Thursday, 7 March 2019

বিষাদৰ মাজতে জীৱন

"বিষাদৰ মাজতে জীৱন"
জীৱন শব্দটো সঁচায়ে ভাল লগা অনুভৱ।এই জীৱনক লৈ যে আমাৰ
ক’ত কিমান আয়োজন। জীৱনৰ মধুৰতা ক’ত লুকাই থাকে সেইয়া মাত্ৰ
অনুভৱ কৰিবহে পাৰি। জীৱনৰ মাদকতা বিষাদৰ মাজতে লুকাই আছে ।এইয়া ফাগুনৰ বতৰ!!বতাহত অনুভৱ
কৰোঁ সেই উৰুঙা সুৱাস পুনৰবাৰ ।
চোতালত উৰিছে কমোৱা তুলা
বাৰিত ফুলিলে পলাশ
মদাৰৰ সুগন্ধি মন জীপাল হোৱাৰ সময়
কিন্তু এই সুগন্ধিত মন ভাৰাক্ৰান্ত সেই চিনাকি বিষাদৰ সুুৱৰণিত।
এই ফাগুনৰ বতাহত মনৰ খৰাঙত জীপাল হব মন তোমাৰ ভালপোৱাৰ বৰষুণ জাকত। পলাশৰ ৰঙেৰে মোৰো মন যায় ৰঙা হৈ জ্বলিবলৈ। ৰঙা পলাশৰ ৰঙত থাকিব একুৰা জুই দপদপ কে জ্বলি !!
মনৰ সপোনবোৰক ফুলিব দিব মন যায় কিন্তু নুফুলতেই সপোনৰ কলি মৰহি গল ফাগুনৰ পচোৱা বতাহৰ কোবত । শুনিবলৈ পাইছা নে মোৰ সপোনবোৰৰ সেই যন্ত্ৰণা ময় চিঞৰ ?
মন মোৰ ৰুদ্ধ !
ভাষাৰ মৃত্যুত হতবাক মই
লিখিব পৰা নাই বাস্তৱিকতাৰ কবিতা । আকিব পৰা নাই প্ৰেমৰ ছবি তোমাৰ নামৰ !!
প্ৰেম হৈ পৰিল নৰক যন্ত্ৰণা সদৃশ । বিচাৰি ফুৰিছো নিজৰ অস্তিত্ব ফাগুনৰ বিষাদৰ মাজত! তোমাৰ স্মৃতিৰ চিতাক মোৰ বুকুৰ ভিতৰত সজীৱ কৰি ৰাখিছো তাক জ্বলিব দিয়া নাই ।তোমাক লৈয়ে মোৰ জীৱনৰ এইয়া শেষ অকবিতা।
এতিয়া আৰম্ভণি দীঘল কাল ৰাত্রিৰ
হুমূনিয়াহ ,মই আৰু বিষাদ !!!!

No comments: