Tuesday, 29 December 2015

hokolore monor pisonda beleg..


সকলোৰে মনৰ পচন্দ বেলেগ বেলেগ সেইটো সকলোয়ে গম পায় কিন্তু মনৰ পচন্দ কি আৰু মনৰ কথা কনেও কাৰো গম নাপায়।
বহু দিনৰ পৰাই লৰা এজনে তাৰ বান্ধবী এজনীক মনেৰে ভাল পাই আছিল। দুয়োজনে একেটা office (fb) ত যে চাকৰী কৰি আছিল। লৰাজন বহু ভাল আৰু নম্ৰ আছিল। সি সদায় ছোবালীজনীক ভাল উপদেশ দিছিল, বিপদত সহায় কৰিছিল, তাই দূঃখ কৰিলে সি সদায় তাইক হাঁহিৰে ফুৰ্তিত ৰাখবলৈ চেষ্টা কৰিছিল ইত্যাদি বিভিন্ন কৰিছিল। কাৰন সি তাইক মনৰ পৰাই তাইক গ্ৰহন কৰিছিল। কিন্তুু ছোবালী জনী অলপ বেলেগ ধৰণে তাক গ্ৰহন কৰিছিল ... তাৰ সহায় সম্পূর্ণ হোবাৰ পাছত তাক মাত এটাও দিব টান পাইছিল। কিয়নো ইয়াৰে আগতেও তাই এজন office (fb) ৰে লৰা এজনক তাই বহু ভাল পাইছিল আৰু সিও তাক দুদিন মান ভাল পাইছিল। কিন্তু সি তাইৰ লগত কেইদিন মানৰ অভিনয় কৰি বেলেগ এখন মঞ্চলৈ গুছি গল, তেতিয়াৰ পৰা তাই সেইজনৰ পৰা পোবা আঘাত আন জনৰ পৰা নোপাবাৰ বাবে আঁতৰত থাকিছিল।
এদিন এই লৰাজনে office ত সকলোৰে আগত (statues) তাইক ভালপোবাৰ কথাটো উথ্থাপন কৰিলে। বহুতে সন্মতি আৰু উপদেশ (Like & comments ) ও দিলে। তাই খং আৰু লাজত office (fb deactivate) ৰ পৰা গল। ৰাতি লৰাজনে বহু ফোন কৰিলে কিন্তুু তাই ফোনটো নধৰে। শেষত সি তাইক এটা মেছেজ দিলে আৰু লগত এটা সৰু উদাহৰণ এটাও দিলে :::
ধৰি লোবা তুমি কুকুৰ ভাল পোবা। কুকুৰৰ ও বিভিন্ন ভাগ আছে, বিভিন্ন প্ৰজাতি আছে। ৰাস্তাত থকা কুকুৰ বোৰে যতে ততে যি পায় তাকে খায় ফুৰে, যত যেনেকৈ পায় তাকে কামুৰে। সেইবোৰক তুমি ঘৰত পুহিলে তোমাৰে বিপদ হব। সেইবোৰৰ জন্মগতই তেনেকুবা।
অন্য এক ঘৰুবা প্ৰজাতিৰ কুকুৰ আছে যিবোৰক তুমি বাহিৰ এৰি দিলেও সিহতে কেতিয়াও ঘৰুবা খাদ্যৰ বাহিৰে অন্য একো গ্ৰহণ নকৰে আৰু তুমি তাক ঘৰৰ পৰা এৰি দিলেও সি আকৌ ঘৰতে থাকিবলৈ চেষ্টা কৰিব। কিন্তুু এবাৰ তোমাক পোবাৰ পাছত সি তোমাক কেতিয়াও এৰি থৈ নাযায়।
ছোবালী জনীয়ে তাৰ সেই মেছেজটো পায় আচৰিত হৈ চিন্তাত পৰিল। তাই তাৰ কিছুমান কথা মনত পেলাব ধৰিলে ... সি তাইক কৰি দিয়া বিপদৰ সহায় বোৰ, দুখত হাঁহিৰে তাইৰ লগত থকা সময়বোৰৰ কথা ভাবি ভাবি তাই হাঁহিবলৈ ধৰিলে। পিছদিনা খন তাই office (fb) লৈ গল। তাই বহু ফুৰ্তিৰে সকলোৰে আগত (status) ত তাই লৰাজনক ভালপোবাৰ কথাটো উত্তৰ দিলে।
.
..
...
....
.....
শেষত এটাই কথা কও বেয়া পালেও উপায় নাই ::: এজন/এজনীয়ে কৰা ভূলৰ বাবে গোটেই জাতি/প্ৰজাতিটোক একে যেন ভাবি নলয় যেন।
কাৰণ তোমাৰ নিজৰ হাতৰ পাঁচটা আঙলিয়ে সমান নহয় আৰু এজন / এজনীৰ বাবে গোটেই জাতিটোক আঙুলি উঠোবাটো যুক্তি বিহিন কথা। 👪
💕LoVe Is NoT A WaR💕 কৰোবাৰ খং উঠিলেও বেয়া নাপায় যেন। আৰু পঢ়ি কেনে লাগিল মন্তব্য কৰিব। — feeling কৰোবাৰ খং উঠিলেও বেয়া নাপায় যেন। আৰু পঢ়ি কেনে লাগিল মন

No comments: