Sunday, 31 December 2017

নতুন আশা (নৱবৰ্ষ উপলক্ষে)

এফালে সৰি পৰা ,
জীৱনৰ এখিলা ৰঙীন পাত
আনফালে নতুনকৈ পোৱাৰ ;
জীৱনৰ এক আনামী সপোন |
পুৰণিক নেওঁচা দি নবীনৰ সন্ধানত
তুমি আজি ব্ৰতী হোৱা ;
তোমাৰ জীৱন মহান হওঁক |
জীৱনৰ পৰা পোৱা এটি এটি ক্ষণ ,
জীৱনৰ সৈতে খেলা এটি এটি পল
;
তুমি আজি আকৌ আশা কৰা
নতুন ৰূপেৰে, নতুন সাজেৰে, নতুন
আশাৰে
সপোনৰ এটি আনন্দময়ী দিন |
তোমাক কি লাগে....
তোমাৰ বিবেকক সোধা;
মনৰ সকলো উপচায় দিয়া ,
আৰু তাতেই ;
তুমি আজি পুনৰ স্নান কৰা ,
নতুনত্বৰ সমগ্ৰ সত্বাত ,
নতুনত্বৰ সমগ্ৰ অস্তিত্বত । । ।
নতুন বৰ্ষ উপলক্ষে । । । ।

Saturday, 23 December 2017

প্ৰেমৰ কবিতা

তোমাৰ চকুৱে মোক
ভাবুক কৰি তুলিলে
তোমাৰ চঞ্চল
চাৱনিয়ে মোক আবেগিক কৰি
তুলিলে
তোমাৰ উত্তেজনাই
মোৰ বহু নিশা কাঢ়ি নিলে
তোমাৰ মৰমে
মোক উন্মাদ ৰাতিৰ উন্মাদ প্রেমিক
কৰি তুলিলে
তুমি বৈ থাকা তেজ
হৈ মোৰ প্রতি সিৰা উপসিৰাৰে…
তোমাৰ উশাহে মোক
লেখক সজাই তুলিলে
তুমি বেয়া পালেও/ভাল পালেও
মোৰ ভাব, ভাষা আৰু মনৰ পৃথিৱীৰ
তুমি স্থায়ী বাসিন্দা…

Tuesday, 21 November 2017

তোমাৰ অনুভৱৰেই শব্দৰ মায়াজালৰ সৃষ্টি

তোমাৰ বুকুত শব্দময় নদীৰ
গভীৰতা শাওণৰ আকাশৰ
উন্মাদনা তোমাক ভাল
পাওঁ বুলি কলেই ৰিম
ঝিম বৰষুণ নামে তুমি
শব্দময় প্রাণৰ দুহিতা,
ভালপোৱাৰ নন্দন
প্রতিমা... তুমি শব্দ তুমি
গোন্ধ আহিনৰ দুবৰি
বুটলা সোনাৰুৰে
মালা গোঠা কবিতাৰ
দৰে সজোৱা নিশাৰ
আকাশ তোমাৰ উশাহত
ফুলে শেৱালিৰ সুবাস!!

Tuesday, 14 November 2017

কোন বাৰু তুমি(প্ৰিয়তমা)

নিশাৰ এন্ধাৰৰ আৰেঁ আৰেঁ
জোনাকী পৰুৱাৰ দৰে
মোৰ হৃদয়ৰ আৰেঁ আৰেঁ
কোন বাৰু তুমি ?
ক'লা ডাৱৰৰ মাজত থকা
শুকুলা মেঘৰ দৰে
মোৰ হৃদয় দাপোনত
দেখা দিয়াহি
বিজুলীৰ চিক্ মিকনি স্বৰুপে ।
যেতিয়াই বিচৰণ কৰোগৈ
মোৰ স্বপ্ন-ৰাজ্যত
দেখা পাওঁ তোমাৰ হাহিঁ
আৰু বেকা চাৱনি,
যিয়ে দেখায় তোমাক
অতিব শুৱনি ।

Thursday, 2 November 2017

নষ্ট প্ৰেমিকৰ নীলা খামৰ চিঠি

মৰমৰ প্ৰিয়তমা,
                এই শব্দহীন মায়ালগা নিশাটিত
তোমালৈ মনত পৰিছে। দুচকুৰ
প্ৰতিটোপাল চকুলোত তুমি জিলিকি
উঠিছা। বুটলিব খুজিছো চকুলোত তুমি
তুমি লগা অনুভৱ বোৰ।তোমাৰ বাবেই
সজাইছিলো অনুভৱৰ বুকত সকলো
সেউজীয়া। কিছু মৰম কিছু ভালপোৱা
আৰু কিছু অবিস্বাসৰ সুৰ- সকলোবোৰ
নেওচি তুমি গুছি গলা দুচকুত চকুলোৰ ঘৰ
সাজি। কপালত সেয়া ফোঁট নে তেজৰ
টোপাল, মোৰ ছোন চকুপানীৰেই জীৱন
জীপাল....
তুমি জানানে প্ৰিয়তমা??
মই নোৱাৰিলো তোমাৰ বুকুৰ
উত্তাল কামনা খিনি বুটলিব...আৰু
নোৱাৰিলো তোমাৰ হৃদয়ত প্ৰেমৰ
এগচি চাকি জ্বলাবলৈ...। কিজানিবা
সাজিব নোৱাৰিলো আঙুলিৰ সঁহাৰিত
সমুদ্ৰ গভীৰ বৰ্ণমালা...।তুমিছোন
জানাই প্ৰিয়তমা, এয়া উদ্মাদ প্ৰেমিকৰ নষ্ট
প্ৰেম...। এয়া চোৱা দুচকু ৰঙা হৈ
পৰিছে, চকুলো নিগৰি আহিছে, শব্দৰ অভাৱত মৌন হৈ পৰিছে মোৰ তেজৰ প্ৰতিটো কণিকাত মিহলি হৈ থকা মৰম-ভালপোৱাবোৰ ।
               তোমাৰ নষ্ট প্ৰেমিক
                ইলিয়াছ হাছান

Thursday, 26 October 2017

মোৰ বাবে তুমি এটি কবিতা হোৱা

মোৰ বাবে
তুমি এটি কবিতা হোৱা...
তোমাক সাবটি উজাগৰে পাৰ কৰিম
শীতৰ ওৰেটো দীঘল নিশা...
কঁপিব নেকি তোমাৰ জামুবুলীয়া দুটি
ওঁঠ ?
মোৰ অনুভৱেৰে তোমাক পিন্ধাম
আহল বহল ভালপোৱাৰ উমাল চোলা...
চিপচিপিয়া এজাক আবেগৰ বৰষুণে চুই
যাব
তোমাৰ লাহী-পাহি দেহা...
মোৰ বাবে
তুমি এটি কবিতা হোৱা । । ।

Sunday, 15 October 2017

শান্ত আছিলো মই

শান্ত আছিলো মই
মৃদু মলয়াৰ দৰে,
মতলীয়া কৰিলে মোক
ফাগুণৰ বতাহে,
কিয় জানো মনে
আজি একোকে নেমানে,
উৰণীয়া পখিলি হৈ
মন মোৰ উৰি ফুৰে,
হৃদয় আজি মোৰ
দুৰু দুৰু কঁপে,
কোনোবাই যেন বাৰে বাৰে
ৰিঙিয়াই মাতে,
শিলত থেকা খাই
প্ৰতিধ্বণী উঠে,
সপোণত কোনে জানো
গীত গাই আমনি কৰে,
শান্ত আছিলো মই
মৃদু মলয়াৰ দৰে । । ।
 
  ✍হাছান✍

Saturday, 14 October 2017

তুমি অবিহনে আজি প্রেম হ'ল একাদশী

তৰাৰ দেশতে জোনবাই
অকলে থাকে উজলি,
তুমি অবিহনে আজি
প্রেম হ’ল একাদশী ।
হৃদয়ৰ সাঁচিপাতত লিখা
মনৰ বাতৰিবোৰ
গ’ল যে উৱলি ।
লহিওৱা বেলিয়ে সন্ধিয়াৰ পৃথিৱীক
নিয়ৰৰ চুমা যাছি
গ’ল যে আঁতৰি,
সপোন নদীৰ ঘাটতে
তুমি আছিলা মোৰ কাষতে,
তুমি অবিহনে আজি
প্রেম হ’ল একাদশী,
পুঁৱতি নিশাৰ সপোন ভাঙি
কাঁচিয়লি ৰ’দৰ জিলিকনি সানি
অ’ মোৰ অভিমানী  প্ৰিয়তমা
উৱলি যোৱা সাঁচিপাততে
আকৌ এবাৰ লিখিম
হৃদয়ৰ বতৰা ,
হিয়াত মোৰ এপাহি ৰঙা গোলাপে
আজি পাহি মেলিব ধৰিছে
তুমি অবিহনে আজি
প্ৰেম হ'ল একাদশী । । । ।
✍✍✍হাছান✍✍✍


Saturday, 23 September 2017

মোৰ কবিতাত তোমাৰ উপস্থিতি

গভীৰ নিশা
অন্ধকাৰৰ মাজত
এজাক কুমলীয়া বতাহ
মাজে মাজে জোনাকৰ
চিলিমিলি পোহৰ
তাতেই আকৌ
মেঘালী চুলি উৰুৱাই
আন্ধাৰৰ ফাকে ফাকে
এটি মিছিকীয়া হাঁহিৰে
দুচকুৰ মৰমসনা ভাষাৰে
মোৰ এই সপোনত
চঞ্চল হোৱা মনক
উৎসাহিত কৰে
তোমাৰ আগমনেৰে । । ।

✍✍✍ইলিয়াছ হাছান✍✍✍

Thursday, 7 September 2017

কিছু অনুভৱ

দুপৰীয়াবোৰত খহি পৰে বিষাদ গধুৰ তপত
নিশ্বাস। নিৰ্জনতাৰ কৰুণ বাঁহীৰ সুৰে
ক্রমে আঁতৰাই লৈ যায় মোৰপৰা মোক।
চকুপানীবোৰ গান হৈ ভাঁহি আহে
দুচকুয়ে। বাঁহীৰ সুৰবোৰ ক্রমে শিপাই
হিয়াৰ গভীৰৰপৰা গভীৰলৈ। বিষাদৰ
দাল-পাতবোৰ লহপহকৈ বাঢ়ি আহে
নীলাৰপৰা নীলা হৈ।
সময়ৰ কোনটো ফেৰেঙণিত ওলমি
থাকিলা তুমি? পুৱাবোৰ আহি গুচি
যায়, তুমি নাহা পুৱাটিৰ সৈতে
ৰ’দকাঁচলি হৈ। আবেলিটো আহি গুচি
যায় ভাগৰ মাৰিবলৈ গধূলিৰ বুকুত, তুমি
নাহা মোৰ ভগ্ন হৃদয়ৰ আধৰুৱা উশাহবোৰৰ
উমান লবলৈ। নিশাটো ধপলিয়াই আহে
জোনাকৰ সৈতে উমলিবলৈ, তুমি
নাহা মোৰ সেমেকা শেতেলীত বহি
মোক নিচুকাবলৈ।

Wednesday, 30 August 2017

অনুভৱত একলম, প্ৰেমৰ দুটি স্তৱক (2)

                (1)
প্ৰেমিক পোচাক যোৰ খুলি থৈ
জীৱনক দি যাম বলীদান
হৃদয়ৰ গভীৰ কোনৰ পৰা
ওলিয়াই আনিম মৰম ভালপোৱা
মই যদি হেৰাই যাওঁ প্ৰিয়তমা
হৃদয় খন সজতনে ৰাখিবা
                (2)
দুটি নয়ন তৰাৰ দৰে
ওঁঠ যুৰি কঁপে ঘনে ঘনে |
আৱেগৰ উতলা বা হৈ ,
মন উৰা মাৰে অসীমৰ পৰা অসীমলৈ |
বিবেকৰ যুদ্ধত নৈতিক পৰাজয়
প্ৰশ্ন কৰোঁ নিজেই নিজকে |
তুমি কোন পৰী ?
চকুত চকু থৈ কিবা ক'বা নেকি....
স্তব্ধ হওঁক এপলক বুকুৰ কম্পন |

Monday, 28 August 2017

প্ৰেমৰ দুটা স্তৱক

         (1)
প্ৰভাতৰ আগমণত
সূৰ্যমুখী ফুল ফুলি উঠাৰ দৰেই
যৌৱনৰ পৰশ পাই
লাজুক হোৱা তোমাৰ চাৱনি ;
তাতেই বিলীন হৈ যাও মই
সোনোৱালী যৌৱনৰ ঠিকনা
বিচাৰি ।

           (2)
তোমাৰ…..
কাজলসনা এযুৰি অপ্সৰাময়ী নয়ন
একোচা দীঘল চুলি
চুটি নিস্তেজ হাঁহি আৰু
সলাজ লাৱণ্যময়ী চাৱনিৰ বাবেই
মোৰ হৃদয়ৰ বননিত
ফুলি উঠিল
শুভ্ৰ কঁহুৱা ফুল |