ফুলৰ সতে কথা পাতি পাতি
আমনি লগা ছোৱালীজনীয়ে
প্ৰতিটো ভোমোৰাকে কৈ
যায় তাইৰ আকুলতাৰ কথা
বিচাৰি আনিবলৈ দিয়ে
তাইৰ সপোনৰ কোঁৱৰক
আঙুলিৰ পাবত দিনবোৰ যেন
নাযায় নুপুৱায় সৰাপাতে
ঢাকি ৰাখিব নোৱাৰে
সংগীতৰ পূৰঠ সুৰবোৰ
এপাহ এপাহ কৈ প্ৰতিপাহ ফুলৰ
পাপৰি গণি শেষ কৰি
পেলাইছে তাই তাইতকৈ
ধুনীয়া হ’ব খোজা ফুলপাহিক
পাতৰ সতে সী পেলাইছে
কোমল ঘাঁহডৰা নিতৌ
গোলাপৰ পাপৰি ছটিয়াই
ভাস্কৰ কৰি ৰাখিছে বতাহত
বিয়পাইছে বচা বচা আতৰৰ
সুৰভি কোঁৱৰক লৈ কিমান যে
জন্পনা
নেদেখা নুশুনা ছবিখন মনতে
আঁকি লৈ তাই উষাৰ পৰা
চিত্ৰলেখা হৈছে
অকণমান ছাঁ পৰিলেই তাই
ডবিয়াই মেলি পোহৰৰ
ব্যৱস্থা কৰিছে । । ।
☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি । নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । ✍✍✍ইলিয়াছ হাছান✍✍✍
Wednesday, 27 July 2016
সেই ছোৱালীজনী
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment