Monday, 11 July 2016

প্ৰিয়তমালৈ দু-এষাৰ

মৰমৰ
তুমি কেনে আছা মই
নোসোধো । মোৰ অযুত
নিশা টোপনি ভাঙি নিৰবধি বৈ
থকা মোৰ
মৰমবোৰে তোমাক কোশলে ৰাখিব
। এই যে এদিন তোমাক
বিচাৰিছিলো আৰু বিছাৰি বাউল
কৰিছিলো সময় ।স্মৃতিয়ে আউল
লগাইছিল জীৱন ।দিনৰ পাছত
দিন ধৰি মই
ভাঙি পৰিছিলো তোমাৰ
কথা ভাবি ।তুমি কিয় তোমাৰ
জীৱনলৈ আমন্তণ জনাব নোৱাৰা ।
মই ভাবিছিলো তোমাক লৈ এখন
সোণৰ সংসাৰ গঢ়িম । সপোন সপোন
হৈয়ে ৰল বাস্তৱ ই কোনো দিন
পৰিণত হব নোৱাৰে কাৰণ তোমাৰ
বুকুৰ মণিকোঠত মই সুগন্ধি এটি হৈ ফুলি
ৰৱ
নোৱাৰিলো ।
জনা নাছিলো মাথো তোমাৰ
অবিহনে যে অচল হৈ যাব
পাৰে মোৰ জীৱনৰ গতি ।
সোৱঁৰণিয়ে বা ৰাখেনে নাৰাখে
মোক তোমাৰ প্ৰত্যাহিক সপোন বোৰত

যদি সময় পোৱা মোলৈ দু-এষাৰ  লিখিবা ।
মৰমৰ
তুলিকাৰে অনুভৱৰ স্কেচ আঁকিম । খন্তেক
ব্যস্ততা নেওচি দুটামান শব্দ
লিখিবা অন্তত আকাশ বতাহ
শূন্যতাক শ্ৰোতা কৰি পঢ়িম ।
ছোৱা জীৱনত কিমান ৰং থাকিব
লাগিছিল ,কিন্তু মোৰ জীৱনৰ ৰং
হেৰাই গল । ৰঙৰ সৈতে মোৰ
মিতিৰালি নোহোৱা দৰে হৈছে ।
কাৰণ আজি দৰে মই
অপ্ৰেক্ষা কৰো স্মৃতি ,
স্মৃতি শলিতাই পুৰি পুৰি খাই মোৰ
মনৰ ৰং বোৰক ।
আজিকালি কেনে লাগে যেতিয়া
আবেলি হৈ আহে ??
মোৰ ভাল লাগে এতিয়া আন্ধাৰ
ৰাতি ,শীতল বতাহ ,মদৰ নিচা,
চিগাৰেটৰ ধোঁৱা আৰু স্মৃতি বগাই
আহিব পৰা এখন খোলা খিড়িকি ।
সঁচাকৈ --- কি উমাল আছিল সেই
অতীতৰ দিনবোৰ । মনত পৰিলে ,
আজি দুখ লাগে । কিয় বাৰু ভূল
কৰিলো তোমাক ভাল পাই ।
অচিনাকি মায়া জালত
বন্দী হলো যৰ পৰা মই কোনো দিন
মুক্তি লাভ কৰিব নোৱাৰিম । যত
মই যান্ত্ৰণাত কক বকাই আছো ।
এৰা মইনো কোন আছিলো ???
এটা উদন্ত কলেজীয়া লৰা ।
সিদিনা তোমাৰ ওচৰৰ
পৰা উভতি অহা পৰত মোৰ
কোনো আকাংশা ৰৈ থকা নাছিল ।
প্ৰতিক্ষা অন্ত পেলাই
ঘৰতে ব্যস্থ হৈ পৰিছিলো আৰু
আজি যাবলৈ ওলাইছো বহু
দুৰলৈ কিজানিবা তোমাক পাহৰিব
পাৰো । বাৰু যেই কি নহওঁক
তোমাৰ বিয়ালৈ নিমন্ত্ৰণ কৰিবা ।
ৰুপৰ কথা ৰাজকোঁৱৰ
দৰে অতীত আৰু ভবিষ্যতে তোমাক
নোৱাই ধোৱাই লৈ যাব । মই
ৰৈ থাকিম ,তেতিয়া চাগৈ ঘুৰিও
নাচাবা শুনিলও নুশুনা ভাও
ধৰিবা । আজি কালি মোক
দেখিলে ৰঙা গোলাপবোৰে
জোকাই ,
বতাহে ফুৱাই ফুৱাই জ্বলাই দিব
খোজে একুৰা জুই ।
আকাশে পুতৌ কৰে ।গধুলি বিষন্ন
মনে ওলাই যাওঁ ৰাতি ৰাতি মদ খাওঁ
,চিগাৰেতৰ ধোঁৱা উৰুৱাও ।
ৰাতি মলয়া জাকে হিয়া ভেদ
কৰি যায় ।
মৰিবওতো নোৱাৰো ,দুখে মোক
ধুৱাই দুখে মোক নিচুকায় । ভাল
লাগে ভাবি আজি তোমাৰ ওঁঠৰ
সেউজীয়া হাঁহিটো ,মোৰ দুখৰ
কবিতাতেই যেন
থাকে আঁউজি ওমলি । ভূল
নুবুজিবা সীৰে সীৰে থৈছো
তোমাৰ
বণালী সোঁৱৰণী । চকু পতাত
আঁকি থৈছো তোমাৰ মূখৰ হাঁহি়টি

No comments: