লাইফৰ আটাইতকৈ ইণ্টাৰেষ্টিং কথা এটা হৈছে যে আটাইতকৈ মধুৰ সুখবোৰ আৰু আটাইতকৈ বিষাদ যন্ত্ৰণা তথা আঘাট যি আঘাট মন বা হৃদয়ে পায় সেই সকলোবোৰ যেন প্ৰেমৰ পৰাই প্ৰাপ্তি হয়।অৱশ্যে কথাটো সকলোৰে ক্ষেত্ৰত প্রযোজ্য নহ’বও পাৰে।এক্সুৱেলী সকলো মানুহ প্ৰেম কি চিনিয়েই নাপায়। হয়তো প্ৰেম কৰিবলৈকে নাজানে। হয়তো ইচ্ছা নাই।জীৱনত এবাৰো প্ৰেমত নপৰাজন মানুহ হ‘বই নোৱাৰে। ইংৰাজীত এষাৰ কথা আছে “A flower cannot blossom without sunshine, and man cannot live without love.“ মোৰ মতে কথাটো এশ শতাংশই সচাঁ।বয়সৰ ভিন্নতা অনুসৰি অৱশ্যে প্ৰেম কৰাৰ ষ্টাইল সুকীয়া সুকীয়া। প্ৰেম হৃদয়ৰ এক মিঠা অনুভূতি। প্ৰেম এক উপলব্ধি। প্ৰেমক উপলব্ধি কৰা যিমান সহজ, ব্যাখ্যা কৰা সিমান টান। প্ৰকৃতিৰ ৰূপৰ লগত ইয়াক তুলনা কৰিব পাৰি। প্ৰকৃতিয়ে যিদৰে ৰ'দ, বৰষুণ, বতাহ আদি দিয়ে ঠিক সেইদৰে প্ৰেমাৱস্থাত প্ৰেমিক- প্ৰেমিকাৰ মাজলৈ আহে হাঁহি, কান্দোন, আনন্দ আৰু বিষাদ। এই প্ৰেমৰ মাজেৰে সকলো যুৱক- যুৱতীয়ে সাজে কল্পনাৰ বালিঘৰ। প্ৰেমৰ আনন্দ ক্ষণস্থায়ী, কিন্তু প্ৰেমৰ বেদনা স্থায়ী। প্ৰেমৰ বাবে বেছি সময়ৰো প্ৰয়োজন নাই। কেতিয়াবা খুব কম সময়ৰ বাবে লগ পালেও কাৰোবাৰ সৈতে প্ৰেম হৈ যাব পাৰে। যাৰ সৈতে এবাৰ প্ৰেম হৈ যায়, তাক কেতিয়াও হৃদয়ৰ পৰা মচিব নোৱাৰি। নাইবা পাছত আন সম্পৰ্কও গঢ়িব নোৱাৰি। কিয়নো প্ৰেম প্ৰেমই। বান্ধৱীৰ সৈতেও পাছত প্ৰেম হ'ব পাৰে, কিন্তু প্ৰেমৰ পাছত বন্ধু কেতিয়াও হ'ব নোৱাৰি। ডান্টে- বিয়েট্ৰিছক লগ পাইছিল মাত্ৰ দুবাৰ, তেতিয়া ডান্টে প্ৰেমৰত পৰিছিল বিয়েট্ৰিছৰ। কিন্তু তেওঁলোকৰ প্ৰেমো আছিল যন্ত্ৰণাময়। ডান্টে বিয়েট্ৰিছক নাপালেও তেওঁৰ প্ৰেম আছিল প্ৰকৃত প্ৰেম, তেওঁৰ প্ৰেম আছিল মহান। যাৰ বাবে প্ৰেমৰ বেদনাত তেওঁৰ কলমৰ মাজেৰি নিগৰি আহিছিল 'ডিভাইন কমেডি' ৰ দৰে অমৰ গ্ৰন্থৰ। গতিকে দেখা যায় ডান্টেৰ এই 'ডিভাইন কমেডি' লিখাৰ প্ৰেৰণা আছিল বিয়েট্ৰিছৰ প্ৰেম। শ্বেক্সপীয়েৰ, ৰবাৰ্ট ব্ৰাউনিং, কালমাৰ্কস, টলষ্টয়, শ্ব্যেলী, গ্যেটে আদি বিখ্যাত মনীষীসকলৰ সাহিত্য সৃষ্টিৰ আঁৰতো আছিল তেওঁলোকৰ প্ৰেয়সীৰ প্ৰেৰণা। “ Mind has a thousand eyes And the hearth is one, Yet the light of a whole life dies When love is gone''. ✍�ইলিয়াছ✍ ❤ ❤ ❤
☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি । নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । ✍✍✍ইলিয়াছ হাছান✍✍✍
Wednesday, 18 May 2016
Wednesday, 11 May 2016
মোৰ কবিতাই উচুপে নিৰবে
✍ইলিয়াছ হাছান✍
☞❤☜ মোৰ কবিতাই উচুপে নিৰবে প্ৰেমত পৰিছিল হেনো তাই গোপনে ৷ কোনোবা দুৰনীৰ ৰিনি ৰিনি ভাহি অহা বাঁহীৰ সুৰত তাই হেনো হৈছিল মতলীয়া ৷ উজাৰী দিছিল তাইৰ কুমাৰী ভালপোৱা ৷ কাৰন সেই সুৰটি আছিল ভাল লগা ৷ পিছে কও বুলিয়েই জানো কব পাৰি সকলো কথা ৷ লিখো বুলিলেই লিখিব নোৱাৰি যি দৰে কবিতা এটা ৷ তাই আছিল চঞ্চলা যৌৱনৰ দুৱাৰ দলিত খোজ দিব গৈ উজুটিত চিঙিল ভৰিৰ পতা ৷ সেয়ে আজি তাই উচুপে নিৰবে ৷ নাই ভাষা আজি তাইৰ মৌসনা ৷ শব্দতো ক্ষোভ ৷ সুৰটিটো আছে স্মৃতিয়ে জ্বলোৱা জুইকুৰা ৷ মোৰ কবিতাই সেয়েহে উচুপে তাই প্ৰেমত পৰা দিনৰে পৰা☞❤☜
Tuesday, 10 May 2016
সম্পৰ্কৰ লগত জড়িত ইগ
✍ইলিয়াছ✍
এটা ভাল সম্পৰ্ক বিচ্ছেদ হবলৈ বেছি সময় নালাগে । ই এক মুহূৰ্ততে বিচ্ছিন্ন হৈ যাব পাৰে । কিন্তু ভাল সম্পৰ্ক এটা গঢ়ি উঠিবলৈ বহু সময় লাগে । আচলতে এনে ভাল সম্পৰ্ক এটা বিচ্ছেদ হোৱাৰ মূল কাৰণ কি? বহু দিনৰ এটা সম্পৰ্ক এক মুহূৰ্ততে ধ্বংস কিয় হয় ? ইয়াৰ আৰত কি আছে ? ইয়াৰ মূল কাৰণ হল ইজনে সিজনৰ মাজত হোৱা ভুল বুজাবুজি। দুজন ব্যক্তিৰ মাজত গঢ়ি উঠা ভাল সম্পৰ্ক এটাত যিকোনো কাৰণতে ভুল বুজা বুজিৰ সৃষ্টি হলে সেই সম্পৰ্ক বিচ্ছেদৰ পিনে আগবাঢ়ে আৰু শেষত ইজনে সিজনক বেয়া পোৱা হৈ যায় । আমাৰ মাজত এনেধৰণৰ বহু ঘটনা ঘটি আছে । প্ৰেম লীলাৰ সম্পৰ্কই হওক বা আত্মীয়ৰ সম্পৰ্ক হওক বা বন্ধু-বান্ধৱীৰ সম্পৰ্ক নহওক কিয় এনে ভুল বুজা বুজিৰ ফলত সম্পৰ্ক অটুট নাথাকিবও পাৰে । কিন্তু আমি ইয়াক পিছত হে উপলব্ধি কৰো। যাৰ ফলত সম্পৰ্কটো পুনৰ আগৰ দৰে হৈ উঠাৰ সম্ভৱ কম থাকে । কাৰণ আমাৰ মনত এনে এটা ভাব থাকে যাক আমি ইগ(EGO) বুলি কও। আমাৰ এই ইগৰ কাৰণে আমি কিছুমান খেত্ৰত পিছুৱাই যাওঁ। যিটো আমাৰ কাৰণে বহু গুণে খতিকাৰক কাৰণ আমি যদি এই ইগক বাদ দি তেওঁৰ কাষলৈ যাওঁ আমাৰ সম্পৰ্ক আগৰ দৰে গঢ়ি উঠিব । গতিকে মই কও যে ইগ এৰাই চলা আৰু নিজৰ জীৱন সুখেৰে কটোৱা । ✍ইলিয়াছ✍
Monday, 9 May 2016
তোমালৈ মনত পৰে
✍ইলিয়াছ✍
মৃদুস্মিতা হাঁহিটিৰে উন্মনা হৈ তুমি সদায় ভূমুকি মাৰা মোৰ সপোনত , নোপোৱাৰ বেদনাই দহি থকা ব্যথিত হৃদয়খনে তোমাৰ আগমনত উন্মাদ হৈ উঠে । তোমাৰ কথা ভাৱিলে আজিও মোৰ মন উত্ৰাৱল হৈ উঠে , জেতুকাবুলীয়া কণমানি হাতদুখনলৈ মনত পৰে যিকেইটা হাতেৰে তুমি মোৰ হাতত গুজি দিছিলা মৰমৰ ৰঙা গোলাপপাহি । বেদনাত জুৰুলা হৈ থকা নিৰাশাবৃত মনটোৱে , তোমাৰ আগমনত এৰি দিয়ে দুটোপাল আনন্দৰ অশ্ৰু যদিওবা সি স্থায়ী নহয় । তুমি আজি মোৰপৰা বহু দূৰত মোৰ অবুজ মন পখীটোৱে যেন, তোমাক কব খোজে “তোমালৈ আজিও মনত পৰে” ॥
Thursday, 5 May 2016
প্ৰেম
প্ৰেম এক দেহ-মন উন্মনা কৰা
সুগন্ধ ৷ ‘তোমাৰ’ ঢৌ খেলা
চুলিৰ পৰা ভাহি আহে ৷ সুগন্ধৰ
উৎস ফুল ৷ প্ৰেম-সুগন্ধৰ উৎস
‘তোমাৰ’ ৰূপ-যৌৱন, তোমাৰ
দেহ ৷ বতাহত ভাহি অহা সুগন্ধই
ফুলপাহ নহয়, সুতীব্ৰ প্ৰেম-
অনুভূতিখিনিও কামনা নহয় ৷
প্ৰেম আৰু কামনাৰ মাজৰ
পাৰ্থক্য ইয়াতেই যে প্ৰেম
কামনাৰে সুগন্ধ! গন্ধহীন ফুলৰ
মূল্য নাই, প্ৰেমহীন কামনাৰ পুলক
নাই, শিহৰণ নাই ৷ সেয়েহে মই
‘তোমাক’ প্ৰেমেৰে ‘কামনা’
কৰোঁ ৷ ‘তোমাৰ’ শৰীৰৰ এটা
মিঠা ‘কামনা’ৰ গোন্ধ উৰি-
উৰি মোৰ নাকত লাগেহি ৷
দুহাত প্ৰসাৰি মই তোমাৰ শৰীৰ
আলিংগন কৰোঁ; তোমাৰ হৃদয়ৰ
স’তে মই প্ৰেম কৰোঁ ৷
মোৰ সমগ্ৰ চেতনা জুৰি তোমাৰ
প্ৰেম ৷ নদীৰ দৰে বয় ৷ মই আপোন-
বিভোৰ হৈ নিৰৱে বহি
তোমাকেই ভাবি থাকোঁ ৷
গভীৰ ৰাতি ক’ৰবাৰ পৰা এক
ৰহস্যময় গীতৰ সুৰ ভাহি আহে ৷ মই
গম পাওঁ, দুচকুত মোৰ নিদ্ৰা নাই,
মই সাৰে থাকি চাই থাকো
তোমালৈ; আন্ধাৰ ফালি তুমি
আহিছা, এক উজ্জ্বল অপৰূপা পৰী
হৈ!
Tuesday, 3 May 2016
মোৰ জীৱন নামৰ বেলিটো অস্ত যাবলৈ বেছি দিন নাই
মানুহৰ জীৱনটো আচলতেই বহুত অদ্ভুদ। মাজে মাজে এনে কোনো আমাৰ জীৱনলৈ আহে যাক আমিপূর্বে কেতিয়াও চিনি নাপাও…।।অথচ তেওঁকেই আমি ইমান বেছিকৈ ভালপায় পেলাও যে,তেওঁ অবিহনে জীৱনটো অর্থহীন যেন মনত ভাব হয়………।। হয়টো তাই মোক ভাল নাপায় …. পাবনো কিয় মোৰ নিচিনা এটা অৰ্থহীন লৰাক….প্ৰথম কলেজত গৈয়ে মই তাইৰ প্ৰেমত পৰিছিলোঁ ….এইয়াই মোৰ প্ৰথম প্ৰেমৰ আৰম্ভণি …..আৰু তাইতে শেষ ….আজি তাই মোক বুজি নাপালে মোৰ সচা ভালপোৱা ক মিছা সম্বন্ধ দিলে ! তাই হয়টো ভাবিছে তাইক নাপালে মই আন কাৰোবাক হিয়াৰ আপোন কৰি লম,সেইটো মই কেতিয়াও কৰিব নোৱাৰোঁ ,তাইয়ে মোৰ প্ৰথম আৰু শেষ প্ৰেম …. তাইক পাহৰি মই জীৱনত আন কাৰো কথা ভাবিব নোৱাৰো ….হয়টো তাইক নাপালে মই অকলশৰীয়া জীৱনৰ উপ্যতকাৰ পৰা নিৰবে মৃত্যুৰ উপ্যতকালৈ যাবলৈ বাধ্য হম ! সিদিনা তাকে কৰিছিলো গুচি যাব খুজিছিলো এখন অচিনাকি নেদেখা দেশলৈ কিন্তু মাথোঁ এটা আশাতে উভটি আহিলো সেই অচিন দেশৰ সীমাৰ পৰা তাইক পোৱাৰ আশাত ….মোৰ সচা ভালপোৱা ত কি ৰৈ গল মই নাজানোঁ…..এটা কথা তুমি জানি থোৱা তোমাৰ অবিহনে মোৰ জীৱনৰ উকা কাগজত ৰৈ গৈছে মাথোন তোমাক নোপোৱাৰ যন্ত্ৰণা আৰু সেই যন্ত্ৰণা বোৰ মুচিবলৈ ব্যৱহাৰ কৰা মোৰ অশ্ৰু…! হয়টো তোমাৰ অবিহনে মোৰ জীৱন নামৰ বেলিটো অস্ত যাবলৈ বেছি দিন নাই …
Sunday, 24 April 2016
Godhuli pora tair soku juri khemeki ase
গধূলিৰ পৰা তাইৰ চকুযুৰি সেমেকি আছে ৷ হয়তো এয়াই বেদনা ৷ তাইৰ জীৱনত সি নথকাৰ বেদনা । সিহঁতৰ এতিয়া একো সম্পৰ্কই নাই । তথাপিও তাই সদায় কাষত তাকেই বিচাৰে ৷ হয়তো ভালপোৱাৰ মাদকতা তাইৰ জীৱনলৈ এনেদৰে প্ৰথমবাৰ আহিছিল ৷ তাই ভাৱে সি আহিব, তাইৰ লগত বহিব, কথা পাতিব । কিন্তু তাইও জানে সি যে তাইৰ জীৱনলৈ আৰু নাহে। তথাপিও তাৰ কথাকে ভাৱি থাকে তাই। ইয়াত পিছে ভুল তাইৰ অলপো নাই। তাৰেই হয়তো অলপ ভুল হৈ গ'ল । সি যিদিনা তাইক অকলশৰে এৰি থৈ গ'ল, সেইদিনাই আচলতে সি তাইক মাথোঁ এটি উশাহ ল'ব পৰাকৈ কবৰ দি গ'ল ৷ সঁচাকৈ তাইৰ বাবে জীৱনতো এনেদৰে জীয়াই থকাতো এতিয়া বৰ কষ্টকৰ হৈ পৰিল। -Bad boyz master mind ilias bin hasan
Wednesday, 20 April 2016
★এগৰাকী ধৰ্ষিতাৰ কথাৰে★
★এগৰাকী ধৰ্ষিতাৰ কথাৰে★
তোমালোকৰ দৰে সপোন মোৰো আছিল
৷
আছিল ৰঙীন পৃথিৱীখন চোৱাৰ হেঁপাহ,
কিন্তু হঠাৎ অহা এজাক অশান্ত বতাহত,
ভাগি গ'ল মোৰ সপোনৰ পঁজা ৷
হেৰাই গ'ল সুন্দৰ পৃথিৱীৰ ৰং ৷
উন্মাদ কামনাৰ বলি হৈ
এজাক নৰপিশাচৰ হাতত
হেৰুৱালো কুমাৰীত্বৰ সংজ্ঞা ৷
মোৰ দোষ ক'ত…
সুন্দৰী বাবেই নে…
এখন নিমজ চালৰ গৰাকী বাবেই ৷
সেয়াই নেকি মোৰ দোষ ৷
সমাজে মোক উপলুঙা কৰে
ধৰ্ষিতা বুলি সকলোৱে হাঁহে ৷
হ'ব নিবিছাৰো মই কাৰোবাৰ পুতৌৰ
পাত্ৰী ৷
বলি হব নিবিছাৰো তোমালোকৰ
নিৰ্লজ চাৱনিৰ ৷
আশাবোৰ মোৰো আছিল ৷
লগতে আছিল জীয়াই থকাৰ হেপাহ ৷
ঘৃণা উপজে মোৰ মানবতাৰ ওপৰত ৷
দয়া উপজে সুন্দৰতাৰ ওপৰত ৷
নিশাবোৰ মোৰ আপুন
চকুপানী আজি মোৰ বন্ধু ৷
কিন্তু শান্তি ক'ত……
শান্তি লাগে মোক,
মোৰ…
একমাত্ৰ শান্তি,
মৃত্যু, মাথোঁ মৃত্যু ৷
©ilias hasan
Monday, 18 April 2016
Monot pore mur hei nostalgia itihakh
"Monot pore mur hei nostalgia itihakh, jot asil
amar xhoikhob kaal....jot asil amar moromor
ismriti..jot khelisu ami luka bhaku ityadi..aru
tumi kandisila usopi - usopi....hoitu pahorila
tumi hei moromor dinbur....jot lukai asil amar
xhoikhobor prem aru Bhalpua...tumi janu bujiba
hei nostalgiar gupon itihakhot humai thoka amar
premor kotha....hoitu bujiba, jidina moi ai
prithivi ari gusi jam aru mur gupon hiya
stopdho hoi robo.tetiya hoitu muk tumi buji
paba..aru gupone tumiu hoitu sokurpani
tukiba..aru a bar hoitu bhabiba mur tumale
thoka hei himahin morom aru bhalpua kotha,jar
kunu tulona nai...
©bad boyz master mind ilias bin hasan
Saturday, 16 April 2016
Val poar bixoye kisu kotha
★ ভালপোৱা জীৱনৰ এটা Notebook ৰ
দৰে
ভূল বুজাবুজি হল তাৰে কেইটামান
পৃষ্ঠা
যদি কোনোৱাক সঁচাকৈ ভালপোৱা
যায়
কিছুমান ভূলৰ বাৱে Notebook টো ফাঁলি
নেপেলাবা
ভূলৰ পৃষ্ঠাবোৰহে ফাঁলি পেলাৱা...
★ খং অভিমান প্ৰকৃত ভালপোৱাৰেই
এটা অংগ
সেইবুলি দীৰ্ঘ অভিমান দেখুৱাই
নিজকে আপোনজনৰ পৰা দূৰত
নাৰাখিৱা
অভিমানৰ অতিৰিক্ত প্ৰয়োগে
ভালপোৱাৰ গভীৰতা কমাই
জীৱনত তৃতীয় ব্যক্তিৰ উপস্থিতিত
সুবিধা দিয়ে...
★ কোনোৱাই যেতিয়া কিবা কাৰনত
প্ৰিয়জনৰ পৰা কষ্ট অনুভৱ কৰে
তেতিয়াই মানুহে নিষ্ঠুৰ হৱলৈ শিকে
প্ৰত্যেক লোকেই নিষ্ঠুৰ হৱৰ বাবে
তেওঁৰ প্ৰিয়জনৰ পৰা পোৱা কষ্টৰ
বাহিৰে
অন্য একো অনৈতিক শিক্ষাৰ প্ৰয়োজন
নাথাকে...
★ কোনোবাক ভালপোৱাৰ অধিকাৰ
আমাৰ সকলোৰে আছে
কিন্তু কাৰোবাৰ জীৱনৰ লগত খেলা
অধিকাৰ
হয়তো কাৰো বাবেই গ্ৰহনযোগ্য নহয়
কিয়নো এজনৰ উৰনীয়া ভালপোৱাই
আনজনৰ জীৱন শেষ কৰিৱলৈ যথেষ্ট...
★ মৃত্যু & ভালপোৱা উভয়ে উমান
নিদিয়াকৈ
আমাৰ প্ৰত্যেকৰে জীৱনলৈ আহে
এটাই লৈ যায় জীৱন আনটোই মন...
★ এজন আহত ব্যক্তিয়ে
যিমান সহজে যন্ত্ৰনাক পাহৰি যায়
এজন অপমানিত ব্যক্তিয়ে
সিমান সহজে পাহৰি নাযায়
তেওঁক কৰা অপমানৰ চহকী ভঁৰাল...
★ প্ৰিয়লোকৰ মৃত্যুৱে হয়টো ইমান
নকন্দুৱাই
যিমান কন্দুৱাই প্ৰিয়জনৰ অৱহেলাই...
★ তোমাক আপোন কৰি লবলৈ
নাপালো
এই কথা শুৱৰি আৰু নাকান্দো
কিন্তু চিৰদিনৰ বাবে হুমুনিয়া ৰৈ গল
যে
তুমি মোৰ বিষয়ে সকলো জানিওঁ
মোৰ জীৱনৰ বাবে যোগ্য হৱ
নোৱাৰিলা...
★ নুমাই যোৱা ইচ্ছা & সন্দেহ থাকিলে
আনৰ জীৱনলৈ আশাৰ প্ৰদীপ হৈ
নাহিবা
নোপোৱাৰ বেদনাক পাহৰি
সকলো পালে সুখী হৱ পাৰি
কিন্তু পাই হেৰুৱাই
পুনৰ আনৰ পৰা সকলো পালেওঁ
অতীতত হেৰাই অহা সকলো পাহৰিৱ
নোৱাৰি...
★ যাক কোনোৱাই পচন্দ কৰিৱ
নোৱাৰে
তেওঁৰ আগত নিজকে ব্যাখ্যা কৰা
প্ৰয়োজন নাই
কিয়নো সেই ব্যাখ্যাৰ প্ৰসংগৰ মুল্য
তেওঁৰ হিদয়ৰ শ্ৰৱন শক্তিৰ তুলনাত
বেছি...
★ কোনোৱাৰ সৈতে ভালপোৱাৰ
অভিনয়ত বিশ্বাস ঘাটক কৰি
তেওঁক প্ৰেমৰ নামত অন্ধ,দুখীয়া & মুৰ্খ
বুলি ভবাটো ভূল ধাৰনা
কোনোৱাই পবিত্ৰ মনৰ পৰা ভালপায়
কাৰনে চকুমুজি বিশ্বাস কৰিৱ পাৰে
কিন্তু যিয়ে মনৰ এনেকুৱা সুস্থ বিশ্বাসৰ
যোগ্য নহয়
সঁচা অৰ্থত তেওঁহে অন্ধ,দুখীয়া & মুৰ্খ...
★ আমি সেই পৰ্যন্ত সঁচা অৰ্থত সুখ কি
নুবুজিম
যিদিনালৈকে প্ৰকৃতাৰ্থত কাৰো
প্ৰেমত নপৰিম
একেদৰে সেই পৰ্যন্ত নুবুজিম সঁচা অৰ্থৰ
প্ৰেম কি
যিদিনালৈকে প্ৰকৃত ভালপোৱাক
হেৰাই
তাৰ পবিত্ৰ অনুভৱ নকৰিম...
★ জীৱনত আমি উপলদ্বি কৰি মানি
লৱলৈ বাধ্য হৱ লগা হয়
যে কিছুমান মানুহ আমাৰ হিদয়তহে
চিৰদিনলৈ ৰৈ যায়
জীৱনৰ প্ৰতিটো মূৰ্হূতৰ কাষত নহয়...
★ পৃথিবীত কাৰোৱাৰ আপোন
হোৱাটো সহজ
কিন্তু চিৰদিনৰ বাবে কাষত পোৱাটো
কঠিন...
★ যিয়ে কোনোৱাক সঁচাকৈ ভালপায়
তেওঁ কোনোৱাৰ চকুৰ
প্ৰথম টোপাল পানী দেখি
দ্বিতীয় টোপাল পৰাৰ আগতে ধৰি
ৰাখে
তৃতীয় টোপাল পৰাৰ আগতে হাঁহিৱ
শিকায়...
★ যিয়ে কোনোৱাৰ অযোগ্যতাক
মানি লয়
সেইজনেই তেওঁক ভালপায়
কিয়নো ভলবোৰক সকলোৱে মানি লয়
কিন্তু বেয়াটোক সেইজনেহে মানি
লৱ পাৰে
যিয়ে বিনাচৰ্তে পবিত্ৰ মনে তেওঁক
ভালপায়...
★ নিজকে এনেদৰে তৈয়াৰ কৰা
যাতে
কোনোৱাই হাঁহিলে নিজে হাঁহি
উঠা
কোনোৱাই কান্দিলে নিজে কান্দি
উঠা
মাঠো নিজৰ জীৱনৰ বাৱে নহয়
আন কোনোৱাৰ শান্তি & সহানুভূতিৰ
বাবে...
©ilias hasan
Thursday, 14 April 2016
Monor anuvobor kisu kotha
তোমাৰ প্ৰিয় জন অথবা প্ৰিয় গৰাকীৰ
লগত যদিও বিচ্ছেদ হৈ গৈছে ..
তথাপিও কিন্তু তাই বা তেওঁৰ ওচৰত
তুমি যেতিয়া সাক্ষাৎ হোৱা
তেতিয়া কিন্তু নিচেই তুমি সৰু হৈ
পৰা ...
তাইক কিছু তান কথা কৈ সেই
যান্ত্ৰণা বোৰ উলিয়াব খুজিও তাইৰ
সৰলতাৰ আগত ক্ষুদ্ৰ হৈ পৰা ...!
বুকুৰ মাজত কিম্বা অজান শব্দই ধপধপাই
থাকে ...!
কোনোটো সময়ত যেতিয়া অকলশৰীয়া
হৈ পৰিবা , বাৰুকৈয়ে তোমাৰ মনত
পৰিব সেই অতীতৰ কথাবোৰ ..! তাইৰ
সৈতে অতিবাহিত কৰা স্মৃতি বোৰ ..!
কেতিয়াবা হৰ্ঠাতে যেতিয়া
মবাইলৰ ফটোৰ শিতানত তাইৰ এখন
স্মৃতিৰে ভৰি পৰা সেই অতীতৰ কিছু
দৃশ্যাংশ দেখিবলৈ পাবা , হয়টো বুকুখন
কপি উঠিব ..!
আৰু কিম্বা তুমি অভিমানেৰে সেই
ফটোকপিক অদৃশ্য কৰি পেলাবা ..
কিছু যান্ত্ৰণাই হেঁচা মাৰি ধৰিব ,
কিন্তু তুমি তোমাৰ অভিমানৰ আগত
আকৌ যেন অভিমান কৰিয়েই বহি
থাকিবা ..!
পাহৰিবলৈ হয়টো নিশ্চয়কৈ চেষ্টা
কৰিবা , আৰু কিজানি কেইদিনমানৰ
বাবে পাহৰিও পেলাবা , কিন্তু
হৰ্ঠাতে এদিন তাইক আন এজনৰ লগত
কৰবাত দেখি যাবা ..
যদিও তাই এতিয়া তোমাৰ প্ৰেয়সী
নহয় .. তথাপিও দেখি যেন কিম্বা কষ্টৰ
সন্মুখীন হবা , আবেগিক হৈ পৰিব
তোমাৰ মন আৰু দুৱাৰ ..!
চকুৰ আগত যেন সেয়া কুৱঁলীয়েই আৱৰি
ধৰিছে ...!
নাজানোঁ কিয় এনেকুৱা হয় ...
কিন্তু অনেক কষ্ট হয় তেতিয়া ,
যেতিয়া সেই দৃশ্য চকুৰ আগত ভাহি
পৰে ! নিশা যেতিয়া শিতানৰ
গাৰুটোৰ মাজমজিয়াত শুই পৰিবা ,
তেতিয়া মাথোঁ মনলৈ আহিব
তাহানিৰ সেই কথাবোৰ তথা
স্মৃতিবোৰ !
হয়টো এনেকৈয়ে পাৰ হব আন্ধাৰে
আৱৰা পৃথিৱীৰ এটা সময় , কেতিয়া
যেন ৰাতি গুচি পোহৰ হব , হয়টো তাৰ
উমানেই নাপাবা .!
মনতে কিজানি তাইক বহুতেই গালি
পাৰিবা .. তাই প্ৰতি অভিমান এটা
ভৰালৰ সৃষ্টি কৰিবা .. হয়টো তোমাৰ
মন মেলিবা " তাইক ফোন কৰি খুবকৈ
গালি পাৰোঁ " ...
কিন্তু সেই একেবোৰেই আকৌ হৈ
পৰিব .....
ফোনত ভাহি অহা তাইৰ মিঠা সুৰীয়া
মাতটি শুনা পাই হয়টো তুমি স্তব্ধ হৈ
পৰিবা .. কি কম , কি নকম অৱস্থাৰ
সন্মুখীন হৈ পৰিবা ...
আৰু শেষত হয়টো এনেকৈয়ে কৈ পৰিবা
...
" ধেৎতেৰিকি কৰবালৈ মাৰোতে ,
তোমাৰ নাম্বাৰটোতে কল কৰি
পালোঁ .."
ধন্যবাদ ____
ইতি প্ৰীতম আৰ ডেকা
( শ্বেয়াৰ কৰিবা , আগলৈকে এনেধৰণৰ
আৰু কিছু লিখিবলৈ উৎসাহ পাম )
©Ilias hasan
Saturday, 9 April 2016
Par hoi jay mur anuvob bur
চিনাকি আলিবাটবোৰ
আজি অচিনাকি
বহুদিন পাৰ হৈ গ’ল
বুকুত আহি পৰিছে
ডাৱৰৰ মাজেদি অহা
এচেৰেঙা ৰ’দ
পুৱাতে গানগোৱা চৰাইটো
বহুদিন নিৰৱে আছিল
যোৱা কিছুদিন ধৰি টোপনি নাই
ভয় আৰু আতংকৰ ভাৱ এটা
দৌৰি ফুৰিছে মনৰ মাজত
নিজানত নিৰলে বহি
বুৰঞ্জীৰ পাত লুটিয়াই ভাবিছো
নিৰৱে পাৰ হওঁ সাগৰ
হঠাতে গানগোৱা চৰাইটোয়ে
বুকুত ধপধপাবলৈ ধৰিলে
বিজুলীৰ দৰে এটি শিহৰণ
বৈ গ’ল শৰীৰত
বেলিৰ পোহৰে তেতিয়া
মন দুৱাৰত টুকুৰিয়াই
অস্থিৰ হৈ পৰিছিল
Thursday, 7 April 2016
Moi bujao ki dore
দুচকুৰ নিয়ঁৰ সনা আভাসত তুমিয়েই
থাকা,
মই বুজাও কিদৰে !
আশাভৰা সপোনবোৰত তুমিয়েই থাকা,
মই বুজাও কিদৰে !
এবাৰ ভাবিবা সেই আমাৰ যুগ্ম
সংলগ্নলৈ, সেই সাগৰ ঢৌৱা
সপোনবোৰলৈ
আশাভৰা সপোনবোৰতো যে তুমিয়েই
থাকা,
মই বুজাও কিদৰে !
অভিমানৰ নাওঁ খন আৰু কিমান দূৰলৈ
মেলা,
পাৰতো যে আছে এজাক সূৱাস ৰৈ,
মই বুজাও কিদৰে !
লঠৰা জীৱনৰ চাকনৈয়াত যে কত'
প্ৰতিঘাত্,
জীৱন নদীৰ সিটো পাৰত যে কত'
সংঘাট্,
মই বুজাও কিদৰে !
এতিয়াও ভাবো তুমি বুজিবা,
মেলিবা মনৰ সঁচা দুৱাৰ
বুজিবা জীৱন এৰা ধৰাৰ এক
খন্তেকিয়া পলক, কিন্তু ....
মই বুজাও কিদৰে !