Thursday, 22 December 2016

তোমালৈ মনত পৰে

শুকুলা শৰতৰ বতৰত
এখনি ফৰকাল নীলা আকাশ
মাজে মাজে কপাহ কোমল
শুকুলা মেঘ ।
উশাহত শেৱালি ফুলৰ সুবাস
কহুঁৱা ফুলৰ মন প্ৰাণ
হৰি নিয়া নৈৰ্সগিক দৃশ্যত
তোমালৈ বৰকৈ মনত পৰে । । ।

Wednesday, 21 December 2016

সপোন(4)

মালা গোঠা চকুলোৰ মণিবোৰ
দেখোন
সৰি সৰি পৰিছে তোমাৰ কোলাত।
বৈ যোৱা আবেগৰ হুমুনিয়াহবোৰ
দেখোন
হাহি হাহি খেলিছে তোমাৰ ওঠত।
কি ৰঙ সানি জিলিকিছা তুমি
সপোনৰ দিকচৌ বাটত?
মিঠা আবেলিটোৱে গুণগুণাই যোৱা
তলসৰা শেৱালীৰ কোমল দলিচাৰ আৰত?
জানোচা সপোন আকিচা সোৱৰণিৰ
পাতত
নাজানো কিহৰ বাৰিষা মোৰ মনৰ
মাজত,
হাবিয়াস মাথো নিৰবে বোৱাৰ
সপোনৰ মালাগোঠা শেৱালী শীতল
বনত।

Thursday, 15 December 2016

মোৰ প্ৰেমৰ পৰশ

তোমাৰ হাঁহিত উটি যাব বিচাৰো
প্ৰশান্ত সাগৰলৈ পাৰ কৰিব বিচাৰো
শীতৰ সেমেকা ভৰা নিশাবোৰ
তোমাৰ উমাল বুকুৰ মাজত
মই উন্মাদ হৈ পৰিছো
তোমাৰ কোমল বুকুৰ উমাল পৰশ পাবলৈ
বাৰে বাৰে প্ৰেমত পৰো
মই তোমাৰ নীলা চকুযুৰিলে
যেন সাগৰ মুকুতাহে
তোমাৰ মেঘালী চুলিৰ ভাজে ভাজে
আঙুলি বুলাই কব মন গৈছে
তুমি কেৱল মোৰ কেৱল মোৰ
তোমাৰ বুকুৰ উমে উমাল কৰি দিয়া মোৰ বুকুখন
আৰু মাতাল হৈ পৰো
তুমি হাঁহিলেই চৰাইবোৰে গুণগুণাই
তুমি কথা কলে ফুলবোৰে খিলখিলাই
তুমি আহিলেই ফাগুনো উন্মনা হয়
শীতৰ নাঙঠ গছেও বসন্তৰ আৱৰণ পিন্ধিব খোজে
কিমান যে মৰম ভালপোৱা থৈছো সাঁচি তোমালৈ
বিচাৰি চোৱাচোন এবাৰ আকুল হৈ
মোৰ বুকুত উমান পাবা মৰমৰ গভীৰতা
মাত্ৰ এবাৰ বুকুত বুকু থৈ চোৱা
হেজাৰটা ৰণুৱা ঘোঁৰাই কঢ়িয়াই অনা
মৰমৰ উমান পাবা । । । । ।
  ✍✍✍ইলিয়াছ হাছান✍✍✍

Sunday, 6 November 2016

মোৰ জীৱন ডায়েৰিৰ এটি বেদনাময় পৃষ্ঠাত লাহে লাহে ধুলি জমা হব ধৰিছে

মৰমৰ প্ৰিয়তমা,
কুশলে আছানে তুমি? আজি আকৌ বহুদিনৰ মুৰত মেলি লৈছো মোৰ জীৱন ডায়েৰিৰ এটি বেদনাময় অধ্যায় । আমনি দিছোঁ বুলি নপঢ়া কৰি নাথাকিবা । 
              অনলাইন হৈয়েই সৰ্বপ্ৰথমৰ মেছেজটো তোমাকে দিয়ো। এক ঘণ্টা তোমাৰ সৈতে মেছেজ নকৰিলে মনৰ ভিতৰত এক দুখ অনুভৱ হয় । তোমাৰ মেছেজৰ ৰিপ্লাই পাবলৈ এক মিনিট দেৰি হলে, চকুত চকুপানীয়ে টলমল কৰে ।
কোনো এক অজ্ঞাত কাৰণত, এটা সময়ত তোমাৰ সতে মেছেজিং বন্ধ হৈ পৰে । এক ঘণ্টাৰ পিছত 10 ঘণ্টা, 10 ঘণ্টাৰ পিছত 24 ঘণ্টা , তাৰ পিছত এদিন, এক সপ্তাহ , এক মাহ, এনেকৈয়ে মাহৰ পিছত মাহ গৈ থাকে । লাহে লাহে তোমাৰ সেই বিশেষ আইডিৰ মেছেজ বিলাক মেছেজ বক্সৰ পিছৰ ফালে গৈ থাকে ।
কিন্তু মেছেজিং পিছলৈ গৈ থকাৰ পিছত তুমি কি মনৰ পৰা গুচি যোৱা ???
প্ৰতি মিনিটত, প্ৰতি ঘণ্টাত, প্ৰতি সপ্তাহত তোমালৈ মেছেজ পঠাবৰ বাবে ইনবক্সত বহু কথাই লিখা হয়, কিন্তু শেষ পৰ্যায়ত কোনো এক অজান কাৰণত মেছেজ বিলাক আৰু পঠিওৱা নহয় ।
   হঠাৎ কোনো এদিন ৰাতি যেতিয়া বুকুৰ বাওঁফালে প্ৰচণ্ড বিষ হয়, তেতিয়া এটা মেছেজ দি খুউব জানিবৰ ইচ্ছা হয়, তুমি কেনে আছা ইত্যাদি ইত্যাদি ।
কিন্তু পিছ ক্ষণতেই মনলৈ আহে , নাই থাকক, তুমিতো মোৰ অবিহনে ভালেই আছা ! তেনেহলে মই নোৱাৰিম কিয় ???
সময়ৰ পৰিবৰ্তনত ! সকলো বিলাক অতীত হৈ যাব ধৰিল । মন ডায়েৰিৰ পৃষ্ঠাত ধুলি জমা হব ধৰিছে । 
সময়ৰ পৰিবৰ্তনৰ সৈতে তুমি মোক পাহৰি যাব পাৰা কিন্তু মই নোৱাৰোঁ পাহৰিব । মনত পৰে তোমালৈ । ।
কোনো এক ৰিমঝিম বৃষ্টি সৰা দুপৰীয়া অথবা গধুলি বেলা অথবা কোনো এক জোৎস্নাময় ৰাতি মনত পৰে । অতীতত এৰি অহা স্মৃতি ,  তেতিয়া অকলে অকলেই খুলি পঢ়িবলৈ আৰম্ভ কৰো ধুলি পৰা মনৰ ডায়েৰিৰ পৃষ্ঠা ।
মনৰ অজানিতেই চকুৰ মাজত অশ্ৰু জমা হয় , টপটপকৈ চকুৱেদি অশ্ৰু নিগৰি থাকে । মোৰ এই অশ্ৰু কেতিয়াও কোনেও দেখা নাপায় , ৰিমঝিম বৃষ্টিৰ মাজত হেৰাই যায় অশ্ৰু বিলাক , গধুলি বেলা উৰি থকা ধুলিত বিলীন হৈ যায় অশ্ৰু বিলাক ,  জোৎস্নাময় ৰাতি শুই থকা গাৰুৰ এটা কোন ভিজি যায়  চকুৰ পৰা নিগৰি অহা সেই অশ্ৰুত । ।
যেতিয়া মই অশ্ৰু বিসৰ্জন কৰো তেতিয়া তুমি কি কৰা ???  তেতিয়া তুমি হয়তো -- ৰিমঝিম বৃষ্টি, বৃষ্টি সৰা গধুলিৰ বেলা, ৰক্তিম সূৰ্যৰ বৰ্ণনা, জোৎস্নাময় ৰাতি , জোনৰ সৌন্দৰ্যৰ কথা খুউব সুন্দৰকৈ বৰ্ণনা কৰি তোমাৰ নতুন কোনো সংগীক মেছেজ দিয়াত অথবা ফোনকল কৰাত ব্যস্ত থকা । ।
তোমাৰ হয়তো মনলৈও নাহে অশ্ৰু বিসৰ্জন কৰি থকা এই নষ্ট প্ৰেমিকজনলৈ । । ।
     এয়াই হল মোৰ জীৱন নামৰ ডায়েৰিৰ এটি বেদনাময় অধ্যায় । ।
        [ এইদৰেই উলটি থাকিব জীৱন ডায়েৰিৰ প্ৰতিটো পৃষ্ঠা, প্ৰতিটো অধ্যায় । সময় পৰিবৰ্তনত শেষ হৈ যাব ডায়েৰিৰ পৃষ্ঠা,   শেষ হৈ যাব ডায়েৰিৰ সকলো অধ্যায় ।  শেষ হোৱা ডায়েৰিত লাহে লাহে ধুলি জমা হব । হঠাৎ এদিন এই ডায়েৰিৰ অস্তিত্ব বিলীন হৈ যাব । । । ]
    ☞☞সদৌ শেষত তোমাৰ নষ্ট প্ৰেমিক☜☜
✍✍✍ইলিয়াছ হাছান✍✍✍

Saturday, 22 October 2016

কবিতা

Ilias hasan

Iliasilias ilias

(1)

মৰমৰ প্ৰিয়তমা
তুমি চাগে নুবুজিবা
এয়া কিহৰ বেদনা
তথাপি উজাৰি দিছোঁ
মোৰ এই হিয়াৰ অপূৰ্ণ আশা । । ।

(2)
দুগালত দুধাৰি চকুলোৰ নৈ বৈছে
মৰম ভালপোৱাৰ নাওখনি উটি ভাহি গৈছে
বিচাৰি পোৱা নাই সেই ঘাটটি
যত ৰৈ আছে পদুম ফুলটি । । ।

(3)
এপাহ গোলাপ ফুল হৈ ফুলিছিলা তুমি
মোৰ কাষতে আহি
হয়তো যত্নহে লব পৰা নাছিলো
সময়মতে পানীও দিব পৰা নাছিলো
সেয়েহে মৰহি গল আজি
সেই ৰঙা গোলাপৰ পাহি । । ।

✍✍✍ইলিয়াছ হাছান✍✍✍

Sunday, 16 October 2016

জটুৱা খণ্ড বাক্যৰে বাক্য ৰচনা

-জটুৱা খণ্ড-বাক্যৰে বাক্য ৰচনা-- ১)পেটকুলি: গাৰ্লফ্ৰেণ্ডৰ প্ৰফাইল ফটোৰ তলত পেটকুলি এক্স-বয়ফ্ৰেণ্ডৰ ‘লুকিং প্ৰিটি’ কমেন্টটো দেখি গোবিনে ফেচবুকত চাট আপচনটো ডিএকটিভেট কৰি থ’লে৷ ২)গাই বা চা:মহেন্দ্ৰই ইমান গাই বাই চালে,তথাপিতো নিষ্ঠুৰ ছোৱালীজনীয়ে তাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট গ্ৰহণ নকৰিলে৷ ৩)ডলাৰ বগৰী:দিনৰ দিনটো ললিতাই ডলাৰ বগৰীৰ দৰে ঘূৰি ফুৰাৰ স্বত্বেও পাঁচটকীয়া ইন্টাৰনেট কাৰ্ড এখন বিচাৰি নাপালে৷ ৪)মাটিৰ মানুহ:গজেন সঁচাকৈয়ে মাটিৰ মানুহ,নতুন গাৰ্লফ্ৰেণ্ডে ফেচবুকৰ পাছৱৰ্ডটো খোজাৰ আগতেই সি তাইক সকলোবোৰ কৈ দিলে৷ ৫)পানীত হাঁহ নচৰা: বাৰঘণ্টাৰ ভিতৰতে বিশজনী বান্ধৱী মোহনৰ ফ্ৰেণ্ডলিষ্টৰ পৰা ওলাই যোৱাত তাৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈ পৰিল৷ ৬)হাত লৰ: ৰাজেনৰ দৰে হাতলৰ মানুহৰ পৰা সদায় আঁতৰত থাকিবা দেই,সি বেলেগৰ ধুনীয়া প’ষ্টবোৰত খুব নজৰ মাৰি ফুৰে৷ ৭)হাত দীঘল: হাতদীঘল এঞ্জেলিনাই ‘hmmm’বুলি আপডেট দিওতেই দুশটা লাইক আৰু চৌষষ্ঠিটা কমেন্ট পালে৷ ৮)ন দি ক: শেৱালিয়ে প্ৰফাইলত লগোৱা ফটোখন তাইৰ নিজৰ নহয়,এই কথা মই ন দি ক’ব পাৰো ৷ ৯)পৰশ্ৰীকাতৰ: তই যে ইমান পৰশ্ৰীকাতৰ হ’বি সেই কথা মই সপোনতো ভবা নাছিলো৷দুজনী ছোৱালীয়ে মোৰ প’ষ্টত লাইক কৰাৰ কাৰণেই তই মোকনো আনফ্ৰেণ্ড কৰিব লাগেনে হেৰৌ?? ১০)কাণসাৰ:কাইলৈৰ পৰা ছেমিষ্টাৰ পৰীক্ষা,তোৰ দেখোন একো কাণসাৰেই নাই!!! কিমাননো আৰু ফেচবুকত বহি থাক? ১১)হাড়ক মাটি কৰ-(কঠোৰ শ্ৰম কৰ)- হাড়ক মাটি কৰি গৌৰৱে কমদিনৰ ভিতৰতে ফে’চবুকত যশস্যা-খ্যাতি গোটাই তেওঁৰ পৰিবাৰৰ লগতে পৰিয়ালকো গৌৰৱান্বিত কৰিছে৷ ১২)কাঠ-চিতীয়া(নিষ্ঠুৰ,নিৰ্দ্দয়)- তোৰ দৰে কাঠ-চিতীয়া মানুহ জগতত নোলাব অ’ হিমন্ত৷ হেৰৌ, দিনৰ দিনডাল কমপিউটাৰটোৰ সমুখত ভূত বহাদি বহি থাকিলি,তথাপি বেচেৰা তৰুণৰ ফটোখনত লাইক এটা নামাৰিলি৷ ১৩)বুকু ডাঠ (সাহসী)-ৰাকেশে ক’ৰবাৰ পৰা চুৰ কৰি অনা কবিতাটোৰ তলত তীব্ৰ গৰিহণা আৰু ধিক্কাৰ দি বুকু ডাঠ অখিলে ফে’চবুক কঁপাই তুলিলে৷ ১৪)মুখৰ ভাত কাউৰীয়ে নিয়া (অতি অকৰ্মণ্য)-হেৰৌ,চন্দনৰ দৰে মুখৰ ভাত কাউৰীয়ে নিয়াএটাৰ গ্ৰুপতনো কোন মানুহ সোমাব ! ১৫)গা নচুৱাই ফুৰ (ধেমালি কৰি ফুৰ)- দাঁত সৰিল,চুলি পকিল; পিছে গা নচুৱাই ফে’চবুকত ওৰে দিনটো টিঘিল ঘিলাই ফুৰা গৌতমৰ কৌটিকলীয়া সেই স্বভাৱটোৰহে পৰিৱৰ্তন নহ’ল৷ ১৬)ভৰি দাং(গা দাং,যাবলৈ ওলা)- হেৰৌ ৰকি,বেলি গৈ পশ্চিমত লুকাল দেখিছনে নাই ! সোনকালে ভৰি দঙাৰহে কথা এতিয়া৷ ৰাতিলৈ গাঁৱত পহৰা দিব নালাগিব জানো ! ১৭)মূৰে কপালে হাত দে (বিমোৰত পৰ,বৰ বেজাৰ পা)- হোৱাটছ্ আপত ফটোখন আপলোড কৰিবলৈ গৈ শৰতে মূৰে কপালে হাত দিলে৷ ফটোশ্বপত অলপ আগতে এডিট কৰি থোৱা ফটোখন এতিয়া দেখোন ম’বাইলত নাই৷ ১৮)পেট ভাটৌ (পেটত কথা ৰাখি থোৱা মানুহ)- ‘ফিলিং হেপি’ ষ্টেটাছটো দেখি প্ৰদ্যুতক কিনো কথা ,কিনো বতৰা আদি সুধিছিলোঁ যদিও পেট ভাটৌটোৱে মুখেৰে এষাৰ মাত নিদিলে৷

Sunday, 18 September 2016

এবাৰ কোৱা মাথোঁ ভালপাওঁ বুলি

☞❤☞যেতিয়া তোমাৰ মেঘালি চুলিৰ পৰা
ওলাই আহে গধুলিৰ শেৱালিৰ গন্ধ
কবিতা কবিতা লগা মোৰ হৃদয়খন
বৰকৈ উঠা নমা কৰে ।
তেতিয়া মোৰ হৃদয়ৰ উকা কাগজত
সৃষ্টি হয় এটি কবিতা তোমালৈ ।
প্ৰেমৰ কবিতা !!!
এবাৰ কোৱা মাথোঁ ভালপাওঁ বুলি
তোমাৰ নামত দি থৈ যাম
মোৰ হৃদয়ৰ সমস্ত মৰম ভালপোৱা
এবাৰ কোৱা মাথোঁ ভালপাওঁ বুলি
ভগাই লম তোমাৰ সতে মোৰ সুখ-দুখ
উদযাপন কৰিম দুয়ো মিলি একেলগে জীৱনক
এবাৰ মিচকল দিয়া মাথোঁ
হেজাৰবাৰ ডায়েল কৰিম তোমাৰ নাম্বাৰত । ।
✍✍✍ইলিয়াছ হাছান✍✍✍

Friday, 16 September 2016

মোৰ ডায়েৰিৰ এখিলা পাতত সপোনৰ অপেক্ষা

☞☞☞ কঁপি  কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি ।
  নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । কিন্তু যেতিয়া মনে সজা সপোনবোৰ ভাঙি যায় তেতিয়া ! তেতিয়া জীৱন হৈ পৰে এক অপাত্ৰক আৰু মৰণ হৈ পৰে শেষ পৰিণতি । কিন্তু কোনোৱে এইটো নিবিচাৰে । কিছুমান পৰিস্থিতিয়েহে বাধ্য কৰে । বৰ্তমান মইও এক অপাত্ৰক হৈ পৰিছো । মাথোঁ হৃদয়ত লিখা আছে দুখ বেদনাৰ হিয়াভৰা গান । কোৱা হয় যেতিয়া সপোনবোৰ ওচৰত থাকে তেতিয়া একো বুজিব নোৱাৰি বা উপলব্ধি কৰিব নোৱাৰি । কিন্তু যেতিয়া আতৰি যায় তেতিয়াহে উপলব্ধি  কৰা হয় আৰু নিজৰ ভুল বুজি পোৱা যায় । কিন্তু হেৰুৱা সপোনবোৰতো আৰু ঘুৰাই পোৱা টান । এতিয়া মাথোঁ বিষাদৰ স্মৃতি আৰু চকুলোবোৰ একমাত্ৰ সংগী হৈ পৰিছে । আৰু আশা, আশা হৈয়ে ৰৈ আছে । জীৱন যাত্ৰাপথত  আগুৱাই যাবলৈ সাহ নোহোৱা হৈ গৈছে । অসান্তিয়ে আৱৰি ধৰিছে, এনে লাগে যেন প্ৰকাণ্ড পাহাৰ এখন মূৰৰ ওপৰত জাপি দিছে, এনে ভাৱ হয় যেন মৰি যাওঁ কিন্তু মৰিবও তো নোৱাৰো । আৰু নতুনকৈ সপোন ৰচিবও নোৱাৰো, ভয় লাগে যদি ভঙা হৃদয়ত আকৌ সপোনবোৰ মৰহি যায়, কি থাকিব তেতিয়া হৃদয়ত জ্বলি পুৰি চাই হৈ যাব । সেয়েহে এটি আশা এবুকু মৰমৰ অপেক্ষাত আজি ৰৈ আছোঁ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । 
  ✍✍✍ইলিয়াছ হাছান✍✍✍

Thursday, 15 September 2016

নষ্ট প্ৰেমিকৰ ভাষাত

সিদিনা মই বিচাৰিছিলো
নিস্তব্ধতা,কেৱল নিস্তব্ধতা, ফুটপাথৰ
কোলাহলৰ মাজত মই বিচাৰিছিলোঁ
নিস্তব্ধতা ৷ মোৰ ভাড়াঘৰৰ ভিতৰত
বিছাৰিছিলোঁ মৌনতাৰ মাজত
কোলাহল ৷ যেন হেজাৰটা
জেনেৰেটৰৰ ঘৰ্ ঘৰ্ শব্দই মোক তাল-
অাফাল কৰি পেলাই ৷ এনে লাগিছিল
বৰষুণবোৰ হেৰাই যাওক মোৰ চোতালৰ
পৰা ৷ নিশাবোৰ মাতাল হওঁক মোৰ
বাবে, জোনাকী পৰুৱাবোৰ যাতে
দুনাই নাহে মোৰ প্ৰিয় নদীৰ পাৰলৈ ৷
কেতিয়াবা এনে লাগিছিল নদীৰ
বুকুতেই হেৰাই যোৱা কবিতাবোৰ
বিচাৰি চলাথ কৰিম ৷ কিন্তু
সকলোবোৰে মোক ভেঙুচালি কৰিব
ধৰিলে ৷ অৱশেষত মই নিস্তব্ধতাক
সংগী কৰি লৈ বেলেগ এটা জীৱনলৈ
ঢাপলি মেলিলোঁ ৷ মই জানোঁ নাপাই
হেৰুৱাতকৈ পাই হেৰুৱাৰ যন্ত্ৰনা
অথবা সৰাপাত বুটলি এআকাশ ঠিকনা
বিচাৰি ৰৈ থকাৰ বেদনা ৷ প্ৰেমত
সৰ্বোচ্চ উজাৰি দিয়াৰ পাছত সকলো
হেৰুৱাই কোঙা হৈও অৱশেষত জীৱনৰ
ৰঙবোৰ ঘুৰাই পোৱাৰ মাদকতা কি মই
বুজোঁ ৷ মই বুজি পাঁও সচাঁকৈ
ভালপোৱাবোৰ হেৰোৱাৰ পাছত অহা
ছুনামিজাকৰ কথা আৰু বুজোঁ দিক্
হেৰুৱা পখীৰ আৰ্তনাদৰ বিভীষিকাৰ
বেথা ৷ সুখ-দুখ,হাঁহি-কান্দোন,মান-
অভিমানৰ মাজত জীৱনে যেতিয়া
পূৰ্ণতা পায় জীৱনটো ৰঙীন হ'ব ধৰে ৷
ৰঙীন পানীয়ত নোপোৱা সোৱাদ
যেতিয়া মোহনীয় হয়, বুজিব বিজয়
আপোনাৰেই ৷

Wednesday, 7 September 2016

প্ৰেমত ব্যৰ্থ সকললৈ

যি সকলে প্ৰেমত ব্যাৰ্থ হৈছে সেই
সকলক মই কব বিচাৰিছো যে ....প্ৰেমত
ব্যাৰ্থ মানেই জিৱনতো ধ্বংস নহয়,
কিয়নো....যি সকলে হিদয় হেৰুৱাইছে
তেওঁলোকেই কিবা এতা
পাইছে....তেওঁলোকে একো পোৱা
নাই যি সকল সদায় বিচাৰাতোকে
পাই.... দুখ আছে বাবে জিৱনতো সুখময়,
পৰাজয় আছে বাবেই জিৱনতো
অৰ্থময়....তেওঁল োকে আটাইতকৈ
বিফল মানুহ, যি সকল সদায় সফল. যি
সকল প্ৰেমত পৰা নাই তেওঁলোক
দুৰ্ভগীয়া. তেওঁলোক যি সকল প্ৰেমত
পৰি ব্যাৰ্থ হৱা নাই, যি সকল
যন্ত্ৰনাত উজাগৰে ৰাতি কতোৱা
নাই, যি সকলে জীৱনত এবাৰো
বিশ্বাস হেৰুৱা নাই, যি সকল দুখৰ
বোজা কাৰ্হিয়াই থাকিও হাহি
হাহি কোৱা, হয় মই ভালেই,
তেওলোকলৈ মোৰ ফালৰ পৰা
সমাবেদনা গিয়াপন কৰিছো কাৰন
তেওঁলোক সচাকৈ বৰ দুৰ্ভগীয়া....
প্ৰেমত পৰি ব্যাৰ্থ হোৱাতো জিৱনৰ
কাৰনে এতা ভাল স্মুতিৰ দিন, কাৰন
যি দিনাৰ পৰাই প্ৰেমত ব্যাথো
হোৱা যায় সেই দিনৰ পৰাই এক নতুন
জীৱন আৰম্ভ কৰা যায়.....শেষত মই
এইতো কব বিছাৰিছো
যে....বিফলতাই হৈছে সফলতাৰ মুল
চাবিকাথি......!!!!!!

Monday, 22 August 2016

প্ৰিয়তমা তোমালৈ

প্ৰিয়তমা
তোমাৰ নামেৰেই উন্মাদ
উমাল মোৰ হৃদয়ৰ মৰম ল’বা ৷
তোমাক দেখাৰে পৰা কি যে
হ’ল- এই লঠঙা শীততো মোৰ হৃদয়ত
পাহ মেলিছে কুমলীয়া
কুঁহিপাত ৷ দেহমন পিৰপিৰাই,
ৰাইজাই কৰি অহৰহ মোক চুই
গৈছে এজাক ফিৰফিৰীয়া
বতাহ ৷ ফিৰফিৰীয়া
বতাহজাকৰ পৰশত এক বুজাব
নোৱাৰা অজান কাৰণত আজি
মই অস্থিৰ-অশান্ত ৷ তোমাৰ
ভাৱনাই মোৰ দুচকুৰ নিদ্ৰা হৰণ
কৰি বহলাইছে মোৰ কল্পনা আৰু
সপোনৰ পৰিসৰ ৷ আহত গছ
শিপোৱা দি মোৰ হৃদয়ত
শিপাইছে প্ৰেমৰ এক অনাবিল
অনুভৱ ৷ প্ৰতিপল, প্ৰতিক্ষণ আজি
শিহৰিত মোৰ যৌৱন ৷ কবিয়ে
লিখাৰ দৰে, গায়কে গোৱাৰ
দৰে আকাশে বতাহে কেৱল
তোমাকেই দেখিছো ৷ যৌৱন-
যমুনাৰ পাৰৰ শুভ্ৰ কঁহুৱাবোৰেও
যেন আজি হালি-জালি
গাইছে তোমাৰ-মোৰ
নামেৰেই ব’হাগী বিহু গীত ৷
তোমাৰ নামেৰেই তলপাৰ মোৰ
হৃদয়ৰ দুয়োটি পাৰ ৷ তোমাতেই
যেন বিচাৰি পাম মোৰ জীৱনৰ
মৌ-জোলোঙা ৷
আজি মোৰ হৃদয় হাহাকাৰ
বিচাৰি তোমাৰ হৃদয়ৰ উমাল
উষ্মতা ৷ মোৰ হৃদয়ৰ এই প্ৰেমৰ
বলীয়া বানেৰে যেন বুৰাই
দিম তোমাক ৷ তোমাতেই
হেৰাই যাব খুজিছোঁ,
তোমাতেই নি:শেষ হ’ব
খুজিছো যদিহে দিয়া সুযোগকণ
৷ তোমাৰ নামেৰেই ভৰুণ মোৰ
হৃদয় ৷ তোমাৰ প্ৰেমহীনতাত
মোৰ হৃদয়ত বাজিব জীৱন বীণাৰ
কৰুণ সুৰ ৷

Tuesday, 16 August 2016

প্ৰিয়তমালৈ

মৰমৰ
প্ৰিয়তমা
আজি অলপ সোনকালে শুইছিলো।চিলি
মিলিকৈ টোপনি আহিছিল।এনেতে
কেতেকী চৰাই এজনিৰ কৰুণ আর্তনাদত
সাৰ পাই উঠিলো।চকুলৈ আৰু টোপনি
নাহিল।বিছনাৰ পৰা উঠি
আহিলো,তোমালৈকে দুএষাৰ
লিখো বুলি। তোমালৈ লিখা
অভ্যাসটো
মোৰ গধুৰ মন পাতল কৰাৰ অভিনৱ ঔষধ।মনৰ
পুঞ্জীভূত অনুভূতি বোৰ প্রকাশ কৰি
পাতল পাতল লাগে।সেয়েহে
তোমালৈ দু-এষাৰ
লিখিবলৈ বহিছো। প্ৰিয়তমা এই
গভীৰ নিশা অনেক স্মৃতি মনলৈ
আহিছে।বাহিৰত ছাগৈ শেতা
জোনটোক হিমচেঁচা কুঁৱলীয়ে ঢাকি
ধৰিছে।মোৰ চকুৰ পতাত এতিয়াও
টোপনিৰ পৰশ নাই।মাথোন মনলৈ
আহিছে প্রথম যৌৱনৰ সোণসনা স্মৃতি।
তেতিয়া মোৰ জীৱনত প্রথম বসন্তৰ
শিহৰণ লাগিছিল।অন্তৰত আশাই সাৰ
পাই উঠিছিল।ভাষাই
কুৰুলিয়াইছিল,মৰমবোৰ উতলি উঠিছিল।
পৃথিবীখনএকেবাৰে নতুন দেখিছিলো।
বহল পৃথিবীখন নিমজ,বাটবোৰ
পোন,জীৱনৰ গতি সহজ যেন লাগিছিল।
ল'ৰালি কালৰ কোমল অন্তৰখন উদং উদং
লাগিছিল।তাৰ পিছত উতলা হিয়াৰ
উপচি পৰামৰম বোৰ বাকি দিবলৈ
মনটো চঞ্চল হৈ উঠিছিল।এষাৰ মাত
এটা হাঁহি,এটা চাৱনি,এবুকু মৰম
বিচাৰি মনটোৱে উচপিচাইছিল।
মাজনিশা সাৰ পাই শুনা কেতেকীৰ
মাতত মই বিচাৰি পাইছিলো
হিয়াৰআহ্বান-প্রানৰ সহাৰি।মোৰ
বাবে মৰণ আছিল অলিক কল্পনা,বেদনা
আছিল সহজ কবিতা।কিন্তু সময়ৰ সোঁত বৈ
গ'ল।আজি মোৰ কোমল মনটোৱে হেজাৰ
ধুমুহা সহিব পৰা হৈ পৰিছে। বহুত কথাই
লিখিছো।আচল কথাটো এতিয়াও
কবপৰা নাই।তোমাৰ পৰা কিবা সহাৰি
পাম বুলি বাট চাই আছিলো।কিন্ত
ক'তা আজিও নাপালো ।মোৰ ভুলো হব
পাৰে।ৰহস্যঘন প্রণয়ৰ পাশত পৰা মানুহে
সকলো কথাকে নিজলৈ পোনাই
বিচাৰ কৰে;মোৰ ভূল হোৱা নাইতো?
তোমাৰ চাৱনি,ফুটোঁ ফুটোঁ কৰা ওঠৰ
পাহিৰ অব্যক্ত ভাষাই মোক মাথোন
এইটোকে বিশ্বাস কৰিবলৈ
শিকাইছিল যে তোমাৰ এখন অন্তৰ
আছে,এমুঠি আশা আছে,এবুকু ভাষা
আছে।তুমিও এখন অন্তৰ বিচাৰিছা।
কিন্তুআজিও সহাৰি নাপালো। মৰম
লবা।
আকৌ তোমালৈ বাট চাই ৰ'লো।
তোমাৰ মৰমৰ
ইলিয়াছ হাছান

"Depression"

"Depression"
আজিৰ সময়ত মানুহৰ ব্যস্ত
জীৱনযাত্ৰাত
প্ৰায়ে শুনিবলৈ পোৱা এটা শব্দ
হ’ল
‘ডিপ্ৰেছন’। ‘ডিপ্ৰেছন’ৰ অসমীয়া
প্ৰতিশব্দ
হিছাপে বিষাদগ্ৰস্থতা, বিষন্নতা
আদি বিভিন্ন সময়ত ব্যৱহাৰ হৈ
আহিছে
যদিও মই ‘ডিপ্ৰেছন’ৰ প্ৰতিশব্দ
হিছাপে
‘গভীৰ দুখানুভূতি’ শব্দটো ব্যৱহাৰ
কৰিব
বিচাৰিছোঁ। সাধাৰণতে দেখা
যায়
যে মানুহে
বাহ্যিক জগতৰ কোনো ব্যক্তি বা
অৱস্থাক নিজৰ সুখানুভূতিৰ কাৰক
হিছাপে গণ্য কৰে। এজন ছাত্ৰৰ
বাবে
পৰীক্ষাত প্ৰথম হোৱাটো, এজন যুৱকৰ
বাবে এগৰাকী যুৱতীৰ প্ৰেম লাভ
কৰাটো, এজন লেখকৰ কাৰণে এখন
গ্ৰন্থ
সম্পূৰ্ণ কৰাটো, এজন চাকৰিয়ালৰ
বাবে
পদোন্নতি লাভ কৰাটো বা
এগৰাকী
নাৰীৰ বাবে সন্তান লাভ কৰাটো
পৰম
সুখানুভূতিৰ কাৰণ হ’ব পাৰে।
প্ৰায়বোৰ
ক্ষেত্ৰতে মানুহৰ মনত কিবা নহয়
কিবা
এক প্ৰাপ্তিৰ বাসনাৰ লগত
সুখানুভূতি
জড়িত হৈ থকা দেখা যায়। সেয়ে
সেই
প্ৰাপ্তিৰ বাসনা কিবা কাৰণত
নিৰ্বাপিত হ’লে অপ্ৰাপ্তিৰ
বেদনা
জাগে। এই অপ্ৰাপ্তিৰ বেদনা বা
আশা
ভংগৰ যাতনাই মানুহৰ দুখানুভূতিৰ
সৃষ্টি
কৰে। প্ৰায় প্ৰতিজন মানুহে নিজৰ
পাৰিবাৰিক বা সামাজিক
জীৱনতো
নিজৰ বাবে সুখানুভূতিৰ সংজ্ঞা
নিৰূপন কৰি লয়। প্ৰত্যেকৰে
সুখানুভূতিৰ
পূৰ্ব চৰ্ত হিছাপে কিছুমান অপূৰ্ণ
আশা
আকাংক্ষা থাকে। এই আশা
আকাংক্ষাবোৰ পূৰণ নহ’লে মানুহৰ
দুখানুভূতি জাগি উঠে। প্ৰতিজন
মানুহৰ
জীৱনতে আশা ভংগ আৰু
অপ্ৰাপ্তিৰ বেদনাই সময়ে সময়ে
দুখানুভূতিৰ সৃষ্টি কৰাটো
স্বাভাৱিক।
পিছে এনে দুখানুভূতি সঘনে হ’বলৈ
ধৰিলে মানুহ এজনৰ মানসিক ভাৱে
কিছুমান পৰিৱৰ্তন আহিবলৈ ধৰে।
লাহে লাহে তেওঁ দুখানুভূতিত
অভ্যস্ত
হ’বলৈ ধৰে আৰু দুখানুভূতিকে এক
স্বাভাৱিক জীৱন যাপনৰ প্ৰক্ৰিয়া
হিছাপে গ্ৰহণ কৰি লয়। এনে
অৱস্থালৈ
যোৱা মানুহে বাহ্যিক কোনো
আনন্দ
দিব পৰা কাৰকৰ পৰাও সুখানুভূতি
আহৰন
কৰিব নোৱাৰা হয়। উদাহৰণ স্বৰূপে
কোনো সামাজিক আনন্দ, উত্সৱৰ
অনুস্থানত তেওঁলোকে অংশগ্ৰহণ
কৰিবলৈ ইচ্ছা নকৰা হয়, কোনো
কথাতে ৰস নোপোৱা হয়, বন্ধু বান্ধৱৰ
পৰা আতৰি থাকে, নিজৰ শুভ চিন্তক
সকলকো কেতিয়াবা শত্ৰু জ্ঞান
কৰিবলৈ লয়। স্বাভাৱিক দৈনন্দিন
কাম
কাজৰ প্ৰতিও তেওঁলোকৰ চৰম
অনীহা
আৰম্ভ হয়। টেলিভিচনৰ আগত অন্যমনস্ক
ভাৱে বহি সময় পাৰ কৰিবলৈ লয়,
খোৱা বোৱা আৰু টোপনি
অনিয়মীয়া
হয়, কথা বতৰাত উদাসীন হৈ পৰে।
এনে
অৱস্থাকে ‘গভীৰ দুখানুভূতি’ বা
‘ডিপ্ৰেছন’ বুলি ক’ব পৰা যায়।

Thursday, 11 August 2016

আধুনিক জীৱনত প্ৰতিজন ব্যক্তিৰে অন্যতম সংগী যেন হৈ পৰিছে – টেনছন।

আধুনিক জীৱনত প্ৰতিজন ব্যক্তিৰে
অন্যতম সংগী যেন হৈ পৰিছে – টেনছন।
বিভিন্ন কাৰণত সৃষ্টি হোৱা এই টেনছন
বা উদ্বেগ অৱশ্যে নিজে কোনো
ভয়ানক ব্যাধি বা অসুখ নহয়। টেনছন
আধুনিক জীৱন-যাপনৰ অন্যতম অংশস্বৰূপ।
এনে মানুহ হয়তো নোলাব, যিয়ে
কেতিয়াও টেনছনৰ চিকাৰ হোৱা
নাই। অৱশ্যে, জীৱনৰ প্ৰতিটো ক্ষণতেই
যে টেনছনৰ চিকাৰ হ’বলগীয়া, হয় সেই
কথাও সত্য নহয়। এই ক্ষেত্ৰত
মনোবিজ্ঞানীসকলে সৰু-সুৰা টেনছনত
ভোগাটো ভালৰ লক্ষণ বুলিহে ক’ব
খোজে। ই হেনো কৰ্মসংস্থাপনৰ লগতে
কৰ্মদক্ষতাও বৃদ্ধি কৰে। উদাহৰণস্বৰূপে
আমি পৰীক্ষাৰ কাৰণে সৃষ্টি হোৱা
টেনছনৰ কথাকে ক’ব পাৰোঁ। এই ধৰণৰ
টেনছনে ছাত্ৰ এজনক অধ্যয়নৰ প্ৰতি
অধিক মনোযোগীহে কৰি তোলে।
ফলস্বৰূপে ছাত্ৰজনৰ ফলাফল আশানুৰূপ
হোৱাত সহায় কৰে। কিন্তু মাত্ৰাধিক
টেনছনে মানুহক গোপন ব্যাধিৰ দৰে
খুলি খুলি খায়। কিয়নো টেনছনৰ পৰাই
সৃষ্টি হয় গভীৰ মানসিক উদ্বেগ তথা
হতাশা। দীৰ্ঘদিন ধৰি কোনো কঠিন
মানসিক চাপত থাকিলেই এই ধৰণৰ
হতাশাৰ সৃষ্টি হয়। অৱশ্যে হতাশাৰ
অন্যতম কাৰক টেনছনৰ কাৰণ ভালদৰে
জানিব পৰা নাযায়। উদ্বেগ বা টেনছনৰ
ফলত জীৱনত নানা অনাহুত পৰিস্থিতিৰ
সৃষ্টি হয়। কেৱল সিমানেই নহয়, টেনছনৰ
বাবেই নানা শাৰীৰিক উপসৰ্গৰো
সৃষ্টি হয়। অহেতুক ভয় খোৱা, দেহৰ পেশী
টানি ধৰা, বুকুৰ ধপ্ধপনি বাঢ়ি যোৱা,
মূৰৰ বিষ, সঘনে ঘামি থকা, ডিঙি শুকাই
থকা, সেপ গিলোঁতে অসুবিধাৰ সৃষ্টি
হোৱা, মুখমণ্ডল ৰঙা পৰি যোৱা
ইত্যাদিবোৰ মানসিক উদ্বেগৰ
কাৰণজনিত লক্ষণৰ ভিতৰত পৰে। কেৱল
সিমানেই নহয়, মূৰ ঘূৰণি, বুকু ধপ্ধপাই থকা,
উশাহ চুটি চুটি হোৱা, স্বাভাৱিক
শ্বাস-প্ৰশ্বাস ব্যাহত হোৱা, সঘনে
পেটৰ অসুখত ভোগা, সঘনে প্ৰস্ৰাৱ
হোৱা, অৱসাদ, খিংখিঙীয়া হোৱা,
টোপনি নোহোৱা, পাহৰি যোৱা,
মন:সংযোগত ব্যাঘাত ঘটা আদিবোৰ হ’ল
টেনছনৰ সাধাৰন উপসৰ্গ।

Monday, 8 August 2016

বন্ধুত্ব বিষয়ে

ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি সেউজীয়া। বন্ধুত্ব হয়তো এনেকুৱাই— য’ত গঢ়ি উঠে এখন বুকুৰ পৰা আন এখন বুকুলৈ এক অদৃশ্য সাঁকো। যাৰ বাবেই হয়তো প্ৰতিটো মুহূৰ্ততে আমি ভগাই ল’ব পাৰো ইজনে-সিজনৰ মনৰ খবৰ। সেয়া লাগিলে সুখৰেই হওক অথবা দুখৰ। বন্ধুত্ব হৈছে পৃথিৱীৰ পৱিত্ৰতম সম্পৰ্ক। যাৰ উমাল পৰশত আপুনি, মই আৰু সকলোৱেই জী উঠো নতুনকৈ। বিচাৰি পাওঁ জীৱনৰ অপৰূপ সৌন্দৰ্য্য। বন্ধুত্বৰ নিঃস্বাৰ্থ ভালপোৱাত লুকাই থাকে অকৃত্ৰিম প্ৰেম আৰু এই প্ৰেমৰ ৰাগীত মতলীয়া হৈ উদযাপন কৰো জীৱন। যাৰ ইচ্ছাৰ আঙুলিত ধৰি হেঁপাহ পলুৱাই তিতিব পাৰো শাওণৰ এজাক বৰষুণত। প্ৰাণ ভৰাই গাব পাৰো জীৱনৰ এটা গান। হাতত হাত থৈ দৃঢ়তাৰে ক’ব পাৰো— আমি একেখন নাৱৰেই সহযাত্ৰী। ‘‘True friends are like diamonds precious and rare. False friends are like leaves found everywhere.’’— জীৱনত আমি বহু বন্ধুৰ সঁহাৰি পাওঁ। তাৰে কিছুমান সময়ৰ সোঁতত হেৰাই যায় আৰু কিছুমান চিৰদিনলৈ ৰৈ যায় বুকুৰ নিভৃততম কোণত চিৰযুগমীয়া হৈ। এচাম বন্ধুৱে আপোনাক পদে পদে শিকাই যায় জীৱনৰ আদিপাঠ, দি যায় একোটা পোহৰৰ বাট। সেই বন্ধুৱেই আপোনাৰ, আমাৰ প্ৰকৃত তথা আদৰ্শ বন্ধু; যিজনক আমি কোনো পৰিস্থিতিতেই হেৰুৱাবলৈ নিবিচাৰো। কিন্তু আন এচাম বন্ধুৱে কেৱল নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে বন্ধুত্বৰ দৰে সহজ- সৰল সম্পৰ্ক গঢ়ি তোলে আৰু নিজৰ উদ্দেশ্য পূৰণ হোৱাৰ লগে লগেই সকলোৰে কাষৰ পৰা নিৰলে আঁতৰি যায়। এনেধৰণৰ বন্ধুৰ বাবেই বন্ধুত্বৰ দৰে পৱিত্ৰ সম্পৰ্কত ফাট মেলিব ধৰিছে। সেয়েহে বন্ধু নিৰ্বাচনৰ ক্ষেত্ৰত আমি সাৱধান হোৱা উচিত। বৰ্তমান সময়ত গঢ় লৈ উঠা জনপ্ৰিয় ছচিয়েল নেটৱৰ্কিং ছাইটসমূহত বন্ধুত্বৰ নামত প্ৰায়েই ইজনে- সিজনক উদ্দেশ্য কৰি বিভিন্নধৰণৰ কটূ মন্তব্য সকলোৱে দেখাকৈ উপস্থাপন কৰে। এনেদৰেই প্ৰতিশোধমূলক মানসিকতাৰ সৃষ্টি হৈ সমাজত বিভিন্ন ধৰণৰ অনৈতিক ঘটনাও ঘটিব ধৰিছে। বন্ধুত্বৰ কোনো নিৰ্দিষ্ট পৰিসৰ নাই। ইয়াত কোনো বয়স, উচ্চ-নীচ, জাতি-ধৰ্ম আৰু ভেদা-ভেদৰ পাৰ্থক্য নাই। বন্ধুত্ব শব্দটো অন্তৰৰ পৰা গঢ় লৈ উঠা এক সম্পৰ্ক। এই সম্পৰ্কত থাকে স্বৰ্গীয় অনুভূতি। য’ত সকলোৱেই সমান, সকলোৱেই সুখী আৰু সকলোৰে মনবোৰ প্ৰফুল্লিত। বন্ধুত্বৰ অংশীদাৰ হ’ব পৰাসকলৰ বুকুৱে বুকুৱে বিয়পি থাকে খৰিকাজাইৰ সুগন্ধ।

Friday, 5 August 2016

বিষাদ

বিষাদৰ সুৰ শুনি
আজি কান্দি উঠিছে
নিসংগতাই।
প্ৰেমৰ পৰিণতি বিচ্ছেদ দেখি
লগ দিছে মোক প্ৰতাৰণাই।
নিদ্ৰাহীনতাত ভুগা দুচকুৰ পৰা
উদ্গীৰিত সেই আগ্নেয়গিৰিৰ
মাজত
কি দৰে বিচাৰি পাবা
নষ্টালজিয়াৰ সেই ক্ষুদ্ৰ পঁজা?
মকৰাৰ জালবোৰ ভালদৰে আতৰাই
চোৱা
দেখিবা আধৰুৱা এক অবুজ
মায়াজাল
আৰু জৰাজীৰ্ণ এক প্ৰেমৰ চন্দ্ৰমা।
মায়াৱী দুচকুৰে কেতিয়াবা
এটোপাল চকুলো নিগৰাই চোৱা,
হয়তো ছিগিব পাৰে তোমাৰ
অহ্ংকাৰী শিকলি।
স্মৃতিৰ পাত এবাৰ লুতিয়াই
চোৱা
দেখিবা, তাহানি জিলিকি
থকা 'হৃদয়' নামৰ শব্দটিৰ
জিলিকনিও যেন লাহে লাহে
কমি আহিছে।

Wednesday, 27 July 2016

সেই ছোৱালীজনী

ফুলৰ সতে কথা পাতি পাতি
আমনি লগা ছোৱালীজনীয়ে
প্ৰতিটো ভোমোৰাকে কৈ
যায় তাইৰ আকুলতাৰ কথা
বিচাৰি আনিবলৈ দিয়ে
তাইৰ সপোনৰ কোঁৱৰক
আঙুলিৰ পাবত দিনবোৰ যেন
নাযায় নুপুৱায় সৰাপাতে
ঢাকি ৰাখিব নোৱাৰে
সংগীতৰ পূৰঠ সুৰবোৰ
এপাহ এপাহ কৈ প্ৰতিপাহ ফুলৰ
পাপৰি গণি শেষ কৰি
পেলাইছে তাই তাইতকৈ
ধুনীয়া হ’ব খোজা ফুলপাহিক
পাতৰ সতে সী পেলাইছে
কোমল ঘাঁহডৰা নিতৌ
গোলাপৰ পাপৰি ছটিয়াই
ভাস্কৰ কৰি ৰাখিছে বতাহত
বিয়পাইছে বচা বচা আতৰৰ
সুৰভি কোঁৱৰক লৈ কিমান যে
জন্পনা
নেদেখা নুশুনা ছবিখন মনতে
আঁকি লৈ তাই উষাৰ পৰা
চিত্ৰলেখা হৈছে
অকণমান ছাঁ পৰিলেই তাই
ডবিয়াই মেলি পোহৰৰ
ব্যৱস্থা কৰিছে । । ।

Tuesday, 26 July 2016

প্ৰিয়তমা লৈ (3)

প্রেম! প্রেমৰ পৰিধি, প্রেমৰ
সংজ্ঞা... একো নাজানো! ভাব
হয় ভালপোৱা ভাললগাবোৰ যেন
বতাহতেই ওপঙি থাকে, উশাহত
যেন লৈ ফুৰো ভালপোৱা, মিঠা
সুৰ এটিৰ দৰেই যেন গুণগুণাই
থাকিম ভালপোৱাক, সৰাপাতৰ
খৰমৰনি তুলি যেন খোজ কাঢ়িম
ওঁঠত সুহুৰি এটা লৈ ভালপোৱাৰ
হাতত ধৰি, থপিয়াই আনিম যেন
আকাশৰ জোন, সিঁচি দিম মুঠি মুঠি
জোনাক, প্রিয়জনৰ স’তে সাগৰৰ
পাৰত বহি কটাম জোনাকী
ৰাতি, আকাশৰ তৰা গণিম, সকলো
পাহৰি খিলখিলাই হাঁহিম
নীলা সাগৰখনৰ সৈতে,
জোনাকী পৰুৱা ধৰিম,
ৰোমাণ্টিক আৱেশত ডুবি ডুবি
বৰষুণত তিতিম আপোনপাহৰা হৈ
আৰু অপ্রয়োজনীয় হৈ পৰিব ৰং
বিৰঙী ছাটিবোৰ...। পাহৰি যাম
দুখ-ভাগৰ, হিংসা-অসূয়া... মাথোঁ
থাকিব প্রেম, শান্তি...
উসঃ ভালপোৱা! সঁচাই তুমি সুন্দৰ।
হাজাৰটা বিষাদৰঙী গল্প-
কবিতা সৃষ্টি তোমাৰ বাবেই,
কতজনৰ উজাগৰী ৰাতিৰ বাবে
তোমাকেই দোষী সজোৱা হয়,
বিৰহী প্রেমিকৰ ‘দুঃখভৰী
দাস্তান’ৰ বাবে তুমিয়েই দায়ী
হ’লেও সকলোবোৰ দেখোন
তোমাৰেই নামত। তোমাৰ
অবিহনে সৃষ্টি শূন্য। তোমাৰ
বাবেই সোণাৰুবোৰ হালধীয়া
হাঁহি হৈ ওলমে, কৃষ্ণচূড়াবোৰ
তেজৰঙী সপোন হৈ আহে, ফাগুণৰ
দুষ্ট পচোৱাই আঁচল খহায়, পলাশৰ
জুইয়ে ওমাল কৰে হিয়া, সৰি পৰা
শেৱালিলৈ মায়া ওপজে, দুবৰিৰ
পাতত নিয়ৰবোৰ মুকুতা হয়, নাহৰ
ফুলে, পখীয়ে গীত গায়, আঘোণৰ
পথাৰত সোণগুটি লাগে... ক’ত নাই
তুমি? গছে বিৰিখে, শব্দত, ছন্দত,
সুৰত... ঋতুৱে ঋতুৱে বৈ আহাঁ তুমি,
সকলোতে তোমাৰ উপস্থিতি।

Sunday, 24 July 2016

প্ৰিয়তমা লৈ (2)

মৰম ল’বা।বহু দিন হ’ল তোমাৰ খবৰ
নোপোৱা । আশা কৰোঁ তুমি ভালেই
আছা । এটা কথা কি
জানা, তোমাৰ এই ভাল লগা অভিমান
বোৰৰ অর্থ মই বুজি নাপাওঁ । এতিয়া
তুমি মোৰ
বাবে হৈ পৰিছা এবুকু বিষাদ । তুমি
কোৱা যে “তোমাক কিমান বাৰ ক’লে
তুমি মোক
ভাল পাওঁ বুলি ক’বা?” আজি মোৰ অবুজ
মনে তোমাক কাষত বিচাৰিছে ।
এতিয়া
ক্রমে তুমি বিহীন উদাসীন সন্ধিয়া
কটাবলৈ লৈছোক। মোৰ উপবাসী
বেদনাবোৰে
শুকান কলিজাত আলোড়ণৰ সৃষ্টি কৰিছে
।মোৰ প্রেমিক মনে এতিয়াও তোমাৰ
কাষলৈ
উৰি যাব বিচাৰে । ক্রমে তুমি হেৰাই
গৈছা ফাগুনৰ উতনুৱা পছোৱা জাকত ।
আউসীৰ আন্ধাৰে মোৰ মনৰ আকাশ
ছানি ধৰিছে । মোৰ হৃদয়ৰ কোনো এটা
চুকত গঁজালি
মেলিছে বিষাদৰ পুলিয়ে । তোমাক
আকৌ বিচাৰি যাম হিমালয়ৰ সু-উচ্চ
শৃংগত অথবা
বিশাল মৰুভূমিত,অন্তহীন সাগৰত কিম্বা
বৰফৰ দেশত । মোৰ বৰ ভয় লাগে জানা
যদি তুমি মোক এৰি আনৰ হৈ যোৱা ।
এটা কথা শুনা প্রেমে প্রেমৰ বিনিময়ত
প্রেমহে বিচাৰে । ইয়াত অন্য বস্তুৰ
তুলনা নহয় ।
ইতি,
তোমাৰ বেকাৰ প্রেমিক।