মৰমৰ
প্ৰিয়তমা
আজি অলপ সোনকালে শুইছিলো।চিলি
মিলিকৈ টোপনি আহিছিল।এনেতে
কেতেকী চৰাই এজনিৰ কৰুণ আর্তনাদত
সাৰ পাই উঠিলো।চকুলৈ আৰু টোপনি
নাহিল।বিছনাৰ পৰা উঠি
আহিলো,তোমালৈকে দুএষাৰ
লিখো বুলি। তোমালৈ লিখা
অভ্যাসটো
মোৰ গধুৰ মন পাতল কৰাৰ অভিনৱ ঔষধ।মনৰ
পুঞ্জীভূত অনুভূতি বোৰ প্রকাশ কৰি
পাতল পাতল লাগে।সেয়েহে
তোমালৈ দু-এষাৰ
লিখিবলৈ বহিছো। প্ৰিয়তমা এই
গভীৰ নিশা অনেক স্মৃতি মনলৈ
আহিছে।বাহিৰত ছাগৈ শেতা
জোনটোক হিমচেঁচা কুঁৱলীয়ে ঢাকি
ধৰিছে।মোৰ চকুৰ পতাত এতিয়াও
টোপনিৰ পৰশ নাই।মাথোন মনলৈ
আহিছে প্রথম যৌৱনৰ সোণসনা স্মৃতি।
তেতিয়া মোৰ জীৱনত প্রথম বসন্তৰ
শিহৰণ লাগিছিল।অন্তৰত আশাই সাৰ
পাই উঠিছিল।ভাষাই
কুৰুলিয়াইছিল,মৰমবোৰ উতলি উঠিছিল।
পৃথিবীখনএকেবাৰে নতুন দেখিছিলো।
বহল পৃথিবীখন নিমজ,বাটবোৰ
পোন,জীৱনৰ গতি সহজ যেন লাগিছিল।
ল'ৰালি কালৰ কোমল অন্তৰখন উদং উদং
লাগিছিল।তাৰ পিছত উতলা হিয়াৰ
উপচি পৰামৰম বোৰ বাকি দিবলৈ
মনটো চঞ্চল হৈ উঠিছিল।এষাৰ মাত
এটা হাঁহি,এটা চাৱনি,এবুকু মৰম
বিচাৰি মনটোৱে উচপিচাইছিল।
মাজনিশা সাৰ পাই শুনা কেতেকীৰ
মাতত মই বিচাৰি পাইছিলো
হিয়াৰআহ্বান-প্রানৰ সহাৰি।মোৰ
বাবে মৰণ আছিল অলিক কল্পনা,বেদনা
আছিল সহজ কবিতা।কিন্তু সময়ৰ সোঁত বৈ
গ'ল।আজি মোৰ কোমল মনটোৱে হেজাৰ
ধুমুহা সহিব পৰা হৈ পৰিছে। বহুত কথাই
লিখিছো।আচল কথাটো এতিয়াও
কবপৰা নাই।তোমাৰ পৰা কিবা সহাৰি
পাম বুলি বাট চাই আছিলো।কিন্ত
ক'তা আজিও নাপালো ।মোৰ ভুলো হব
পাৰে।ৰহস্যঘন প্রণয়ৰ পাশত পৰা মানুহে
সকলো কথাকে নিজলৈ পোনাই
বিচাৰ কৰে;মোৰ ভূল হোৱা নাইতো?
তোমাৰ চাৱনি,ফুটোঁ ফুটোঁ কৰা ওঠৰ
পাহিৰ অব্যক্ত ভাষাই মোক মাথোন
এইটোকে বিশ্বাস কৰিবলৈ
শিকাইছিল যে তোমাৰ এখন অন্তৰ
আছে,এমুঠি আশা আছে,এবুকু ভাষা
আছে।তুমিও এখন অন্তৰ বিচাৰিছা।
কিন্তুআজিও সহাৰি নাপালো। মৰম
লবা।
আকৌ তোমালৈ বাট চাই ৰ'লো।
তোমাৰ মৰমৰ
ইলিয়াছ হাছান
☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি । নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । ✍✍✍ইলিয়াছ হাছান✍✍✍
Friday, 1 July 2016
প্ৰিয়তমালৈ
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment