Sunday, 24 July 2016

জীৱনৰ কিছু কথা

পলে পলে ভটিয়াই যায় সময়বোৰ আৰু
জীৱনবোৰৰ পৰা ক্ৰমে সময়বোৰ শেষ হ’ব
ধৰে সেয়ে জীৱনটো যেনেকুৱাই নহওঁক
কিয় সুখী হ’বলৈ চেষ্টা কৰক ৷ জীৱনটো
এবাৰে পোৱা যায় ৷
জীৱনৰ অন্য এক মাদকতা হ’ল প্ৰেম ৷
প্ৰেমক যদিহে জীৱনটোত প্ৰয়োজন বুলি
ভাৱে তেন্তে প্ৰেমক অৰ্পণ কৰিব
লাগিব আৰু বিশ্বাসযোগ্যতা যদি
বিচাৰে তেন্তে নিষ্ঠা, একাগ্ৰহতাক
অৰ্পণ কৰিব লাগিব ৷ আপোন জনক সদায়ে
যদি ওচৰত বিচাৰে তেন্তে সময়ক অৰ্পণ
কৰিব লাগিব ৷
কোনে কয় সম্বন্ধ বিনামূল্যে পোৱা
যায় বুলি, বিনামূল্যে আনকি উশাহো
বিচাৰিলে পোৱা নাযায় ৷ এটা
উশাহ তেতিয়া পোৱা যায় যেতিয়া
আনটো উশাহ এৰিব লাগে ৷ উশাহ-
নিশাহৰ দৰে সম্বন্ধবোৰৰো এক নিবিড়
সম্বন্ধ থাকে ৷
ভাগ্যৰ প্ৰতি কেতিয়াবা ঘৃণা
ওপজে আৰু কেতিয়াবা বিচৰাটো
পোৱাৰ পাছত সুখী হৈ ঈশ্বৰৰ আশীৰ্বাদ
বুলি কব খুজা হয় ৷ আপোন মানুহবোৰ
নিজৰ লগত থকাতো ঈশ্বৰৰ অাশীৰ্বাদ
বুলি ধৰা হয় ৷ গতিকে ঈশ্বৰক ভাল
নাপোৱাৰ কাৰণ থাকিবনো কিয় ?
উশাহবোৰ থকালৈকে জীয়াই
থকাটোও ঈশ্বৰৰে আশীৰ্বাদ ৷ কিন্তু
নোপোৱা হ’লে ঘৃণা বাৰু কিয়?
ঘৰ বনাওঁতে সময় যথেষ্ট লাগে কিন্তু
ভাঙিবলৈ একেবাৰে সময় নালাগে ৷
একেদৰে আচল বন্ধুত্বও বৰ কষ্টৰে পোৱা
যায় কিন্তু শত্ৰু হিচাপে পাবলৈ
একচেকেণ্ডো নালাগে ৷ সম্বন্ধ এটা
গঢ়োতে গোটেই জীৱনটোৱে লাগি
যাব পাৰে কিন্তু সম্বন্ধ এটা শেষ
কৰিবলৈ বেচি পৰো নালাগে ৷
গোটেই মাহত কষ্টোপাৰ্জিত ধন খৰচ
কৰিবলৈ এদিনৰো সময় নলয় ৷ এটা বয়সৰ
পৰা আন এটা বয়স পাবলৈ এটা এটা পল
যোগ হৈহে পোৱা যায় কিন্তু
জীৱনটো নিমিষতে শেষ কৰিবলৈ
এটা পলো নালাগে ৷ জীৱনটোত
বিভিন্ন সময়ত বিভিন্ন মহুত্ব আহে আৰু
প্ৰতিক্ষণে এটা এটা মহুত্ব আমাৰ মাজৰ
পৰা গুচি যায় ৷
জীৱনত আটাইতকৈ ডাঙৰ কামটোয়ে
হ’ল আনৰ চকুলোঁ মচিব পৰাটো ৷ আপুনি
পাইছেনে বাৰু আনৰ দুখত দুখী হৈ,
পাইছেনে বিচাৰি আনৰ চকুলোঁৰ অৰ্থ ?
এবাৰ মনতে বিচাৰি চাৱকচোন ভাল
লাগিব ৷
জীৱনটো আচলতে সস্তীয়া নহয়,
জীয়াই থকাৰ ৰংবোৰ বৰ মূল্যবান ৷
জীৱনৰ যাত্ৰা পথত এনে ধৰণে যাত্ৰা
কৰক যাতে শত্ৰুয়ে আগভেটা দিলেওঁ
বন্ধুক কেতিয়াও পাচত এৰি নাযাব ৷
এটাৰ পাচত আনটো বৰ্ষ শেষ হৈ
কোনোবাটো নতুন কোনোবাটো পুৰণি
হৈ আমাৰ মাজৰ পৰা বিদায় লয় ৷
তেনেকৈয়ে কোনো আশা হৃদয়ৰ
মাজতে আৱদ্ধ হৈ থাকি যায় আকৌ
কোনোটো আশা নকৰাকৈয়ে আমাৰ
মাজত থিতাপি লয় ৷
কোনোৱে আমাৰ মাজৰ পৰা আতৰি
গৈছে আৰু কোনোৱে পুনৰ নতুনকৈ লগ
দিছে ৷ একেদৰে কোনোৱে লগ পাই
দুখী হৈছে আৰু কোনোৱে বহুত সুখী
হৈছে ৷ কোনোৱে পাহৰি গৈছে
আকৌ কোনোৱে মনত পেলাইছে৷
কোনোৱে লগ পাই আমনি পাইছে আৰু
কোনোৱে লগ কৰিবলৈ অপেক্ষা কৰি
আছে ৷ কোনোৱে কৰবাত শুদ্ধ আৰু
কোনোৱে কৰবাত ভুল ভাৱেই জীৱন
নাটৰ ভাওঁৱত নাওঁ মেলি দিছে ৷
মই ,আপুনি সকলোৱে এৰি দিছো
ভুল-শুদ্ধ মাজেৰে এখন টুলুংভুটুং নাওঁ আৰু
এই নাৱৰীয়া জীৱন যাত্ৰাত এজনে
আনজনক ক্ষমা-দয়াৰ মাজেৰে সম্বন্ধবোৰ
অটুত ৰাখিব লাগিব ৷

Thursday, 21 July 2016

মোৰ জন্মদিনৰ শুভেচ্ছা জনোৱা সকললৈ এটি কবিতা

মোৰ জন্মদিনত
কৰবাত নহয় কৰবাত এটা হত্যাকাণ্ড
সংঘটিত হৈছে
কৰবাত নহয় কৰবাত এগৰাকী নাৰী
ধৰ্ষিতা হৈছে
বোমাৰে উৰুৱাই দিয়া হৈছে একোখন
দলং
অথবা জ্বলাই দিয়া হৈছে নিৰিহৰ ঘৰ
ভোকৰ এটা যাতনা লৈ
ফুটপাথত পৰি আছে সহস্ৰ অঘৰী
তেনেস্থলত কি স'তে উদযাপন কৰিম
মোৰ জন্মদিন ?
মোৰ জন্মদিনত
হয়তোবা নিষ্ঠুৰ আততায়ীৰ গুলীত
কৰবাত নহয় কৰবাত থকাসৰকা হৈছে
ফুল কুমলীয়া শিশু অথবা মাতৃৰ বুকু
দেশে দেশে বিয়পিছে বিদ্বেষ
ভাতৃঘাতী সংঘৰ্ষত নিহত হৈছে
অজস্ৰ তেজস্বী যুৱক
সহস্ৰ জনৰ বুকুৱে বুকুৱে বিয়পিছে
মুক বধিৰ আৰ্তনাদ
তেনেস্থলত আপুনিয়ে কওঁকচোন
কিদৰে সুখী হ'ম মোৰ জন্মদিনত ?
মোৰ জন্মদিনত
খং - ক্ষোভ - অভিমান বুকুত সামৰি
ঘৰ এৰি আঁতৰি যোৱা যুৱক জনৰ দৰে
ক্ৰমশঃ নিখোঁজ হৈছে শুভ সময়
দুচকুৰ ধূসৰ দৃষ্টিত বৰ্ণিল পোহৰৰ ৰেশৰ
সলনি
মাথোঁ নিচ্ছিদ্ৰ অন্ধকাৰৰ হাহাকাৰ
ৰাজনীতিৰ কুটিল পাকচক্ৰত
কৰবাত নহয় কৰবাত অকাল মৃত্যু হৈছে
এটা সপোনৰ
এতিয়া আপোনালোকেই কওঁক
কি স'তে বাৰু পালন কৰো
মোৰ জন্মদিন ?
মোৰ জন্মদিনত
আপোনালোকৰ শুভাশীষেৰে ধন্য
কৰিছে মোক
ধন্যবাদ জনাবলে' আপোনালোকক
মোৰ দেখোন ভাষাই নিখোঁজ !!

Wednesday, 20 July 2016

প্ৰেমত পৰিব নকবা

আমিবোৰ মাতাল উদঙীয়া নষ্ট
প্ৰেমিকে কি বুজিম বিৰহৰ কবিতা!
বুজোঁ নো কি স ' তে প্ৰেমৰ আধালিখা
ডায়লগ? মা কচম ,ভাল লাগিলে
ডায়ৰেক্ট বিয়া পাতি লৈ আনিম ৷
কিন্তু, প্লীজ ভালপাবলৈ ন 'কবা ৷ এই
যে হোৱাই-নোহোৱাই হোৱাটচ এপত
মেচেজ কৰিবা , ভয়চ ন 'ট পঠিয়াবা ,
বিদ্যা শপত বৈদ্য কামোৰ ৷ আমিবোৰ
উদঙীয়া নষ্ট প্ৰেমিকে তোমালোকৰ
স ' তে চি চি ডি ত বহি ঘণ্টাৰ পাছত
ঘণ্টা আড্ডা দিব নোৱাৰোঁ ৷ দিনটোৰ
শেষত ৰাতিবোৰ ৰঙীন কৰিবলৈও
তোমালোকৰ স 'তে ' নেহৰু-
শ্ৰদ্ধাঞ্জলী' ত বহিবলৈ সময়ে নকুলায় ৷
ব্যস্ত পথৰ বেকাৰ প্ৰেমিক আমি ৷ নষ্ট
হোৱাটো আমাৰ ধৰ্ম ৷ নহ 'লেনো
কিদৰে বুজিম তোমালোকৰ সুখ-দুখৰ পাক
লগা মেথমেথিকচৰ ফৰ্মূলাবোৰ !
আমিবোৰ কেৱল নষ্ট যোৱা মাতাল
উদঙীয়া প্ৰেমিক ৷ আমাৰ জীৱনটো
উদযাপন হয় এঢোক ফটিকাত ৷ এটা
গ ' ল্ডফ্লেকৰ ধোঁৱাত সপোনবোৰ উৰাই
পঠিয়াও কোনোবা অজান দেশলৈ ৷
প্লীজ প্ৰেমত পৰিব নক 'বা....

Monday, 11 July 2016

প্ৰিয়তমালৈ দু-এষাৰ

মৰমৰ
তুমি কেনে আছা মই
নোসোধো । মোৰ অযুত
নিশা টোপনি ভাঙি নিৰবধি বৈ
থকা মোৰ
মৰমবোৰে তোমাক কোশলে ৰাখিব
। এই যে এদিন তোমাক
বিচাৰিছিলো আৰু বিছাৰি বাউল
কৰিছিলো সময় ।স্মৃতিয়ে আউল
লগাইছিল জীৱন ।দিনৰ পাছত
দিন ধৰি মই
ভাঙি পৰিছিলো তোমাৰ
কথা ভাবি ।তুমি কিয় তোমাৰ
জীৱনলৈ আমন্তণ জনাব নোৱাৰা ।
মই ভাবিছিলো তোমাক লৈ এখন
সোণৰ সংসাৰ গঢ়িম । সপোন সপোন
হৈয়ে ৰল বাস্তৱ ই কোনো দিন
পৰিণত হব নোৱাৰে কাৰণ তোমাৰ
বুকুৰ মণিকোঠত মই সুগন্ধি এটি হৈ ফুলি
ৰৱ
নোৱাৰিলো ।
জনা নাছিলো মাথো তোমাৰ
অবিহনে যে অচল হৈ যাব
পাৰে মোৰ জীৱনৰ গতি ।
সোৱঁৰণিয়ে বা ৰাখেনে নাৰাখে
মোক তোমাৰ প্ৰত্যাহিক সপোন বোৰত

যদি সময় পোৱা মোলৈ দু-এষাৰ  লিখিবা ।
মৰমৰ
তুলিকাৰে অনুভৱৰ স্কেচ আঁকিম । খন্তেক
ব্যস্ততা নেওচি দুটামান শব্দ
লিখিবা অন্তত আকাশ বতাহ
শূন্যতাক শ্ৰোতা কৰি পঢ়িম ।
ছোৱা জীৱনত কিমান ৰং থাকিব
লাগিছিল ,কিন্তু মোৰ জীৱনৰ ৰং
হেৰাই গল । ৰঙৰ সৈতে মোৰ
মিতিৰালি নোহোৱা দৰে হৈছে ।
কাৰণ আজি দৰে মই
অপ্ৰেক্ষা কৰো স্মৃতি ,
স্মৃতি শলিতাই পুৰি পুৰি খাই মোৰ
মনৰ ৰং বোৰক ।
আজিকালি কেনে লাগে যেতিয়া
আবেলি হৈ আহে ??
মোৰ ভাল লাগে এতিয়া আন্ধাৰ
ৰাতি ,শীতল বতাহ ,মদৰ নিচা,
চিগাৰেটৰ ধোঁৱা আৰু স্মৃতি বগাই
আহিব পৰা এখন খোলা খিড়িকি ।
সঁচাকৈ --- কি উমাল আছিল সেই
অতীতৰ দিনবোৰ । মনত পৰিলে ,
আজি দুখ লাগে । কিয় বাৰু ভূল
কৰিলো তোমাক ভাল পাই ।
অচিনাকি মায়া জালত
বন্দী হলো যৰ পৰা মই কোনো দিন
মুক্তি লাভ কৰিব নোৱাৰিম । যত
মই যান্ত্ৰণাত কক বকাই আছো ।
এৰা মইনো কোন আছিলো ???
এটা উদন্ত কলেজীয়া লৰা ।
সিদিনা তোমাৰ ওচৰৰ
পৰা উভতি অহা পৰত মোৰ
কোনো আকাংশা ৰৈ থকা নাছিল ।
প্ৰতিক্ষা অন্ত পেলাই
ঘৰতে ব্যস্থ হৈ পৰিছিলো আৰু
আজি যাবলৈ ওলাইছো বহু
দুৰলৈ কিজানিবা তোমাক পাহৰিব
পাৰো । বাৰু যেই কি নহওঁক
তোমাৰ বিয়ালৈ নিমন্ত্ৰণ কৰিবা ।
ৰুপৰ কথা ৰাজকোঁৱৰ
দৰে অতীত আৰু ভবিষ্যতে তোমাক
নোৱাই ধোৱাই লৈ যাব । মই
ৰৈ থাকিম ,তেতিয়া চাগৈ ঘুৰিও
নাচাবা শুনিলও নুশুনা ভাও
ধৰিবা । আজি কালি মোক
দেখিলে ৰঙা গোলাপবোৰে
জোকাই ,
বতাহে ফুৱাই ফুৱাই জ্বলাই দিব
খোজে একুৰা জুই ।
আকাশে পুতৌ কৰে ।গধুলি বিষন্ন
মনে ওলাই যাওঁ ৰাতি ৰাতি মদ খাওঁ
,চিগাৰেতৰ ধোঁৱা উৰুৱাও ।
ৰাতি মলয়া জাকে হিয়া ভেদ
কৰি যায় ।
মৰিবওতো নোৱাৰো ,দুখে মোক
ধুৱাই দুখে মোক নিচুকায় । ভাল
লাগে ভাবি আজি তোমাৰ ওঁঠৰ
সেউজীয়া হাঁহিটো ,মোৰ দুখৰ
কবিতাতেই যেন
থাকে আঁউজি ওমলি । ভূল
নুবুজিবা সীৰে সীৰে থৈছো
তোমাৰ
বণালী সোঁৱৰণী । চকু পতাত
আঁকি থৈছো তোমাৰ মূখৰ হাঁহি়টি

Wednesday, 6 July 2016

প্ৰেমৰ বিষয়ে

প্ৰেম হ’ল মানৱ জীৱনৰ অন্যতম সৰ্বশ্ৰেষ্ঠ
অনুভূতি আৰু অভিজ্ঞতা । ‘প্ৰেম’ এটি
মাথোঁ শব্দ ; কিন্তু ইয়াৰ বৰ্ণনা
অন্তহীন। প্ৰেম হ’ল আত্মাৰ চূড়ান্ত
শক্তি। প্ৰেমৰ ব্যাকুলতাই জীৱনক
প্ৰতিবিম্বিত কৰে। কেৱল
যুক্তিসৰ্বস্বই, কেৱল ভাৱ গভীৰতাই
জীৱন নহয়। প্ৰেমে জীৱনক সঁচা অৰ্থত
পূৰ্ণতা দিয়ে। সেয়ে লিও টলষ্টয়ে আৰু
কৈছে – ‘মানুহ প্ৰেমেৰে জীয়াই
থাকে|’ পৃথিৱীৰ ইতিহাসত প্ৰেমৰ
সংজ্ঞাৰো কোনো শেষ নাই। প্ৰেমৰ
ব্যাখ্যা অতীতেও দিছিল,
বৰ্ত্তমানেও দি আছে আৰু ভৱিষ্যতেও
দি থাকিব। তথাপিও যেন অতৃপ্ত এই
ব্যাখ্যা। ই মানুহৰ ভিতৰত পোৱা-
নোপোৱাৰ দোমোজা, ভাৱনাৰ উখল-
মাখলৰ সৃষ্টি কৰিয়েই থাকিব। ৰহস্যময়
যেন এই প্ৰেম। কোন মুহূৰ্তত আত্মাৰ
স্বতন্ত্ৰতা খৰ্ব কৰি হৃদয়ত ৰোপণ হয়
প্ৰেমৰ বীজ সেয়া কোনেও ক’ব
নোৱাৰে। বিশিষ্ট সাহিত্যিক তথা
গীতিকাৰ শ্ৰদ্ধাৰ নিৰ্মল প্ৰভা
বাইদেউৱে লিখিছিল – ‘প্ৰাণৰ
পাত্ৰ জানো কেতিয়াবা ভৰে ? /
বিচাৰোঁ কৰ্ণক কিয় ? কিয় এই তৃষ্ণা
জাগে / আকণ্ঠ ভৰি মোৰ থাকোতে
অমৃত ?’ তথাপিও প্ৰেম মহান। সেয়ে
হয়তো বিভিন্নজনে ভিন্ন অনুভূতিৰে
প্ৰেমৰ নানান অনুভৱ বা মহত্বৰ ব্যাখ্যা
কৰি মন্তব্য আগবঢ়াইছে।
বিখ্যাত কাব্য
সাহিত্যিক দেৱকান্ত সন্দিকৈয়ে
প্ৰেমৰ বিষয়ে মন্তব্য দিছে এনেদৰে –‘
প্ৰেম জ্ঞানৰো উৰ্দ্ধত, প্ৰেম আৰু
জ্ঞানৰ যি কোনো এটা বাছি ল’ব
লগা হ’লে মই প্ৰেমকেই বাছি ল’ম।‘
আনহাতে প্ৰেমৰ বিষয়ে বহুতো
ব্যাখ্যা আগবঢ়োৱা বিখ্যাত
দাৰ্শনিক ব্ৰাৰ্টাণ্ড ৰাছেলে তেওঁৰ
এটা ব্যাখ্যাত প্ৰকাশ কৰিছে – ‘
প্ৰেমক যি সকলে ভয় কৰে তেওঁলোকে
আচলতে জীৱনটোকেই ভয় কৰে। জীৱনৰ
মহত্ত্বম আদৰ্শ হ’ল প্ৰেম। মানুহৰ প্ৰতি
মানুহৰ প্ৰেম। সেই প্ৰেম পৰিচালিত
হ’ব লাগিব জ্ঞানৰ দ্বাৰা।’ প্ৰকৃত
প্ৰেমৰ পোহৰ যেন সবাতোকৈ
জ্যোতিৰ্ময়। যি পোহৰত সকলো বস্তুৰ
সত্য ৰূপ দেখা যায়। প্ৰেম কেতিয়াও
নিসংগ নহয়। প্ৰেমে সান্নিধ্য
বিচাৰে ; বিচাৰে আত্মিক
সান্নিধ্য। পবিত্ৰ প্ৰেমৰ আত্মিক
সান্নিধ্যই প্ৰেমাস্পদক প্ৰেৰণা
দিয়ে, সাহস দিয়ে আৰু দিয়ে পৰিশ্ৰম
শক্তি। এই সাহস আৰু পৰিশ্ৰম শক্তিয়ে
মানুহক সফলতাৰ লক্ষ্যাভিমুখে ধাৱিত
কৰে।
মাথোঁ প্ৰেমে প্ৰেমক মহৎ নকৰে।
প্ৰেমাস্পদৰ অবিনাশী প্ৰেৰণাইহে
প্ৰেমক মহৎ কৰে। এইটো পৰিতাপৰ বিষয়
যে আজিকালি প্ৰকৃত প্ৰেমৰ অৰ্থই যেন
সলনি হৈ পৰিছে কিছু সংখ্যকৰ মাজত।
প্ৰেমৰ নামত কৰা উদ্ভণ্ডালি,
অসংযমী কাৰ্য-কলাপে প্ৰেমৰ লগতে
সমাজখনকো যেন কলুষিত কৰি
পেলাইছে আজি। সেয়াও অন্য এক
বিষয়। এই লেখাত সেই বিষয়ৰ পৰা
আমি বিৰত থাকিলোঁ। ইমানৰ পিচতো
আমি অনুভৱ কৰোঁ এতিয়াও নোহোৱা
হৈ যোৱা নাই প্ৰকৃত প্ৰেমৰ নিষ্কলুষ,
নিস্বাৰ্থ স্বৰ্গীয় অনুভৱ। জীয়াই আছে
এতিয়াও মানুহৰ হৃদয়ত সেই শাশ্বত প্ৰেম
; সেই প্ৰকৃত প্ৰেমে, প্ৰেমৰ পৰা
প্ৰেমময় উপলব্ধিৰ বাহিৰে আৰু
একোৱেই নিবিচাৰে। প্ৰেম মানে
স্বাধীনতা হেৰুৱাই পেলোৱা দুজন
নৰ-নাৰীৰ মাজৰ চূড়ান্ত আত্ম-সমৰ্পন
নহয় ! প্ৰেম মানে পৰস্পৰে পৰস্পৰৰ মাজত
নিজস্ব সত্ত্বা হেৰুৱাই পেলোৱা, য’ত
কোনো হিচাপ-নিকাচ নাথাকে,
সম্পৰ্কৰ অযথা যান্ত্ৰিকতা নাথাকে ;
থাকে মাথোঁ পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা-
অনুৰাগ, থাকে অন্তহীন স্বপ্ন আৰু হাতত
হাত ধৰি লক্ষ্য অভিমুখে আগুৱাই
যোৱাৰ আকাংক্ষা ।

Monday, 4 July 2016

বিকালীয়ানত এটি পল

সন্ধিয়াৰ ৰদালি পাৰ হৈ যায়,মুকলি
আকাশত জোনৰ প্ৰকাশ...নিৰ্জন
দলিচাত মায়াবিনী নিশা এটা
আধৰুৱা গল্পৰ আৰম্ভণি হয়,কথাৰ গুণ-
গুণনি,চিগাৰেটৰ ধোঁৱাৰ মেঘলী
বাৰ্তা,আৰু লগতে আড্ডাৰ এক অন্তহীন
সান্তনাৰ যাত্ৰা..আহঃ কি যে
আপোন হৈ যায় প্ৰতিটো পলৰ সেই মধুৰ
কথা... হয় ঠিকেই ধৰিছে মই কইছো
সেই বন্ধুৰ সৈতে  এক মনোৰম
আড্ডা...আপুনিও হয়তো এনেকুৱা
অভিজ্ঞতাৰ সোৱাদ
পাইছে....যেতিয়া মানসিক
অশান্তিয়ে চাৰিওফালৰ পৰা আগুৰি
পেলাব তেতিয়া এজন বন্ধুৱে আহি
কব ব'ল আজি তোৰ অশান্তি দুৰ
কৰো...আৰু নিশাৰ আকাশৰ তলত বহি
পৰো চিগাৰেট জ্বলাই
লৈ...মবাইলত বজোৱা হয় এটা মনপৰশা
গান যিয়ে আপোনাক অধিক
আৱেগিক কৰি তোলে... চিগাৰেটৰ
ধোঁৱাই আপোনাক অধিক
আৱেগিকতাৰ মাজলৈ লৈ
যায়,তেতিয়াৰ পৰিৱেশটো হয়তো
আপোনাৰ জীৱনৰ অতি মনপৰশা
মূহুৰ্ত,কাৰণ আপোনাৰ মনৰ কথা
শুনিবলৈ আপোনাৰ বন্ধু ওচৰত থাকিব
প্ৰতিটো কথাই আপোনাৰ মন দি শুনিব
আৰু আপোনাৰ স্মৃটি ৰোমন্ঠন কৰিব এক
স্বৰ্গীয় অনুভূটি...চিগাৰেটৰ প্ৰতিটো
ধোঁৱাইযেন আপোনাৰ পৰা আপোনাৰ
দূখ আঁতৰাই নি আছে...আৰু এনেকুৱা
স্মৃটি আমি হয়তো জীৱনত কেতিয়াও
পাহৰিব নোৱাৰো........

Sunday, 3 July 2016

এটি পল বিকালীয়ানত

✍ইলিয়াছ✍

বিকালীয়ান মই নাজানো
ফাগুনৰ কোনতো দিনত পৰিছিলো মই
তোমাৰ প্ৰেমত
মোৰ অজানিতেই তুমি বুকুৰ কোনোবা
এচুকত লৈ লৈছা ঠাই
আৰু যেতিয়া মই অনুভব কৰিছিলো মই
তোমাৰ প্রেমক
ঠিক তেতিয়াই অকনো কৃপনালী নকৰি
হৃদয় নামৰ বাগিছাখনত ফুলিব দিছিলো
তোমাক এপাহী প্রেমৰ ফুল হয়
মই নাজানো সেই ফুলৰ নাম কি?
তথাপিতো ঢালিছিলো মৰম বোৰ
পানীবুলি
এতিয়া মোৰ হৃদয়ৰ ফুলনী শুৱাই আছা
তুমি
আৰু মই হৈ পৰিছো তোমাৰ প্রেমিকা
বিকালীয়ান বৰ বেয়াকৈ
পৰিলো অ' তোমাৰ প্রেমত
এতিয়া মাথো তোমাৰেই নাম মোৰ
ওঁঠত । 
। ।  ধন্যবাদ । ।
✍✍✍ইলিয়াছ হাছান✍✍✍

Saturday, 2 July 2016

মোবাইল

বিগত দশকত আটাইতকৈ বিশাল ৰূপত ঘৰে
ঘৰে সোমাই পৰা সামগ্ৰীৰ ভিতৰত
মোবাইল ফোন অন্যতম ৷ টেলি সংযোগ
সাধনৰ ক্ষেত্ৰত তাঁৰ বিহীন
প্ৰযুক্তিয়ে দেশক বহুখিনি আগুৱাই লৈ
গ’ল৷ সৰ্ব-সাধাৰণ মানুহৰ হাতে হাতে
ল’ব পৰাকৈ মুক্ত অৰ্থনীতিৰ সু-ফলৰ ৰূপত
দামীৰ পৰা কমদামী বিভিন্ন ধৰণৰ
মোবাইল বজাৰত উপলদ্ধ হ’ল ৷ দেশৰ বহু
ভিতৰৰ গাঁৱতো এই দূৰ-সংযোগ ব্যৱস্থাই
সফলতা তথা বজাৰ দখল কৰাটো এই সময়ৰ
এটা উল্লেখনীয় কথা ৷ মোবাইল
সেৱাৰ সতে মানুহৰ মাজত সংযোগ
তথা ভাৱৰ আদান- প্ৰদান যি দৰে সহজ
হৈ পৰিছে, তাৰ সতে ইয়াৰ আন কিছু
আৰ্থ-সামাজিক প্ৰভাৱ তথা
সামাজিক পৰিবৰ্তন চকুত লগা হৈ
পৰিছে।
আজিকালি সৰু-বৰ চহৰত নৱ-প্ৰজন্মৰ হাতত
সৰু-বৰ মোবাইল৷ এটাতকৈ আনটো চকুত
লগা তথা উন্নত প্ৰযুক্তিৰ । ঘৰত মোবাইল লৈছে,
কনমানিটোৱেহে ফোন লগায় দিয়ে,
সিহে এইবোৰ জানে। সৰু সৰু ল’ৰা-
ছোৱালীৰ হাততে বিভিন্ন
আপডেটেড টেব, মোবাইল আদি সহজলভ্য
হৈ পৰাৰ লগতে, গেমচ, এপ্লিকেচনছ
আদিৰ পয়োভৰত নৱ-প্ৰজন্ম মোবাইল-
প্ৰেমী হৈ পৰিছে ৷ পৰিয়ালৰ সতে
এটা নিবিড় মুহূৰ্ত কটাবৰ প্ৰয়োজনৰ
সময়তো মাক-দেউতাক-ভাই-ভগ্নীৰ
মুখলৈ চাবলৈ যেন আহৰি নাই৷ অনবৰতে
টেব, লেপটপ অথবা মোবাইলৰ সতেই
লাগি থাকিবলৈ লোৱা. উঠি অহা
নৱ-প্ৰজন্মৰ অভ্যাসটো তেওঁলোকৰ
চাৰিত্ৰিক, দৈহিক তথা মানসিক
বিকাশৰ ক্ষেত্ৰত অন্য এক চিন্তনীয়
বিষয় হৈ পৰিছে ৷ সামাজিক বা
পৰিয়ালৰ সতে মানৱীয় যোগসূত্ৰতকৈ
মোবাইলৰ অনামী ৰঙীন জগতখনত
আপোনপাহৰা হৈ থাকিবলৈ
শিকাটো শিশু-কিশোৰ-যুৱ প্ৰজন্মৰ
বাবে এক নিচাত পৰিণত হৈছে ।
আগৰ দিনৰ ডায়েৰী বা কিতাপৰ
মাজত ‘নীলা চিঠি’ বিচাৰি
পোৱাৰ পাছত কাণতলীয়া চৰ
খোৱাৰ দিন নতুন প্ৰজন্মৰ নাই৷
বয়ঃসন্ধিৰ সময়চোৱাত সেয়ে সন্তান
বা পৰিজনৰ মোবাইলৰ ব্যৱহাৰৰ ওপৰত
অভিভাৱক অতিশয় সজাগ হোৱা উচিত৷
লগতে সতৰ্ক নজৰ ৰখাৰ প্ৰয়োজন আছে
৷পঢ়াৰ টেবুলত মোবাইল লৈ সময় উৰুৱা,
গেম খেলি থকা আদি অভ্যাস গঢ়
লোৱাৰ পৰা সন্তানক বাৰণ কৰিব
লাগিব৷ মাতৃ সকলে SMS, MMS, GPS আদি
শব্দৰ লগত চিনাকী হোৱাৰ লগতে তাক
কেনেকৈ চাব পাৰি, মোবাইলৰ
গোপনীয় ফাইল আদি কৰবাত পাচৱৰ্ড
দিয়া আছে নেকি সকলো শিকি
লোৱাৰ অতীব প্ৰয়োজন আছে ৷

Friday, 1 July 2016

প্ৰিয়তমালৈ

মৰমৰ
প্ৰিয়তমা
আজি অলপ সোনকালে শুইছিলো।চিলি
মিলিকৈ টোপনি আহিছিল।এনেতে
কেতেকী চৰাই এজনিৰ কৰুণ আর্তনাদত
সাৰ পাই উঠিলো।চকুলৈ আৰু টোপনি
নাহিল।বিছনাৰ পৰা উঠি
আহিলো,তোমালৈকে দুএষাৰ
লিখো বুলি। তোমালৈ লিখা
অভ্যাসটো
মোৰ গধুৰ মন পাতল কৰাৰ অভিনৱ ঔষধ।মনৰ
পুঞ্জীভূত অনুভূতি বোৰ প্রকাশ কৰি
পাতল পাতল লাগে।সেয়েহে
তোমালৈ দু-এষাৰ
লিখিবলৈ বহিছো। প্ৰিয়তমা এই
গভীৰ নিশা অনেক স্মৃতি মনলৈ
আহিছে।বাহিৰত ছাগৈ শেতা
জোনটোক হিমচেঁচা কুঁৱলীয়ে ঢাকি
ধৰিছে।মোৰ চকুৰ পতাত এতিয়াও
টোপনিৰ পৰশ নাই।মাথোন মনলৈ
আহিছে প্রথম যৌৱনৰ সোণসনা স্মৃতি।
তেতিয়া মোৰ জীৱনত প্রথম বসন্তৰ
শিহৰণ লাগিছিল।অন্তৰত আশাই সাৰ
পাই উঠিছিল।ভাষাই
কুৰুলিয়াইছিল,মৰমবোৰ উতলি উঠিছিল।
পৃথিবীখনএকেবাৰে নতুন দেখিছিলো।
বহল পৃথিবীখন নিমজ,বাটবোৰ
পোন,জীৱনৰ গতি সহজ যেন লাগিছিল।
ল'ৰালি কালৰ কোমল অন্তৰখন উদং উদং
লাগিছিল।তাৰ পিছত উতলা হিয়াৰ
উপচি পৰামৰম বোৰ বাকি দিবলৈ
মনটো চঞ্চল হৈ উঠিছিল।এষাৰ মাত
এটা হাঁহি,এটা চাৱনি,এবুকু মৰম
বিচাৰি মনটোৱে উচপিচাইছিল।
মাজনিশা সাৰ পাই শুনা কেতেকীৰ
মাতত মই বিচাৰি পাইছিলো
হিয়াৰআহ্বান-প্রানৰ সহাৰি।মোৰ
বাবে মৰণ আছিল অলিক কল্পনা,বেদনা
আছিল সহজ কবিতা।কিন্তু সময়ৰ সোঁত বৈ
গ'ল।আজি মোৰ কোমল মনটোৱে হেজাৰ
ধুমুহা সহিব পৰা হৈ পৰিছে। বহুত কথাই
লিখিছো।আচল কথাটো এতিয়াও
কবপৰা নাই।তোমাৰ পৰা কিবা সহাৰি
পাম বুলি বাট চাই আছিলো।কিন্ত
ক'তা আজিও নাপালো ।মোৰ ভুলো হব
পাৰে।ৰহস্যঘন প্রণয়ৰ পাশত পৰা মানুহে
সকলো কথাকে নিজলৈ পোনাই
বিচাৰ কৰে;মোৰ ভূল হোৱা নাইতো?
তোমাৰ চাৱনি,ফুটোঁ ফুটোঁ কৰা ওঠৰ
পাহিৰ অব্যক্ত ভাষাই মোক মাথোন
এইটোকে বিশ্বাস কৰিবলৈ
শিকাইছিল যে তোমাৰ এখন অন্তৰ
আছে,এমুঠি আশা আছে,এবুকু ভাষা
আছে।তুমিও এখন অন্তৰ বিচাৰিছা।
কিন্তুআজিও সহাৰি নাপালো। মৰম
লবা।
আকৌ তোমালৈ বাট চাই ৰ'লো।
তোমাৰ মৰমৰ
ইলিয়াছ হাছান

Thursday, 30 June 2016

হাঁহি

পৃথিৱীত এনে এজন মানুহ নোলাব যি
হাঁহিৰ ভাষা বুজি নাপায় ।হাঁহি
হৈছে মনৰ দাপোন ।টকাৰে কৰিব
নোৱাৰা কামো হাঁহিয়ে সমাধা
কৰি দিব পাৰে ।হাঁহিৰ গুৰুত্বক
প্ৰাধান্য দি নিউর্য়কৰ এজন
ডিপার্টমেন্টেল ষ্টোৰৰ মালিকে
এবাৰ নিজৰ দোকানত বিক্ৰেতা
হিচাপে কাম কৰিবলৈ এজন প্ৰার্থী
বিচাৰি বিজ্ঞাপন দিছিল যে
লাগিলে তেওঁ অশিক্ষিতেই হওঁক
,ধুনীয়াকে হাঁহিব জনা ছোৱালী
এজনীকহে দোকানত লব ,কিন্তু হাঁহিব
নজনা দর্শনৰ পণ্ডিত এজনকো তেওঁ লব
নোৱাৰে ।
হাঁহিৰ কেইটামান মূল্যবাদ দিশ হৈছে-
হাঁহি ক্ষন্তেকীয়া হলেও
মাদকতাখিনি দীর্ঘস্থায়ী ।
টকাৰে কিনিব নোৱাৰা সম্পদো
হাঁহিৰে আয়ত্ব কৰিব পাৰে ।
হাঁহিৰে প্ৰকাশ কৰি দিব পাৰে
তেওঁ কিমান সুখী ।
হাঁহি কিনিব নোৱাৰি ,আয়ত্ব কৰিব
পাৰি ।
হাঁহিৰ কিন্তু কোনো বস্তুগত মূল্য নাই ।
এজনী ধুনীয়া ছোৱালীয়ে বা এটা
ধুনীয়া ল’ৰাই হাঁহিৰে কৈ দিব পাৰে
নিজৰ ক’বলগীয়াখিনি ।
হাঁহিব পৰা মানুহবোৰ জনপ্ৰিয় হয় ।
অভিনন্দন জনাবলৈ মুখৰ হাঁহিটোতকৈ
উত্তম উপহাৰ নাই ।

নিলিখো আৰু প্ৰেমৰ কবিতা

আৰু প্ৰেমৰ কবিতা নিলিখো
কিয়নো প্ৰেমৰ কবিতা
লিখিবলৈ
মোৰ কলমত অভাৱ
ৰঙা গোলাপৰ চিঞাহী।।
তোমাকো আৰু আমনি নকৰো,
মোৰ কবিতাৰ মাজেৰে নাহিব
তোমাৰ অভিমানি চৰাইজাক
মোৰ ভাৱনাৰ পথাৰলৈ।।
হয়তো দেখা নাপাম
মোৰ সুখৰ সাগৰত
তোমাৰ আনন্দৰ ঢৌ।।
থাকিব মাঁথো
যন্ত্ৰ্নাৰে পৰিপূৰ্ণ কিছু
অবুজ আধৰুৱা ভাষা।।
তুমি দি যোৱা বেদনাৰ সুৰত
সুৰ মিলাই গাই যাম মই বিষাদৰ
গান,
আৰু বিষাদৰ চিঞাহীৰেই
মাজে মাজে লিখি যাম
বিদ্ৰোহৰ কবিতা।।
তথাপি, প্ৰেমৰ কবিতা আৰু
নিলিখো..

Saturday, 25 June 2016

মৰম ভালপোৱাৰ পৰিভাষা ......


কিমান যে cute cute কথা হয় gf bf ৰ মাজত
.........!!!!
!
দীঘলীয়া দূৰত্বত থকাৰ পিছতো এজনে
আনজনক কিমান যে মৰম কৰে ।
সৰু সৰু কথাত কাজিয়া লাগি
একেবাৰে break up লৈ গুচি যোৱা কথা
। মনে মনে ভাবে ........ আৰু কোনো
দিনেই কথা নাপাতো । কিন্তু
পিছদিনাই আকৌ sorry কয় ।
!
" good morning ..good night ..hello shona..jaan
ইত্যাদি ...."
!
কান্দি থকা symbol ( ) পঠোৱা । এজনে
আনজনক মনোৱা । তাৰপিছত i love u বুলি
কৈ slove কৰোৱা ।
!
এজনে আনজনক মনত পেলাই যেতিয়া বহুত
বেছি মৰম আহি যায় তেতিয়া এজনে
আনজনক song dedicate কৰা ...........Like .." Tum
hi ho......
!
এজনে আনজনক photo tagg কৰা আৰু যদি
তেওঁৰ gf ৰ ফটোত কোনোবাই dr বুলি
মন্তব্য কৰে অলপ হলেওঁ জ্বলন আৰু খং কৰা

!
তাৰপিছত লাহে লাহে সৰু সৰু
মাতেৰে কয় ..... মোৰ এইবোৰ ভাল
নালাগে । বেলেগে তোমাক dr
কোৱাটো মই সহিব নোৱাৰো । i love u.
!
সচাকৈয়ে কিমান যে মিঠা মিঠা
শিহৰণ এই সম্পৰ্কত ।
কিন্তু যেতিয়া এনেকুৱা সম্পৰ্ক এটা
ভাঙি যায় তেতিয়া ............
!
আগৰ sms বোৰ পঢ়ি চোৱা , তেওঁ বা
তাইৰ সুখৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰা
আৰু সেমেকা হাঁহিৰে সৈতে
চকুপানী বোৱাই দিয়া ।
!
প্ৰত্যেকটো দুখৰ গানতে নিজক
বিচাৰি পোৱা .....
!
শেষত একোকে ভাল নলগা আৰু এটা
ক্ষীণ আশা বুকুত বান্ধি লৈ থকা
............. যেন সকলো আগৰ দৰেই হওঁক ।
!
plz
care of love ...."

Monday, 20 June 2016

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস

✍ইলিয়াছ হাছান✍

আজি কলাগুৰুজনাৰ মৃত্যু তিথি। সমগ্ৰ
অসম জুৰি তেখেতৰ শিল্পী সত্তাৰ
প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ২০জুন দিনটো
"বিষ্ণু ৰাভা দিৱস" ৰূপে পালিত হৈ
আহিছে। তেখেতৰ সৃষ্টি অনুপম গীত
সমূহক এক অন্য এক ধাৰাৰ গীত ৰূপে
"ৰাভা সংগীত" ৰূপেও সময়ে স্বীকৃতি
প্ৰদান কৰিছে। তেখেতৰ শিল্পী
সত্তাৰ বিষয়ে অসমীয়াই যিমান
জানে, তাতোকৈ বেছি বহল আৰু
বহুমুখী ব্যক্তিত্বৰ ব্যক্তি আছিল বিষ্ণু
ৰাভা।
বহুধা-ব্যক্তিত্বৰ অধিকাৰী কলাগুৰু
বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ অৱদান
অসমীয়া গীতৰ জগতলৈও আছিল
অপৰিসীম। ৰাভাদেৱৰ প্ৰতিটো
গীতেই যেন একো একোটি উজ্জ্বল
মুকুতামণি। এইগৰাকী শিল্পীয়ে ৰচা
গীতৰ মাজেৰে স্বদেশপ্ৰেম,
প্ৰকৃতিপ্ৰেম, মানৱপ্ৰেম, শোষণৰ
বিৰুদ্ধে বিদ্ৰোহ, ৰোমান্টিক
চেতনা, আশাবাদ আৰু প্ৰগতিৰ ছবি
জিলিকি উঠা দেখা যায়।
তেখেতে নৱপ্ৰজন্মক আহ্বান
জনাইছিল এইবুলি যে এটা
সংস্কৃতিৱান মনৰ অধিকাৰী হ’লেহে
মুক্তিৰ যাত্ৰা জয়যাত্ৰা হ’ব।
তেখেতৰ ভাষাত –
“স্বাগত নৱাগত অতিথি
হিয়াত ফুলাম আসন থৈছো পাতি
পুষ্পিত মন্দিৰ কানন বীথি”।
ইহকাল পৰকালক বিশ্বাস কৰি প্ৰথমা
পত্নীৰ মৃত্যুৰ শোকত গভীৰ ৰোমান্টিক
ভাৱধাৰাৰে ৰাভা দেৱে এটি অতি
সুন্দৰ গীত ৰচনা কৰিছিল –
“পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পূৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা..”
সঁচাই ৰাভাদেৱৰ গীতবোৰ চিৰসেউজ,
যুগমীয়া, অসমৰ অসমীয়া সমাজৰ
অসমীয়া গীতৰ সম্পদ।
গোটেই জীৱন গীত গাই, নাট কৰি,
নাচি-বাগি এদিন এইগৰাকী মহান
শিল্পী ৰাভাদেৱ নিজেই গুচি গ’ল
প্ৰলয় নাচোনেৰে। ১৯৬৯ চনৰ ২০ জুনৰ
দিনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ
জীৱন নাটৰ যৱনিকা পৰিল।।
বিষ্ণু প্ৰসাদ ৰাভা চিৰদিনেই অসমৰ
ইতিহাসৰ এটি উজ্জ্বল জ্যোতিষ্ক হৈ
উজলি থাকিব।