Friday, 5 August 2016

বিষাদ

বিষাদৰ সুৰ শুনি
আজি কান্দি উঠিছে
নিসংগতাই।
প্ৰেমৰ পৰিণতি বিচ্ছেদ দেখি
লগ দিছে মোক প্ৰতাৰণাই।
নিদ্ৰাহীনতাত ভুগা দুচকুৰ পৰা
উদ্গীৰিত সেই আগ্নেয়গিৰিৰ
মাজত
কি দৰে বিচাৰি পাবা
নষ্টালজিয়াৰ সেই ক্ষুদ্ৰ পঁজা?
মকৰাৰ জালবোৰ ভালদৰে আতৰাই
চোৱা
দেখিবা আধৰুৱা এক অবুজ
মায়াজাল
আৰু জৰাজীৰ্ণ এক প্ৰেমৰ চন্দ্ৰমা।
মায়াৱী দুচকুৰে কেতিয়াবা
এটোপাল চকুলো নিগৰাই চোৱা,
হয়তো ছিগিব পাৰে তোমাৰ
অহ্ংকাৰী শিকলি।
স্মৃতিৰ পাত এবাৰ লুতিয়াই
চোৱা
দেখিবা, তাহানি জিলিকি
থকা 'হৃদয়' নামৰ শব্দটিৰ
জিলিকনিও যেন লাহে লাহে
কমি আহিছে।

No comments: