Wednesday, 30 August 2017

অনুভৱত একলম, প্ৰেমৰ দুটি স্তৱক (2)

                (1)
প্ৰেমিক পোচাক যোৰ খুলি থৈ
জীৱনক দি যাম বলীদান
হৃদয়ৰ গভীৰ কোনৰ পৰা
ওলিয়াই আনিম মৰম ভালপোৱা
মই যদি হেৰাই যাওঁ প্ৰিয়তমা
হৃদয় খন সজতনে ৰাখিবা
                (2)
দুটি নয়ন তৰাৰ দৰে
ওঁঠ যুৰি কঁপে ঘনে ঘনে |
আৱেগৰ উতলা বা হৈ ,
মন উৰা মাৰে অসীমৰ পৰা অসীমলৈ |
বিবেকৰ যুদ্ধত নৈতিক পৰাজয়
প্ৰশ্ন কৰোঁ নিজেই নিজকে |
তুমি কোন পৰী ?
চকুত চকু থৈ কিবা ক'বা নেকি....
স্তব্ধ হওঁক এপলক বুকুৰ কম্পন |

Monday, 28 August 2017

প্ৰেমৰ দুটা স্তৱক

         (1)
প্ৰভাতৰ আগমণত
সূৰ্যমুখী ফুল ফুলি উঠাৰ দৰেই
যৌৱনৰ পৰশ পাই
লাজুক হোৱা তোমাৰ চাৱনি ;
তাতেই বিলীন হৈ যাও মই
সোনোৱালী যৌৱনৰ ঠিকনা
বিচাৰি ।

           (2)
তোমাৰ…..
কাজলসনা এযুৰি অপ্সৰাময়ী নয়ন
একোচা দীঘল চুলি
চুটি নিস্তেজ হাঁহি আৰু
সলাজ লাৱণ্যময়ী চাৱনিৰ বাবেই
মোৰ হৃদয়ৰ বননিত
ফুলি উঠিল
শুভ্ৰ কঁহুৱা ফুল |
               
                     
  

Wednesday, 23 August 2017

প্ৰিয়তমালৈ এখনি প্ৰেমৰ চিঠি

মৰমৰ প্ৰিয়তমা,
মৰম লবা । আশা কৰো তুমি কুশলে আছা ।
প্ৰিয়তমা তোমাক দিনে দিনে দেখি দেখি
মোৰ বুকুৰ হিয়া ভৰি থকা মৰমবোৰ, মোৰ মনৰফুলনিত এপাহ গোলাপ হৈ ফুলি
উঠিছে। আচলতে ফুলি উঠা এই গোলাপ
পাহ, মোৰ মনত দুলি থকা তোমাৰ
প্ৰতিচ্ছৱি। ৰাতি ৰাতিজোনাকীবোৰে মোক তোমাৰে কথাকয়। জোনাকীবোৰেও বুজে যে মইতোমাক কিমান ভালপাওঁ। বৰষুণেওআনে মোৰ বুকুৰ মাজলৈ তোমাৰ এটিগানৰ কবিতা। আৰু উজাগৰী ৰাতি তোমাৰ কথা ভাবি ঝিলিৰ মাতত
তোমাৰ উশাহ-নিশাহৰ শব্দ পাওঁ। ক্ৰমশঃ
পূবৰ বেলিৰ ৰাঙলী প্ৰভাতত আগলি
বাঁহৰ দৰে তুমিও নাচি উঠা মোৰ মনৰ
ভাৱনাত । আচলতে প্ৰিয়তমা,  মই তোমাৰ দুচকুৰ অগনিত জ্বলি-পুৰি মৰিব ধৰিছো। মম এডালৰ দৰে তোমাৰ ভাৱনাত গলি
গলি মই নিঃশেষ হব ধৰিছো। এই
অৱস্থাত মই কি কৰো তুমিয়েই কোৱা।
              তোমাৰ সোঁ গালৰ তুলসীপাত, যি মোৰ প্ৰতিদিনৰ প্ৰতিপলৰ মনৰ ভাৱনা আৰু অলপ মৰম জাগে তোমালৈ মোৰ তাকে ভাবি। এই যে মোৰ সোঁৱে-বাওঁৱে শূণ্য, মাথো শূণ্য! অথচ এই শূণ্যকে লৈ জীয়াই আছো আমি সকলো আৰু আছা তুমিও।
              শীত নামিছে, কুঁৱলী পৰিছে। চৌদিশনিশব্দ শীতত। এতিয়াও মই উদং গাৰেকবিতা লিখি আছো তোমাৰ বাবে। নাই, কঁপি উঠা নাই মোৰ দুহাত। তোমাক ভালপাওঁ বাবেই কিজানি মোৰ প্ৰিয়
ৰঙ সেউজীয়া বুলি শিকিলো আৰু
পালো জীয়াই থকাৰ সাহসকণ। চাব
নোখোজো তোমাৰ হৃদয়ৰ ৰঙ …পকা
আবেলিটোৰ দৰে ৰঙা নে গছ-বন-লতাৰ
দৰে সেউজীয়া। সি যি কি নহওঁক
যৌৱনৰ দুৱাৰদলিত তোমাক পালো;
বকোচাত নহয় হৃদয়ত, একেবাৰে হৃদয়তে
বুটলি ললো। মোৰ অনুভৱেৰে মোৰ হৃদয়ৰসেউজীয়াত তুমিও সেউজীয়া হলা,
তাৰপিছত লাহে লাহে বতাহ হলা আৰু
এতিয়া উশাহ। তুমি উশাহ
নোহোৱাহলে মোৰ কি হলহেতেন
তুমিয়েই কোৱা(?)।হয়তো এইবাবেই
লাহে লাহে মই তোমাক ভালপাব
ধৰিলো।
              তোমাৰ প্ৰেমত পৰিয়েই হবলা মই
বিচাৰি পালো জীৱন আৰু বিষাদ আৰু
বিষাদত নিদ্ৰাহীন ৰাতিবোৰ। আৰু
মোৰ বোধেৰে এই ধৰাত ময়েই একমাত্ৰ
সেইজন; যিজনে নিজৰ ছাঁৰ উচুপনি
নিজে শুনা পালে, জোনৰ কলিজাত
কলিজা থৈ পকাব নোৱাৰিলে
আঘোনৰ সেন্দুৰীয়া আবেলি এটা আৰু
দিব নোৱাৰিলে খোজ হালধীয়াৰ
সীমা অতিক্ৰমি সেউজীয়া দেশলৈ
বুলি। আজিলৈ ইমানতেই সামৰিছো । । ।
                                 ইতিত
                    তোমাৰ অভিমানী প্ৰেমিক
                            ইলিয়াছ হাছান

Monday, 21 August 2017

প্ৰেম ডায়েৰিৰ কিছু কথাৰে

দাপোণ দেখিলো আজি । বাৰে
বাৰে প্ৰতাৰণাৰ জালত সুমুৱাম কিয়?
প্ৰথম,দ্বিতীয়, তৃতীয়...আৰুবা কিমান
ভৰসা হেৰাব ? দুখ পাইছা ? পোৱা ।
ময়ো পাইছো । দুখ পালো বুলিয়েই মই
শুদ্ধ আৰু তুমি ভূল, এনেটো নহয় ৷ কিয়বোৰৰ
উত্তৰ নিবিচাৰিবা কোনোদিন, উত্তৰ
দিবলৈ গ'লেই মই আগৰজ হৈ পৰিম ৷
সহ্য কৰিব নোৱাৰিবা,পাগল হ'বও
নোৱাৰিবা আগৰদৰেই ৷ হৃদয়ৰ কষ্টবোৰ
অভ্যাস হ'লে যন্ত্ৰনাৰ তীব্ৰতা কমিব…
কমিবনে ? কমিব হয়তো ৷ দ্বিধাবোধৰ
কোনো সমিধান নাই মোৰ ওচৰত ৷
অনুৰোধ, কাতৰ নহ'বা কেতিয়াও ৷
স্থায়ীত্ব অবিহনেই মই থাকি যাম ৷
অলপীয়া অনুৰাগো সঁচা হ'ব পাৰে,
যিদৰে সঁচা শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰ ।
সেই সত্যক মই অস্বীকাৰ কৰিব নোৱাৰো
কোনোদিন ৷ কোনোবা অজীৰ্ণ মূহুৰ্তত
মই বৰফৰ দৰেই গোট মাৰিম ৷ তাতকৈ
"তুমিও" দুখী হৈয়ে থাকা, প্ৰৱঞ্চিত
নহ'বা ।

Tuesday, 15 August 2017

প্ৰিয়তমালৈ এটি কবিতা

তোমাৰ হাতত ধৰি
মৰমৰ লুকাভাকু খেলি
এৰি অহা দিনবোৰ বিচাৰিম আমি !
চকুতে চকু থৈ
দুটি ওঁঠৰ পৰশ লৈ
উটি যাম চেনেহৰ নদীতে ঐ !
হাতে হাতে হাত মিলাই
প্ৰীতিৰে সুৱাস বিলাই
যাম আমি জীৱনৰ বাটত আগুৱাই !
দীঘল তোমাৰ চুলিতাৰি
বুকুত বৈ যায় প্ৰেমৰ নদী
মিচিকি হাঁহিৰে
সপোনত তোমাকে দেখি !
সপোন হৈ তুমি আহিবা
দুচকুত মোৰ ভাঁহিবা
বুকুৰ মাজত মোক আকোঁৱালি ধৰিবা ।  । । ।
✍✍✍হাছান✍✍✍