দাপোণ দেখিলো আজি । বাৰে
বাৰে প্ৰতাৰণাৰ জালত সুমুৱাম কিয়?
প্ৰথম,দ্বিতীয়, তৃতীয়...আৰুবা কিমান
ভৰসা হেৰাব ? দুখ পাইছা ? পোৱা ।
ময়ো পাইছো । দুখ পালো বুলিয়েই মই
শুদ্ধ আৰু তুমি ভূল, এনেটো নহয় ৷ কিয়বোৰৰ
উত্তৰ নিবিচাৰিবা কোনোদিন, উত্তৰ
দিবলৈ গ'লেই মই আগৰজন হৈ পৰিম ৷
সহ্য কৰিব নোৱাৰিবা,পাগল হ'বও
নোৱাৰিবা আগৰদৰেই ৷ হৃদয়ৰ কষ্টবোৰ
অভ্যাস হ'লে যন্ত্ৰনাৰ তীব্ৰতা কমিব…
কমিবনে ? কমিব হয়তো ৷ দ্বিধাবোধৰ
কোনো সমিধান নাই মোৰ ওচৰত ৷
অনুৰোধ, কাতৰ নহ'বা কেতিয়াও ৷
স্থায়ীত্ব অবিহনেই মই থাকি যাম ৷
অলপীয়া অনুৰাগো সঁচা হ'ব পাৰে,
যিদৰে সঁচা শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰ ।
সেই সত্যক মই অস্বীকাৰ কৰিব নোৱাৰো
কোনোদিন ৷ কোনোবা অজীৰ্ণ মূহুৰ্তত
মই বৰফৰ দৰেই গোট মাৰিম ৷ তাতকৈ
"তুমিও" দুখী হৈয়ে থাকা, প্ৰৱঞ্চিত
নহ'বা ।
☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি । নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । ✍✍✍ইলিয়াছ হাছান✍✍✍
Monday, 21 August 2017
প্ৰেম ডায়েৰিৰ কিছু কথাৰে
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment