শান্ত আছিলো মই
মৃদু মলয়াৰ দৰে,
মতলীয়া কৰিলে মোক
ফাগুণৰ বতাহে,
কিয় জানো মনে
আজি একোকে নেমানে,
উৰণীয়া পখিলি হৈ
মন মোৰ উৰি ফুৰে,
হৃদয় আজি মোৰ
দুৰু দুৰু কঁপে,
কোনোবাই যেন বাৰে বাৰে
ৰিঙিয়াই মাতে,
শিলত থেকা খাই
প্ৰতিধ্বণী উঠে,
সপোণত কোনে জানো
গীত গাই আমনি কৰে,
শান্ত আছিলো মই
মৃদু মলয়াৰ দৰে । । ।
✍হাছান✍
☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি । নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । ✍✍✍ইলিয়াছ হাছান✍✍✍
Sunday, 15 October 2017
শান্ত আছিলো মই
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment