❤✍ইলিয়াছ হাছান✍❤
হাস্নাহানাৰ গোন্ধত ভোল যোৱা নিশাৰ কথা।
গধুৰ বতাহ এজাক বলিছিল,
তোমাৰ মাত কপি কপি আহিছিল,
কোনোবা দূৰ দিগন্তৰ পৰা।
আৰু চকুলো নিগৰিছিল মোৰ কোঠাত,
পাৰাপাৰহীন সমুদ্ৰৰ দৰে।
মই দেখোন কথা কৈ আছিলো
যদিওবা দুখ নিগৰিছিল বতাহত!
সুখি হৈছিল ছাগে নিজৰাবোৰ নউচাহত,
উচুপনিত বুৰি থকাৰ সপোন দেখি ।
প্ৰেম মানে নহয় জানা বলিয়া বান,
সপোনৰ উচাহত উৰাৰ সপোন।
আশাৰ দলিচাত দিঠকৰ অংকন
নতুবা গোলাপৰ সুৰভিত প্ৰানৰ সংৰোপন।
সকলো জানিও, সুখত থাকিও
কিহৰ তাৰনাত সপোন দেখিছিলা তুমি?
নে সেয়া আছিল কোনোবা অশীৰীৰ উন্মাদ আস্ফালন?
কিহে বাহ সাজিছিল সেই কুম্ভীৰ পৰ্বতত?
নিজান বননিৰ সেই গহীন বনত?
এই হৃদয় খনে এতিয়াও ৰৈ আছে
সপোনৰ দুৱৰি গচকি নিয়ৰ কঢ়িয়াবলৈ।
এধানি কোমলতাক বুকুতে আদৰি
জিপাল কৰি তুলিবলৈ।
সাচি থোৱা সপোন খিনি,
ফুলিব ধৰা আবেগখিনি,
জীয়াই তোলাহী আহা
প্ৰেমৰ সুবাসত ওপঙি উটি।
No comments:
Post a Comment