Tuesday, 15 August 2017

প্ৰিয়তমালৈ এটি কবিতা

তোমাৰ হাতত ধৰি
মৰমৰ লুকাভাকু খেলি
এৰি অহা দিনবোৰ বিচাৰিম আমি !
চকুতে চকু থৈ
দুটি ওঁঠৰ পৰশ লৈ
উটি যাম চেনেহৰ নদীতে ঐ !
হাতে হাতে হাত মিলাই
প্ৰীতিৰে সুৱাস বিলাই
যাম আমি জীৱনৰ বাটত আগুৱাই !
দীঘল তোমাৰ চুলিতাৰি
বুকুত বৈ যায় প্ৰেমৰ নদী
মিচিকি হাঁহিৰে
সপোনত তোমাকে দেখি !
সপোন হৈ তুমি আহিবা
দুচকুত মোৰ ভাঁহিবা
বুকুৰ মাজত মোক আকোঁৱালি ধৰিবা ।  । । ।
✍✍✍হাছান✍✍✍

Sunday, 30 July 2017

মোৰ ডায়েৰিৰ এটি পৃষ্ঠা

এনেকৈয়ে এদিন পৰিচিত নাম্বাৰৰ
পৰা ফোন অহা বন্ধ হৈ যাব,তাৰ লগে
লগে মেছেজ অহাও বন্ধ হ'ব!!!
গুড মর্নিং, কি কৰিছা, কিবা খালা
নে? এনে নানান প্রশ্নৰ ভাণ্ডাৰত আৰু
কোনো কথা জমা হৈ নাথাকিব...।
যিজনে মোৰ মাতটো নুশুনাকৈ শুৱ
পৰা নাছিল তাই মোৰ ফোন
ৰিচিভ নকৰিব...।
মোৰ কান্দোন তাইৰ বাবে নাটক
সদৃশ হ'ব!!!
অথচ...
সেই একেজন মানুহেই!!!
যাৰ কাষত মোৰ "আজিৰ মন বেয়া
লগা" কথাটি শুনিলেই হুলস্থুল আৰম্ভ কৰি
দিছিল...।
মানুহজনৰ আচাৰ আচৰণ সকলো পৰিবর্তন
হৈ যাব!!!
মই অবিহনেও তাই সঁচাকৈ ভালে
থাকিব।
মই অবিহনে...
অন্য কাৰোবাক পালেতো কথাই নাই
তাইক কোনে পায়!!
অতীতত তাইৰ
গভীৰ ভালপোৱা, কেয়াৰিং,
বর্তমানে তাইৰ অবহেলা, অনুপস্থিতি
এই সকলো বিলাকৰ মাজত নিঃশেষ হৈ
থাকিম মই।
ফুচফুচাই কথা পতা,
মা-দেউতাৰ মাত শুনিলে মোবাইল
গাৰু তলত থৈ টোপনিৰ ভাও ধৰি থকা
ৰাতিবিলাক মই অকলেই পাৰ কৰিব
লাগিব!!!
কিন্তু হয়!!!
মোৰ সৈতে থাকিব সেইবিলাক
ৰাতিৰ স্মৃতি, চকুৰ পানী।
তথাপিও প্রার্থনাৰত অৱস্থাত
থাকোতে মই কবলৈ নাপাহৰে
"এবাৰ যদি তাই উভতি আহিল হয়
তেন্তে আৰু খং নকৰিম, ফোন
নাকাটিম,সকলো তাইৰ মতে কৰিম!!"
কিন্তু নাই তাই উভতি নাহে
দৃশ্যপট সলনি হৈ যায় মাথো সলনি নহয়
মই
সলনি নহয় মোৰ ভালপোৱা আৰু মোৰ অভ্যাস!

Saturday, 22 July 2017

মোৰ জন্মদিন উপলক্ষে যিসকল ব্যক্তিয়ে শুভাশীষেৰে মোক ধন্য কৰিলে তেখেত সকলৰ হাতত মৰমেৰে মোৰ এই সৰু কবিতাটো আগবঢ়ালো । মোৰ জন্মদিনত

মোৰ জন্মদিন উপলক্ষে যিসকল ব্যক্তিয়ে
শুভাশীষেৰে মোক ধন্য কৰিলে তেখেত সকলৰ হাতত মৰমেৰে মোৰ এই  সৰু কবিতাটো আগবঢ়ালো ।

মোৰ জন্মদিনত
**************
মোৰ জন্মদিনত
কৰবাত নহয় কৰবাত এটা হত্যাকাণ্ড
সংঘটিত হৈছে
কৰবাত নহয় কৰবাত এগৰাকী নাৰী
ধৰ্ষিতা হৈছে
বোমাৰে উৰুৱাই দিয়া হৈছে একোখন
দলং
অথবা জ্বলাই দিয়া হৈছে নিৰিহৰ ঘৰ
ভোকৰ এটা যাতনা লৈ
ফুটপাথত পৰি আছে সহস্ৰ অঘৰী
তেনেস্থলত কি স'তে উদযাপন কৰিম
মোৰ জন্মদিন ?
মোৰ জন্মদিনত
হয়তোবা নিষ্ঠুৰ আততায়ীৰ গুলীত
কৰবাত নহয় কৰবাত থকাসৰকা হৈছে
ফুল কুমলীয়া শিশু অথবা মাতৃৰ বুকু
দেশে দেশে বিয়পিছে বিদ্বেষ
ভাতৃঘাতী সংঘৰ্ষত নিহত হৈছে
অজস্ৰ তেজস্বী যুৱক
সহস্ৰ জনৰ বুকুৱে বুকুৱে বিয়পিছে
মুক বধিৰ আৰ্তনাদ
তেনেস্থলত আপুনিয়ে কওঁকচোন
কিদৰে সুখী হ'ম মোৰ জন্মদিনত ?
মোৰ জন্মদিনত
খং - ক্ষোভ - অভিমান বুকুত সামৰি
ঘৰ এৰি আঁতৰি যোৱা যুৱক জনৰ দৰে
ক্ৰমশঃ নিখোঁজ হৈছে শুভ সময়
দুচকুৰ ধূসৰ দৃষ্টিত বৰ্ণিল পোহৰৰ ৰেশৰ
সলনি
মাথোঁ নিচ্ছিদ্ৰ অন্ধকাৰৰ হাহাকাৰ
ৰাজনীতিৰ কুটিল পাকচক্ৰত
কৰবাত নহয় কৰবাত অকাল মৃত্যু হৈছে
এটা সপোনৰ
এতিয়া আপোনালোকেই কওঁক
কি স'তে বাৰু পালন কৰো
মোৰ জন্মদিন ?
মোৰ জন্মদিনত
আপোনালোকৰ শুভাশীষেৰে ধন্য
কৰিছে মোক
ধন্যবাদ জনাবলে' আপোনালোকক
মোৰ দেখোন ভাষাই নিখোঁজ !!
☆ ☆ ☆ ☆ ☆ ☆ ☆
আজি মোৰ জন্মদিন উপলক্ষে যিসকল
ব্যক্তিয়ে মোক শুভাশীষেৰে ধন্য
কৰিলে তেওঁলোক আটাইকে মই
আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ
আৰু মোৰ এই ক্ষুদ্ৰ কবিতাটি তেওঁলোকৰ
হাতত উচৰ্গা কৰিলোঁ । আপোনালোক
আটাইৰে শুভ হওঁক ।
** ধন্যবাদ সহকাৰে **

Friday, 21 July 2017

আজিযে মোৰ বিৰাট ট্ৰেজেডী


আজিযে মোৰ বিৰাট ট্ৰেজেডী 

সপোন কোঁৱৰী তুমি,
স্মৃতিৰ বলুকাত আঁকো মাঠো তোমাৰ ছবি,
বানে ধোৱা জীৱনৰ কৰুণ গাঁথাৰ মধুময় সঙ্গিত তুমি,
তোমাৰ সঙ্গ বিছাৰী আজি যে মোৰ বিৰাট ট্ৰেজেডী ।

মৰিছিকাৰ দৰে হেৰাই গলা তুমি,
নাপাঁও ক'তযে বিছাৰি,
নামিছে প্ৰতিটো সন্ধিয়া এবুকু বিষাদ বান্ধি,
তোমাৰ কনমান মৰম বিছাৰি আজিযে মোৰ বিৰাট ট্ৰেজেডী ।

হালধীয়া সপোনৰ মিঠা অনুভৱ তুমি,
জিল-মিল ৰ'দ জাকত উঠিছিল তোমাৰ দুচকু জ্বিলিকি,
দুচকুত মেঘহৈ চকুলো বোৰ আছে উপছি,
আহা সুখৰ সমোদ্ৰত উটাই যোৱা মোৰ চকুলো নহ'লে আজিযে মোৰ বিৰাট ট্ৰেজেডী ।

হৃদয়ত বাজিছে মোৰ প্ৰেমৰ মূৰুলী,
পাৰ হয় বুকুৰে বিষাদৰ বতাহ এছাতি,
মোৰ আশাতেই নামিছো সোণালী সময়ৰ সন্ধানত,
আহা জীপাল কৰাহি মোৰ দুখৰ চাপৰি নহ'লে আজিযে মোৰ বিৰাট ট্ৰেজেডী ।

Wednesday, 19 July 2017

প্ৰিয়তমা তোমালৈ


তুমি মোৰ আপোন নহলেও, তুমি মোৰ সপোনকুৱৰী । । তুমি মোৰ পৰা যিমান দূৰত নাথাকা কিয়, মই তোমাৰ ওচৰত থাকো । । তুমি যিমানেই অভিমানী নোহোৱা কিয়, তুমি মোৰ হিয়াৰ লগৰী । অ মোৰ অভিমানী প্ৰিয়তমা, তোমাতেই মগ্ন এই হিয়া । । । ।

বহুদিন হ’ল এটা কবিতা লিখা নাই

বহুদিন হ’ল এটা কবিতা লিখা নাই
নৈখন শুকাই যোৱাৰে পৰা
বুকুখনো হৈ পৰিছে উকা
বহুদিন বুকুত হেঁপাহৰ সোঁত বোৱা নাই
তলসৰা বকুলে মোৰ বাট আগচি ধৰা
কাঁচিয়লি চোতালত শালিকীযুৰিয়ে দেও দি ফুৰা
আবেগবোৰে উজাই আহি বুকুতে খামুচি ধৰা
বহুদিনেই হ’ল
বহুদিন শেৱালিৰ সুবাস পোৱা নাই
তুমি আহিছিলা উশাহৰ স’তে বৈ
ময়ো বইছিলোঁ ভালপোৱাৰ গান হৈ
হেৰোৱা সুৰবোৰে আজিও বিচাৰি ফুৰিছে বাট
বহুদিন তোমাৰ প্ৰেমত পৰা নাই
বহুদিন হ’ল এটা কবিতা লিখা নাই…!!!

Friday, 19 May 2017

বিকালীয়ান বন্ধু বান্ধৱী সকললৈ


ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি
হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব
পাৰো আকাশৰ বিশালতালৈ আৰু
চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি
সেউজীয়া। বন্ধুত্ব হয়তো এনেকুৱাই—
য’ত গঢ়ি উঠে এখন বুকুৰ পৰা আন এখন বুকুলৈ
এক অদৃশ্য সাঁকো। যাৰ বাবেই হয়তো
প্ৰতিটো মুহূৰ্ততে আমি ভগাই ল’ব
পাৰো ইজনে-সিজনৰ মনৰ খবৰ। সেয়া
লাগিলে সুখৰেই হওক অথবা দুখৰ। বন্ধুত্ব
হৈছে পৃথিৱীৰ পৱিত্ৰতম সম্পৰ্ক। যাৰ
উমাল পৰশত আপুনি, মই আৰু সকলোৱেই জী
উঠো নতুনকৈ। বিচাৰি পাওঁ জীৱনৰ
অপৰূপ সৌন্দৰ্য্য। বন্ধুত্বৰ নিঃস্বাৰ্থ
ভালপোৱাত লুকাই থাকে অকৃত্ৰিম
প্ৰেম আৰু এই প্ৰেমৰ ৰাগীত মতলীয়া
হৈ উদযাপন কৰো জীৱন। যাৰ ইচ্ছাৰ
আঙুলিত ধৰি হেঁপাহ পলুৱাই তিতিব
পাৰো শাওণৰ এজাক বৰষুণত। প্ৰাণ ভৰাই
গাব পাৰো জীৱনৰ এটা গান। হাতত
হাত থৈ দৃঢ়তাৰে ক’ব পাৰো— আমি
একেখন নাৱৰেই সহযাত্ৰী।
চাৰিটা শাৰী বন্ধুসকলৰ নামত —- ” যদি
কেতিয়াবা লগ পোৱাৰ অজুহাত পাওঁ
অতীতৰ সমষ্ট ক্ষণবোৰ পুনৰ ঘূৰাই
বিচাৰিম…
এবাৰ দুচকু মুদি লওঁ আহা এৰি অহা
অতীতবোৰ পূনৰ ঘূৰাই পাম ”

Thursday, 22 December 2016

তোমালৈ মনত পৰে

শুকুলা শৰতৰ বতৰত
এখনি ফৰকাল নীলা আকাশ
মাজে মাজে কপাহ কোমল
শুকুলা মেঘ ।
উশাহত শেৱালি ফুলৰ সুবাস
কহুঁৱা ফুলৰ মন প্ৰাণ
হৰি নিয়া নৈৰ্সগিক দৃশ্যত
তোমালৈ বৰকৈ মনত পৰে । । ।

Wednesday, 21 December 2016

সপোন(4)

মালা গোঠা চকুলোৰ মণিবোৰ
দেখোন
সৰি সৰি পৰিছে তোমাৰ কোলাত।
বৈ যোৱা আবেগৰ হুমুনিয়াহবোৰ
দেখোন
হাহি হাহি খেলিছে তোমাৰ ওঠত।
কি ৰঙ সানি জিলিকিছা তুমি
সপোনৰ দিকচৌ বাটত?
মিঠা আবেলিটোৱে গুণগুণাই যোৱা
তলসৰা শেৱালীৰ কোমল দলিচাৰ আৰত?
জানোচা সপোন আকিচা সোৱৰণিৰ
পাতত
নাজানো কিহৰ বাৰিষা মোৰ মনৰ
মাজত,
হাবিয়াস মাথো নিৰবে বোৱাৰ
সপোনৰ মালাগোঠা শেৱালী শীতল
বনত।

Thursday, 15 December 2016

মোৰ প্ৰেমৰ পৰশ

তোমাৰ হাঁহিত উটি যাব বিচাৰো
প্ৰশান্ত সাগৰলৈ পাৰ কৰিব বিচাৰো
শীতৰ সেমেকা ভৰা নিশাবোৰ
তোমাৰ উমাল বুকুৰ মাজত
মই উন্মাদ হৈ পৰিছো
তোমাৰ কোমল বুকুৰ উমাল পৰশ পাবলৈ
বাৰে বাৰে প্ৰেমত পৰো
মই তোমাৰ নীলা চকুযুৰিলে
যেন সাগৰ মুকুতাহে
তোমাৰ মেঘালী চুলিৰ ভাজে ভাজে
আঙুলি বুলাই কব মন গৈছে
তুমি কেৱল মোৰ কেৱল মোৰ
তোমাৰ বুকুৰ উমে উমাল কৰি দিয়া মোৰ বুকুখন
আৰু মাতাল হৈ পৰো
তুমি হাঁহিলেই চৰাইবোৰে গুণগুণাই
তুমি কথা কলে ফুলবোৰে খিলখিলাই
তুমি আহিলেই ফাগুনো উন্মনা হয়
শীতৰ নাঙঠ গছেও বসন্তৰ আৱৰণ পিন্ধিব খোজে
কিমান যে মৰম ভালপোৱা থৈছো সাঁচি তোমালৈ
বিচাৰি চোৱাচোন এবাৰ আকুল হৈ
মোৰ বুকুত উমান পাবা মৰমৰ গভীৰতা
মাত্ৰ এবাৰ বুকুত বুকু থৈ চোৱা
হেজাৰটা ৰণুৱা ঘোঁৰাই কঢ়িয়াই অনা
মৰমৰ উমান পাবা । । । । ।
  ✍✍✍ইলিয়াছ হাছান✍✍✍

Sunday, 6 November 2016

মোৰ জীৱন ডায়েৰিৰ এটি বেদনাময় পৃষ্ঠাত লাহে লাহে ধুলি জমা হব ধৰিছে

মৰমৰ প্ৰিয়তমা,
কুশলে আছানে তুমি? আজি আকৌ বহুদিনৰ মুৰত মেলি লৈছো মোৰ জীৱন ডায়েৰিৰ এটি বেদনাময় অধ্যায় । আমনি দিছোঁ বুলি নপঢ়া কৰি নাথাকিবা । 
              অনলাইন হৈয়েই সৰ্বপ্ৰথমৰ মেছেজটো তোমাকে দিয়ো। এক ঘণ্টা তোমাৰ সৈতে মেছেজ নকৰিলে মনৰ ভিতৰত এক দুখ অনুভৱ হয় । তোমাৰ মেছেজৰ ৰিপ্লাই পাবলৈ এক মিনিট দেৰি হলে, চকুত চকুপানীয়ে টলমল কৰে ।
কোনো এক অজ্ঞাত কাৰণত, এটা সময়ত তোমাৰ সতে মেছেজিং বন্ধ হৈ পৰে । এক ঘণ্টাৰ পিছত 10 ঘণ্টা, 10 ঘণ্টাৰ পিছত 24 ঘণ্টা , তাৰ পিছত এদিন, এক সপ্তাহ , এক মাহ, এনেকৈয়ে মাহৰ পিছত মাহ গৈ থাকে । লাহে লাহে তোমাৰ সেই বিশেষ আইডিৰ মেছেজ বিলাক মেছেজ বক্সৰ পিছৰ ফালে গৈ থাকে ।
কিন্তু মেছেজিং পিছলৈ গৈ থকাৰ পিছত তুমি কি মনৰ পৰা গুচি যোৱা ???
প্ৰতি মিনিটত, প্ৰতি ঘণ্টাত, প্ৰতি সপ্তাহত তোমালৈ মেছেজ পঠাবৰ বাবে ইনবক্সত বহু কথাই লিখা হয়, কিন্তু শেষ পৰ্যায়ত কোনো এক অজান কাৰণত মেছেজ বিলাক আৰু পঠিওৱা নহয় ।
   হঠাৎ কোনো এদিন ৰাতি যেতিয়া বুকুৰ বাওঁফালে প্ৰচণ্ড বিষ হয়, তেতিয়া এটা মেছেজ দি খুউব জানিবৰ ইচ্ছা হয়, তুমি কেনে আছা ইত্যাদি ইত্যাদি ।
কিন্তু পিছ ক্ষণতেই মনলৈ আহে , নাই থাকক, তুমিতো মোৰ অবিহনে ভালেই আছা ! তেনেহলে মই নোৱাৰিম কিয় ???
সময়ৰ পৰিবৰ্তনত ! সকলো বিলাক অতীত হৈ যাব ধৰিল । মন ডায়েৰিৰ পৃষ্ঠাত ধুলি জমা হব ধৰিছে । 
সময়ৰ পৰিবৰ্তনৰ সৈতে তুমি মোক পাহৰি যাব পাৰা কিন্তু মই নোৱাৰোঁ পাহৰিব । মনত পৰে তোমালৈ । ।
কোনো এক ৰিমঝিম বৃষ্টি সৰা দুপৰীয়া অথবা গধুলি বেলা অথবা কোনো এক জোৎস্নাময় ৰাতি মনত পৰে । অতীতত এৰি অহা স্মৃতি ,  তেতিয়া অকলে অকলেই খুলি পঢ়িবলৈ আৰম্ভ কৰো ধুলি পৰা মনৰ ডায়েৰিৰ পৃষ্ঠা ।
মনৰ অজানিতেই চকুৰ মাজত অশ্ৰু জমা হয় , টপটপকৈ চকুৱেদি অশ্ৰু নিগৰি থাকে । মোৰ এই অশ্ৰু কেতিয়াও কোনেও দেখা নাপায় , ৰিমঝিম বৃষ্টিৰ মাজত হেৰাই যায় অশ্ৰু বিলাক , গধুলি বেলা উৰি থকা ধুলিত বিলীন হৈ যায় অশ্ৰু বিলাক ,  জোৎস্নাময় ৰাতি শুই থকা গাৰুৰ এটা কোন ভিজি যায়  চকুৰ পৰা নিগৰি অহা সেই অশ্ৰুত । ।
যেতিয়া মই অশ্ৰু বিসৰ্জন কৰো তেতিয়া তুমি কি কৰা ???  তেতিয়া তুমি হয়তো -- ৰিমঝিম বৃষ্টি, বৃষ্টি সৰা গধুলিৰ বেলা, ৰক্তিম সূৰ্যৰ বৰ্ণনা, জোৎস্নাময় ৰাতি , জোনৰ সৌন্দৰ্যৰ কথা খুউব সুন্দৰকৈ বৰ্ণনা কৰি তোমাৰ নতুন কোনো সংগীক মেছেজ দিয়াত অথবা ফোনকল কৰাত ব্যস্ত থকা । ।
তোমাৰ হয়তো মনলৈও নাহে অশ্ৰু বিসৰ্জন কৰি থকা এই নষ্ট প্ৰেমিকজনলৈ । । ।
     এয়াই হল মোৰ জীৱন নামৰ ডায়েৰিৰ এটি বেদনাময় অধ্যায় । ।
        [ এইদৰেই উলটি থাকিব জীৱন ডায়েৰিৰ প্ৰতিটো পৃষ্ঠা, প্ৰতিটো অধ্যায় । সময় পৰিবৰ্তনত শেষ হৈ যাব ডায়েৰিৰ পৃষ্ঠা,   শেষ হৈ যাব ডায়েৰিৰ সকলো অধ্যায় ।  শেষ হোৱা ডায়েৰিত লাহে লাহে ধুলি জমা হব । হঠাৎ এদিন এই ডায়েৰিৰ অস্তিত্ব বিলীন হৈ যাব । । । ]
    ☞☞সদৌ শেষত তোমাৰ নষ্ট প্ৰেমিক☜☜
✍✍✍ইলিয়াছ হাছান✍✍✍

Saturday, 22 October 2016

কবিতা

Ilias hasan

Iliasilias ilias

(1)

মৰমৰ প্ৰিয়তমা
তুমি চাগে নুবুজিবা
এয়া কিহৰ বেদনা
তথাপি উজাৰি দিছোঁ
মোৰ এই হিয়াৰ অপূৰ্ণ আশা । । ।

(2)
দুগালত দুধাৰি চকুলোৰ নৈ বৈছে
মৰম ভালপোৱাৰ নাওখনি উটি ভাহি গৈছে
বিচাৰি পোৱা নাই সেই ঘাটটি
যত ৰৈ আছে পদুম ফুলটি । । ।

(3)
এপাহ গোলাপ ফুল হৈ ফুলিছিলা তুমি
মোৰ কাষতে আহি
হয়তো যত্নহে লব পৰা নাছিলো
সময়মতে পানীও দিব পৰা নাছিলো
সেয়েহে মৰহি গল আজি
সেই ৰঙা গোলাপৰ পাহি । । ।

✍✍✍ইলিয়াছ হাছান✍✍✍

Sunday, 16 October 2016

জটুৱা খণ্ড বাক্যৰে বাক্য ৰচনা

-জটুৱা খণ্ড-বাক্যৰে বাক্য ৰচনা-- ১)পেটকুলি: গাৰ্লফ্ৰেণ্ডৰ প্ৰফাইল ফটোৰ তলত পেটকুলি এক্স-বয়ফ্ৰেণ্ডৰ ‘লুকিং প্ৰিটি’ কমেন্টটো দেখি গোবিনে ফেচবুকত চাট আপচনটো ডিএকটিভেট কৰি থ’লে৷ ২)গাই বা চা:মহেন্দ্ৰই ইমান গাই বাই চালে,তথাপিতো নিষ্ঠুৰ ছোৱালীজনীয়ে তাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট গ্ৰহণ নকৰিলে৷ ৩)ডলাৰ বগৰী:দিনৰ দিনটো ললিতাই ডলাৰ বগৰীৰ দৰে ঘূৰি ফুৰাৰ স্বত্বেও পাঁচটকীয়া ইন্টাৰনেট কাৰ্ড এখন বিচাৰি নাপালে৷ ৪)মাটিৰ মানুহ:গজেন সঁচাকৈয়ে মাটিৰ মানুহ,নতুন গাৰ্লফ্ৰেণ্ডে ফেচবুকৰ পাছৱৰ্ডটো খোজাৰ আগতেই সি তাইক সকলোবোৰ কৈ দিলে৷ ৫)পানীত হাঁহ নচৰা: বাৰঘণ্টাৰ ভিতৰতে বিশজনী বান্ধৱী মোহনৰ ফ্ৰেণ্ডলিষ্টৰ পৰা ওলাই যোৱাত তাৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈ পৰিল৷ ৬)হাত লৰ: ৰাজেনৰ দৰে হাতলৰ মানুহৰ পৰা সদায় আঁতৰত থাকিবা দেই,সি বেলেগৰ ধুনীয়া প’ষ্টবোৰত খুব নজৰ মাৰি ফুৰে৷ ৭)হাত দীঘল: হাতদীঘল এঞ্জেলিনাই ‘hmmm’বুলি আপডেট দিওতেই দুশটা লাইক আৰু চৌষষ্ঠিটা কমেন্ট পালে৷ ৮)ন দি ক: শেৱালিয়ে প্ৰফাইলত লগোৱা ফটোখন তাইৰ নিজৰ নহয়,এই কথা মই ন দি ক’ব পাৰো ৷ ৯)পৰশ্ৰীকাতৰ: তই যে ইমান পৰশ্ৰীকাতৰ হ’বি সেই কথা মই সপোনতো ভবা নাছিলো৷দুজনী ছোৱালীয়ে মোৰ প’ষ্টত লাইক কৰাৰ কাৰণেই তই মোকনো আনফ্ৰেণ্ড কৰিব লাগেনে হেৰৌ?? ১০)কাণসাৰ:কাইলৈৰ পৰা ছেমিষ্টাৰ পৰীক্ষা,তোৰ দেখোন একো কাণসাৰেই নাই!!! কিমাননো আৰু ফেচবুকত বহি থাক? ১১)হাড়ক মাটি কৰ-(কঠোৰ শ্ৰম কৰ)- হাড়ক মাটি কৰি গৌৰৱে কমদিনৰ ভিতৰতে ফে’চবুকত যশস্যা-খ্যাতি গোটাই তেওঁৰ পৰিবাৰৰ লগতে পৰিয়ালকো গৌৰৱান্বিত কৰিছে৷ ১২)কাঠ-চিতীয়া(নিষ্ঠুৰ,নিৰ্দ্দয়)- তোৰ দৰে কাঠ-চিতীয়া মানুহ জগতত নোলাব অ’ হিমন্ত৷ হেৰৌ, দিনৰ দিনডাল কমপিউটাৰটোৰ সমুখত ভূত বহাদি বহি থাকিলি,তথাপি বেচেৰা তৰুণৰ ফটোখনত লাইক এটা নামাৰিলি৷ ১৩)বুকু ডাঠ (সাহসী)-ৰাকেশে ক’ৰবাৰ পৰা চুৰ কৰি অনা কবিতাটোৰ তলত তীব্ৰ গৰিহণা আৰু ধিক্কাৰ দি বুকু ডাঠ অখিলে ফে’চবুক কঁপাই তুলিলে৷ ১৪)মুখৰ ভাত কাউৰীয়ে নিয়া (অতি অকৰ্মণ্য)-হেৰৌ,চন্দনৰ দৰে মুখৰ ভাত কাউৰীয়ে নিয়াএটাৰ গ্ৰুপতনো কোন মানুহ সোমাব ! ১৫)গা নচুৱাই ফুৰ (ধেমালি কৰি ফুৰ)- দাঁত সৰিল,চুলি পকিল; পিছে গা নচুৱাই ফে’চবুকত ওৰে দিনটো টিঘিল ঘিলাই ফুৰা গৌতমৰ কৌটিকলীয়া সেই স্বভাৱটোৰহে পৰিৱৰ্তন নহ’ল৷ ১৬)ভৰি দাং(গা দাং,যাবলৈ ওলা)- হেৰৌ ৰকি,বেলি গৈ পশ্চিমত লুকাল দেখিছনে নাই ! সোনকালে ভৰি দঙাৰহে কথা এতিয়া৷ ৰাতিলৈ গাঁৱত পহৰা দিব নালাগিব জানো ! ১৭)মূৰে কপালে হাত দে (বিমোৰত পৰ,বৰ বেজাৰ পা)- হোৱাটছ্ আপত ফটোখন আপলোড কৰিবলৈ গৈ শৰতে মূৰে কপালে হাত দিলে৷ ফটোশ্বপত অলপ আগতে এডিট কৰি থোৱা ফটোখন এতিয়া দেখোন ম’বাইলত নাই৷ ১৮)পেট ভাটৌ (পেটত কথা ৰাখি থোৱা মানুহ)- ‘ফিলিং হেপি’ ষ্টেটাছটো দেখি প্ৰদ্যুতক কিনো কথা ,কিনো বতৰা আদি সুধিছিলোঁ যদিও পেট ভাটৌটোৱে মুখেৰে এষাৰ মাত নিদিলে৷