Showing posts with label প্ৰিয়তমালৈ. Show all posts
Showing posts with label প্ৰিয়তমালৈ. Show all posts

Tuesday, 26 March 2019

নীলা খামৰ চিঠি



মৰমৰ,
বাহিৰৰ বতাহজাকে চাকিটো নুমুওৱাব এতিয়া৷ৰ’বা শলিতাডাল বঢ়াই লওঁ৷ আজি বহুত দিনৰ পিছত এয়া কলম তুলি লৈছো তোমালৈ বুলি……….।
আজি মোৰ মন ভৰ দুপৰীয়া৷ ইমান দিনে আবেগ বিহ্বল মনটো কঢ়িয়াই লৈ ফুৰিছিলো নিঃসংগতাৰ মাজেৰে, নিঃসংগতাৰ মাজত মোৰ অন্তৰ নিজৰ দুখতে নিজেই মগন….এই নিঃসংগতা মোৰ যেন যৌৱনৰ উপহাৰ৷
যৌৱনৰ পুৱতি বেলা মোৰ জীৱনলৈ প্ৰেম আহিছিল(?) প্ৰেমিকাৰ(তোমাৰ)প্ৰেমভৰা হিয়া বিচাৰি৷ মোৰ আশা আৰু সপোনৰ মাজত বিচৰণ কৰিছিল….. কিন্তু মই(আশাহত) বুজি পালোঁ “প্ৰেম” মোৰ বাবে এক দূৰৰ সপোন মাথোন, কোনোবাই ভুলতে চুই যোৱা মোৰ বাবে বাটৰ কাষৰ বনৰীয়া ফুলৰ দৰে উপেক্ষিত আৰু অপ্ৰয়োজনীয়!

হয়তো, মোৰ বাবে ভালপোৱা এক বিষাদৰ সম্পদ। ই অজানিতে আহি সুখ সপোনৰ লহৰেৰে ভৰাই তোলে জীৱন। সপোনৰ ৰাণী আঁতৰি গ’লে ভালপোৱাই এৰি থৈ যায় ৰিক্ত নিঃস্ব হৃদয়৷ প্ৰেম কি যে এক অদ্ভূত অনুভূতি!
এতিয়া মই কেনেদৰে আছো জানা? কলিজাৰ একোণত একুৰা চিতাৰ জুই জ্বলাই তাকে নিতৌ অকলে ফুৱাইছো৷ক’ব পাৰা এয়া মোৰ জীৱনৰ প্ৰথম আৰু শেষ বিফলতাৰ প্ৰেম বুলি।  কিন্তু মই ভাবো এইয়াই যেন মোৰ বাবে বিধাতাৰ শ্ৰেষ্ঠতম দান! কাৰণ, মই অনুভৱ কৰিছো মানৱীয় অনুভূতিসমূহৰ ভিতৰত সবাতোকৈ শ্ৰেষ্ঠতম অনুভূতিটো৷এতিয়া,বিষাদ আৰু শূণ্যতাৰ মাজত মৰুভূমিৰ দৰে হাঁহাকাৰে ভৰা নিঃসংগ বুকুলৈ থকা মই স্বপ্নাতুৰ পথিক।
তুমিতো জানা, আত্মগোপনৰ ভাৱ সকলো আলসুৱা অন্তৰতে থাকে৷ঠিক মোৰ আলসুৱা মনেও বেদনা সহিব নোৱাৰাৰ বাবে এক বিস্মৃতিৰ সন্ধান বিচাৰিছো। মধুময় সপোনৰ দৰে পাৰ হৈ যোৱা যৌৱনৰ এচমকা মিঠা সময় এতিয়া বিষৰ  দৰে জ্বালাময়। সেয়েহে, দিঠকত যদিও মোৰ  প্ৰিয়তমা(তোমাৰ) লগত মিলন নহ’ল, তথাপিও প্ৰেম মোৰ সম্পদৰূপে হিয়াতে ৰৈ গ’ল………….।

আৰু কি লিখিম? বিশেষ একো নাই। মোৰে শপত, তুমি আহিলে মোক আগতীয়াকৈ জনাবা৷ মৰম ল’বা৷
ইতি…………… তোমাৰ অপাত্ৰক অভিমানী প্ৰেমিক ইলিয়াছ হাচান

Tuesday, 12 March 2019

বৰষুণৰ কবিতা


✍️✍️✍️ইলিয়াছ হাচান✍️✍️✍️
প্ৰতি,
     প্ৰিয়তমা, আজি এজাক বৰষুণ অহাৰ কথা
বৰষুণৰ শব্দৰে আজি এটা কবিতা লিখিম
লিখিম শুকান পাতৰ যৌৱন হেৰুৱাৰ বেথা ৷
লিখি যাম ধুমুহাই গছকি যোৱা গছৰ হিয়া ভঙা কান্দোনৰ কথা ৷
সেউজীয়াৰ প্ৰতিক্ষাত
প্ৰতিটো দিন প্ৰতিটো পল কিদৰে পাৰ হয়,
পাৰ হয় প্ৰতিটো ধুলিয়ৰী বিষাদ নিশা ৷
লিখিম আজি
শুকান মাটিৰ আনে নুবুজা বেদনাৰ কথা ৷
আজি মোৰ দুখৰ
কামিজটো খুলি থম ৷

উদং বুকুত বৰষুণৰ স্পৰ্ষৰে বলিয়া হম
আচলতে বলিয়াইহে বেদনা বুজি পাই
বলিয়া নহলে জানো কোনোবাই কাৰোবাক ইমান ভাল পাব পাৰে?
আজি প্ৰতি টোপাল পানী মই চুই চাম
অনুভৱ কৰিম মাটি আৰু পানীৰ মৰম
ঠিক মোৰ আৰু তোমাৰ দৰেই ৷
আচলতে কি জানা ?
তুমি বুলিয়েই মই বৰষুণক চুই চাম
কাৰন তুমি বৰষুণৰ দৰেই ,
যাৰ অপেক্ষাত থাকে শুকান পথাৰ
শুকান গছ
আৰু
মোৰ শুকান উদাসী আতুৰ মন।।।
                               ধন্যবাদ
                           তোমাৰ অভিমানী প্ৰেমিক

Thursday, 7 March 2019

প্ৰিয়তমালৈ এখনি প্ৰেমৰ চিঠি

     
                          
প্ৰতি,

     প্ৰিয়তমা, আকৌ এবাৰ হৃদয়ত বৰফ হৈ গোট মাৰি থকা দুখবোৰ কব বিচাৰিছো।
মৰমৰ কিয়ো জানো তোমালৈ আকৌ মনত পৰিছে । আজি নকও দিয়া মৰম ল'বা। তাৰ পৰিবৰ্তে মোৰ কথাবোৰ শুণিবা। কি জানা,
প্ৰাপ্তি অপ্ৰাপ্তিৰ মাজতেই ৰৈ গ'ল জীৱন।সকলো থাকিও কিয় অকলশৰীয়া তোমাৰ অবিহনে??

তোমাৰ বাবেতো মই এজন অপাত্ৰক,এজন ভালপাব নজনা ডেকা।।হয়তো তুমি বিচৰা সকলো গুণৰ মোৰ তাত অভাৱ।।গালি পাৰিবও নোৱাৰো তোমাক,বৰ জটিল সমস্যাত আছো, মাত্ৰ তোমাৰ বাবে।।সেই সমস্যাটোৰ বাবে 'পাহৰি থাকিব যে নোৱাৰো তোমাক'।।
প্ৰতি পল ককবকাই আছো,,মাছে পানী নাপাই চটফটোৱাৰ দৰে।।কেতিয়াবা বুকুত কাণখন থৈ শুনিবাচোন,,মোৰ হৃদয়ৰ তোমাক নোপোৱাৰ বিষাদ ভৰা কান্দোনৰ কোলাহল।।
আজিকালি মোৰ উশাহ নিশাহবোৰো খুব খৰ হবলৈ ধৰিছে।।হয়তো হৃদয়ৰ যান্ত্ৰনাবোৰ চকুৰে
উলিয়াই দিব নোৱাৰা বাবে।।অভিনয়ত ব্যস্ত মই,,হাহি থকাৰ অভিনয়।।কোনোবাই ঠিকেই কৈছিল,,জীৱনত আটাইতকৈ বেছি দুখ কেতিয়া লাগে জানা,,যেতিয়া তোমাৰ আপোনজনক মনত পেলাই বা হেৰুৱাই কান্দিব লওতেই,,হঠাৎ কোনোবাই আহি তোমাক যেতিয়া সুধিব,,কি হ'ল,কিয় কান্দিছা তুমি আৰু উত্তৰত যেতিয়া এটা কৃত্ৰিম হাহি লৈ তুমি কব লাগিব,,'''নাই একো হোৱা নাই,চকুত পোক এটা সুমাইছিল।। যেতিয়া  কোনোবাই দুখ লুকাই সুখি থকাৰ অভিনয় কৰিব লগা হয় সেইজন মানুহৰ দৰে দুখ কাৰো নাই।তাৰে এজন মইও।।
তুমি নুবুজিবা,,অপ্ৰাপ্তিৰ অবুজ যান্ত্ৰণা তুমি বিচৰা বোৰ সদায় হাততে পোৱা যে।,,,পেটৰ ভোকৰ তাৰণাৰ কথা বিভিন্ন ধৰণৰ ভাত,মাছ,আঞ্জাৰ সোৱাদ লোৱা মানুহৰ পৰা পোৱা নাজাই,,সেই তাৰণাৰ উত্তৰ ফুটপাথত থকা,এসাজ ভাতৰ বাবে অপেক্ষা কৰি থকাবোৰেহে কব পাৰিব।।
তোমাৰ মনত আছেনে,,মোক যে কৈছিলা,,,তোমাৰ দৰে বহুত আছে মোৰ লগত।তুমি নহ'লেও মোৰ হব,,মোক তোমাতকৈয়ো বহুত কেয়াৰ লোৱা ভালপোৱা মানুহ আছে।।
তেতিয়াহ'লে কেনেকৈ বুজিবা তুমি,, সম্পৰ্ক এটা ভাঙোনৰ বেদনা,,,সেইতোৰ যান্ত্ৰণা সেইজনেহে জানিব,,যিয়ে এটা ভালপোৱা সম্পৰ্কৰ বাবে চতফতাই আছে।।
কি ক'ম তোমাক,,

বহুত ক'লে হয়তো তোমাৰ আমনিয়ে লাগে,,আগৰ পৰাই তুমি মোক ব'ৰিং উপাধি দিয়েই থৈছা।।মোৰ কথাবোৰো শুনি অাগৰপৰাই ভাল নোপোৱা।,,,তথাপি তোমাৰ অাৰু মোৰ মাজৰ পাৰ্থক্য ক'ত জানা,,তুমি মোক ভাল নোপোৱা,,কিন্তু মই তোমাক সকলোতকৈ বেছি ভাল পাও।।তোমাৰ বাবে মই এজন অপাত্ৰক,,কিন্তু এই অপাত্ৰক ডেকা ল'ৰাজনেই """"পাহৰি যে থাকিব নোৱাৰে তোমাক"""।ধন্যবাদেৰে
তোমাক ভালপাব নজনা এজন""""অপাত্ৰক""""
                  ✍️✍️✍️ইলিয়াছ হাচান✍️✍️✍️

Monday, 23 July 2018

কবিতাৰ ছন্দত এমুঠি অনুভৱ

নিজৰ হাতেৰেই গুঁঠি লোৱা
বকুলৰ মালাডাল বুকুত সাৱটি
আঁজুৰি লোৱা সপোনৰে উমলি
কুশলেই আছা ছাগে তুমি ৷
খিৰিকি খুলি দেখো মাথো
লিহিৰি আঙুলিৰ ফাঁকেৰে
ভাঁহি আহে অবুজ পোহৰৰ ৰেঙনি,
পুৱাৰ সুৰুজে বিলাই গ'ল
জীৱন জেউতিৰ সেই আশাৰ ৰেঙনি।

লাজে লাজে কৰি, কাষলৈ আহিলি
সুগন্ধি পৰশ দিলি, তোৰ সুৱাসে
মৰম কাঢ়ি নিলে, পাগলা কৰিলা আহি।
লাজৰে উৰণি টানি কিয় ল'লি
তোৰ যে মিচিকি হাঁহি
সেই,হাঁহিতেই মুকুতা সৰে
যেন সৰগৰ পৰী।
তোৰ হাঁহিতে জোনাকে হাঁহে
তৰালীয়ে চকু টিপ মাৰে
জোনাকী পৰুৱা জাকে
সোন জিলিকাই,,
মৰমৰ ভাষাৰে মাতে।।।

Tuesday, 14 November 2017

কোন বাৰু তুমি(প্ৰিয়তমা)

নিশাৰ এন্ধাৰৰ আৰেঁ আৰেঁ
জোনাকী পৰুৱাৰ দৰে
মোৰ হৃদয়ৰ আৰেঁ আৰেঁ
কোন বাৰু তুমি ?
ক'লা ডাৱৰৰ মাজত থকা
শুকুলা মেঘৰ দৰে
মোৰ হৃদয় দাপোনত
দেখা দিয়াহি
বিজুলীৰ চিক্ মিকনি স্বৰুপে ।
যেতিয়াই বিচৰণ কৰোগৈ
মোৰ স্বপ্ন-ৰাজ্যত
দেখা পাওঁ তোমাৰ হাহিঁ
আৰু বেকা চাৱনি,
যিয়ে দেখায় তোমাক
অতিব শুৱনি ।

Thursday, 7 September 2017

কিছু অনুভৱ

দুপৰীয়াবোৰত খহি পৰে বিষাদ গধুৰ তপত
নিশ্বাস। নিৰ্জনতাৰ কৰুণ বাঁহীৰ সুৰে
ক্রমে আঁতৰাই লৈ যায় মোৰপৰা মোক।
চকুপানীবোৰ গান হৈ ভাঁহি আহে
দুচকুয়ে। বাঁহীৰ সুৰবোৰ ক্রমে শিপাই
হিয়াৰ গভীৰৰপৰা গভীৰলৈ। বিষাদৰ
দাল-পাতবোৰ লহপহকৈ বাঢ়ি আহে
নীলাৰপৰা নীলা হৈ।
সময়ৰ কোনটো ফেৰেঙণিত ওলমি
থাকিলা তুমি? পুৱাবোৰ আহি গুচি
যায়, তুমি নাহা পুৱাটিৰ সৈতে
ৰ’দকাঁচলি হৈ। আবেলিটো আহি গুচি
যায় ভাগৰ মাৰিবলৈ গধূলিৰ বুকুত, তুমি
নাহা মোৰ ভগ্ন হৃদয়ৰ আধৰুৱা উশাহবোৰৰ
উমান লবলৈ। নিশাটো ধপলিয়াই আহে
জোনাকৰ সৈতে উমলিবলৈ, তুমি
নাহা মোৰ সেমেকা শেতেলীত বহি
মোক নিচুকাবলৈ।

Monday, 21 August 2017

প্ৰেম ডায়েৰিৰ কিছু কথাৰে

দাপোণ দেখিলো আজি । বাৰে
বাৰে প্ৰতাৰণাৰ জালত সুমুৱাম কিয়?
প্ৰথম,দ্বিতীয়, তৃতীয়...আৰুবা কিমান
ভৰসা হেৰাব ? দুখ পাইছা ? পোৱা ।
ময়ো পাইছো । দুখ পালো বুলিয়েই মই
শুদ্ধ আৰু তুমি ভূল, এনেটো নহয় ৷ কিয়বোৰৰ
উত্তৰ নিবিচাৰিবা কোনোদিন, উত্তৰ
দিবলৈ গ'লেই মই আগৰজ হৈ পৰিম ৷
সহ্য কৰিব নোৱাৰিবা,পাগল হ'বও
নোৱাৰিবা আগৰদৰেই ৷ হৃদয়ৰ কষ্টবোৰ
অভ্যাস হ'লে যন্ত্ৰনাৰ তীব্ৰতা কমিব…
কমিবনে ? কমিব হয়তো ৷ দ্বিধাবোধৰ
কোনো সমিধান নাই মোৰ ওচৰত ৷
অনুৰোধ, কাতৰ নহ'বা কেতিয়াও ৷
স্থায়ীত্ব অবিহনেই মই থাকি যাম ৷
অলপীয়া অনুৰাগো সঁচা হ'ব পাৰে,
যিদৰে সঁচা শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰ ।
সেই সত্যক মই অস্বীকাৰ কৰিব নোৱাৰো
কোনোদিন ৷ কোনোবা অজীৰ্ণ মূহুৰ্তত
মই বৰফৰ দৰেই গোট মাৰিম ৷ তাতকৈ
"তুমিও" দুখী হৈয়ে থাকা, প্ৰৱঞ্চিত
নহ'বা ।

Sunday, 30 July 2017

মোৰ ডায়েৰিৰ এটি পৃষ্ঠা

এনেকৈয়ে এদিন পৰিচিত নাম্বাৰৰ
পৰা ফোন অহা বন্ধ হৈ যাব,তাৰ লগে
লগে মেছেজ অহাও বন্ধ হ'ব!!!
গুড মর্নিং, কি কৰিছা, কিবা খালা
নে? এনে নানান প্রশ্নৰ ভাণ্ডাৰত আৰু
কোনো কথা জমা হৈ নাথাকিব...।
যিজনে মোৰ মাতটো নুশুনাকৈ শুৱ
পৰা নাছিল তাই মোৰ ফোন
ৰিচিভ নকৰিব...।
মোৰ কান্দোন তাইৰ বাবে নাটক
সদৃশ হ'ব!!!
অথচ...
সেই একেজন মানুহেই!!!
যাৰ কাষত মোৰ "আজিৰ মন বেয়া
লগা" কথাটি শুনিলেই হুলস্থুল আৰম্ভ কৰি
দিছিল...।
মানুহজনৰ আচাৰ আচৰণ সকলো পৰিবর্তন
হৈ যাব!!!
মই অবিহনেও তাই সঁচাকৈ ভালে
থাকিব।
মই অবিহনে...
অন্য কাৰোবাক পালেতো কথাই নাই
তাইক কোনে পায়!!
অতীতত তাইৰ
গভীৰ ভালপোৱা, কেয়াৰিং,
বর্তমানে তাইৰ অবহেলা, অনুপস্থিতি
এই সকলো বিলাকৰ মাজত নিঃশেষ হৈ
থাকিম মই।
ফুচফুচাই কথা পতা,
মা-দেউতাৰ মাত শুনিলে মোবাইল
গাৰু তলত থৈ টোপনিৰ ভাও ধৰি থকা
ৰাতিবিলাক মই অকলেই পাৰ কৰিব
লাগিব!!!
কিন্তু হয়!!!
মোৰ সৈতে থাকিব সেইবিলাক
ৰাতিৰ স্মৃতি, চকুৰ পানী।
তথাপিও প্রার্থনাৰত অৱস্থাত
থাকোতে মই কবলৈ নাপাহৰে
"এবাৰ যদি তাই উভতি আহিল হয়
তেন্তে আৰু খং নকৰিম, ফোন
নাকাটিম,সকলো তাইৰ মতে কৰিম!!"
কিন্তু নাই তাই উভতি নাহে
দৃশ্যপট সলনি হৈ যায় মাথো সলনি নহয়
মই
সলনি নহয় মোৰ ভালপোৱা আৰু মোৰ অভ্যাস!

Sunday, 6 November 2016

মোৰ জীৱন ডায়েৰিৰ এটি বেদনাময় পৃষ্ঠাত লাহে লাহে ধুলি জমা হব ধৰিছে

মৰমৰ প্ৰিয়তমা,
কুশলে আছানে তুমি? আজি আকৌ বহুদিনৰ মুৰত মেলি লৈছো মোৰ জীৱন ডায়েৰিৰ এটি বেদনাময় অধ্যায় । আমনি দিছোঁ বুলি নপঢ়া কৰি নাথাকিবা । 
              অনলাইন হৈয়েই সৰ্বপ্ৰথমৰ মেছেজটো তোমাকে দিয়ো। এক ঘণ্টা তোমাৰ সৈতে মেছেজ নকৰিলে মনৰ ভিতৰত এক দুখ অনুভৱ হয় । তোমাৰ মেছেজৰ ৰিপ্লাই পাবলৈ এক মিনিট দেৰি হলে, চকুত চকুপানীয়ে টলমল কৰে ।
কোনো এক অজ্ঞাত কাৰণত, এটা সময়ত তোমাৰ সতে মেছেজিং বন্ধ হৈ পৰে । এক ঘণ্টাৰ পিছত 10 ঘণ্টা, 10 ঘণ্টাৰ পিছত 24 ঘণ্টা , তাৰ পিছত এদিন, এক সপ্তাহ , এক মাহ, এনেকৈয়ে মাহৰ পিছত মাহ গৈ থাকে । লাহে লাহে তোমাৰ সেই বিশেষ আইডিৰ মেছেজ বিলাক মেছেজ বক্সৰ পিছৰ ফালে গৈ থাকে ।
কিন্তু মেছেজিং পিছলৈ গৈ থকাৰ পিছত তুমি কি মনৰ পৰা গুচি যোৱা ???
প্ৰতি মিনিটত, প্ৰতি ঘণ্টাত, প্ৰতি সপ্তাহত তোমালৈ মেছেজ পঠাবৰ বাবে ইনবক্সত বহু কথাই লিখা হয়, কিন্তু শেষ পৰ্যায়ত কোনো এক অজান কাৰণত মেছেজ বিলাক আৰু পঠিওৱা নহয় ।
   হঠাৎ কোনো এদিন ৰাতি যেতিয়া বুকুৰ বাওঁফালে প্ৰচণ্ড বিষ হয়, তেতিয়া এটা মেছেজ দি খুউব জানিবৰ ইচ্ছা হয়, তুমি কেনে আছা ইত্যাদি ইত্যাদি ।
কিন্তু পিছ ক্ষণতেই মনলৈ আহে , নাই থাকক, তুমিতো মোৰ অবিহনে ভালেই আছা ! তেনেহলে মই নোৱাৰিম কিয় ???
সময়ৰ পৰিবৰ্তনত ! সকলো বিলাক অতীত হৈ যাব ধৰিল । মন ডায়েৰিৰ পৃষ্ঠাত ধুলি জমা হব ধৰিছে । 
সময়ৰ পৰিবৰ্তনৰ সৈতে তুমি মোক পাহৰি যাব পাৰা কিন্তু মই নোৱাৰোঁ পাহৰিব । মনত পৰে তোমালৈ । ।
কোনো এক ৰিমঝিম বৃষ্টি সৰা দুপৰীয়া অথবা গধুলি বেলা অথবা কোনো এক জোৎস্নাময় ৰাতি মনত পৰে । অতীতত এৰি অহা স্মৃতি ,  তেতিয়া অকলে অকলেই খুলি পঢ়িবলৈ আৰম্ভ কৰো ধুলি পৰা মনৰ ডায়েৰিৰ পৃষ্ঠা ।
মনৰ অজানিতেই চকুৰ মাজত অশ্ৰু জমা হয় , টপটপকৈ চকুৱেদি অশ্ৰু নিগৰি থাকে । মোৰ এই অশ্ৰু কেতিয়াও কোনেও দেখা নাপায় , ৰিমঝিম বৃষ্টিৰ মাজত হেৰাই যায় অশ্ৰু বিলাক , গধুলি বেলা উৰি থকা ধুলিত বিলীন হৈ যায় অশ্ৰু বিলাক ,  জোৎস্নাময় ৰাতি শুই থকা গাৰুৰ এটা কোন ভিজি যায়  চকুৰ পৰা নিগৰি অহা সেই অশ্ৰুত । ।
যেতিয়া মই অশ্ৰু বিসৰ্জন কৰো তেতিয়া তুমি কি কৰা ???  তেতিয়া তুমি হয়তো -- ৰিমঝিম বৃষ্টি, বৃষ্টি সৰা গধুলিৰ বেলা, ৰক্তিম সূৰ্যৰ বৰ্ণনা, জোৎস্নাময় ৰাতি , জোনৰ সৌন্দৰ্যৰ কথা খুউব সুন্দৰকৈ বৰ্ণনা কৰি তোমাৰ নতুন কোনো সংগীক মেছেজ দিয়াত অথবা ফোনকল কৰাত ব্যস্ত থকা । ।
তোমাৰ হয়তো মনলৈও নাহে অশ্ৰু বিসৰ্জন কৰি থকা এই নষ্ট প্ৰেমিকজনলৈ । । ।
     এয়াই হল মোৰ জীৱন নামৰ ডায়েৰিৰ এটি বেদনাময় অধ্যায় । ।
        [ এইদৰেই উলটি থাকিব জীৱন ডায়েৰিৰ প্ৰতিটো পৃষ্ঠা, প্ৰতিটো অধ্যায় । সময় পৰিবৰ্তনত শেষ হৈ যাব ডায়েৰিৰ পৃষ্ঠা,   শেষ হৈ যাব ডায়েৰিৰ সকলো অধ্যায় ।  শেষ হোৱা ডায়েৰিত লাহে লাহে ধুলি জমা হব । হঠাৎ এদিন এই ডায়েৰিৰ অস্তিত্ব বিলীন হৈ যাব । । । ]
    ☞☞সদৌ শেষত তোমাৰ নষ্ট প্ৰেমিক☜☜
✍✍✍ইলিয়াছ হাছান✍✍✍