Wednesday, 23 August 2017

প্ৰিয়তমালৈ এখনি প্ৰেমৰ চিঠি

মৰমৰ প্ৰিয়তমা,
মৰম লবা । আশা কৰো তুমি কুশলে আছা ।
প্ৰিয়তমা তোমাক দিনে দিনে দেখি দেখি
মোৰ বুকুৰ হিয়া ভৰি থকা মৰমবোৰ, মোৰ মনৰফুলনিত এপাহ গোলাপ হৈ ফুলি
উঠিছে। আচলতে ফুলি উঠা এই গোলাপ
পাহ, মোৰ মনত দুলি থকা তোমাৰ
প্ৰতিচ্ছৱি। ৰাতি ৰাতিজোনাকীবোৰে মোক তোমাৰে কথাকয়। জোনাকীবোৰেও বুজে যে মইতোমাক কিমান ভালপাওঁ। বৰষুণেওআনে মোৰ বুকুৰ মাজলৈ তোমাৰ এটিগানৰ কবিতা। আৰু উজাগৰী ৰাতি তোমাৰ কথা ভাবি ঝিলিৰ মাতত
তোমাৰ উশাহ-নিশাহৰ শব্দ পাওঁ। ক্ৰমশঃ
পূবৰ বেলিৰ ৰাঙলী প্ৰভাতত আগলি
বাঁহৰ দৰে তুমিও নাচি উঠা মোৰ মনৰ
ভাৱনাত । আচলতে প্ৰিয়তমা,  মই তোমাৰ দুচকুৰ অগনিত জ্বলি-পুৰি মৰিব ধৰিছো। মম এডালৰ দৰে তোমাৰ ভাৱনাত গলি
গলি মই নিঃশেষ হব ধৰিছো। এই
অৱস্থাত মই কি কৰো তুমিয়েই কোৱা।
              তোমাৰ সোঁ গালৰ তুলসীপাত, যি মোৰ প্ৰতিদিনৰ প্ৰতিপলৰ মনৰ ভাৱনা আৰু অলপ মৰম জাগে তোমালৈ মোৰ তাকে ভাবি। এই যে মোৰ সোঁৱে-বাওঁৱে শূণ্য, মাথো শূণ্য! অথচ এই শূণ্যকে লৈ জীয়াই আছো আমি সকলো আৰু আছা তুমিও।
              শীত নামিছে, কুঁৱলী পৰিছে। চৌদিশনিশব্দ শীতত। এতিয়াও মই উদং গাৰেকবিতা লিখি আছো তোমাৰ বাবে। নাই, কঁপি উঠা নাই মোৰ দুহাত। তোমাক ভালপাওঁ বাবেই কিজানি মোৰ প্ৰিয়
ৰঙ সেউজীয়া বুলি শিকিলো আৰু
পালো জীয়াই থকাৰ সাহসকণ। চাব
নোখোজো তোমাৰ হৃদয়ৰ ৰঙ …পকা
আবেলিটোৰ দৰে ৰঙা নে গছ-বন-লতাৰ
দৰে সেউজীয়া। সি যি কি নহওঁক
যৌৱনৰ দুৱাৰদলিত তোমাক পালো;
বকোচাত নহয় হৃদয়ত, একেবাৰে হৃদয়তে
বুটলি ললো। মোৰ অনুভৱেৰে মোৰ হৃদয়ৰসেউজীয়াত তুমিও সেউজীয়া হলা,
তাৰপিছত লাহে লাহে বতাহ হলা আৰু
এতিয়া উশাহ। তুমি উশাহ
নোহোৱাহলে মোৰ কি হলহেতেন
তুমিয়েই কোৱা(?)।হয়তো এইবাবেই
লাহে লাহে মই তোমাক ভালপাব
ধৰিলো।
              তোমাৰ প্ৰেমত পৰিয়েই হবলা মই
বিচাৰি পালো জীৱন আৰু বিষাদ আৰু
বিষাদত নিদ্ৰাহীন ৰাতিবোৰ। আৰু
মোৰ বোধেৰে এই ধৰাত ময়েই একমাত্ৰ
সেইজন; যিজনে নিজৰ ছাঁৰ উচুপনি
নিজে শুনা পালে, জোনৰ কলিজাত
কলিজা থৈ পকাব নোৱাৰিলে
আঘোনৰ সেন্দুৰীয়া আবেলি এটা আৰু
দিব নোৱাৰিলে খোজ হালধীয়াৰ
সীমা অতিক্ৰমি সেউজীয়া দেশলৈ
বুলি। আজিলৈ ইমানতেই সামৰিছো । । ।
                                 ইতিত
                    তোমাৰ অভিমানী প্ৰেমিক
                            ইলিয়াছ হাছান

No comments: