Tuesday, 26 July 2016

প্ৰিয়তমা লৈ (3)

প্রেম! প্রেমৰ পৰিধি, প্রেমৰ
সংজ্ঞা... একো নাজানো! ভাব
হয় ভালপোৱা ভাললগাবোৰ যেন
বতাহতেই ওপঙি থাকে, উশাহত
যেন লৈ ফুৰো ভালপোৱা, মিঠা
সুৰ এটিৰ দৰেই যেন গুণগুণাই
থাকিম ভালপোৱাক, সৰাপাতৰ
খৰমৰনি তুলি যেন খোজ কাঢ়িম
ওঁঠত সুহুৰি এটা লৈ ভালপোৱাৰ
হাতত ধৰি, থপিয়াই আনিম যেন
আকাশৰ জোন, সিঁচি দিম মুঠি মুঠি
জোনাক, প্রিয়জনৰ স’তে সাগৰৰ
পাৰত বহি কটাম জোনাকী
ৰাতি, আকাশৰ তৰা গণিম, সকলো
পাহৰি খিলখিলাই হাঁহিম
নীলা সাগৰখনৰ সৈতে,
জোনাকী পৰুৱা ধৰিম,
ৰোমাণ্টিক আৱেশত ডুবি ডুবি
বৰষুণত তিতিম আপোনপাহৰা হৈ
আৰু অপ্রয়োজনীয় হৈ পৰিব ৰং
বিৰঙী ছাটিবোৰ...। পাহৰি যাম
দুখ-ভাগৰ, হিংসা-অসূয়া... মাথোঁ
থাকিব প্রেম, শান্তি...
উসঃ ভালপোৱা! সঁচাই তুমি সুন্দৰ।
হাজাৰটা বিষাদৰঙী গল্প-
কবিতা সৃষ্টি তোমাৰ বাবেই,
কতজনৰ উজাগৰী ৰাতিৰ বাবে
তোমাকেই দোষী সজোৱা হয়,
বিৰহী প্রেমিকৰ ‘দুঃখভৰী
দাস্তান’ৰ বাবে তুমিয়েই দায়ী
হ’লেও সকলোবোৰ দেখোন
তোমাৰেই নামত। তোমাৰ
অবিহনে সৃষ্টি শূন্য। তোমাৰ
বাবেই সোণাৰুবোৰ হালধীয়া
হাঁহি হৈ ওলমে, কৃষ্ণচূড়াবোৰ
তেজৰঙী সপোন হৈ আহে, ফাগুণৰ
দুষ্ট পচোৱাই আঁচল খহায়, পলাশৰ
জুইয়ে ওমাল কৰে হিয়া, সৰি পৰা
শেৱালিলৈ মায়া ওপজে, দুবৰিৰ
পাতত নিয়ৰবোৰ মুকুতা হয়, নাহৰ
ফুলে, পখীয়ে গীত গায়, আঘোণৰ
পথাৰত সোণগুটি লাগে... ক’ত নাই
তুমি? গছে বিৰিখে, শব্দত, ছন্দত,
সুৰত... ঋতুৱে ঋতুৱে বৈ আহাঁ তুমি,
সকলোতে তোমাৰ উপস্থিতি।

No comments: