শুভেচ্ছা নজনাওঁ তোমাক জন্মদিনৰ
কুশলেই আছা ছাগে
নিজৰ হাতেৰেই গুঁঠি লোৱা
বকুলৰ মালাডাল বুকুত সাৱটি
আঁজুৰি লোৱা সপোনৰে উমলি
কুশলেই আছা ছাগে তুমি ৷
কুশলেই আছা ছাগে
নিজৰ হাতেৰেই গুঁঠি লোৱা
বকুলৰ মালাডাল বুকুত সাৱটি
আঁজুৰি লোৱা সপোনৰে উমলি
কুশলেই আছা ছাগে তুমি ৷
তুমি ছাতি লৈ গুছি যোৱাৰ পাছতেই
নেৰানেপেৰা বৰষুণ, এজাক ৰ পাচত আকৌ এজাক
বৰ কষ্ট বৰ কষ্ট উদং পিঠিত চাবুকৰ কোব বৰ কষ্ট
আৰু বহুতো হ'ল কিবাকিবি
তুমি বুজিব নোৱাৰা মই বুজাব নোৱাৰা ৷
নেৰানেপেৰা বৰষুণ, এজাক ৰ পাচত আকৌ এজাক
বৰ কষ্ট বৰ কষ্ট উদং পিঠিত চাবুকৰ কোব বৰ কষ্ট
আৰু বহুতো হ'ল কিবাকিবি
তুমি বুজিব নোৱাৰা মই বুজাব নোৱাৰা ৷
কোৱা , কি ৰঙৰ সাজ পিন্ধিবা আজি
তুমি ভাল পোৱা আকাশী নিলা
নে মই ভাল পোৱা গুলপীয়া
নে তেওঁৰ প্ৰিয় কিবা ৰং ৷
তুমি ভাল পোৱা আকাশী নিলা
নে মই ভাল পোৱা গুলপীয়া
নে তেওঁৰ প্ৰিয় কিবা ৰং ৷
তুমি জানা প্ৰিয়ম্বদা
কোনেও শুভেচ্ছা নজনাই মোক
নাই কোনো বিজয় উল্লাস , নাই পৰাজয়ৰ দুখ
চিনাকি অচিনাকি, আপোন পৰ
সকলোৱে কয় মই হেনো বিদ্ৰোহী প্ৰেমিক
কোনেও শুভেচ্ছা নজনাই মোক
নাই কোনো বিজয় উল্লাস , নাই পৰাজয়ৰ দুখ
চিনাকি অচিনাকি, আপোন পৰ
সকলোৱে কয় মই হেনো বিদ্ৰোহী প্ৰেমিক
তুমি তো জানাই
সহানুভূতি মোৰ প্ৰিয় নাচিল কোনোদিন
আজিও নহয় ৷
সহানুভূতি মোৰ প্ৰিয় নাচিল কোনোদিন
আজিও নহয় ৷
No comments:
Post a Comment