"Depression"
আজিৰ সময়ত মানুহৰ ব্যস্ত
জীৱনযাত্ৰাত
প্ৰায়ে শুনিবলৈ পোৱা এটা শব্দ
হ’ল
‘ডিপ্ৰেছন’। ‘ডিপ্ৰেছন’ৰ অসমীয়া
প্ৰতিশব্দ
হিছাপে বিষাদগ্ৰস্থতা, বিষন্নতা
আদি বিভিন্ন সময়ত ব্যৱহাৰ হৈ
আহিছে
যদিও মই ‘ডিপ্ৰেছন’ৰ প্ৰতিশব্দ
হিছাপে
‘গভীৰ দুখানুভূতি’ শব্দটো ব্যৱহাৰ
কৰিব
বিচাৰিছোঁ। সাধাৰণতে দেখা
যায়
যে মানুহে
বাহ্যিক জগতৰ কোনো ব্যক্তি বা
অৱস্থাক নিজৰ সুখানুভূতিৰ কাৰক
হিছাপে গণ্য কৰে। এজন ছাত্ৰৰ
বাবে
পৰীক্ষাত প্ৰথম হোৱাটো, এজন যুৱকৰ
বাবে এগৰাকী যুৱতীৰ প্ৰেম লাভ
কৰাটো, এজন লেখকৰ কাৰণে এখন
গ্ৰন্থ
সম্পূৰ্ণ কৰাটো, এজন চাকৰিয়ালৰ
বাবে
পদোন্নতি লাভ কৰাটো বা
এগৰাকী
নাৰীৰ বাবে সন্তান লাভ কৰাটো
পৰম
সুখানুভূতিৰ কাৰণ হ’ব পাৰে।
প্ৰায়বোৰ
ক্ষেত্ৰতে মানুহৰ মনত কিবা নহয়
কিবা
এক প্ৰাপ্তিৰ বাসনাৰ লগত
সুখানুভূতি
জড়িত হৈ থকা দেখা যায়। সেয়ে
সেই
প্ৰাপ্তিৰ বাসনা কিবা কাৰণত
নিৰ্বাপিত হ’লে অপ্ৰাপ্তিৰ
বেদনা
জাগে। এই অপ্ৰাপ্তিৰ বেদনা বা
আশা
ভংগৰ যাতনাই মানুহৰ দুখানুভূতিৰ
সৃষ্টি
কৰে। প্ৰায় প্ৰতিজন মানুহে নিজৰ
পাৰিবাৰিক বা সামাজিক
জীৱনতো
নিজৰ বাবে সুখানুভূতিৰ সংজ্ঞা
নিৰূপন কৰি লয়। প্ৰত্যেকৰে
সুখানুভূতিৰ
পূৰ্ব চৰ্ত হিছাপে কিছুমান অপূৰ্ণ
আশা
আকাংক্ষা থাকে। এই আশা
আকাংক্ষাবোৰ পূৰণ নহ’লে মানুহৰ
দুখানুভূতি জাগি উঠে। প্ৰতিজন
মানুহৰ
জীৱনতে আশা ভংগ আৰু
অপ্ৰাপ্তিৰ বেদনাই সময়ে সময়ে
দুখানুভূতিৰ সৃষ্টি কৰাটো
স্বাভাৱিক।
পিছে এনে দুখানুভূতি সঘনে হ’বলৈ
ধৰিলে মানুহ এজনৰ মানসিক ভাৱে
কিছুমান পৰিৱৰ্তন আহিবলৈ ধৰে।
লাহে লাহে তেওঁ দুখানুভূতিত
অভ্যস্ত
হ’বলৈ ধৰে আৰু দুখানুভূতিকে এক
স্বাভাৱিক জীৱন যাপনৰ প্ৰক্ৰিয়া
হিছাপে গ্ৰহণ কৰি লয়। এনে
অৱস্থালৈ
যোৱা মানুহে বাহ্যিক কোনো
আনন্দ
দিব পৰা কাৰকৰ পৰাও সুখানুভূতি
আহৰন
কৰিব নোৱাৰা হয়। উদাহৰণ স্বৰূপে
কোনো সামাজিক আনন্দ, উত্সৱৰ
অনুস্থানত তেওঁলোকে অংশগ্ৰহণ
কৰিবলৈ ইচ্ছা নকৰা হয়, কোনো
কথাতে ৰস নোপোৱা হয়, বন্ধু বান্ধৱৰ
পৰা আতৰি থাকে, নিজৰ শুভ চিন্তক
সকলকো কেতিয়াবা শত্ৰু জ্ঞান
কৰিবলৈ লয়। স্বাভাৱিক দৈনন্দিন
কাম
কাজৰ প্ৰতিও তেওঁলোকৰ চৰম
অনীহা
আৰম্ভ হয়। টেলিভিচনৰ আগত অন্যমনস্ক
ভাৱে বহি সময় পাৰ কৰিবলৈ লয়,
খোৱা বোৱা আৰু টোপনি
অনিয়মীয়া
হয়, কথা বতৰাত উদাসীন হৈ পৰে।
এনে
অৱস্থাকে ‘গভীৰ দুখানুভূতি’ বা
‘ডিপ্ৰেছন’ বুলি ক’ব পৰা যায়।
☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি । নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । ✍✍✍ইলিয়াছ হাছান✍✍✍
Tuesday, 16 August 2016
"Depression"
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment