Wednesday, 15 June 2016

বিষাদ

সোৱৰণীৰ একাঁজলি মধুৰ বিষাদ বুকুত লৈ
আজি আন্ধাৰত স্পৰ্শ কৰি চাওঁ মোৰ এৰি
অহা মৰম-ভালপোৱা । তুমি জনাই পাহী
তোমাৰ বুকুত আশাৰ বীজ সিঁচি ,এদিন
ময়ে দিছিলোঁ সপোনৰ অলেখ কঠিয়া।
স্বপ্নময় পৃথিৱীৰ মই এজন হৃদয়হীন
প্ৰেমিকা । নিসংগতাৰ মালা গাঠি
আজি মই হৈ পৰিছো দেবদাস । নিজক
বুজাবলৈ বহুত কষ্ট হয় জানা । উজাগৰী
নিশাৰ প্ৰতিটো পলে নিস্তব্ধতাৰ
কেনভাচত মোক কাণে কাণে কৈ যায়
মৃত্যু যে মোৰ সমাগত । সপোন ৰচিবলৈ
আজি মোৰ সতে আছে মাথো কেৱল
চকুপানী । পাহী, তোমাক লৈ মই বহুত
আশা কৰিছিলো অ । কিয়....কিয় তুমি
মোক প্ৰতাৰণাৰ নাওঁত এৰি জোনাকৰ
বুকুত হেৰাবাই দিলা মোৰ আশা কল্পনা
। নীলা চিঞাঁহীৰে লিখা প্ৰতিখন
চিঠিয়েই মোক দি গল মৃত্যুৰ বতৰা । মৃত্যু
পথৰ সহযাত্ৰী হৈ মই আজি এজন দিশভ্ৰষ্ট
পথিক । তুমি মোক এৰি যোৱাৰ পৰাই
মোৰ মনৰ অব্যাপ্ত হেপাঁহবোৰেইচোন
নাইকিয়া হৈ গল । ভাবিছিলো
তোমাক লৈ এখন সুখৰ ঘৰ পাতিম,
তাজমহলৰ কম্পিত সৌধ নিৰ্মাণ কৰিম
কিন্তু মই কৰা সপোনবোৰ আশাবোৰ
তেনেই নিস্ফল হৈ ৰল । মোক দিশহাৰা
কৰিলা ? তুমিহীনতাৰ যন্ত্ৰণাবোৰেই
মোৰ এতিয়া শেষ জীৱনৰ ভৰষা । ৰৈ
থাকিম মোৰ সমাধিত এটা ছাঁ হৈ । দুৰৰ
পৰাই চাই থাকিম মাথো তোমাক ....!

No comments: