Friday, 16 September 2016

মোৰ ডায়েৰিৰ এখিলা পাতত সপোনৰ অপেক্ষা

☞☞☞ কঁপি  কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি ।
  নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । কিন্তু যেতিয়া মনে সজা সপোনবোৰ ভাঙি যায় তেতিয়া ! তেতিয়া জীৱন হৈ পৰে এক অপাত্ৰক আৰু মৰণ হৈ পৰে শেষ পৰিণতি । কিন্তু কোনোৱে এইটো নিবিচাৰে । কিছুমান পৰিস্থিতিয়েহে বাধ্য কৰে । বৰ্তমান মইও এক অপাত্ৰক হৈ পৰিছো । মাথোঁ হৃদয়ত লিখা আছে দুখ বেদনাৰ হিয়াভৰা গান । কোৱা হয় যেতিয়া সপোনবোৰ ওচৰত থাকে তেতিয়া একো বুজিব নোৱাৰি বা উপলব্ধি কৰিব নোৱাৰি । কিন্তু যেতিয়া আতৰি যায় তেতিয়াহে উপলব্ধি  কৰা হয় আৰু নিজৰ ভুল বুজি পোৱা যায় । কিন্তু হেৰুৱা সপোনবোৰতো আৰু ঘুৰাই পোৱা টান । এতিয়া মাথোঁ বিষাদৰ স্মৃতি আৰু চকুলোবোৰ একমাত্ৰ সংগী হৈ পৰিছে । আৰু আশা, আশা হৈয়ে ৰৈ আছে । জীৱন যাত্ৰাপথত  আগুৱাই যাবলৈ সাহ নোহোৱা হৈ গৈছে । অসান্তিয়ে আৱৰি ধৰিছে, এনে লাগে যেন প্ৰকাণ্ড পাহাৰ এখন মূৰৰ ওপৰত জাপি দিছে, এনে ভাৱ হয় যেন মৰি যাওঁ কিন্তু মৰিবও তো নোৱাৰো । আৰু নতুনকৈ সপোন ৰচিবও নোৱাৰো, ভয় লাগে যদি ভঙা হৃদয়ত আকৌ সপোনবোৰ মৰহি যায়, কি থাকিব তেতিয়া হৃদয়ত জ্বলি পুৰি চাই হৈ যাব । সেয়েহে এটি আশা এবুকু মৰমৰ অপেক্ষাত আজি ৰৈ আছোঁ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । 
  ✍✍✍ইলিয়াছ হাছান✍✍✍

No comments: