আৰু প্ৰেমৰ কবিতা নিলিখো
কিয়নো প্ৰেমৰ কবিতা
লিখিবলৈ
মোৰ কলমত অভাৱ
ৰঙা গোলাপৰ চিঞাহী।।
তোমাকো আৰু আমনি নকৰো,
মোৰ কবিতাৰ মাজেৰে নাহিব
তোমাৰ অভিমানি চৰাইজাক
মোৰ ভাৱনাৰ পথাৰলৈ।।
হয়তো দেখা নাপাম
মোৰ সুখৰ সাগৰত
তোমাৰ আনন্দৰ ঢৌ।।
থাকিব মাঁথো
যন্ত্ৰ্নাৰে পৰিপূৰ্ণ কিছু
অবুজ আধৰুৱা ভাষা।।
তুমি দি যোৱা বেদনাৰ সুৰত
সুৰ মিলাই গাই যাম মই বিষাদৰ
গান,
আৰু বিষাদৰ চিঞাহীৰেই
মাজে মাজে লিখি যাম
বিদ্ৰোহৰ কবিতা।।
তথাপি, প্ৰেমৰ কবিতা আৰু
নিলিখো..
☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি । নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । ✍✍✍ইলিয়াছ হাছান✍✍✍
Thursday, 30 June 2016
নিলিখো আৰু প্ৰেমৰ কবিতা
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment