✍✍✍ইলিয়াছ হাছান✍✍✍
আমি মানুহবোৰ জীৱনত বহুতো ভুল কৰোঁ। কিছুমান জানি বুজি কৰো আৰু কিছুমান অজানিতে কৰোঁ । মোৰো জীৱনত মই ভুল কৰিছিলো, তাৰ বাবে মই আজি দুঃখিত। মই আজি খমা বিচাৰিছোঁ।
জানিয়ে হওঁক বা অজানিতে হওঁক যদি মোৰ কিবা ভুল হৈছে তেনেহলে মোক মাফ কৰি দিবা।
নাজানো মই কি কৈছিলো, নাজানো মই কি কৰিছিলো, নাজানো মোৰ চাৰিওফালে কিহে আবৰি আছিল। নাজানো মোৰ কি হৈছিল। নাজানো কি কাৰণত মই এনে অদ্ভুত আকৃতি লৈছিলো। একো বুজিব পৰা নাছিলো মোৰ চাৰিওফালে কি হৈ আছে। মই যেন মাতাল হৈ গৈছিলো। মোৰ চাৰিওফালে এক আৱৰণৰ সৃষ্টি হৈছিলে আৰু এই আৱৰণে মোক প্ৰতিপলে বাধা দিছিলে আগুৱাই যাবলৈ। লাহে লাহে আৱৰণ খন ডাঠ আৰু কঠিন হৈ আহিছিলে আৰু মই একো দেখা নোপোৱা হৈ গৈ আছিলো। লাহে লাহে অন্ধকাৰে আৱৰি ধৰিছিলে মোক, মই অন্ধকাৰত ডুব গৈছিলো, সেই মুহূৰ্তত মই পোহৰ বিচাৰি হাবাথুৰি খাইছিলো । পোহৰ বিচাৰি বিচাৰি মই পাগল হৈ গৈছিলো, কিন্তু কত পোহৰ পোৱা নাছিলো। ইয়াৰ ফলত মই কি কৰি গৈ আছিলো একো বুজিব পৰা নাছিলো। অৱশেষত এনেকৈয়ে অন্ধকাৰত মোৰ জীৱন অতিবাহিত হব ধৰিছিলে। কিন্তু সৌ সিদিনাৰ পৰা এই অন্ধকাৰ পোহৰ হবলৈ ধৰিছে যেন অনুভৱ কৰিছো। পুনৰ পোহৰ বিচাৰি পাইছো যেন অনুভৱ হয়।
অৱশেষত মোৰ এটি অনুৰোধ প্ৰিয়তমা তোমালৈ মোৰ এই পোহৰ হবলৈ ধৰা অন্ধকাৰ পুনৰ অন্ধকাৰ হবলৈ নিদিবা। মই আকৌ খমা বিচাৰিছোঁ। মোক মাফ কৰি দিয়া।
I Apologize, I Apologize !!!!!
Thanks
❤your dearest one❤
Ilias hasan
with big hugs & kissing ❤
❤LOVE YOU❤
No comments:
Post a Comment