Monday, 30 May 2016

হেৰাই যাওঁ মই

✍ইলিয়াছ হাছান✍

তোমাৰ চকুযুৰিলে মই যেতিয়াই চাও

মই মুগ্ধ হৈ পৰো তোমাৰ চকুৰ নীলাখনিত

মই হেৰাই যাওঁ তোমাৰ নীলিম চকুৰ মাজত

বিচাৰি নাপাওঁ নিজকে

এক অদ্ভুত অনুভুতিয়ে আৱৰি ধৰে মোক

একে সময়তে তোমাৰ মৃদুস্মিতা

হাঁহিটিয়ে জীপাল কৰি তোলে মোক

তেতিয়া মই নিজক হেৰুৱাই

ডুব যাওঁ তোমাৰ মাজত

এনেবোৰ অনুভুতিয়ে বাৰুকৈয়ে আমনি কৰে মোক

যেতিয়া মই তোমাৰ ছবিখনলৈ চাওঁ

Friday, 27 May 2016

I Apologize(মোক মাফ কৰা)

✍✍✍ইলিয়াছ হাছান✍✍✍

আমি মানুহবোৰ জীৱনত বহুতো ভুল কৰোঁ। কিছুমান জানি বুজি কৰো আৰু কিছুমান অজানিতে কৰোঁ । মোৰো জীৱনত মই ভুল কৰিছিলো,  তাৰ বাবে মই আজি দুঃখিত। মই আজি খমা বিচাৰিছোঁ।

জানিয়ে হওঁক বা অজানিতে হওঁক যদি মোৰ কিবা ভুল হৈছে তেনেহলে মোক মাফ কৰি দিবা।

নাজানো মই কি কৈছিলো, নাজানো মই কি কৰিছিলো, নাজানো মোৰ চাৰিওফালে কিহে আবৰি আছিল। নাজানো মোৰ কি হৈছিল। নাজানো কি কাৰণত মই এনে অদ্ভুত আকৃতি লৈছিলো। একো বুজিব পৰা নাছিলো মোৰ চাৰিওফালে কি হৈ আছে। মই যেন মাতাল হৈ গৈছিলো। মোৰ চাৰিওফালে এক আৱৰণৰ সৃষ্টি হৈছিলে আৰু এই আৱৰণে মোক প্ৰতিপলে বাধা দিছিলে আগুৱাই যাবলৈ। লাহে লাহে আৱৰণ খন ডাঠ আৰু কঠিন হৈ আহিছিলে আৰু মই একো দেখা নোপোৱা হৈ গৈ আছিলো। লাহে লাহে অন্ধকাৰে আৱৰি ধৰিছিলে মোক, মই অন্ধকাৰত ডুব গৈছিলো, সেই মুহূৰ্তত মই পোহৰ বিচাৰি হাবাথুৰি খাইছিলো । পোহৰ বিচাৰি বিচাৰি মই পাগল হৈ গৈছিলো, কিন্তু কত  পোহৰ পোৱা নাছিলো। ইয়াৰ ফলত মই কি কৰি গৈ আছিলো একো বুজিব পৰা নাছিলো। অৱশেষত এনেকৈয়ে অন্ধকাৰত মোৰ জীৱন অতিবাহিত হব ধৰিছিলে। কিন্তু সৌ সিদিনাৰ পৰা এই অন্ধকাৰ পোহৰ হবলৈ ধৰিছে যেন অনুভৱ কৰিছো। পুনৰ পোহৰ বিচাৰি পাইছো যেন অনুভৱ হয়।

  

অৱশেষত মোৰ এটি অনুৰোধ প্ৰিয়তমা তোমালৈ মোৰ এই পোহৰ হবলৈ ধৰা অন্ধকাৰ পুনৰ অন্ধকাৰ হবলৈ নিদিবা। মই আকৌ খমা বিচাৰিছোঁ। মোক মাফ কৰি দিয়া।

I Apologize, I Apologize !!!!!

Thanks

❤your dearest one❤

Ilias hasan

with big hugs & kissing ❤

❤LOVE YOU❤

Wednesday, 18 May 2016

❤প্ৰেমৰ বিষয়ে একলম❤

লাইফৰ আটাইতকৈ ইণ্টাৰেষ্টিং কথা এটা হৈছে যে আটাইতকৈ মধুৰ সুখবোৰ আৰু আটাইতকৈ বিষাদ যন্ত্ৰণা তথা আঘাট যি আঘাট মন বা হৃদয়ে পায় সেই সকলোবোৰ যেন প্ৰেমৰ পৰাই প্ৰাপ্তি হয়।অৱশ্যে কথাটো সকলোৰে ক্ষেত্ৰত প্রযোজ্য নহ’বও পাৰে।এক্সুৱেলী সকলো মানুহ প্ৰেম কি চিনিয়েই নাপায়। হয়তো প্ৰেম কৰিবলৈকে নাজানে। হয়তো ইচ্ছা নাই।জীৱনত এবাৰো প্ৰেমত নপৰাজন মানুহ হ‘বই নোৱাৰে। ইংৰাজীত এষাৰ কথা আছে “A flower cannot blossom without sunshine, and man cannot live without love.“ মোৰ মতে কথাটো এশ শতাংশই সচাঁ।বয়সৰ ভিন্নতা অনুসৰি অৱশ্যে প্ৰেম কৰাৰ ষ্টাইল সুকীয়া সুকীয়া। প্ৰেম হৃদয়ৰ এক মিঠা অনুভূতি। প্ৰেম এক উপলব্ধি। প্ৰেমক উপলব্ধি কৰা যিমান সহজ, ব্যাখ্যা কৰা সিমান টান। প্ৰকৃতিৰ ৰূপৰ লগত ইয়াক তুলনা কৰিব পাৰি। প্ৰকৃতিয়ে যিদৰে ৰ'দ, বৰষুণ, বতাহ আদি দিয়ে ঠিক সেইদৰে প্ৰেমাৱস্থাত প্ৰেমিক- প্ৰেমিকাৰ মাজলৈ আহে হাঁহি, কান্দোন, আনন্দ আৰু বিষাদ। এই প্ৰেমৰ মাজেৰে সকলো যুৱক- যুৱতীয়ে সাজে কল্পনাৰ বালিঘৰ। প্ৰেমৰ আনন্দ ক্ষণস্থায়ী, কিন্তু প্ৰেমৰ বেদনা স্থায়ী। প্ৰেমৰ বাবে বেছি সময়ৰো প্ৰয়োজন নাই। কেতিয়াবা খুব কম সময়ৰ বাবে লগ পালেও কাৰোবাৰ সৈতে প্ৰেম হৈ যাব পাৰে। যাৰ সৈতে এবাৰ প্ৰেম হৈ যায়, তাক কেতিয়াও হৃদয়ৰ পৰা মচিব নোৱাৰি। নাইবা পাছত আন সম্পৰ্কও গঢ়িব নোৱাৰি। কিয়নো প্ৰেম প্ৰেমই। বান্ধৱীৰ সৈতেও পাছত প্ৰেম হ'ব পাৰে, কিন্তু প্ৰেমৰ পাছত বন্ধু কেতিয়াও হ'ব নোৱাৰি। ডান্টে- বিয়েট্ৰিছক লগ পাইছিল মাত্ৰ দুবাৰ, তেতিয়া ডান্টে প্ৰেমৰত পৰিছিল বিয়েট্ৰিছৰ। কিন্তু তেওঁলোকৰ প্ৰেমো আছিল যন্ত্ৰণাময়। ডান্টে বিয়েট্ৰিছক নাপালেও তেওঁৰ প্ৰেম আছিল প্ৰকৃত প্ৰেম, তেওঁৰ প্ৰেম আছিল মহান। যাৰ বাবে প্ৰেমৰ বেদনাত তেওঁৰ কলমৰ মাজেৰি নিগৰি আহিছিল 'ডিভাইন কমেডি' ৰ দৰে অমৰ গ্ৰন্থৰ। গতিকে দেখা যায় ডান্টেৰ এই 'ডিভাইন কমেডি' লিখাৰ প্ৰেৰণা আছিল বিয়েট্ৰিছৰ প্ৰেম। শ্বেক্সপীয়েৰ, ৰবাৰ্ট ব্ৰাউনিং, কালমাৰ্কস, টলষ্টয়, শ্ব্যেলী, গ্যেটে আদি বিখ্যাত মনীষীসকলৰ সাহিত্য সৃষ্টিৰ আঁৰতো আছিল তেওঁলোকৰ প্ৰেয়সীৰ প্ৰেৰণা। “ Mind has a thousand eyes And the hearth is one, Yet the light of a whole life dies When love is gone''. ✍�ইলিয়াছ✍ ❤ ❤ ❤

Wednesday, 11 May 2016

মোৰ কবিতাই উচুপে নিৰবে

✍ইলিয়াছ হাছান✍

☞❤☜ মোৰ কবিতাই উচুপে নিৰবে প্ৰেমত পৰিছিল হেনো তাই গোপনে ৷ কোনোবা দুৰনীৰ ৰিনি ৰিনি ভাহি অহা বাঁহীৰ সুৰত তাই হেনো হৈছিল মতলীয়া ৷ উজাৰী দিছিল তাইৰ কুমাৰী ভালপোৱা ৷ কাৰন সেই সুৰটি আছিল ভাল লগা ৷ পিছে কও বুলিয়েই জানো কব পাৰি সকলো কথা ৷ লিখো বুলিলেই লিখিব নোৱাৰি যি দৰে কবিতা এটা ৷ তাই আছিল চঞ্চলা যৌৱনৰ দুৱাৰ দলিত খোজ দিব গৈ উজুটিত চিঙিল ভৰিৰ পতা ৷ সেয়ে আজি তাই উচুপে নিৰবে ৷ নাই ভাষা আজি তাইৰ মৌসনা ৷ শব্দতো ক্ষোভ ৷ সুৰটিটো আছে স্মৃতিয়ে জ্বলোৱা জুইকুৰা ৷ মোৰ কবিতাই সেয়েহে উচুপে তাই প্ৰেমত পৰা দিনৰে পৰা☞❤☜

Tuesday, 10 May 2016

সম্পৰ্কৰ লগত জড়িত ইগ

✍ইলিয়াছ✍

এটা ভাল সম্পৰ্ক বিচ্ছেদ হবলৈ বেছি সময় নালাগে । ই এক মুহূৰ্ততে বিচ্ছিন্ন হৈ যাব পাৰে । কিন্তু ভাল সম্পৰ্ক এটা গঢ়ি উঠিবলৈ বহু সময় লাগে । আচলতে এনে ভাল সম্পৰ্ক এটা বিচ্ছেদ হোৱাৰ মূল কাৰণ কি? বহু দিনৰ এটা সম্পৰ্ক এক মুহূৰ্ততে ধ্বংস কিয় হয় ? ইয়াৰ আৰত কি আছে ? ইয়াৰ মূল কাৰণ হল ইজনে সিজনৰ মাজত হোৱা ভুল বুজাবুজি। দুজন ব্যক্তিৰ মাজত গঢ়ি উঠা ভাল সম্পৰ্ক এটাত যিকোনো কাৰণতে ভুল বুজা বুজিৰ সৃষ্টি হলে সেই সম্পৰ্ক বিচ্ছেদৰ পিনে আগবাঢ়ে আৰু শেষত ইজনে সিজনক বেয়া পোৱা হৈ যায় । আমাৰ মাজত এনেধৰণৰ বহু ঘটনা ঘটি আছে । প্ৰেম লীলাৰ সম্পৰ্কই হওক বা আত্মীয়ৰ সম্পৰ্ক হওক বা বন্ধু-বান্ধৱীৰ সম্পৰ্ক নহওক কিয় এনে ভুল বুজা বুজিৰ ফলত সম্পৰ্ক অটুট নাথাকিবও পাৰে । কিন্তু আমি ইয়াক পিছত হে উপলব্ধি কৰো। যাৰ ফলত সম্পৰ্কটো পুনৰ আগৰ দৰে হৈ উঠাৰ সম্ভৱ কম থাকে । কাৰণ আমাৰ মনত এনে এটা ভাব থাকে যাক আমি ইগ(EGO) বুলি কও। আমাৰ এই ইগৰ কাৰণে আমি কিছুমান খেত্ৰত পিছুৱাই যাওঁ। যিটো আমাৰ কাৰণে বহু গুণে খতিকাৰক কাৰণ আমি যদি এই ইগক বাদ দি তেওঁৰ কাষলৈ যাওঁ আমাৰ সম্পৰ্ক আগৰ দৰে গঢ়ি উঠিব । গতিকে মই কও যে ইগ এৰাই চলা আৰু নিজৰ জীৱন সুখেৰে কটোৱা । ✍ইলিয়াছ✍

Monday, 9 May 2016

তোমালৈ মনত পৰে

✍ইলিয়াছ✍

মৃদুস্মিতা হাঁহিটিৰে উন্মনা হৈ তুমি সদায় ভূমুকি মাৰা মোৰ সপোনত , নোপোৱাৰ বেদনাই দহি থকা ব্যথিত হৃদয়খনে তোমাৰ আগমনত উন্মাদ হৈ উঠে । তোমাৰ কথা ভাৱিলে আজিও মোৰ মন উত্ৰাৱল হৈ উঠে , জেতুকাবুলীয়া কণমানি হাতদুখনলৈ মনত পৰে যিকেইটা হাতেৰে তুমি মোৰ হাতত গুজি দিছিলা মৰমৰ ৰঙা গোলাপপাহি । বেদনাত জুৰুলা হৈ থকা নিৰাশাবৃত মনটোৱে , তোমাৰ আগমনত এৰি দিয়ে দুটোপাল আনন্দৰ অশ্ৰু যদিওবা সি স্থায়ী নহয় । তুমি আজি মোৰপৰা বহু দূৰত মোৰ অবুজ মন পখীটোৱে যেন, তোমাক কব খোজে “তোমালৈ আজিও মনত পৰে” ॥

Thursday, 5 May 2016

প্ৰেম

প্ৰেম এক দেহ-মন উন্মনা কৰা
সুগন্ধ ৷ ‘তোমাৰ’ ঢৌ খেলা
চুলিৰ পৰা ভাহি আহে ৷ সুগন্ধৰ
উৎস ফুল ৷ প্ৰেম-সুগন্ধৰ উৎস
‘তোমাৰ’ ৰূপ-যৌৱন, তোমাৰ
দেহ ৷ বতাহত ভাহি অহা সুগন্ধই
ফুলপাহ নহয়, সুতীব্ৰ প্ৰেম-
অনুভূতিখিনিও কামনা নহয় ৷
প্ৰেম আৰু কামনাৰ মাজৰ
পাৰ্থক্য ইয়াতেই যে প্ৰেম
কামনাৰে সুগন্ধ! গন্ধহীন ফুলৰ
মূল্য নাই, প্ৰেমহীন কামনাৰ পুলক
নাই, শিহৰণ নাই ৷ সেয়েহে মই
‘তোমাক’ প্ৰেমেৰে ‘কামনা’
কৰোঁ ৷ ‘তোমাৰ’ শৰীৰৰ এটা
মিঠা ‘কামনা’ৰ গোন্ধ উৰি-
উৰি মোৰ নাকত লাগেহি ৷
দুহাত প্ৰসাৰি মই তোমাৰ শৰীৰ
আলিংগন কৰোঁ; তোমাৰ হৃদয়ৰ
স’তে মই প্ৰেম কৰোঁ ৷
মোৰ সমগ্ৰ চেতনা জুৰি তোমাৰ
প্ৰেম ৷ নদীৰ দৰে বয় ৷ মই আপোন-
বিভোৰ হৈ নিৰৱে বহি
তোমাকেই ভাবি থাকোঁ ৷
গভীৰ ৰাতি ক’ৰবাৰ পৰা এক
ৰহস্যময় গীতৰ সুৰ ভাহি আহে ৷ মই
গম পাওঁ, দুচকুত মোৰ নিদ্ৰা নাই,
মই সাৰে থাকি চাই থাকো
তোমালৈ; আন্ধাৰ ফালি তুমি
আহিছা, এক উজ্জ্বল অপৰূপা পৰী
হৈ!

Tuesday, 3 May 2016

মোৰ জীৱন নামৰ বেলিটো অস্ত যাবলৈ বেছি দিন নাই

মানুহৰ জীৱনটো আচলতেই বহুত অদ্ভুদ। মাজে মাজে এনে কোনো আমাৰ জীৱনলৈ আহে যাক আমিপূর্বে কেতিয়াও চিনি নাপাও…।।অথচ তেওঁকেই আমি ইমান বেছিকৈ ভালপায় পেলাও যে,তেওঁ অবিহনে জীৱনটো অর্থহীন যেন মনত ভাব হয়………।। হয়টো তাই মোক ভাল নাপায় …. পাবনো কিয় মোৰ নিচিনা এটা অৰ্থহীন লৰাক….প্ৰথম কলেজত গৈয়ে মই তাইৰ প্ৰেমত পৰিছিলোঁ ….এইয়াই মোৰ প্ৰথম প্ৰেমৰ আৰম্ভণি …..আৰু তাইতে শেষ ….আজি তাই মোক বুজি নাপালে মোৰ সচা ভালপোৱা ক মিছা সম্বন্ধ দিলে ! তাই হয়টো ভাবিছে তাইক নাপালে মই আন কাৰোবাক হিয়াৰ আপোন কৰি লম,সেইটো মই কেতিয়াও কৰিব নোৱাৰোঁ ,তাইয়ে মোৰ প্ৰথম আৰু শেষ প্ৰেম …. তাইক পাহৰি মই জীৱনত আন কাৰো কথা ভাবিব নোৱাৰো ….হয়টো তাইক নাপালে মই অকলশৰীয়া জীৱনৰ উপ্যতকাৰ পৰা নিৰবে মৃত্যুৰ উপ্যতকালৈ যাবলৈ বাধ্য হম ! সিদিনা তাকে কৰিছিলো গুচি যাব খুজিছিলো এখন অচিনাকি নেদেখা দেশলৈ কিন্তু মাথোঁ এটা আশাতে উভটি আহিলো সেই অচিন দেশৰ সীমাৰ পৰা তাইক পোৱাৰ আশাত ….মোৰ সচা ভালপোৱা ত কি ৰৈ গল মই নাজানোঁ…..এটা কথা তুমি জানি থোৱা তোমাৰ অবিহনে মোৰ জীৱনৰ উকা কাগজত ৰৈ গৈছে মাথোন তোমাক নোপোৱাৰ যন্ত্ৰণা আৰু সেই যন্ত্ৰণা বোৰ মুচিবলৈ ব্যৱহাৰ কৰা মোৰ অশ্ৰু…! হয়টো তোমাৰ অবিহনে মোৰ জীৱন নামৰ বেলিটো অস্ত যাবলৈ বেছি দিন নাই …