Thursday, 26 October 2017

মোৰ বাবে তুমি এটি কবিতা হোৱা

মোৰ বাবে
তুমি এটি কবিতা হোৱা...
তোমাক সাবটি উজাগৰে পাৰ কৰিম
শীতৰ ওৰেটো দীঘল নিশা...
কঁপিব নেকি তোমাৰ জামুবুলীয়া দুটি
ওঁঠ ?
মোৰ অনুভৱেৰে তোমাক পিন্ধাম
আহল বহল ভালপোৱাৰ উমাল চোলা...
চিপচিপিয়া এজাক আবেগৰ বৰষুণে চুই
যাব
তোমাৰ লাহী-পাহি দেহা...
মোৰ বাবে
তুমি এটি কবিতা হোৱা । । ।

Sunday, 15 October 2017

শান্ত আছিলো মই

শান্ত আছিলো মই
মৃদু মলয়াৰ দৰে,
মতলীয়া কৰিলে মোক
ফাগুণৰ বতাহে,
কিয় জানো মনে
আজি একোকে নেমানে,
উৰণীয়া পখিলি হৈ
মন মোৰ উৰি ফুৰে,
হৃদয় আজি মোৰ
দুৰু দুৰু কঁপে,
কোনোবাই যেন বাৰে বাৰে
ৰিঙিয়াই মাতে,
শিলত থেকা খাই
প্ৰতিধ্বণী উঠে,
সপোণত কোনে জানো
গীত গাই আমনি কৰে,
শান্ত আছিলো মই
মৃদু মলয়াৰ দৰে । । ।
 
  ✍হাছান✍

Saturday, 14 October 2017

তুমি অবিহনে আজি প্রেম হ'ল একাদশী

তৰাৰ দেশতে জোনবাই
অকলে থাকে উজলি,
তুমি অবিহনে আজি
প্রেম হ’ল একাদশী ।
হৃদয়ৰ সাঁচিপাতত লিখা
মনৰ বাতৰিবোৰ
গ’ল যে উৱলি ।
লহিওৱা বেলিয়ে সন্ধিয়াৰ পৃথিৱীক
নিয়ৰৰ চুমা যাছি
গ’ল যে আঁতৰি,
সপোন নদীৰ ঘাটতে
তুমি আছিলা মোৰ কাষতে,
তুমি অবিহনে আজি
প্রেম হ’ল একাদশী,
পুঁৱতি নিশাৰ সপোন ভাঙি
কাঁচিয়লি ৰ’দৰ জিলিকনি সানি
অ’ মোৰ অভিমানী  প্ৰিয়তমা
উৱলি যোৱা সাঁচিপাততে
আকৌ এবাৰ লিখিম
হৃদয়ৰ বতৰা ,
হিয়াত মোৰ এপাহি ৰঙা গোলাপে
আজি পাহি মেলিব ধৰিছে
তুমি অবিহনে আজি
প্ৰেম হ'ল একাদশী । । । ।
✍✍✍হাছান✍✍✍


Saturday, 23 September 2017

মোৰ কবিতাত তোমাৰ উপস্থিতি

গভীৰ নিশা
অন্ধকাৰৰ মাজত
এজাক কুমলীয়া বতাহ
মাজে মাজে জোনাকৰ
চিলিমিলি পোহৰ
তাতেই আকৌ
মেঘালী চুলি উৰুৱাই
আন্ধাৰৰ ফাকে ফাকে
এটি মিছিকীয়া হাঁহিৰে
দুচকুৰ মৰমসনা ভাষাৰে
মোৰ এই সপোনত
চঞ্চল হোৱা মনক
উৎসাহিত কৰে
তোমাৰ আগমনেৰে । । ।

✍✍✍ইলিয়াছ হাছান✍✍✍

Thursday, 7 September 2017

কিছু অনুভৱ

দুপৰীয়াবোৰত খহি পৰে বিষাদ গধুৰ তপত
নিশ্বাস। নিৰ্জনতাৰ কৰুণ বাঁহীৰ সুৰে
ক্রমে আঁতৰাই লৈ যায় মোৰপৰা মোক।
চকুপানীবোৰ গান হৈ ভাঁহি আহে
দুচকুয়ে। বাঁহীৰ সুৰবোৰ ক্রমে শিপাই
হিয়াৰ গভীৰৰপৰা গভীৰলৈ। বিষাদৰ
দাল-পাতবোৰ লহপহকৈ বাঢ়ি আহে
নীলাৰপৰা নীলা হৈ।
সময়ৰ কোনটো ফেৰেঙণিত ওলমি
থাকিলা তুমি? পুৱাবোৰ আহি গুচি
যায়, তুমি নাহা পুৱাটিৰ সৈতে
ৰ’দকাঁচলি হৈ। আবেলিটো আহি গুচি
যায় ভাগৰ মাৰিবলৈ গধূলিৰ বুকুত, তুমি
নাহা মোৰ ভগ্ন হৃদয়ৰ আধৰুৱা উশাহবোৰৰ
উমান লবলৈ। নিশাটো ধপলিয়াই আহে
জোনাকৰ সৈতে উমলিবলৈ, তুমি
নাহা মোৰ সেমেকা শেতেলীত বহি
মোক নিচুকাবলৈ।

Wednesday, 30 August 2017

অনুভৱত একলম, প্ৰেমৰ দুটি স্তৱক (2)

                (1)
প্ৰেমিক পোচাক যোৰ খুলি থৈ
জীৱনক দি যাম বলীদান
হৃদয়ৰ গভীৰ কোনৰ পৰা
ওলিয়াই আনিম মৰম ভালপোৱা
মই যদি হেৰাই যাওঁ প্ৰিয়তমা
হৃদয় খন সজতনে ৰাখিবা
                (2)
দুটি নয়ন তৰাৰ দৰে
ওঁঠ যুৰি কঁপে ঘনে ঘনে |
আৱেগৰ উতলা বা হৈ ,
মন উৰা মাৰে অসীমৰ পৰা অসীমলৈ |
বিবেকৰ যুদ্ধত নৈতিক পৰাজয়
প্ৰশ্ন কৰোঁ নিজেই নিজকে |
তুমি কোন পৰী ?
চকুত চকু থৈ কিবা ক'বা নেকি....
স্তব্ধ হওঁক এপলক বুকুৰ কম্পন |

Monday, 28 August 2017

প্ৰেমৰ দুটা স্তৱক

         (1)
প্ৰভাতৰ আগমণত
সূৰ্যমুখী ফুল ফুলি উঠাৰ দৰেই
যৌৱনৰ পৰশ পাই
লাজুক হোৱা তোমাৰ চাৱনি ;
তাতেই বিলীন হৈ যাও মই
সোনোৱালী যৌৱনৰ ঠিকনা
বিচাৰি ।

           (2)
তোমাৰ…..
কাজলসনা এযুৰি অপ্সৰাময়ী নয়ন
একোচা দীঘল চুলি
চুটি নিস্তেজ হাঁহি আৰু
সলাজ লাৱণ্যময়ী চাৱনিৰ বাবেই
মোৰ হৃদয়ৰ বননিত
ফুলি উঠিল
শুভ্ৰ কঁহুৱা ফুল |
               
                     
  

Wednesday, 23 August 2017

প্ৰিয়তমালৈ এখনি প্ৰেমৰ চিঠি

মৰমৰ প্ৰিয়তমা,
মৰম লবা । আশা কৰো তুমি কুশলে আছা ।
প্ৰিয়তমা তোমাক দিনে দিনে দেখি দেখি
মোৰ বুকুৰ হিয়া ভৰি থকা মৰমবোৰ, মোৰ মনৰফুলনিত এপাহ গোলাপ হৈ ফুলি
উঠিছে। আচলতে ফুলি উঠা এই গোলাপ
পাহ, মোৰ মনত দুলি থকা তোমাৰ
প্ৰতিচ্ছৱি। ৰাতি ৰাতিজোনাকীবোৰে মোক তোমাৰে কথাকয়। জোনাকীবোৰেও বুজে যে মইতোমাক কিমান ভালপাওঁ। বৰষুণেওআনে মোৰ বুকুৰ মাজলৈ তোমাৰ এটিগানৰ কবিতা। আৰু উজাগৰী ৰাতি তোমাৰ কথা ভাবি ঝিলিৰ মাতত
তোমাৰ উশাহ-নিশাহৰ শব্দ পাওঁ। ক্ৰমশঃ
পূবৰ বেলিৰ ৰাঙলী প্ৰভাতত আগলি
বাঁহৰ দৰে তুমিও নাচি উঠা মোৰ মনৰ
ভাৱনাত । আচলতে প্ৰিয়তমা,  মই তোমাৰ দুচকুৰ অগনিত জ্বলি-পুৰি মৰিব ধৰিছো। মম এডালৰ দৰে তোমাৰ ভাৱনাত গলি
গলি মই নিঃশেষ হব ধৰিছো। এই
অৱস্থাত মই কি কৰো তুমিয়েই কোৱা।
              তোমাৰ সোঁ গালৰ তুলসীপাত, যি মোৰ প্ৰতিদিনৰ প্ৰতিপলৰ মনৰ ভাৱনা আৰু অলপ মৰম জাগে তোমালৈ মোৰ তাকে ভাবি। এই যে মোৰ সোঁৱে-বাওঁৱে শূণ্য, মাথো শূণ্য! অথচ এই শূণ্যকে লৈ জীয়াই আছো আমি সকলো আৰু আছা তুমিও।
              শীত নামিছে, কুঁৱলী পৰিছে। চৌদিশনিশব্দ শীতত। এতিয়াও মই উদং গাৰেকবিতা লিখি আছো তোমাৰ বাবে। নাই, কঁপি উঠা নাই মোৰ দুহাত। তোমাক ভালপাওঁ বাবেই কিজানি মোৰ প্ৰিয়
ৰঙ সেউজীয়া বুলি শিকিলো আৰু
পালো জীয়াই থকাৰ সাহসকণ। চাব
নোখোজো তোমাৰ হৃদয়ৰ ৰঙ …পকা
আবেলিটোৰ দৰে ৰঙা নে গছ-বন-লতাৰ
দৰে সেউজীয়া। সি যি কি নহওঁক
যৌৱনৰ দুৱাৰদলিত তোমাক পালো;
বকোচাত নহয় হৃদয়ত, একেবাৰে হৃদয়তে
বুটলি ললো। মোৰ অনুভৱেৰে মোৰ হৃদয়ৰসেউজীয়াত তুমিও সেউজীয়া হলা,
তাৰপিছত লাহে লাহে বতাহ হলা আৰু
এতিয়া উশাহ। তুমি উশাহ
নোহোৱাহলে মোৰ কি হলহেতেন
তুমিয়েই কোৱা(?)।হয়তো এইবাবেই
লাহে লাহে মই তোমাক ভালপাব
ধৰিলো।
              তোমাৰ প্ৰেমত পৰিয়েই হবলা মই
বিচাৰি পালো জীৱন আৰু বিষাদ আৰু
বিষাদত নিদ্ৰাহীন ৰাতিবোৰ। আৰু
মোৰ বোধেৰে এই ধৰাত ময়েই একমাত্ৰ
সেইজন; যিজনে নিজৰ ছাঁৰ উচুপনি
নিজে শুনা পালে, জোনৰ কলিজাত
কলিজা থৈ পকাব নোৱাৰিলে
আঘোনৰ সেন্দুৰীয়া আবেলি এটা আৰু
দিব নোৱাৰিলে খোজ হালধীয়াৰ
সীমা অতিক্ৰমি সেউজীয়া দেশলৈ
বুলি। আজিলৈ ইমানতেই সামৰিছো । । ।
                                 ইতিত
                    তোমাৰ অভিমানী প্ৰেমিক
                            ইলিয়াছ হাছান

Monday, 21 August 2017

প্ৰেম ডায়েৰিৰ কিছু কথাৰে

দাপোণ দেখিলো আজি । বাৰে
বাৰে প্ৰতাৰণাৰ জালত সুমুৱাম কিয়?
প্ৰথম,দ্বিতীয়, তৃতীয়...আৰুবা কিমান
ভৰসা হেৰাব ? দুখ পাইছা ? পোৱা ।
ময়ো পাইছো । দুখ পালো বুলিয়েই মই
শুদ্ধ আৰু তুমি ভূল, এনেটো নহয় ৷ কিয়বোৰৰ
উত্তৰ নিবিচাৰিবা কোনোদিন, উত্তৰ
দিবলৈ গ'লেই মই আগৰজ হৈ পৰিম ৷
সহ্য কৰিব নোৱাৰিবা,পাগল হ'বও
নোৱাৰিবা আগৰদৰেই ৷ হৃদয়ৰ কষ্টবোৰ
অভ্যাস হ'লে যন্ত্ৰনাৰ তীব্ৰতা কমিব…
কমিবনে ? কমিব হয়তো ৷ দ্বিধাবোধৰ
কোনো সমিধান নাই মোৰ ওচৰত ৷
অনুৰোধ, কাতৰ নহ'বা কেতিয়াও ৷
স্থায়ীত্ব অবিহনেই মই থাকি যাম ৷
অলপীয়া অনুৰাগো সঁচা হ'ব পাৰে,
যিদৰে সঁচা শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰ ।
সেই সত্যক মই অস্বীকাৰ কৰিব নোৱাৰো
কোনোদিন ৷ কোনোবা অজীৰ্ণ মূহুৰ্তত
মই বৰফৰ দৰেই গোট মাৰিম ৷ তাতকৈ
"তুমিও" দুখী হৈয়ে থাকা, প্ৰৱঞ্চিত
নহ'বা ।

Tuesday, 15 August 2017

প্ৰিয়তমালৈ এটি কবিতা

তোমাৰ হাতত ধৰি
মৰমৰ লুকাভাকু খেলি
এৰি অহা দিনবোৰ বিচাৰিম আমি !
চকুতে চকু থৈ
দুটি ওঁঠৰ পৰশ লৈ
উটি যাম চেনেহৰ নদীতে ঐ !
হাতে হাতে হাত মিলাই
প্ৰীতিৰে সুৱাস বিলাই
যাম আমি জীৱনৰ বাটত আগুৱাই !
দীঘল তোমাৰ চুলিতাৰি
বুকুত বৈ যায় প্ৰেমৰ নদী
মিচিকি হাঁহিৰে
সপোনত তোমাকে দেখি !
সপোন হৈ তুমি আহিবা
দুচকুত মোৰ ভাঁহিবা
বুকুৰ মাজত মোক আকোঁৱালি ধৰিবা ।  । । ।
✍✍✍হাছান✍✍✍

Sunday, 30 July 2017

মোৰ ডায়েৰিৰ এটি পৃষ্ঠা

এনেকৈয়ে এদিন পৰিচিত নাম্বাৰৰ
পৰা ফোন অহা বন্ধ হৈ যাব,তাৰ লগে
লগে মেছেজ অহাও বন্ধ হ'ব!!!
গুড মর্নিং, কি কৰিছা, কিবা খালা
নে? এনে নানান প্রশ্নৰ ভাণ্ডাৰত আৰু
কোনো কথা জমা হৈ নাথাকিব...।
যিজনে মোৰ মাতটো নুশুনাকৈ শুৱ
পৰা নাছিল তাই মোৰ ফোন
ৰিচিভ নকৰিব...।
মোৰ কান্দোন তাইৰ বাবে নাটক
সদৃশ হ'ব!!!
অথচ...
সেই একেজন মানুহেই!!!
যাৰ কাষত মোৰ "আজিৰ মন বেয়া
লগা" কথাটি শুনিলেই হুলস্থুল আৰম্ভ কৰি
দিছিল...।
মানুহজনৰ আচাৰ আচৰণ সকলো পৰিবর্তন
হৈ যাব!!!
মই অবিহনেও তাই সঁচাকৈ ভালে
থাকিব।
মই অবিহনে...
অন্য কাৰোবাক পালেতো কথাই নাই
তাইক কোনে পায়!!
অতীতত তাইৰ
গভীৰ ভালপোৱা, কেয়াৰিং,
বর্তমানে তাইৰ অবহেলা, অনুপস্থিতি
এই সকলো বিলাকৰ মাজত নিঃশেষ হৈ
থাকিম মই।
ফুচফুচাই কথা পতা,
মা-দেউতাৰ মাত শুনিলে মোবাইল
গাৰু তলত থৈ টোপনিৰ ভাও ধৰি থকা
ৰাতিবিলাক মই অকলেই পাৰ কৰিব
লাগিব!!!
কিন্তু হয়!!!
মোৰ সৈতে থাকিব সেইবিলাক
ৰাতিৰ স্মৃতি, চকুৰ পানী।
তথাপিও প্রার্থনাৰত অৱস্থাত
থাকোতে মই কবলৈ নাপাহৰে
"এবাৰ যদি তাই উভতি আহিল হয়
তেন্তে আৰু খং নকৰিম, ফোন
নাকাটিম,সকলো তাইৰ মতে কৰিম!!"
কিন্তু নাই তাই উভতি নাহে
দৃশ্যপট সলনি হৈ যায় মাথো সলনি নহয়
মই
সলনি নহয় মোৰ ভালপোৱা আৰু মোৰ অভ্যাস!

Saturday, 22 July 2017

মোৰ জন্মদিন উপলক্ষে যিসকল ব্যক্তিয়ে শুভাশীষেৰে মোক ধন্য কৰিলে তেখেত সকলৰ হাতত মৰমেৰে মোৰ এই সৰু কবিতাটো আগবঢ়ালো । মোৰ জন্মদিনত

মোৰ জন্মদিন উপলক্ষে যিসকল ব্যক্তিয়ে
শুভাশীষেৰে মোক ধন্য কৰিলে তেখেত সকলৰ হাতত মৰমেৰে মোৰ এই  সৰু কবিতাটো আগবঢ়ালো ।

মোৰ জন্মদিনত
**************
মোৰ জন্মদিনত
কৰবাত নহয় কৰবাত এটা হত্যাকাণ্ড
সংঘটিত হৈছে
কৰবাত নহয় কৰবাত এগৰাকী নাৰী
ধৰ্ষিতা হৈছে
বোমাৰে উৰুৱাই দিয়া হৈছে একোখন
দলং
অথবা জ্বলাই দিয়া হৈছে নিৰিহৰ ঘৰ
ভোকৰ এটা যাতনা লৈ
ফুটপাথত পৰি আছে সহস্ৰ অঘৰী
তেনেস্থলত কি স'তে উদযাপন কৰিম
মোৰ জন্মদিন ?
মোৰ জন্মদিনত
হয়তোবা নিষ্ঠুৰ আততায়ীৰ গুলীত
কৰবাত নহয় কৰবাত থকাসৰকা হৈছে
ফুল কুমলীয়া শিশু অথবা মাতৃৰ বুকু
দেশে দেশে বিয়পিছে বিদ্বেষ
ভাতৃঘাতী সংঘৰ্ষত নিহত হৈছে
অজস্ৰ তেজস্বী যুৱক
সহস্ৰ জনৰ বুকুৱে বুকুৱে বিয়পিছে
মুক বধিৰ আৰ্তনাদ
তেনেস্থলত আপুনিয়ে কওঁকচোন
কিদৰে সুখী হ'ম মোৰ জন্মদিনত ?
মোৰ জন্মদিনত
খং - ক্ষোভ - অভিমান বুকুত সামৰি
ঘৰ এৰি আঁতৰি যোৱা যুৱক জনৰ দৰে
ক্ৰমশঃ নিখোঁজ হৈছে শুভ সময়
দুচকুৰ ধূসৰ দৃষ্টিত বৰ্ণিল পোহৰৰ ৰেশৰ
সলনি
মাথোঁ নিচ্ছিদ্ৰ অন্ধকাৰৰ হাহাকাৰ
ৰাজনীতিৰ কুটিল পাকচক্ৰত
কৰবাত নহয় কৰবাত অকাল মৃত্যু হৈছে
এটা সপোনৰ
এতিয়া আপোনালোকেই কওঁক
কি স'তে বাৰু পালন কৰো
মোৰ জন্মদিন ?
মোৰ জন্মদিনত
আপোনালোকৰ শুভাশীষেৰে ধন্য
কৰিছে মোক
ধন্যবাদ জনাবলে' আপোনালোকক
মোৰ দেখোন ভাষাই নিখোঁজ !!
☆ ☆ ☆ ☆ ☆ ☆ ☆
আজি মোৰ জন্মদিন উপলক্ষে যিসকল
ব্যক্তিয়ে মোক শুভাশীষেৰে ধন্য
কৰিলে তেওঁলোক আটাইকে মই
আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ
আৰু মোৰ এই ক্ষুদ্ৰ কবিতাটি তেওঁলোকৰ
হাতত উচৰ্গা কৰিলোঁ । আপোনালোক
আটাইৰে শুভ হওঁক ।
** ধন্যবাদ সহকাৰে **