★এগৰাকী ধৰ্ষিতাৰ কথাৰে★
তোমালোকৰ দৰে সপোন মোৰো আছিল
৷
আছিল ৰঙীন পৃথিৱীখন চোৱাৰ হেঁপাহ,
কিন্তু হঠাৎ অহা এজাক অশান্ত বতাহত,
ভাগি গ'ল মোৰ সপোনৰ পঁজা ৷
হেৰাই গ'ল সুন্দৰ পৃথিৱীৰ ৰং ৷
উন্মাদ কামনাৰ বলি হৈ
এজাক নৰপিশাচৰ হাতত
হেৰুৱালো কুমাৰীত্বৰ সংজ্ঞা ৷
মোৰ দোষ ক'ত…
সুন্দৰী বাবেই নে…
এখন নিমজ চালৰ গৰাকী বাবেই ৷
সেয়াই নেকি মোৰ দোষ ৷
সমাজে মোক উপলুঙা কৰে
ধৰ্ষিতা বুলি সকলোৱে হাঁহে ৷
হ'ব নিবিছাৰো মই কাৰোবাৰ পুতৌৰ
পাত্ৰী ৷
বলি হব নিবিছাৰো তোমালোকৰ
নিৰ্লজ চাৱনিৰ ৷
আশাবোৰ মোৰো আছিল ৷
লগতে আছিল জীয়াই থকাৰ হেপাহ ৷
ঘৃণা উপজে মোৰ মানবতাৰ ওপৰত ৷
দয়া উপজে সুন্দৰতাৰ ওপৰত ৷
নিশাবোৰ মোৰ আপুন
চকুপানী আজি মোৰ বন্ধু ৷
কিন্তু শান্তি ক'ত……
শান্তি লাগে মোক,
মোৰ…
একমাত্ৰ শান্তি,
মৃত্যু, মাথোঁ মৃত্যু ৷
©ilias hasan
☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি । নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । ✍✍✍ইলিয়াছ হাছান✍✍✍
Wednesday, 20 April 2016
★এগৰাকী ধৰ্ষিতাৰ কথাৰে★
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment