এনেকৈয়ে এদিন পৰিচিত নাম্বাৰৰ
পৰা ফোন অহা বন্ধ হৈ যাব,তাৰ লগে
লগে মেছেজ অহাও বন্ধ হ'ব!!!
গুড মর্নিং, কি কৰিছা, কিবা খালা
নে? এনে নানান প্রশ্নৰ ভাণ্ডাৰত আৰু
কোনো কথা জমা হৈ নাথাকিব...।
যিজনে মোৰ মাতটো নুশুনাকৈ শুৱ
পৰা নাছিল তাই মোৰ ফোন
ৰিচিভ নকৰিব...।
মোৰ কান্দোন তাইৰ বাবে নাটক
সদৃশ হ'ব!!!
অথচ...
সেই একেজন মানুহেই!!!
যাৰ কাষত মোৰ "আজিৰ মন বেয়া
লগা" কথাটি শুনিলেই হুলস্থুল আৰম্ভ কৰি
দিছিল...।
মানুহজনৰ আচাৰ আচৰণ সকলো পৰিবর্তন
হৈ যাব!!!
মই অবিহনেও তাই সঁচাকৈ ভালে
থাকিব।
মই অবিহনে...
অন্য কাৰোবাক পালেতো কথাই নাই
তাইক কোনে পায়!!
অতীতত তাইৰ
গভীৰ ভালপোৱা, কেয়াৰিং,
বর্তমানে তাইৰ অবহেলা, অনুপস্থিতি
এই সকলো বিলাকৰ মাজত নিঃশেষ হৈ
থাকিম মই।
ফুচফুচাই কথা পতা,
মা-দেউতাৰ মাত শুনিলে মোবাইল
গাৰু তলত থৈ টোপনিৰ ভাও ধৰি থকা
ৰাতিবিলাক মই অকলেই পাৰ কৰিব
লাগিব!!!
কিন্তু হয়!!!
মোৰ সৈতে থাকিব সেইবিলাক
ৰাতিৰ স্মৃতি, চকুৰ পানী।
তথাপিও প্রার্থনাৰত অৱস্থাত
থাকোতে মই কবলৈ নাপাহৰে
"এবাৰ যদি তাই উভতি আহিল হয়
তেন্তে আৰু খং নকৰিম, ফোন
নাকাটিম,সকলো তাইৰ মতে কৰিম!!"
কিন্তু নাই তাই উভতি নাহে
দৃশ্যপট সলনি হৈ যায় মাথো সলনি নহয়
মই
সলনি নহয় মোৰ ভালপোৱা আৰু মোৰ অভ্যাস!
No comments:
Post a Comment