আধুনিক জীৱনত প্ৰতিজন ব্যক্তিৰে
অন্যতম সংগী যেন হৈ পৰিছে – টেনছন।
বিভিন্ন কাৰণত সৃষ্টি হোৱা এই টেনছন
বা উদ্বেগ অৱশ্যে নিজে কোনো
ভয়ানক ব্যাধি বা অসুখ নহয়। টেনছন
আধুনিক জীৱন-যাপনৰ অন্যতম অংশস্বৰূপ।
এনে মানুহ হয়তো নোলাব, যিয়ে
কেতিয়াও টেনছনৰ চিকাৰ হোৱা
নাই। অৱশ্যে, জীৱনৰ প্ৰতিটো ক্ষণতেই
যে টেনছনৰ চিকাৰ হ’বলগীয়া, হয় সেই
কথাও সত্য নহয়। এই ক্ষেত্ৰত
মনোবিজ্ঞানীসকলে সৰু-সুৰা টেনছনত
ভোগাটো ভালৰ লক্ষণ বুলিহে ক’ব
খোজে। ই হেনো কৰ্মসংস্থাপনৰ লগতে
কৰ্মদক্ষতাও বৃদ্ধি কৰে। উদাহৰণস্বৰূপে
আমি পৰীক্ষাৰ কাৰণে সৃষ্টি হোৱা
টেনছনৰ কথাকে ক’ব পাৰোঁ। এই ধৰণৰ
টেনছনে ছাত্ৰ এজনক অধ্যয়নৰ প্ৰতি
অধিক মনোযোগীহে কৰি তোলে।
ফলস্বৰূপে ছাত্ৰজনৰ ফলাফল আশানুৰূপ
হোৱাত সহায় কৰে। কিন্তু মাত্ৰাধিক
টেনছনে মানুহক গোপন ব্যাধিৰ দৰে
খুলি খুলি খায়। কিয়নো টেনছনৰ পৰাই
সৃষ্টি হয় গভীৰ মানসিক উদ্বেগ তথা
হতাশা। দীৰ্ঘদিন ধৰি কোনো কঠিন
মানসিক চাপত থাকিলেই এই ধৰণৰ
হতাশাৰ সৃষ্টি হয়। অৱশ্যে হতাশাৰ
অন্যতম কাৰক টেনছনৰ কাৰণ ভালদৰে
জানিব পৰা নাযায়। উদ্বেগ বা টেনছনৰ
ফলত জীৱনত নানা অনাহুত পৰিস্থিতিৰ
সৃষ্টি হয়। কেৱল সিমানেই নহয়, টেনছনৰ
বাবেই নানা শাৰীৰিক উপসৰ্গৰো
সৃষ্টি হয়। অহেতুক ভয় খোৱা, দেহৰ পেশী
টানি ধৰা, বুকুৰ ধপ্ধপনি বাঢ়ি যোৱা,
মূৰৰ বিষ, সঘনে ঘামি থকা, ডিঙি শুকাই
থকা, সেপ গিলোঁতে অসুবিধাৰ সৃষ্টি
হোৱা, মুখমণ্ডল ৰঙা পৰি যোৱা
ইত্যাদিবোৰ মানসিক উদ্বেগৰ
কাৰণজনিত লক্ষণৰ ভিতৰত পৰে। কেৱল
সিমানেই নহয়, মূৰ ঘূৰণি, বুকু ধপ্ধপাই থকা,
উশাহ চুটি চুটি হোৱা, স্বাভাৱিক
শ্বাস-প্ৰশ্বাস ব্যাহত হোৱা, সঘনে
পেটৰ অসুখত ভোগা, সঘনে প্ৰস্ৰাৱ
হোৱা, অৱসাদ, খিংখিঙীয়া হোৱা,
টোপনি নোহোৱা, পাহৰি যোৱা,
মন:সংযোগত ব্যাঘাত ঘটা আদিবোৰ হ’ল
টেনছনৰ সাধাৰন উপসৰ্গ।
☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি । নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । ✍✍✍ইলিয়াছ হাছান✍✍✍
Thursday, 11 August 2016
আধুনিক জীৱনত প্ৰতিজন ব্যক্তিৰে অন্যতম সংগী যেন হৈ পৰিছে – টেনছন।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment