☞❤☞যেতিয়া তোমাৰ মেঘালি চুলিৰ পৰা
ওলাই আহে গধুলিৰ শেৱালিৰ গন্ধ
কবিতা কবিতা লগা মোৰ হৃদয়খন
বৰকৈ উঠা নমা কৰে ।
তেতিয়া মোৰ হৃদয়ৰ উকা কাগজত
সৃষ্টি হয় এটি কবিতা তোমালৈ ।
প্ৰেমৰ কবিতা !!!
এবাৰ কোৱা মাথোঁ ভালপাওঁ বুলি
তোমাৰ নামত দি থৈ যাম
মোৰ হৃদয়ৰ সমস্ত মৰম ভালপোৱা
এবাৰ কোৱা মাথোঁ ভালপাওঁ বুলি
ভগাই লম তোমাৰ সতে মোৰ সুখ-দুখ
উদযাপন কৰিম দুয়ো মিলি একেলগে জীৱনক
এবাৰ মিচকল দিয়া মাথোঁ
হেজাৰবাৰ ডায়েল কৰিম তোমাৰ নাম্বাৰত । ।
✍✍✍ইলিয়াছ হাছান✍✍✍
☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি । নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । ✍✍✍ইলিয়াছ হাছান✍✍✍
Sunday, 18 September 2016
এবাৰ কোৱা মাথোঁ ভালপাওঁ বুলি
Friday, 16 September 2016
মোৰ ডায়েৰিৰ এখিলা পাতত সপোনৰ অপেক্ষা
☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি ।
নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । কিন্তু যেতিয়া মনে সজা সপোনবোৰ ভাঙি যায় তেতিয়া ! তেতিয়া জীৱন হৈ পৰে এক অপাত্ৰক আৰু মৰণ হৈ পৰে শেষ পৰিণতি । কিন্তু কোনোৱে এইটো নিবিচাৰে । কিছুমান পৰিস্থিতিয়েহে বাধ্য কৰে । বৰ্তমান মইও এক অপাত্ৰক হৈ পৰিছো । মাথোঁ হৃদয়ত লিখা আছে দুখ বেদনাৰ হিয়াভৰা গান । কোৱা হয় যেতিয়া সপোনবোৰ ওচৰত থাকে তেতিয়া একো বুজিব নোৱাৰি বা উপলব্ধি কৰিব নোৱাৰি । কিন্তু যেতিয়া আতৰি যায় তেতিয়াহে উপলব্ধি কৰা হয় আৰু নিজৰ ভুল বুজি পোৱা যায় । কিন্তু হেৰুৱা সপোনবোৰতো আৰু ঘুৰাই পোৱা টান । এতিয়া মাথোঁ বিষাদৰ স্মৃতি আৰু চকুলোবোৰ একমাত্ৰ সংগী হৈ পৰিছে । আৰু আশা, আশা হৈয়ে ৰৈ আছে । জীৱন যাত্ৰাপথত আগুৱাই যাবলৈ সাহ নোহোৱা হৈ গৈছে । অসান্তিয়ে আৱৰি ধৰিছে, এনে লাগে যেন প্ৰকাণ্ড পাহাৰ এখন মূৰৰ ওপৰত জাপি দিছে, এনে ভাৱ হয় যেন মৰি যাওঁ কিন্তু মৰিবও তো নোৱাৰো । আৰু নতুনকৈ সপোন ৰচিবও নোৱাৰো, ভয় লাগে যদি ভঙা হৃদয়ত আকৌ সপোনবোৰ মৰহি যায়, কি থাকিব তেতিয়া হৃদয়ত জ্বলি পুৰি চাই হৈ যাব । সেয়েহে এটি আশা এবুকু মৰমৰ অপেক্ষাত আজি ৰৈ আছোঁ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । ।
✍✍✍ইলিয়াছ হাছান✍✍✍
Thursday, 15 September 2016
নষ্ট প্ৰেমিকৰ ভাষাত
সিদিনা মই বিচাৰিছিলো
নিস্তব্ধতা,কেৱল নিস্তব্ধতা, ফুটপাথৰ
কোলাহলৰ মাজত মই বিচাৰিছিলোঁ
নিস্তব্ধতা ৷ মোৰ ভাড়াঘৰৰ ভিতৰত
বিছাৰিছিলোঁ মৌনতাৰ মাজত
কোলাহল ৷ যেন হেজাৰটা
জেনেৰেটৰৰ ঘৰ্ ঘৰ্ শব্দই মোক তাল-
অাফাল কৰি পেলাই ৷ এনে লাগিছিল
বৰষুণবোৰ হেৰাই যাওক মোৰ চোতালৰ
পৰা ৷ নিশাবোৰ মাতাল হওঁক মোৰ
বাবে, জোনাকী পৰুৱাবোৰ যাতে
দুনাই নাহে মোৰ প্ৰিয় নদীৰ পাৰলৈ ৷
কেতিয়াবা এনে লাগিছিল নদীৰ
বুকুতেই হেৰাই যোৱা কবিতাবোৰ
বিচাৰি চলাথ কৰিম ৷ কিন্তু
সকলোবোৰে মোক ভেঙুচালি কৰিব
ধৰিলে ৷ অৱশেষত মই নিস্তব্ধতাক
সংগী কৰি লৈ বেলেগ এটা জীৱনলৈ
ঢাপলি মেলিলোঁ ৷ মই জানোঁ নাপাই
হেৰুৱাতকৈ পাই হেৰুৱাৰ যন্ত্ৰনা
অথবা সৰাপাত বুটলি এআকাশ ঠিকনা
বিচাৰি ৰৈ থকাৰ বেদনা ৷ প্ৰেমত
সৰ্বোচ্চ উজাৰি দিয়াৰ পাছত সকলো
হেৰুৱাই কোঙা হৈও অৱশেষত জীৱনৰ
ৰঙবোৰ ঘুৰাই পোৱাৰ মাদকতা কি মই
বুজোঁ ৷ মই বুজি পাঁও সচাঁকৈ
ভালপোৱাবোৰ হেৰোৱাৰ পাছত অহা
ছুনামিজাকৰ কথা আৰু বুজোঁ দিক্
হেৰুৱা পখীৰ আৰ্তনাদৰ বিভীষিকাৰ
বেথা ৷ সুখ-দুখ,হাঁহি-কান্দোন,মান-
অভিমানৰ মাজত জীৱনে যেতিয়া
পূৰ্ণতা পায় জীৱনটো ৰঙীন হ'ব ধৰে ৷
ৰঙীন পানীয়ত নোপোৱা সোৱাদ
যেতিয়া মোহনীয় হয়, বুজিব বিজয়
আপোনাৰেই ৷
Wednesday, 7 September 2016
প্ৰেমত ব্যৰ্থ সকললৈ
যি সকলে প্ৰেমত ব্যাৰ্থ হৈছে সেই
সকলক মই কব বিচাৰিছো যে ....প্ৰেমত
ব্যাৰ্থ মানেই জিৱনতো ধ্বংস নহয়,
কিয়নো....যি সকলে হিদয় হেৰুৱাইছে
তেওঁলোকেই কিবা এতা
পাইছে....তেওঁলোকে একো পোৱা
নাই যি সকল সদায় বিচাৰাতোকে
পাই.... দুখ আছে বাবে জিৱনতো সুখময়,
পৰাজয় আছে বাবেই জিৱনতো
অৰ্থময়....তেওঁল োকে আটাইতকৈ
বিফল মানুহ, যি সকল সদায় সফল. যি
সকল প্ৰেমত পৰা নাই তেওঁলোক
দুৰ্ভগীয়া. তেওঁলোক যি সকল প্ৰেমত
পৰি ব্যাৰ্থ হৱা নাই, যি সকল
যন্ত্ৰনাত উজাগৰে ৰাতি কতোৱা
নাই, যি সকলে জীৱনত এবাৰো
বিশ্বাস হেৰুৱা নাই, যি সকল দুখৰ
বোজা কাৰ্হিয়াই থাকিও হাহি
হাহি কোৱা, হয় মই ভালেই,
তেওলোকলৈ মোৰ ফালৰ পৰা
সমাবেদনা গিয়াপন কৰিছো কাৰন
তেওঁলোক সচাকৈ বৰ দুৰ্ভগীয়া....
প্ৰেমত পৰি ব্যাৰ্থ হোৱাতো জিৱনৰ
কাৰনে এতা ভাল স্মুতিৰ দিন, কাৰন
যি দিনাৰ পৰাই প্ৰেমত ব্যাথো
হোৱা যায় সেই দিনৰ পৰাই এক নতুন
জীৱন আৰম্ভ কৰা যায়.....শেষত মই
এইতো কব বিছাৰিছো
যে....বিফলতাই হৈছে সফলতাৰ মুল
চাবিকাথি......!!!!!!