সিদিনা মই বিচাৰিছিলো
নিস্তব্ধতা,কেৱল নিস্তব্ধতা, ফুটপাথৰ
কোলাহলৰ মাজত মই বিচাৰিছিলোঁ
নিস্তব্ধতা ৷ মোৰ ভাড়াঘৰৰ ভিতৰত
বিছাৰিছিলোঁ মৌনতাৰ মাজত
কোলাহল ৷ যেন হেজাৰটা
জেনেৰেটৰৰ ঘৰ্ ঘৰ্ শব্দই মোক তাল-
অাফাল কৰি পেলাই ৷ এনে লাগিছিল
বৰষুণবোৰ হেৰাই যাওক মোৰ চোতালৰ
পৰা ৷ নিশাবোৰ মাতাল হওঁক মোৰ
বাবে, জোনাকী পৰুৱাবোৰ যাতে
দুনাই নাহে মোৰ প্ৰিয় নদীৰ পাৰলৈ ৷
কেতিয়াবা এনে লাগিছিল নদীৰ
বুকুতেই হেৰাই যোৱা কবিতাবোৰ
বিচাৰি চলাথ কৰিম ৷ কিন্তু
সকলোবোৰে মোক ভেঙুচালি কৰিব
ধৰিলে ৷ অৱশেষত মই নিস্তব্ধতাক
সংগী কৰি লৈ বেলেগ এটা জীৱনলৈ
ঢাপলি মেলিলোঁ ৷ মই জানোঁ নাপাই
হেৰুৱাতকৈ পাই হেৰুৱাৰ যন্ত্ৰনা
অথবা সৰাপাত বুটলি এআকাশ ঠিকনা
বিচাৰি ৰৈ থকাৰ বেদনা ৷ প্ৰেমত
সৰ্বোচ্চ উজাৰি দিয়াৰ পাছত সকলো
হেৰুৱাই কোঙা হৈও অৱশেষত জীৱনৰ
ৰঙবোৰ ঘুৰাই পোৱাৰ মাদকতা কি মই
বুজোঁ ৷ মই বুজি পাঁও সচাঁকৈ
ভালপোৱাবোৰ হেৰোৱাৰ পাছত অহা
ছুনামিজাকৰ কথা আৰু বুজোঁ দিক্
হেৰুৱা পখীৰ আৰ্তনাদৰ বিভীষিকাৰ
বেথা ৷ সুখ-দুখ,হাঁহি-কান্দোন,মান-
অভিমানৰ মাজত জীৱনে যেতিয়া
পূৰ্ণতা পায় জীৱনটো ৰঙীন হ'ব ধৰে ৷
ৰঙীন পানীয়ত নোপোৱা সোৱাদ
যেতিয়া মোহনীয় হয়, বুজিব বিজয়
আপোনাৰেই ৷
☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি । নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । ✍✍✍ইলিয়াছ হাছান✍✍✍
Thursday, 15 September 2016
নষ্ট প্ৰেমিকৰ ভাষাত
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment