Showing posts with label প্ৰেম. Show all posts
Showing posts with label প্ৰেম. Show all posts

Tuesday, 12 March 2019

বৰষুণৰ কবিতা


✍️✍️✍️ইলিয়াছ হাচান✍️✍️✍️
প্ৰতি,
     প্ৰিয়তমা, আজি এজাক বৰষুণ অহাৰ কথা
বৰষুণৰ শব্দৰে আজি এটা কবিতা লিখিম
লিখিম শুকান পাতৰ যৌৱন হেৰুৱাৰ বেথা ৷
লিখি যাম ধুমুহাই গছকি যোৱা গছৰ হিয়া ভঙা কান্দোনৰ কথা ৷
সেউজীয়াৰ প্ৰতিক্ষাত
প্ৰতিটো দিন প্ৰতিটো পল কিদৰে পাৰ হয়,
পাৰ হয় প্ৰতিটো ধুলিয়ৰী বিষাদ নিশা ৷
লিখিম আজি
শুকান মাটিৰ আনে নুবুজা বেদনাৰ কথা ৷
আজি মোৰ দুখৰ
কামিজটো খুলি থম ৷

উদং বুকুত বৰষুণৰ স্পৰ্ষৰে বলিয়া হম
আচলতে বলিয়াইহে বেদনা বুজি পাই
বলিয়া নহলে জানো কোনোবাই কাৰোবাক ইমান ভাল পাব পাৰে?
আজি প্ৰতি টোপাল পানী মই চুই চাম
অনুভৱ কৰিম মাটি আৰু পানীৰ মৰম
ঠিক মোৰ আৰু তোমাৰ দৰেই ৷
আচলতে কি জানা ?
তুমি বুলিয়েই মই বৰষুণক চুই চাম
কাৰন তুমি বৰষুণৰ দৰেই ,
যাৰ অপেক্ষাত থাকে শুকান পথাৰ
শুকান গছ
আৰু
মোৰ শুকান উদাসী আতুৰ মন।।।
                               ধন্যবাদ
                           তোমাৰ অভিমানী প্ৰেমিক

Thursday, 7 March 2019

প্ৰিয়তমালৈ এখনি প্ৰেমৰ চিঠি

     
                          
প্ৰতি,

     প্ৰিয়তমা, আকৌ এবাৰ হৃদয়ত বৰফ হৈ গোট মাৰি থকা দুখবোৰ কব বিচাৰিছো।
মৰমৰ কিয়ো জানো তোমালৈ আকৌ মনত পৰিছে । আজি নকও দিয়া মৰম ল'বা। তাৰ পৰিবৰ্তে মোৰ কথাবোৰ শুণিবা। কি জানা,
প্ৰাপ্তি অপ্ৰাপ্তিৰ মাজতেই ৰৈ গ'ল জীৱন।সকলো থাকিও কিয় অকলশৰীয়া তোমাৰ অবিহনে??

তোমাৰ বাবেতো মই এজন অপাত্ৰক,এজন ভালপাব নজনা ডেকা।।হয়তো তুমি বিচৰা সকলো গুণৰ মোৰ তাত অভাৱ।।গালি পাৰিবও নোৱাৰো তোমাক,বৰ জটিল সমস্যাত আছো, মাত্ৰ তোমাৰ বাবে।।সেই সমস্যাটোৰ বাবে 'পাহৰি থাকিব যে নোৱাৰো তোমাক'।।
প্ৰতি পল ককবকাই আছো,,মাছে পানী নাপাই চটফটোৱাৰ দৰে।।কেতিয়াবা বুকুত কাণখন থৈ শুনিবাচোন,,মোৰ হৃদয়ৰ তোমাক নোপোৱাৰ বিষাদ ভৰা কান্দোনৰ কোলাহল।।
আজিকালি মোৰ উশাহ নিশাহবোৰো খুব খৰ হবলৈ ধৰিছে।।হয়তো হৃদয়ৰ যান্ত্ৰনাবোৰ চকুৰে
উলিয়াই দিব নোৱাৰা বাবে।।অভিনয়ত ব্যস্ত মই,,হাহি থকাৰ অভিনয়।।কোনোবাই ঠিকেই কৈছিল,,জীৱনত আটাইতকৈ বেছি দুখ কেতিয়া লাগে জানা,,যেতিয়া তোমাৰ আপোনজনক মনত পেলাই বা হেৰুৱাই কান্দিব লওতেই,,হঠাৎ কোনোবাই আহি তোমাক যেতিয়া সুধিব,,কি হ'ল,কিয় কান্দিছা তুমি আৰু উত্তৰত যেতিয়া এটা কৃত্ৰিম হাহি লৈ তুমি কব লাগিব,,'''নাই একো হোৱা নাই,চকুত পোক এটা সুমাইছিল।। যেতিয়া  কোনোবাই দুখ লুকাই সুখি থকাৰ অভিনয় কৰিব লগা হয় সেইজন মানুহৰ দৰে দুখ কাৰো নাই।তাৰে এজন মইও।।
তুমি নুবুজিবা,,অপ্ৰাপ্তিৰ অবুজ যান্ত্ৰণা তুমি বিচৰা বোৰ সদায় হাততে পোৱা যে।,,,পেটৰ ভোকৰ তাৰণাৰ কথা বিভিন্ন ধৰণৰ ভাত,মাছ,আঞ্জাৰ সোৱাদ লোৱা মানুহৰ পৰা পোৱা নাজাই,,সেই তাৰণাৰ উত্তৰ ফুটপাথত থকা,এসাজ ভাতৰ বাবে অপেক্ষা কৰি থকাবোৰেহে কব পাৰিব।।
তোমাৰ মনত আছেনে,,মোক যে কৈছিলা,,,তোমাৰ দৰে বহুত আছে মোৰ লগত।তুমি নহ'লেও মোৰ হব,,মোক তোমাতকৈয়ো বহুত কেয়াৰ লোৱা ভালপোৱা মানুহ আছে।।
তেতিয়াহ'লে কেনেকৈ বুজিবা তুমি,, সম্পৰ্ক এটা ভাঙোনৰ বেদনা,,,সেইতোৰ যান্ত্ৰণা সেইজনেহে জানিব,,যিয়ে এটা ভালপোৱা সম্পৰ্কৰ বাবে চতফতাই আছে।।
কি ক'ম তোমাক,,

বহুত ক'লে হয়তো তোমাৰ আমনিয়ে লাগে,,আগৰ পৰাই তুমি মোক ব'ৰিং উপাধি দিয়েই থৈছা।।মোৰ কথাবোৰো শুনি অাগৰপৰাই ভাল নোপোৱা।,,,তথাপি তোমাৰ অাৰু মোৰ মাজৰ পাৰ্থক্য ক'ত জানা,,তুমি মোক ভাল নোপোৱা,,কিন্তু মই তোমাক সকলোতকৈ বেছি ভাল পাও।।তোমাৰ বাবে মই এজন অপাত্ৰক,,কিন্তু এই অপাত্ৰক ডেকা ল'ৰাজনেই """"পাহৰি যে থাকিব নোৱাৰে তোমাক"""।ধন্যবাদেৰে
তোমাক ভালপাব নজনা এজন""""অপাত্ৰক""""
                  ✍️✍️✍️ইলিয়াছ হাচান✍️✍️✍️

Tuesday, 25 September 2018

যিসকলে নিজকে নিসংগ অনুভৱ কৰে তেওঁলোকলৈ দু-এষাৰ

হয়তোবা ভাবিছে এই পৃথীৱিত আপুনিয়ে এজন দুৰ্ভগীয়া
যাক তেনেকৈ ক’বলৈ কোনো নাই।
হয়তোবা আপুনি ভাৱিছে মৰমেৰে এষাৰ কথা পাতিবলৈ
আপোনাৰ কোনো নাই, আপুনি নিসঙ্গ।
বেজাৰ নকৰিব;
মই কওঁ আপুনি ভাগ্যৱান।


আপুনি শান্তিত এঘূমুতি মাৰিব পাৰে
যেতিয়াই মন যায় তেতিয়াই
ভৰ দুপৰীয়া বা দুভাগ ৰাতি নহয়তোবা পুৱতি নিশা
আপোনালৈ কাৰোঁ ফোন নাহে সুধিবলৈ সদায় একেটা প্ৰশ্ন
“তুমি মোক সঁচাকৈ ভাল পোৱানে?”

আপুনি যিকোনো এটা কাম মন দি কৰিব পাৰে
মন গ’লেই খেলিব পাৰে Pubg,  কেৰম, টেবুল টেনিছ
কাৰণ ফোন নাহে আপোনালৈ কাৰো যেতিয়াই তেতিয়াই
আৰু নুসোধে আপোনাক সদায় একেটা প্ৰশ্ন
“তোমাৰ কাৰণে মই ডাঙৰ নে pubg নে কেৰম নে টেবুল টেনিছ?”

বিশ্বাস নকৰিব পাৰে আপুনি
আপোনাৰ হয়তো নখ দৰ্পণত আছিল এদিন
টেণ্ডুলকাৰ বা গাঙ্গুলীৰ চেন্সুৰী বা হাফ চেন্সুৰীৰ সংখ্যা
জাহিৰ বা হৰভজনৰ উইকেটৰ সংখ্যা

কিন্তু এতিয়া আপুনি চিনি নাপাব পাৰে
১০০ খন মেছ খেলা ভাৰতৰ নতুন(?) অলৰাউণ্ডাৰ জনক
কাৰণ আজি যে আপোনাৰ কাষত আছে আপোনাৰ প্ৰেয়সী
আৰু এটা ম’বাইল ফোন, আধুনিক সভ্যতাৰ আটাইতকৈ জঘন্য সৃষ্টি।
এয়া মই নহয় আপুনিয়ে ক’লেহেতেন, যদিহে……

আপুনি হয়তো আগতে দেউতালৈ বা মালৈ ফোন কৰোতে
৫৯ ছেকেণ্ডত ফোনটো কাটি বিজয়োল্লাস কৰিছিল
কাৰণ আপুনি এটকা এটা বচালে।
কিন্তু সেই আপুনি জনেই আজি দিনটোত মাত্ৰ আঠ ঘণ্টা কথা পাতে
দাইটিং কৰে টকা বচাবলৈ, মোবাইলত পইচা ভৰাবলৈ আৰু ৰাতি শুনে এষাৰি অমিয়া মাত
“তুমি যে মোক আজিকালি একদম টাইমেই নিদিয়া।”
হায়ৰে জীৱন। এতিয়া আপুনিয়ে কওঁক আপুনি ভাগ্যৱান হয়নে নে নহয়?

আপুনি হয়তো সুখী আছিল আপোনাৰ বাইছ বছৰ পুৰণা হেয়াৰ ষ্টাইলটো লৈ
আপোনাৰ মায়ে হয়তো সৃষ্টি কৰি দিছিল

বাইডৱে গুঁঠি দিয়া চৱেটাৰটো চাগে আপোনাৰ বিৰাটেই প্ৰিয় আছিল
কিন্তু এইবোৰ বদলাবলৈ আপুনি বাধ্য কাৰণ
“বদলাবা দেই এইবোৰ ষ্টাইল
একদম বুঢ়া মানুহ যেন দেখি”
এনেকৈ ক’বলৈ আপোনাৰ কোনোবা আছে।

আপোনাক হয়তো বহুত ভাল পাইছিল আপোনাৰ বন্ধুসকলে
তেওঁলোকৰ লগত গান গাই ফুৰ্তি কৰি নাচি বাগি খুব ভাল পাইছিল চাগে আপুনি
কিন্তু আজিকালি আপোনাৰ তালৈ যাবলৈ ভয় হয় গৈছে
কাৰণ ৰাতি আপুনি প্ৰশ্নৰ সম্মুখীন হয়
“তুমি বাৰু হেৰি নেকি?”
আপোনাৰ হয়তো চিপ জৰী ল’বলৈ মন যাব পাৰে, সাৱধান।
তাতকৈ এটা সিদ্ধান্ত ল’ব, “নাযাও আজিৰ পৰা।”
কাৰণ আপোনাকতো তেনেকৈ ক’বলৈ কোনোবা এগৰাকী আছে।

আপুনি চাগে গধূলি ঘূগুনী চপেৰেই কাম চলাইছিল
পাঁচ টকা এটা বচাবলৈ চাঁহ কাপো নাখাইছিল বা কেতিয়াবা খাইছিল
কিন্তু সেই আপুনি জনেই আজিকালি অলপ সলনি হৈ গ’ল যুগৰ লগত
অলপ ৰোমাণ্টিক হোৱাৰ স্বাৰ্থত আপুনি যায় চিচিডিলৈ প্ৰেয়সীৰ লগত
আপুনি কয় কেপিচ্চিনো বুলি মই কওঁ দুশ টকীয়া টুপি বুলি
আৰু যাবৰ সময়ত প্ৰেয়সীয়ে হয়তো ক’ব, “মিচ ইউ।”
আপোনাৰ হয়তো আকাশলৈ উৰি যাবলৈ মন যাব
আকৌ ৰাতি হয়তো আপোনাক ক’ব
“তুমি যে অলপো ৰোমান্টিক নহয় দেই।”

আপুনি চাগে ভাল পাইছিল দেউতাৰ লগত গধূলি ফুৰিবলৈ গৈ
কথা পাতি যেন শেষেই নহৈছিল কল্পতৰু হোটেলত বহি চাহ একাপ খাইছিল
এতিয়াও আপুনি কথা পাতে ঘণ্টাৰ পাছত ঘণ্টা দিনৰ পাছত ৰাতি কিন্তু ফোনত
এয়া যে আপোনাৰ দায়িত্ব নহ’লে মহাভাৰত
“তুমি যে মোক কেয়াৰেই নকৰা”

সেইকাৰণেই আপুনি কথা পাতে কথা নাথাকিলেও
“আৰু কোৱা” অলপ পাছত কথা শেষ হয় তাৰ পাছত আকৌ নীৰৱতা
“আৰু কোৱা”….. হয়তো আপুনি গালিও খাব পাৰে
“কি বাৰে বাৰে আৰু কোৱা আৰু কোৱা। কথা নাথাকিলে ফোন কিয় কৰা?”

সেইকাৰণেই মই আপোনাক কৈছোঁ ভাগ্যৱান বুলি
কাৰণ আপুনি যি মন যায় কৰিব পাৰে
লিখিব পাৰে এটা কবিতা বা এটা গল্প
বা গাব পাৰে এটা গান আৰু প্ৰাণখুলি মাৰিব পাৰে এটা হাঁহি
বা মোৰ দৰেই এটা অকবিতা লিখিও নষ্ট কৰিব পাৰে এটা সুন্দৰ গধূলি
আপোনাৰ দৰেই মোৰো ভাগ্য বিৰাটেই ভাল
কাৰণ তেনেকৈ ক’বলৈ আমাৰ কোনো নাই।
                 ✍️✍️✍️ইলিয়াছ হাচান✍️✍️✍️

Thursday, 5 May 2016

প্ৰেম

প্ৰেম এক দেহ-মন উন্মনা কৰা
সুগন্ধ ৷ ‘তোমাৰ’ ঢৌ খেলা
চুলিৰ পৰা ভাহি আহে ৷ সুগন্ধৰ
উৎস ফুল ৷ প্ৰেম-সুগন্ধৰ উৎস
‘তোমাৰ’ ৰূপ-যৌৱন, তোমাৰ
দেহ ৷ বতাহত ভাহি অহা সুগন্ধই
ফুলপাহ নহয়, সুতীব্ৰ প্ৰেম-
অনুভূতিখিনিও কামনা নহয় ৷
প্ৰেম আৰু কামনাৰ মাজৰ
পাৰ্থক্য ইয়াতেই যে প্ৰেম
কামনাৰে সুগন্ধ! গন্ধহীন ফুলৰ
মূল্য নাই, প্ৰেমহীন কামনাৰ পুলক
নাই, শিহৰণ নাই ৷ সেয়েহে মই
‘তোমাক’ প্ৰেমেৰে ‘কামনা’
কৰোঁ ৷ ‘তোমাৰ’ শৰীৰৰ এটা
মিঠা ‘কামনা’ৰ গোন্ধ উৰি-
উৰি মোৰ নাকত লাগেহি ৷
দুহাত প্ৰসাৰি মই তোমাৰ শৰীৰ
আলিংগন কৰোঁ; তোমাৰ হৃদয়ৰ
স’তে মই প্ৰেম কৰোঁ ৷
মোৰ সমগ্ৰ চেতনা জুৰি তোমাৰ
প্ৰেম ৷ নদীৰ দৰে বয় ৷ মই আপোন-
বিভোৰ হৈ নিৰৱে বহি
তোমাকেই ভাবি থাকোঁ ৷
গভীৰ ৰাতি ক’ৰবাৰ পৰা এক
ৰহস্যময় গীতৰ সুৰ ভাহি আহে ৷ মই
গম পাওঁ, দুচকুত মোৰ নিদ্ৰা নাই,
মই সাৰে থাকি চাই থাকো
তোমালৈ; আন্ধাৰ ফালি তুমি
আহিছা, এক উজ্জ্বল অপৰূপা পৰী
হৈ!