তোমাৰ চকুৱে মোক
ভাবুক কৰি তুলিলে
তোমাৰ চঞ্চল
চাৱনিয়ে মোক আবেগিক কৰি
তুলিলে
তোমাৰ উত্তেজনাই
মোৰ বহু নিশা কাঢ়ি নিলে
তোমাৰ মৰমে
মোক উন্মাদ ৰাতিৰ উন্মাদ প্রেমিক
কৰি তুলিলে
তুমি বৈ থাকা তেজ
হৈ মোৰ প্রতি সিৰা উপসিৰাৰে…
তোমাৰ উশাহে মোক
লেখক সজাই তুলিলে
তুমি বেয়া পালেও/ভাল পালেও
মোৰ ভাব, ভাষা আৰু মনৰ পৃথিৱীৰ
তুমি স্থায়ী বাসিন্দা…
☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি । নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । ✍✍✍ইলিয়াছ হাছান✍✍✍
Saturday, 23 December 2017
প্ৰেমৰ কবিতা
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment