
ফলত জীৱনত নানা অনাহুত পৰিস্থিতিৰ
সৃষ্টি হয়। কেৱল সিমানেই নহয়, টেনছনৰ
বাবেই নানা শাৰীৰিক উপসৰ্গৰো
সৃষ্টি হয়। অহেতুক ভয় খোৱা, দেহৰ পেশী
টানি ধৰা, বুকুৰ ধপ্ধপনি বাঢ়ি যোৱা,
মূৰৰ বিষ, সঘনে ঘামি থকা, ডিঙি শুকাই
থকা, সেপ গিলোঁতে অসুবিধাৰ সৃষ্টি
হোৱা, মুখমণ্ডল ৰঙা পৰি যোৱা
ইত্যাদিবোৰ মানসিক উদ্বেগৰ
কাৰণজনিত লক্ষণৰ ভিতৰত পৰে। কেৱল
সিমানেই নহয়, মূৰ ঘূৰণি, বুকু ধপ্ধপাই থকা,
উশাহ চুটি চুটি হোৱা, স্বাভাৱিক
শ্বাস-প্ৰশ্বাস ব্যাহত হোৱা, সঘনে
পেটৰ অসুখত ভোগা, সঘনে প্ৰস্ৰাৱ
হোৱা, অৱসাদ, খিংখিঙীয়া হোৱা,
টোপনি নোহোৱা, পাহৰি যোৱা,
মন:সংযোগত ব্যাঘাত ঘটা আদিবোৰ হ’ল
টেনছনৰ সাধাৰন উপসৰ্গ।
Monday, 8 August 2016
বন্ধুত্ব বিষয়ে
ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি সেউজীয়া। বন্ধুত্ব হয়তো এনেকুৱাই— য’ত গঢ়ি উঠে এখন বুকুৰ পৰা আন এখন বুকুলৈ এক অদৃশ্য সাঁকো। যাৰ বাবেই হয়তো প্ৰতিটো মুহূৰ্ততে আমি ভগাই ল’ব পাৰো ইজনে-সিজনৰ মনৰ খবৰ। সেয়া লাগিলে সুখৰেই হওক অথবা দুখৰ। বন্ধুত্ব হৈছে পৃথিৱীৰ পৱিত্ৰতম সম্পৰ্ক। যাৰ উমাল পৰশত আপুনি, মই আৰু সকলোৱেই জী উঠো নতুনকৈ। বিচাৰি পাওঁ জীৱনৰ অপৰূপ সৌন্দৰ্য্য। বন্ধুত্বৰ নিঃস্বাৰ্থ ভালপোৱাত লুকাই থাকে অকৃত্ৰিম প্ৰেম আৰু এই প্ৰেমৰ ৰাগীত মতলীয়া হৈ উদযাপন কৰো জীৱন। যাৰ ইচ্ছাৰ আঙুলিত ধৰি হেঁপাহ পলুৱাই তিতিব পাৰো শাওণৰ এজাক বৰষুণত। প্ৰাণ ভৰাই গাব পাৰো জীৱনৰ এটা গান। হাতত হাত থৈ দৃঢ়তাৰে ক’ব পাৰো— আমি একেখন নাৱৰেই সহযাত্ৰী। ‘‘True friends are like diamonds precious and rare. False friends are like leaves found everywhere.’’— জীৱনত আমি বহু বন্ধুৰ সঁহাৰি পাওঁ। তাৰে কিছুমান সময়ৰ সোঁতত হেৰাই যায় আৰু কিছুমান চিৰদিনলৈ ৰৈ যায় বুকুৰ নিভৃততম কোণত চিৰযুগমীয়া হৈ। এচাম বন্ধুৱে আপোনাক পদে পদে শিকাই যায় জীৱনৰ আদিপাঠ, দি যায় একোটা পোহৰৰ বাট। সেই বন্ধুৱেই আপোনাৰ, আমাৰ প্ৰকৃত তথা আদৰ্শ বন্ধু; যিজনক আমি কোনো পৰিস্থিতিতেই হেৰুৱাবলৈ নিবিচাৰো। কিন্তু আন এচাম বন্ধুৱে কেৱল নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে বন্ধুত্বৰ দৰে সহজ- সৰল সম্পৰ্ক গঢ়ি তোলে আৰু নিজৰ উদ্দেশ্য পূৰণ হোৱাৰ লগে লগেই সকলোৰে কাষৰ পৰা নিৰলে আঁতৰি যায়। এনেধৰণৰ বন্ধুৰ বাবেই বন্ধুত্বৰ দৰে পৱিত্ৰ সম্পৰ্কত ফাট মেলিব ধৰিছে। সেয়েহে বন্ধু নিৰ্বাচনৰ ক্ষেত্ৰত আমি সাৱধান হোৱা উচিত। বৰ্তমান সময়ত গঢ় লৈ উঠা জনপ্ৰিয় ছচিয়েল নেটৱৰ্কিং ছাইটসমূহত বন্ধুত্বৰ নামত প্ৰায়েই ইজনে- সিজনক উদ্দেশ্য কৰি বিভিন্নধৰণৰ কটূ মন্তব্য সকলোৱে দেখাকৈ উপস্থাপন কৰে। এনেদৰেই প্ৰতিশোধমূলক মানসিকতাৰ সৃষ্টি হৈ সমাজত বিভিন্ন ধৰণৰ অনৈতিক ঘটনাও ঘটিব ধৰিছে। বন্ধুত্বৰ কোনো নিৰ্দিষ্ট পৰিসৰ নাই। ইয়াত কোনো বয়স, উচ্চ-নীচ, জাতি-ধৰ্ম আৰু ভেদা-ভেদৰ পাৰ্থক্য নাই। বন্ধুত্ব শব্দটো অন্তৰৰ পৰা গঢ় লৈ উঠা এক সম্পৰ্ক। এই সম্পৰ্কত থাকে স্বৰ্গীয় অনুভূতি। য’ত সকলোৱেই সমান, সকলোৱেই সুখী আৰু সকলোৰে মনবোৰ প্ৰফুল্লিত। বন্ধুত্বৰ অংশীদাৰ হ’ব পৰাসকলৰ বুকুৱে বুকুৱে বিয়পি থাকে খৰিকাজাইৰ সুগন্ধ।
Friday, 5 August 2016
বিষাদ
বিষাদৰ সুৰ শুনি
আজি কান্দি উঠিছে
নিসংগতাই।
প্ৰেমৰ পৰিণতি বিচ্ছেদ দেখি
লগ দিছে মোক প্ৰতাৰণাই।
নিদ্ৰাহীনতাত ভুগা দুচকুৰ পৰা
উদ্গীৰিত সেই আগ্নেয়গিৰিৰ
মাজত
কি দৰে বিচাৰি পাবা
নষ্টালজিয়াৰ সেই ক্ষুদ্ৰ পঁজা?
মকৰাৰ জালবোৰ ভালদৰে আতৰাই
চোৱা
দেখিবা আধৰুৱা এক অবুজ
মায়াজাল
আৰু জৰাজীৰ্ণ এক প্ৰেমৰ চন্দ্ৰমা।
মায়াৱী দুচকুৰে কেতিয়াবা
এটোপাল চকুলো নিগৰাই চোৱা,
হয়তো ছিগিব পাৰে তোমাৰ
অহ্ংকাৰী শিকলি।
স্মৃতিৰ পাত এবাৰ লুতিয়াই
চোৱা
দেখিবা, তাহানি জিলিকি
থকা 'হৃদয়' নামৰ শব্দটিৰ
জিলিকনিও যেন লাহে লাহে
কমি আহিছে।
Wednesday, 27 July 2016
সেই ছোৱালীজনী
ফুলৰ সতে কথা পাতি পাতি
আমনি লগা ছোৱালীজনীয়ে
প্ৰতিটো ভোমোৰাকে কৈ
যায় তাইৰ আকুলতাৰ কথা
বিচাৰি আনিবলৈ দিয়ে
তাইৰ সপোনৰ কোঁৱৰক
আঙুলিৰ পাবত দিনবোৰ যেন
নাযায় নুপুৱায় সৰাপাতে
ঢাকি ৰাখিব নোৱাৰে
সংগীতৰ পূৰঠ সুৰবোৰ
এপাহ এপাহ কৈ প্ৰতিপাহ ফুলৰ
পাপৰি গণি শেষ কৰি
পেলাইছে তাই তাইতকৈ
ধুনীয়া হ’ব খোজা ফুলপাহিক
পাতৰ সতে সী পেলাইছে
কোমল ঘাঁহডৰা নিতৌ
গোলাপৰ পাপৰি ছটিয়াই
ভাস্কৰ কৰি ৰাখিছে বতাহত
বিয়পাইছে বচা বচা আতৰৰ
সুৰভি কোঁৱৰক লৈ কিমান যে
জন্পনা
নেদেখা নুশুনা ছবিখন মনতে
আঁকি লৈ তাই উষাৰ পৰা
চিত্ৰলেখা হৈছে
অকণমান ছাঁ পৰিলেই তাই
ডবিয়াই মেলি পোহৰৰ
ব্যৱস্থা কৰিছে । । ।
Tuesday, 26 July 2016
প্ৰিয়তমা লৈ (3)
প্রেম! প্রেমৰ পৰিধি, প্রেমৰ
সংজ্ঞা... একো নাজানো! ভাব
হয় ভালপোৱা ভাললগাবোৰ যেন
বতাহতেই ওপঙি থাকে, উশাহত
যেন লৈ ফুৰো ভালপোৱা, মিঠা
সুৰ এটিৰ দৰেই যেন গুণগুণাই
থাকিম ভালপোৱাক, সৰাপাতৰ
খৰমৰনি তুলি যেন খোজ কাঢ়িম
ওঁঠত সুহুৰি এটা লৈ ভালপোৱাৰ
হাতত ধৰি, থপিয়াই আনিম যেন
আকাশৰ জোন, সিঁচি দিম মুঠি মুঠি
জোনাক, প্রিয়জনৰ স’তে সাগৰৰ
পাৰত বহি কটাম জোনাকী
ৰাতি, আকাশৰ তৰা গণিম, সকলো
পাহৰি খিলখিলাই হাঁহিম
নীলা সাগৰখনৰ সৈতে,
জোনাকী পৰুৱা ধৰিম,
ৰোমাণ্টিক আৱেশত ডুবি ডুবি
বৰষুণত তিতিম আপোনপাহৰা হৈ
আৰু অপ্রয়োজনীয় হৈ পৰিব ৰং
বিৰঙী ছাটিবোৰ...। পাহৰি যাম
দুখ-ভাগৰ, হিংসা-অসূয়া... মাথোঁ
থাকিব প্রেম, শান্তি...
উসঃ ভালপোৱা! সঁচাই তুমি সুন্দৰ।
হাজাৰটা বিষাদৰঙী গল্প-
কবিতা সৃষ্টি তোমাৰ বাবেই,
কতজনৰ উজাগৰী ৰাতিৰ বাবে
তোমাকেই দোষী সজোৱা হয়,
বিৰহী প্রেমিকৰ ‘দুঃখভৰী
দাস্তান’ৰ বাবে তুমিয়েই দায়ী
হ’লেও সকলোবোৰ দেখোন
তোমাৰেই নামত। তোমাৰ
অবিহনে সৃষ্টি শূন্য। তোমাৰ
বাবেই সোণাৰুবোৰ হালধীয়া
হাঁহি হৈ ওলমে, কৃষ্ণচূড়াবোৰ
তেজৰঙী সপোন হৈ আহে, ফাগুণৰ
দুষ্ট পচোৱাই আঁচল খহায়, পলাশৰ
জুইয়ে ওমাল কৰে হিয়া, সৰি পৰা
শেৱালিলৈ মায়া ওপজে, দুবৰিৰ
পাতত নিয়ৰবোৰ মুকুতা হয়, নাহৰ
ফুলে, পখীয়ে গীত গায়, আঘোণৰ
পথাৰত সোণগুটি লাগে... ক’ত নাই
তুমি? গছে বিৰিখে, শব্দত, ছন্দত,
সুৰত... ঋতুৱে ঋতুৱে বৈ আহাঁ তুমি,
সকলোতে তোমাৰ উপস্থিতি।
Sunday, 24 July 2016
প্ৰিয়তমা লৈ (2)
মৰম ল’বা।বহু দিন হ’ল তোমাৰ খবৰ
নোপোৱা । আশা কৰোঁ তুমি ভালেই
আছা । এটা কথা কি
জানা, তোমাৰ এই ভাল লগা অভিমান
বোৰৰ অর্থ মই বুজি নাপাওঁ । এতিয়া
তুমি মোৰ
বাবে হৈ পৰিছা এবুকু বিষাদ । তুমি
কোৱা যে “তোমাক কিমান বাৰ ক’লে
তুমি মোক
ভাল পাওঁ বুলি ক’বা?” আজি মোৰ অবুজ
মনে তোমাক কাষত বিচাৰিছে ।
এতিয়া
ক্রমে তুমি বিহীন উদাসীন সন্ধিয়া
কটাবলৈ লৈছোক। মোৰ উপবাসী
বেদনাবোৰে
শুকান কলিজাত আলোড়ণৰ সৃষ্টি কৰিছে
।মোৰ প্রেমিক মনে এতিয়াও তোমাৰ
কাষলৈ
উৰি যাব বিচাৰে । ক্রমে তুমি হেৰাই
গৈছা ফাগুনৰ উতনুৱা পছোৱা জাকত ।
আউসীৰ আন্ধাৰে মোৰ মনৰ আকাশ
ছানি ধৰিছে । মোৰ হৃদয়ৰ কোনো এটা
চুকত গঁজালি
মেলিছে বিষাদৰ পুলিয়ে । তোমাক
আকৌ বিচাৰি যাম হিমালয়ৰ সু-উচ্চ
শৃংগত অথবা
বিশাল মৰুভূমিত,অন্তহীন সাগৰত কিম্বা
বৰফৰ দেশত । মোৰ বৰ ভয় লাগে জানা
যদি তুমি মোক এৰি আনৰ হৈ যোৱা ।
এটা কথা শুনা প্রেমে প্রেমৰ বিনিময়ত
প্রেমহে বিচাৰে । ইয়াত অন্য বস্তুৰ
তুলনা নহয় ।
ইতি,
তোমাৰ বেকাৰ প্রেমিক।