Sunday, 31 December 2017

নৱবৰ্ষ উপলক্ষে প্ৰিয়তমালৈ এখনি চিঠি

মৰমৰ প্ৰিয়তমা,
মৰম ল’বা | আশা কৰো তুমি কুশলে আছা । মোৰ চিঠি লিখাৰ অভ্যাস
নাই , তোমালৈতো ফোন, এছ এম এছ
কৰা নহয়  | সেয়েহে মনতে
ভাবিলো এইবাৰ নতুন বছৰৰ প্ৰাক্ক্ষণত
তোমালৈ বুলি এখন চিঠিকে লিখো |
চিঠিতনো কি লিখিম ? লিখিম
বুলিতো বহুত কিবা কিবি
ভাবিছিলো | কিন্তু হাতত যেতিয়া
কলম তুলি ল’লো শব্দবোৰ ভাষাহীন হৈ
ক’ৰবাত গৈ লুকাই থাকিল | তুমি বাৰু
এতিয়া কি কৰিছা ? সাৰে আছানে ?
নে নিৰ্জন ৰাতি শেতেলীত পৰি
সপোন ৰাজ্যত বিচৰণ কৰিছা ?
এনেও বৰ্তমান শীতৰ দিন,
তোমাৰ বাৰু শীতৰ দিনৰ অনুভৱ কেনে ধৰণৰ ।
মোৰ ভাল লাগে শীতৰ দিন,
নৱেম্বৰ,ডিচেম্বৰ
আৰু জানুৱাৰী৷
এই মাহকেইটা
আহি পালেই শীতৰ অনুভৱে মনবোৰ
পুলকিত কৰে৷ দোকানবোৰত গৰম
কাপোৰৰ পয়োভৰ৷ ৰাতিপুৱাবোৰ
সোমাই থাকে কুঁৱলীৰ চাদৰৰ তলত৷
ওলাও নোলাওকৈ লাজৰ ওৰণি টানি
পূৱ আকাশত দেখা দিয়ে সূৰ্যকান্তিৰ
কোমল ৰ’দালীয়ে৷ গৰম কাপোৰৰ উম
এৰি বিচনা এৰি আহিবলৈ এলাহে
আগুৰি ধৰে৷ শীতৰ অনুভৱ বুলিলে আৰু
কিছু নষ্টালজিক সময়ৰ স্মৃতিয়ে হৃদয়
বলুকাত উখল-মাখল লগাই পাৰ হৈ যায়৷
তাৰ ভিতৰত ৰাস উত্সৱ,বৰদিন,মকৰ
সংক্ৰান্তি আৰু আমাৰ বুকুৰ আপোন
ভোগালীকে ধৰি কেবাটাও উত্সৱৰ
মিঠা অনুভৱ৷ ইংৰাজী নতুন বৰ্ষৰ আগমনৰ
বতৰা শীতে আনে আৰু দিয়ে মাদকতা
ভৰা আদৰণি উত্সৱ৷ একুৰা জুই আৰু এজুম
মানুহৰ ৰসাল আড্ডাৰ লগত গৰম চাহ
পকৰা আদি শীত আতৰোৱাৰ চেষ্টাৰ
লগতে মানুহৰ যান্ত্ৰিকতাহীন জীৱনৰ
অলপ সোৱাদ লোৱাৰ সুযোগ৷ বনভোজৰ
হাঁহি ফুৰ্টি , নাচ-গানেৰে শীতৰ
উদযাপন সঁচাকৈয়ে মনোৰম৷ গৰম
নোমাল কাপোৰৰ তলত হাত-ভৰি
লুকাই অথচ অন্তৰৰ দুৱাৰ মেলি থয়
শীতে৷
বাৰু যিয়েই ন’হওক মাজত মাত্ৰ এটা দিন |
তাৰ পিছত আমি আকোৱালী ল’ম এটি
নতুন বছৰ | হেৰাই যাব আমাৰ মাজৰ পৰা
সুখ-দুখ , হাঁহি-কান্দোনেৰে ভৰপূৰ আন
এটা বছৰ | হয়তো হেৰাই যাব পাৰো ম ই,
তুমি আৰু আমাৰ বহুতো বন্ধু-বান্ধবী |
  ছেঃ
লিখোতে লিখোতে ঢেৰ কিবা
কিবিখন লিখিলো | তুমি ছাগে পঢ়ি
আমনিহে পাবা | আৰুনো কি লিখিম...
যাব লগিয়া সময় বোৰতো আমাৰ মাজৰ
পৰা আতৰিয়ে গ’ল | ধৰি ৰাখিবতো
নোৱাৰি | মাথো জিপাল হৈ
থাকিব এমুঠি স্মৃতি | যি স্মৃতি অনাগত
ভবিষ্যতত প্ৰেৰণা হৈ থিয় দিব আমাৰ
সন্মুখত | আৰু ইয়াৰ দ্বাৰাই আহিব লগা
সময় বোৰক আমি নতুনকৈ তথা সুন্দৰকৈ
সজাব পাৰিম | আজিলৈ আৰু
নিলিখো... শেষত নতুন বছৰৰ হিয়া ভৰা
উলগ যাচিলো | নতুন বছৰটিয়ে
তোমালৈ লৈ আনক সুখ-শান্তিৰে সমৃদ্ধ
অনাবিল আনন্দ | তোমাৰ জীৱন সুখৰ হওঁক
এয়াই মোৰ ভগৱানৰ ওচৰত একান্ত
প্ৰাৰ্থনা | লগতে তোমাৰ পৰিয়ালৰ
সকলোলৈ মোৰ হিয়া ভৰা মৰম, শ্ৰদ্ধা
আৰু নৱবৰ্ষৰ শুভেচ্ছা থাকিল |
                                        ইতি,
                             তোমাৰ নষ্ট প্ৰেমিক
                                 ইলিয়াছ হাছান

নতুন আশা (নৱবৰ্ষ উপলক্ষে)

এফালে সৰি পৰা ,
জীৱনৰ এখিলা ৰঙীন পাত
আনফালে নতুনকৈ পোৱাৰ ;
জীৱনৰ এক আনামী সপোন |
পুৰণিক নেওঁচা দি নবীনৰ সন্ধানত
তুমি আজি ব্ৰতী হোৱা ;
তোমাৰ জীৱন মহান হওঁক |
জীৱনৰ পৰা পোৱা এটি এটি ক্ষণ ,
জীৱনৰ সৈতে খেলা এটি এটি পল
;
তুমি আজি আকৌ আশা কৰা
নতুন ৰূপেৰে, নতুন সাজেৰে, নতুন
আশাৰে
সপোনৰ এটি আনন্দময়ী দিন |
তোমাক কি লাগে....
তোমাৰ বিবেকক সোধা;
মনৰ সকলো উপচায় দিয়া ,
আৰু তাতেই ;
তুমি আজি পুনৰ স্নান কৰা ,
নতুনত্বৰ সমগ্ৰ সত্বাত ,
নতুনত্বৰ সমগ্ৰ অস্তিত্বত । । ।
নতুন বৰ্ষ উপলক্ষে । । । ।

Saturday, 23 December 2017

প্ৰেমৰ কবিতা

তোমাৰ চকুৱে মোক
ভাবুক কৰি তুলিলে
তোমাৰ চঞ্চল
চাৱনিয়ে মোক আবেগিক কৰি
তুলিলে
তোমাৰ উত্তেজনাই
মোৰ বহু নিশা কাঢ়ি নিলে
তোমাৰ মৰমে
মোক উন্মাদ ৰাতিৰ উন্মাদ প্রেমিক
কৰি তুলিলে
তুমি বৈ থাকা তেজ
হৈ মোৰ প্রতি সিৰা উপসিৰাৰে…
তোমাৰ উশাহে মোক
লেখক সজাই তুলিলে
তুমি বেয়া পালেও/ভাল পালেও
মোৰ ভাব, ভাষা আৰু মনৰ পৃথিৱীৰ
তুমি স্থায়ী বাসিন্দা…

Tuesday, 21 November 2017

তোমাৰ অনুভৱৰেই শব্দৰ মায়াজালৰ সৃষ্টি

তোমাৰ বুকুত শব্দময় নদীৰ
গভীৰতা শাওণৰ আকাশৰ
উন্মাদনা তোমাক ভাল
পাওঁ বুলি কলেই ৰিম
ঝিম বৰষুণ নামে তুমি
শব্দময় প্রাণৰ দুহিতা,
ভালপোৱাৰ নন্দন
প্রতিমা... তুমি শব্দ তুমি
গোন্ধ আহিনৰ দুবৰি
বুটলা সোনাৰুৰে
মালা গোঠা কবিতাৰ
দৰে সজোৱা নিশাৰ
আকাশ তোমাৰ উশাহত
ফুলে শেৱালিৰ সুবাস!!

Tuesday, 14 November 2017

কোন বাৰু তুমি(প্ৰিয়তমা)

নিশাৰ এন্ধাৰৰ আৰেঁ আৰেঁ
জোনাকী পৰুৱাৰ দৰে
মোৰ হৃদয়ৰ আৰেঁ আৰেঁ
কোন বাৰু তুমি ?
ক'লা ডাৱৰৰ মাজত থকা
শুকুলা মেঘৰ দৰে
মোৰ হৃদয় দাপোনত
দেখা দিয়াহি
বিজুলীৰ চিক্ মিকনি স্বৰুপে ।
যেতিয়াই বিচৰণ কৰোগৈ
মোৰ স্বপ্ন-ৰাজ্যত
দেখা পাওঁ তোমাৰ হাহিঁ
আৰু বেকা চাৱনি,
যিয়ে দেখায় তোমাক
অতিব শুৱনি ।

Thursday, 2 November 2017

নষ্ট প্ৰেমিকৰ নীলা খামৰ চিঠি

মৰমৰ প্ৰিয়তমা,
                এই শব্দহীন মায়ালগা নিশাটিত
তোমালৈ মনত পৰিছে। দুচকুৰ
প্ৰতিটোপাল চকুলোত তুমি জিলিকি
উঠিছা। বুটলিব খুজিছো চকুলোত তুমি
তুমি লগা অনুভৱ বোৰ।তোমাৰ বাবেই
সজাইছিলো অনুভৱৰ বুকত সকলো
সেউজীয়া। কিছু মৰম কিছু ভালপোৱা
আৰু কিছু অবিস্বাসৰ সুৰ- সকলোবোৰ
নেওচি তুমি গুছি গলা দুচকুত চকুলোৰ ঘৰ
সাজি। কপালত সেয়া ফোঁট নে তেজৰ
টোপাল, মোৰ ছোন চকুপানীৰেই জীৱন
জীপাল....
তুমি জানানে প্ৰিয়তমা??
মই নোৱাৰিলো তোমাৰ বুকুৰ
উত্তাল কামনা খিনি বুটলিব...আৰু
নোৱাৰিলো তোমাৰ হৃদয়ত প্ৰেমৰ
এগচি চাকি জ্বলাবলৈ...। কিজানিবা
সাজিব নোৱাৰিলো আঙুলিৰ সঁহাৰিত
সমুদ্ৰ গভীৰ বৰ্ণমালা...।তুমিছোন
জানাই প্ৰিয়তমা, এয়া উদ্মাদ প্ৰেমিকৰ নষ্ট
প্ৰেম...। এয়া চোৱা দুচকু ৰঙা হৈ
পৰিছে, চকুলো নিগৰি আহিছে, শব্দৰ অভাৱত মৌন হৈ পৰিছে মোৰ তেজৰ প্ৰতিটো কণিকাত মিহলি হৈ থকা মৰম-ভালপোৱাবোৰ ।
               তোমাৰ নষ্ট প্ৰেমিক
                ইলিয়াছ হাছান

Thursday, 26 October 2017

মোৰ বাবে তুমি এটি কবিতা হোৱা

মোৰ বাবে
তুমি এটি কবিতা হোৱা...
তোমাক সাবটি উজাগৰে পাৰ কৰিম
শীতৰ ওৰেটো দীঘল নিশা...
কঁপিব নেকি তোমাৰ জামুবুলীয়া দুটি
ওঁঠ ?
মোৰ অনুভৱেৰে তোমাক পিন্ধাম
আহল বহল ভালপোৱাৰ উমাল চোলা...
চিপচিপিয়া এজাক আবেগৰ বৰষুণে চুই
যাব
তোমাৰ লাহী-পাহি দেহা...
মোৰ বাবে
তুমি এটি কবিতা হোৱা । । ।

Sunday, 15 October 2017

শান্ত আছিলো মই

শান্ত আছিলো মই
মৃদু মলয়াৰ দৰে,
মতলীয়া কৰিলে মোক
ফাগুণৰ বতাহে,
কিয় জানো মনে
আজি একোকে নেমানে,
উৰণীয়া পখিলি হৈ
মন মোৰ উৰি ফুৰে,
হৃদয় আজি মোৰ
দুৰু দুৰু কঁপে,
কোনোবাই যেন বাৰে বাৰে
ৰিঙিয়াই মাতে,
শিলত থেকা খাই
প্ৰতিধ্বণী উঠে,
সপোণত কোনে জানো
গীত গাই আমনি কৰে,
শান্ত আছিলো মই
মৃদু মলয়াৰ দৰে । । ।
 
  ✍হাছান✍

Saturday, 14 October 2017

তুমি অবিহনে আজি প্রেম হ'ল একাদশী

তৰাৰ দেশতে জোনবাই
অকলে থাকে উজলি,
তুমি অবিহনে আজি
প্রেম হ’ল একাদশী ।
হৃদয়ৰ সাঁচিপাতত লিখা
মনৰ বাতৰিবোৰ
গ’ল যে উৱলি ।
লহিওৱা বেলিয়ে সন্ধিয়াৰ পৃথিৱীক
নিয়ৰৰ চুমা যাছি
গ’ল যে আঁতৰি,
সপোন নদীৰ ঘাটতে
তুমি আছিলা মোৰ কাষতে,
তুমি অবিহনে আজি
প্রেম হ’ল একাদশী,
পুঁৱতি নিশাৰ সপোন ভাঙি
কাঁচিয়লি ৰ’দৰ জিলিকনি সানি
অ’ মোৰ অভিমানী  প্ৰিয়তমা
উৱলি যোৱা সাঁচিপাততে
আকৌ এবাৰ লিখিম
হৃদয়ৰ বতৰা ,
হিয়াত মোৰ এপাহি ৰঙা গোলাপে
আজি পাহি মেলিব ধৰিছে
তুমি অবিহনে আজি
প্ৰেম হ'ল একাদশী । । । ।
✍✍✍হাছান✍✍✍


Saturday, 23 September 2017

মোৰ কবিতাত তোমাৰ উপস্থিতি

গভীৰ নিশা
অন্ধকাৰৰ মাজত
এজাক কুমলীয়া বতাহ
মাজে মাজে জোনাকৰ
চিলিমিলি পোহৰ
তাতেই আকৌ
মেঘালী চুলি উৰুৱাই
আন্ধাৰৰ ফাকে ফাকে
এটি মিছিকীয়া হাঁহিৰে
দুচকুৰ মৰমসনা ভাষাৰে
মোৰ এই সপোনত
চঞ্চল হোৱা মনক
উৎসাহিত কৰে
তোমাৰ আগমনেৰে । । ।

✍✍✍ইলিয়াছ হাছান✍✍✍

Thursday, 7 September 2017

কিছু অনুভৱ

দুপৰীয়াবোৰত খহি পৰে বিষাদ গধুৰ তপত
নিশ্বাস। নিৰ্জনতাৰ কৰুণ বাঁহীৰ সুৰে
ক্রমে আঁতৰাই লৈ যায় মোৰপৰা মোক।
চকুপানীবোৰ গান হৈ ভাঁহি আহে
দুচকুয়ে। বাঁহীৰ সুৰবোৰ ক্রমে শিপাই
হিয়াৰ গভীৰৰপৰা গভীৰলৈ। বিষাদৰ
দাল-পাতবোৰ লহপহকৈ বাঢ়ি আহে
নীলাৰপৰা নীলা হৈ।
সময়ৰ কোনটো ফেৰেঙণিত ওলমি
থাকিলা তুমি? পুৱাবোৰ আহি গুচি
যায়, তুমি নাহা পুৱাটিৰ সৈতে
ৰ’দকাঁচলি হৈ। আবেলিটো আহি গুচি
যায় ভাগৰ মাৰিবলৈ গধূলিৰ বুকুত, তুমি
নাহা মোৰ ভগ্ন হৃদয়ৰ আধৰুৱা উশাহবোৰৰ
উমান লবলৈ। নিশাটো ধপলিয়াই আহে
জোনাকৰ সৈতে উমলিবলৈ, তুমি
নাহা মোৰ সেমেকা শেতেলীত বহি
মোক নিচুকাবলৈ।

Wednesday, 30 August 2017

অনুভৱত একলম, প্ৰেমৰ দুটি স্তৱক (2)

                (1)
প্ৰেমিক পোচাক যোৰ খুলি থৈ
জীৱনক দি যাম বলীদান
হৃদয়ৰ গভীৰ কোনৰ পৰা
ওলিয়াই আনিম মৰম ভালপোৱা
মই যদি হেৰাই যাওঁ প্ৰিয়তমা
হৃদয় খন সজতনে ৰাখিবা
                (2)
দুটি নয়ন তৰাৰ দৰে
ওঁঠ যুৰি কঁপে ঘনে ঘনে |
আৱেগৰ উতলা বা হৈ ,
মন উৰা মাৰে অসীমৰ পৰা অসীমলৈ |
বিবেকৰ যুদ্ধত নৈতিক পৰাজয়
প্ৰশ্ন কৰোঁ নিজেই নিজকে |
তুমি কোন পৰী ?
চকুত চকু থৈ কিবা ক'বা নেকি....
স্তব্ধ হওঁক এপলক বুকুৰ কম্পন |