দুচকুৰ নিয়ঁৰ সনা আভাসত তুমিয়েই
থাকা,
মই বুজাও কিদৰে !
আশাভৰা সপোনবোৰত তুমিয়েই থাকা,
মই বুজাও কিদৰে !
এবাৰ ভাবিবা সেই আমাৰ যুগ্ম
সংলগ্নলৈ, সেই সাগৰ ঢৌৱা
সপোনবোৰলৈ
আশাভৰা সপোনবোৰতো যে তুমিয়েই
থাকা,
মই বুজাও কিদৰে !
অভিমানৰ নাওঁ খন আৰু কিমান দূৰলৈ
মেলা,
পাৰতো যে আছে এজাক সূৱাস ৰৈ,
মই বুজাও কিদৰে !
লঠৰা জীৱনৰ চাকনৈয়াত যে কত'
প্ৰতিঘাত্,
জীৱন নদীৰ সিটো পাৰত যে কত'
সংঘাট্,
মই বুজাও কিদৰে !
এতিয়াও ভাবো তুমি বুজিবা,
মেলিবা মনৰ সঁচা দুৱাৰ
বুজিবা জীৱন এৰা ধৰাৰ এক
খন্তেকিয়া পলক, কিন্তু ....
মই বুজাও কিদৰে !
☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি । নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । ✍✍✍ইলিয়াছ হাছান✍✍✍
Thursday, 7 April 2016
Moi bujao ki dore
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment