প্ৰতি,
প্ৰিয়তমা, আকৌ এবাৰ হৃদয়ত বৰফ হৈ গোট মাৰি থকা দুখবোৰ কব বিচাৰিছো।
মৰমৰ কিয়ো জানো তোমালৈ আকৌ মনত পৰিছে । আজি নকও দিয়া মৰম ল'বা। তাৰ পৰিবৰ্তে মোৰ কথাবোৰ শুণিবা। কি জানা,
প্ৰাপ্তি অপ্ৰাপ্তিৰ মাজতেই ৰৈ গ'ল জীৱন।সকলো থাকিও কিয় অকলশৰীয়া তোমাৰ অবিহনে??
তোমাৰ বাবেতো মই এজন অপাত্ৰক,এজন ভালপাব নজনা ডেকা।।হয়তো তুমি বিচৰা সকলো গুণৰ মোৰ তাত অভাৱ।।গালি পাৰিবও নোৱাৰো তোমাক,বৰ জটিল সমস্যাত আছো, মাত্ৰ তোমাৰ বাবে।।সেই সমস্যাটোৰ বাবে 'পাহৰি থাকিব যে নোৱাৰো তোমাক'।।
প্ৰতি পল ককবকাই আছো,,মাছে পানী নাপাই চটফটোৱাৰ দৰে।।কেতিয়াবা বুকুত কাণখন থৈ শুনিবাচোন,,মোৰ হৃদয়ৰ তোমাক নোপোৱাৰ বিষাদ ভৰা কান্দোনৰ কোলাহল।।
আজিকালি মোৰ উশাহ নিশাহবোৰো খুব খৰ হবলৈ ধৰিছে।।হয়তো হৃদয়ৰ যান্ত্ৰনাবোৰ চকুৰে
উলিয়াই দিব নোৱাৰা বাবে।।অভিনয়ত ব্যস্ত মই,,হাহি থকাৰ অভিনয়।।কোনোবাই ঠিকেই কৈছিল,,জীৱনত আটাইতকৈ বেছি দুখ কেতিয়া লাগে জানা,,যেতিয়া তোমাৰ আপোনজনক মনত পেলাই বা হেৰুৱাই কান্দিব লওতেই,,হঠাৎ কোনোবাই আহি তোমাক যেতিয়া সুধিব,,কি হ'ল,কিয় কান্দিছা তুমি আৰু উত্তৰত যেতিয়া এটা কৃত্ৰিম হাহি লৈ তুমি কব লাগিব,,'''নাই একো হোৱা নাই,চকুত পোক এটা সুমাইছিল।। যেতিয়া কোনোবাই দুখ লুকাই সুখি থকাৰ অভিনয় কৰিব লগা হয় সেইজন মানুহৰ দৰে দুখ কাৰো নাই।তাৰে এজন মইও।।
তুমি নুবুজিবা,,অপ্ৰাপ্তিৰ অবুজ যান্ত্ৰণা তুমি বিচৰা বোৰ সদায় হাততে পোৱা যে।,,,পেটৰ ভোকৰ তাৰণাৰ কথা বিভিন্ন ধৰণৰ ভাত,মাছ,আঞ্জাৰ সোৱাদ লোৱা মানুহৰ পৰা পোৱা নাজাই,,সেই তাৰণাৰ উত্তৰ ফুটপাথত থকা,এসাজ ভাতৰ বাবে অপেক্ষা কৰি থকাবোৰেহে কব পাৰিব।।
তোমাৰ মনত আছেনে,,মোক যে কৈছিলা,,,তোমাৰ দৰে বহুত আছে মোৰ লগত।তুমি নহ'লেও মোৰ হব,,মোক তোমাতকৈয়ো বহুত কেয়াৰ লোৱা ভালপোৱা মানুহ আছে।।
তেতিয়াহ'লে কেনেকৈ বুজিবা তুমি,, সম্পৰ্ক এটা ভাঙোনৰ বেদনা,,,সেইতোৰ যান্ত্ৰণা সেইজনেহে জানিব,,যিয়ে এটা ভালপোৱা সম্পৰ্কৰ বাবে চতফতাই আছে।।
কি ক'ম তোমাক,,
বহুত ক'লে হয়তো তোমাৰ আমনিয়ে লাগে,,আগৰ পৰাই তুমি মোক ব'ৰিং উপাধি দিয়েই থৈছা।।মোৰ কথাবোৰো শুনি অাগৰপৰাই ভাল নোপোৱা।,,,তথাপি তোমাৰ অাৰু মোৰ মাজৰ পাৰ্থক্য ক'ত জানা,,তুমি মোক ভাল নোপোৱা,,কিন্তু মই তোমাক সকলোতকৈ বেছি ভাল পাও।।তোমাৰ বাবে মই এজন অপাত্ৰক,,কিন্তু এই অপাত্ৰক ডেকা ল'ৰাজনেই """"পাহৰি যে থাকিব নোৱাৰে তোমাক"""।ধন্যবাদেৰে
তোমাক ভালপাব নজনা এজন""""অপাত্ৰক""""
✍️✍️✍️ইলিয়াছ হাচান✍️✍️✍️

No comments:
Post a Comment