ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি সেউজীয়া। বন্ধুত্ব হয়তো এনেকুৱাই— য’ত গঢ়ি উঠে এখন বুকুৰ পৰা আন এখন বুকুলৈ এক অদৃশ্য সাঁকো। যাৰ বাবেই হয়তো প্ৰতিটো মুহূৰ্ততে আমি ভগাই ল’ব পাৰো ইজনে-সিজনৰ মনৰ খবৰ। সেয়া লাগিলে সুখৰেই হওক অথবা দুখৰ। বন্ধুত্ব হৈছে পৃথিৱীৰ পৱিত্ৰতম সম্পৰ্ক। যাৰ উমাল পৰশত আপুনি, মই আৰু সকলোৱেই জী উঠো নতুনকৈ। বিচাৰি পাওঁ জীৱনৰ অপৰূপ সৌন্দৰ্য্য। বন্ধুত্বৰ নিঃস্বাৰ্থ ভালপোৱাত লুকাই থাকে অকৃত্ৰিম প্ৰেম আৰু এই প্ৰেমৰ ৰাগীত মতলীয়া হৈ উদযাপন কৰো জীৱন। যাৰ ইচ্ছাৰ আঙুলিত ধৰি হেঁপাহ পলুৱাই তিতিব পাৰো শাওণৰ এজাক বৰষুণত। প্ৰাণ ভৰাই গাব পাৰো জীৱনৰ এটা গান। হাতত হাত থৈ দৃঢ়তাৰে ক’ব পাৰো— আমি একেখন নাৱৰেই সহযাত্ৰী। ‘‘True friends are like diamonds precious and rare. False friends are like leaves found everywhere.’’— জীৱনত আমি বহু বন্ধুৰ সঁহাৰি পাওঁ। তাৰে কিছুমান সময়ৰ সোঁতত হেৰাই যায় আৰু কিছুমান চিৰদিনলৈ ৰৈ যায় বুকুৰ নিভৃততম কোণত চিৰযুগমীয়া হৈ। এচাম বন্ধুৱে আপোনাক পদে পদে শিকাই যায় জীৱনৰ আদিপাঠ, দি যায় একোটা পোহৰৰ বাট। সেই বন্ধুৱেই আপোনাৰ, আমাৰ প্ৰকৃত তথা আদৰ্শ বন্ধু; যিজনক আমি কোনো পৰিস্থিতিতেই হেৰুৱাবলৈ নিবিচাৰো। কিন্তু আন এচাম বন্ধুৱে কেৱল নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে বন্ধুত্বৰ দৰে সহজ- সৰল সম্পৰ্ক গঢ়ি তোলে আৰু নিজৰ উদ্দেশ্য পূৰণ হোৱাৰ লগে লগেই সকলোৰে কাষৰ পৰা নিৰলে আঁতৰি যায়। এনেধৰণৰ বন্ধুৰ বাবেই বন্ধুত্বৰ দৰে পৱিত্ৰ সম্পৰ্কত ফাট মেলিব ধৰিছে। সেয়েহে বন্ধু নিৰ্বাচনৰ ক্ষেত্ৰত আমি সাৱধান হোৱা উচিত। বৰ্তমান সময়ত গঢ় লৈ উঠা জনপ্ৰিয় ছচিয়েল নেটৱৰ্কিং ছাইটসমূহত বন্ধুত্বৰ নামত প্ৰায়েই ইজনে- সিজনক উদ্দেশ্য কৰি বিভিন্নধৰণৰ কটূ মন্তব্য সকলোৱে দেখাকৈ উপস্থাপন কৰে। এনেদৰেই প্ৰতিশোধমূলক মানসিকতাৰ সৃষ্টি হৈ সমাজত বিভিন্ন ধৰণৰ অনৈতিক ঘটনাও ঘটিব ধৰিছে। বন্ধুত্বৰ কোনো নিৰ্দিষ্ট পৰিসৰ নাই। ইয়াত কোনো বয়স, উচ্চ-নীচ, জাতি-ধৰ্ম আৰু ভেদা-ভেদৰ পাৰ্থক্য নাই। বন্ধুত্ব শব্দটো অন্তৰৰ পৰা গঢ় লৈ উঠা এক সম্পৰ্ক। এই সম্পৰ্কত থাকে স্বৰ্গীয় অনুভূতি। য’ত সকলোৱেই সমান, সকলোৱেই সুখী আৰু সকলোৰে মনবোৰ প্ৰফুল্লিত। বন্ধুত্বৰ অংশীদাৰ হ’ব পৰাসকলৰ বুকুৱে বুকুৱে বিয়পি থাকে খৰিকাজাইৰ সুগন্ধ।
No comments:
Post a Comment