Monday, 4 July 2016

বিকালীয়ানত এটি পল

সন্ধিয়াৰ ৰদালি পাৰ হৈ যায়,মুকলি
আকাশত জোনৰ প্ৰকাশ...নিৰ্জন
দলিচাত মায়াবিনী নিশা এটা
আধৰুৱা গল্পৰ আৰম্ভণি হয়,কথাৰ গুণ-
গুণনি,চিগাৰেটৰ ধোঁৱাৰ মেঘলী
বাৰ্তা,আৰু লগতে আড্ডাৰ এক অন্তহীন
সান্তনাৰ যাত্ৰা..আহঃ কি যে
আপোন হৈ যায় প্ৰতিটো পলৰ সেই মধুৰ
কথা... হয় ঠিকেই ধৰিছে মই কইছো
সেই বন্ধুৰ সৈতে  এক মনোৰম
আড্ডা...আপুনিও হয়তো এনেকুৱা
অভিজ্ঞতাৰ সোৱাদ
পাইছে....যেতিয়া মানসিক
অশান্তিয়ে চাৰিওফালৰ পৰা আগুৰি
পেলাব তেতিয়া এজন বন্ধুৱে আহি
কব ব'ল আজি তোৰ অশান্তি দুৰ
কৰো...আৰু নিশাৰ আকাশৰ তলত বহি
পৰো চিগাৰেট জ্বলাই
লৈ...মবাইলত বজোৱা হয় এটা মনপৰশা
গান যিয়ে আপোনাক অধিক
আৱেগিক কৰি তোলে... চিগাৰেটৰ
ধোঁৱাই আপোনাক অধিক
আৱেগিকতাৰ মাজলৈ লৈ
যায়,তেতিয়াৰ পৰিৱেশটো হয়তো
আপোনাৰ জীৱনৰ অতি মনপৰশা
মূহুৰ্ত,কাৰণ আপোনাৰ মনৰ কথা
শুনিবলৈ আপোনাৰ বন্ধু ওচৰত থাকিব
প্ৰতিটো কথাই আপোনাৰ মন দি শুনিব
আৰু আপোনাৰ স্মৃটি ৰোমন্ঠন কৰিব এক
স্বৰ্গীয় অনুভূটি...চিগাৰেটৰ প্ৰতিটো
ধোঁৱাইযেন আপোনাৰ পৰা আপোনাৰ
দূখ আঁতৰাই নি আছে...আৰু এনেকুৱা
স্মৃটি আমি হয়তো জীৱনত কেতিয়াও
পাহৰিব নোৱাৰো........

No comments: