Tuesday, 29 December 2015

val poar anuvuti


Bhaalpuaar onubhuti hoi naamaaribaa bhumuki
2mi...
Mur thunukaa kumol hiaat...
2mr logotei henu baadhaa naam'r hobdotiu thaake
jorito hoi....
Kuaa hunu baate pothe ..
ekaane hikaane....
Bhongaa hiaa henu juraa dibou nuaare...
Heyehe nelaage naahibaa 2mi...
Dure durei thaakaa umoli.

aji akou monot poril tumaloi


আজি আকৌ মনত পৰিল তোমালৈ
মনত পৰিল মোৰ প্রেমৰ সোণালী
সপোন
ক'ত সূখী আছিলো তুমি কাষতে থকা
বাবে
ক'ত সপোন ভাহি ফুৰিছিল মোৰ দুচকুত
এজাক নৃৰ্দয় ধূমুহাই নিমিখতে ভাঙি
নিলে সমষস্ত সপোন
বুকুৰ উঠা নমা বাঢ়ি যায় জনা তুমালৈ
মনত পৰিলে
মোৰ উতলা কলিজা খন লৈ আতৰি
গলা তুমি
এবাৰো নাভাবিলা কি দৰে থাকিম
মই তুমি অবিহনে
কিয় দিঠকত পৰিণত নহল
মোৰ প্রেমৰ সোণালী সপোন ।

https://m.facebook.com/ilias.hsn14/

aromvoni hokolo hopun


আৰম্ভনিৰ সকলো সপোন সামৰি তুমি
গুচি গলে, ,,, তুমি গুচি গলে মোৰ কি হব
এবাৰ ভাবি চাইচানে??
ভাবিছিলো তুমি কাষতে থাকিলে
সাহস পাম জীয়াই থকাৰ, কিন্তু
বিষাদ !!!!!! সকলো হেৰাল,আশাৰ
দেউকাত উঠি উৰি উৰি যাব মোৰ
প্ৰেম, আৰু মোৰ নিদ্ৰাহীনতাই ভাঙিব
কোনোবা নিমাত তৰাৰ টোপণি,, কাৰ
বাবে,কিহৰ আশাত জীয়াই আছো কব
নোৱাৰো ৷৷ তুমি বাৰু মোক
কেতিয়াবা বুজি পাবানে? ---
জোনাক জানো হব পারে জোনটি
নহলে, ফুল জানো ফুলিব পারে পোহর
নাপালে, অন্তরে জানো হাঁহিব
পারে প্রিয়জন নহলে, জীরন জানো
গঢ়িব পারে মরম নাপালে..

premor pram


Premor Prothom jak barkhun ot jetiya tumar
hridoy ot roi titisulo, tetiya bhaba nasilo edin
tumibihin barkhun ot titib lagib.. Aji jetiya tumi
mur khabar sudhisila, moi kene asu, moi koiso
suna, moi atiyaow aagor dare asu, jiye tumar
sapun bur aru bhalpua or sabi atiyaow aakib
pora nai.. Atiya tumi bihin mur jiwan ot tumar
bhalpua or kisu kisu jantra na ase,jak moi atiya
cigrate or dhua or jolai jolai sesh kari asu.. Ki
jina atiya moi tumi bihin ejak moramor barkhun
babe roi asu, jar majot tumar bhalpua or bedona
ok bilin karib bisharu..

jibonor pratitu muhurtyo


Jibonor pratitu muhurtyo tumar kulate jiram,sukh
sagoror dhou burot luka vaku khelim,tumar dalim
gutia hahiti sodai jiyai rakhi tumar sokut soku thoi
rangin sopun rasim,mur hridyo or valpuwa bur
2mar bukut khisim/maram,valpuware sodai jiai
thakim tumar kulat.

adin moi


এদিন মই যেতিয়া এই সুন্দর পৃথিবীর
পরা , চির কালর বাবে গুছি যাম .
তুমি নাভাবিবা মই তোমাক পাহরি
যাম, এবার মাথো তুমি আকাশলৈ
চাবা মোর দুচকুরে বৈ অহা চকুলো
দুধারি পৃথিবীর বুকুলৈ বরষুণ হৈ নামি
আহিব তোমার সৈতে মিলন হবলৈ

tur onumotir obihone


2r onumotir obihonei 2k jaasi dilu.....
Mur morom aakoluaa kolijaa2.....
Nidibine thaai okonmaan 2r kolijaa2r kaakhotei....
Thaakibole umoli mur kolijaa2....
Raakhibi dei jotonere...
nokoribi onaadr nidibi doliaai.....
Bhaagi gole hokolu heraabo mur....
Etiaa hokolu aakhaa mur tuk loi'e....
2r poraai aarombho koru etiaa mur proti2 din..

kisu jani thoa


1. কোনো মানুহ যদি
বৰকৈ হাহেঁ বুজিবা
তেওঁ অন্তৰেৰে বহুত
অকলশৰীয়া হয়
2. কোনো মানুহ যদি
বৰকৈ শোৱে, তেন্তে
সি অন্তৰেৰে বৰ
উদাস হয়
3. যদি কোনো মানুহে
নিজকে বহুত মজবুত
দেখাই আৰু কেতিয়াও
নাকান্দে, তেন্তে সি
অন্তৰেৰে বহুত
কমজোৰ হয়
4. কোনো মানুহে যদি
সৰু সৰু কথাতে কান্দি
দিয়ে বুজিবা তেওঁ
বহুত নাজুক আৰু
মৰমীয়াল হয়
5. যদি কোনোবাই
প্ৰতিটো কথাতে
অভিমান কৰে তেন্তে
বুজিবা সি মৰমৰ
বৰকৈ অভাৱ অনুভৱ
কৰে
6. যি আশাবাদী হয়
সেই মানুহে হাজাৰবাৰ
চেষ্টা কৰি হলেও
সফলতা পাবই
7. এটা বহুত অৰ্থপূৰ্ণ
কথা সদায় মনত
ৰাখিব, আপুনি সুখেৰে
থকাটোৱে আপোনাৰ
শত্ৰু সকলৰ বাবে
ডাঙৰ শাস্তি..
8. ধুনীয়া সকলো
মানুহে ভাল নহবও
পাৰে, কিন্তু ভাল
মানুহবোৰ সচৰাচৰ
ধুনীয়াই হয়..

pahori joa goi tumi muk


পাহৰি যোৱাগৈ তুমি মোক;
তোমাৰ স্মৃতিকেলৈ জীয়াই থাকিম।
তোমাৰ স্মৃতিতে মগ্ন থাকিম;
জীৱনৰ শেষ দিনটোলৈ।
তোমাৰ সপোনকে দেখিম;
জীৱনৰ অন্তীম নিশাটোলৈ।
তোমাৰ কল্পনাকে কৰিম;
মোৰ কল্পনা শক্তি থকালৈ।
তোমাৰ ছবিকে আকিম;
ৰামধেনুৰ ৰং শেষ নোহোৱালৈ।
তোমাকেই ভাল পাই থাকিম;
পৃথিবীত ভালপোৱা জীয়াই থকালৈ।
তোমাৰ নামৰ গানকে গাম;
গানৰ সুৰ শেষ নোহোৱালৈ।
তোমাৰ কবিতাকে ৰচিম;
কবিতাৰ ছন্দ শেষ নোহোৱালৈ।
তোমাৰ আশাতেই বাট চাই ৰ’ম;
মোৰ জীৱনৰ অন্তীম পৰলৈ।
তোমাৰ উভতনীৰে পাৰ্থনা কৰিম;
পৃথিবীত ঈশ্বৰৰ বিশ্বাস থকালৈ।

val poa


ভালপোবাটো এক অদ্ভুত অনুভুটি
যেতিয়া ইয়াক ছোবালী জনীয়ে
বুজে তেতিয়া লরাজনে নুবুজে আরু
যেতিয়া লরাজনে বুজে তেতিয়া
ছোবালী জনীয়ে নুবুজে আরু
যেতিয়া দুয়োজনে বুজে তেতিয়া
পৃথিবীবে নুবুজে ।

hokolore monor pisonda beleg..


সকলোৰে মনৰ পচন্দ বেলেগ বেলেগ সেইটো সকলোয়ে গম পায় কিন্তু মনৰ পচন্দ কি আৰু মনৰ কথা কনেও কাৰো গম নাপায়।
বহু দিনৰ পৰাই লৰা এজনে তাৰ বান্ধবী এজনীক মনেৰে ভাল পাই আছিল। দুয়োজনে একেটা office (fb) ত যে চাকৰী কৰি আছিল। লৰাজন বহু ভাল আৰু নম্ৰ আছিল। সি সদায় ছোবালীজনীক ভাল উপদেশ দিছিল, বিপদত সহায় কৰিছিল, তাই দূঃখ কৰিলে সি সদায় তাইক হাঁহিৰে ফুৰ্তিত ৰাখবলৈ চেষ্টা কৰিছিল ইত্যাদি বিভিন্ন কৰিছিল। কাৰন সি তাইক মনৰ পৰাই তাইক গ্ৰহন কৰিছিল। কিন্তুু ছোবালী জনী অলপ বেলেগ ধৰণে তাক গ্ৰহন কৰিছিল ... তাৰ সহায় সম্পূর্ণ হোবাৰ পাছত তাক মাত এটাও দিব টান পাইছিল। কিয়নো ইয়াৰে আগতেও তাই এজন office (fb) ৰে লৰা এজনক তাই বহু ভাল পাইছিল আৰু সিও তাক দুদিন মান ভাল পাইছিল। কিন্তু সি তাইৰ লগত কেইদিন মানৰ অভিনয় কৰি বেলেগ এখন মঞ্চলৈ গুছি গল, তেতিয়াৰ পৰা তাই সেইজনৰ পৰা পোবা আঘাত আন জনৰ পৰা নোপাবাৰ বাবে আঁতৰত থাকিছিল।
এদিন এই লৰাজনে office ত সকলোৰে আগত (statues) তাইক ভালপোবাৰ কথাটো উথ্থাপন কৰিলে। বহুতে সন্মতি আৰু উপদেশ (Like & comments ) ও দিলে। তাই খং আৰু লাজত office (fb deactivate) ৰ পৰা গল। ৰাতি লৰাজনে বহু ফোন কৰিলে কিন্তুু তাই ফোনটো নধৰে। শেষত সি তাইক এটা মেছেজ দিলে আৰু লগত এটা সৰু উদাহৰণ এটাও দিলে :::
ধৰি লোবা তুমি কুকুৰ ভাল পোবা। কুকুৰৰ ও বিভিন্ন ভাগ আছে, বিভিন্ন প্ৰজাতি আছে। ৰাস্তাত থকা কুকুৰ বোৰে যতে ততে যি পায় তাকে খায় ফুৰে, যত যেনেকৈ পায় তাকে কামুৰে। সেইবোৰক তুমি ঘৰত পুহিলে তোমাৰে বিপদ হব। সেইবোৰৰ জন্মগতই তেনেকুবা।
অন্য এক ঘৰুবা প্ৰজাতিৰ কুকুৰ আছে যিবোৰক তুমি বাহিৰ এৰি দিলেও সিহতে কেতিয়াও ঘৰুবা খাদ্যৰ বাহিৰে অন্য একো গ্ৰহণ নকৰে আৰু তুমি তাক ঘৰৰ পৰা এৰি দিলেও সি আকৌ ঘৰতে থাকিবলৈ চেষ্টা কৰিব। কিন্তুু এবাৰ তোমাক পোবাৰ পাছত সি তোমাক কেতিয়াও এৰি থৈ নাযায়।
ছোবালী জনীয়ে তাৰ সেই মেছেজটো পায় আচৰিত হৈ চিন্তাত পৰিল। তাই তাৰ কিছুমান কথা মনত পেলাব ধৰিলে ... সি তাইক কৰি দিয়া বিপদৰ সহায় বোৰ, দুখত হাঁহিৰে তাইৰ লগত থকা সময়বোৰৰ কথা ভাবি ভাবি তাই হাঁহিবলৈ ধৰিলে। পিছদিনা খন তাই office (fb) লৈ গল। তাই বহু ফুৰ্তিৰে সকলোৰে আগত (status) ত তাই লৰাজনক ভালপোবাৰ কথাটো উত্তৰ দিলে।
.
..
...
....
.....
শেষত এটাই কথা কও বেয়া পালেও উপায় নাই ::: এজন/এজনীয়ে কৰা ভূলৰ বাবে গোটেই জাতি/প্ৰজাতিটোক একে যেন ভাবি নলয় যেন।
কাৰণ তোমাৰ নিজৰ হাতৰ পাঁচটা আঙলিয়ে সমান নহয় আৰু এজন / এজনীৰ বাবে গোটেই জাতিটোক আঙুলি উঠোবাটো যুক্তি বিহিন কথা। 👪
💕LoVe Is NoT A WaR💕 কৰোবাৰ খং উঠিলেও বেয়া নাপায় যেন। আৰু পঢ়ি কেনে লাগিল মন্তব্য কৰিব। — feeling কৰোবাৰ খং উঠিলেও বেয়া নাপায় যেন। আৰু পঢ়ি কেনে লাগিল মন

ata kahini


এটা লৰা আছিল সি এজনী ছোৱালীক বহু ভাল
পাইছিল,ছোৱালীজনীয়েওঁ তাক বহু ভাল পাইছিল ।কিন্ত
সিহতৰ প্ৰেমত বাধা আহি পৰিল তেতিয়া যেতিয়া তাই
এজন ধনী লৰাক তাইৰ জীৱন সংগী হিচাপে লোৱাৰ
সুবিধা পালে ।আৰু টকাৰ লোভত তাই সেই লৰাজনৰ
লগত সংসাৰ গঢ়ি তোলাৰ সপোন দেখিলে আৰু প্ৰথম
ভালপোৱা লৰাজনৰ প্ৰতি অমোনোযোগিতা বঢ়াই
দিলে । সি ফোন কৰিলে ফোন ৰিচিভ নকৰা হল,লগ কৰিব
খুজিলে সময় নাই বুলি আতঁৰি যোৱা হল, মুঠৰ উপৰত
তাই তাক একো নোকাৱাকৈ এনেকোৱা ব্যৱহাৰ
কৰিলে যে সি নিজে তাইক এৰি দিয়ে ।এনেতে হঠাত এদিন
তাইক লগ পাই সি সুধিলে
-তুমি মোৰ পৰা যে আতঁৰত থাকিব লৈছা কাৰণ কি ????
তাৰ প্ৰশ্নৰ উত্তৰ দিওঁ নিদোকৈ তাই কলেঃ-
শুণা আজি কালি তোমাক ভাল নলগা হৈছে ।।
লৰা জনে কলেঃ-মোক ভাল নলগাৰ কাৰণ কি জানিব
পাৰিম নে ,এটা সময়ত টো তুমিয়েই মোক
কৈছিলা যে মোক নাপালে তুমি মৰি যাবা,মোৰ
অবিহনে তুমি আন কাৰোৰে হব নোৱাৰা অথচ
আজি..................
তাই কলেঃ-সময়ে সকলো শিকায়,সেয়া হয়টো মোৰ ভুল
আছিল যে মই তোমাক ভাল পালো ।মই তোমাক পাহৰিব
বিছাৰো আৰু তুমিওঁ মোক.......
-কি কোৱা তুমি, মই তোমাক পাহৰো কিদৰে ।
কিদৰে পাহৰো আমাৰ অতিতৰ সেই মধুৰ সময়বোৰ
তাই কলেঃ-আচলতে তুমি ইমান চেন্তি হৈ লাভ
নাই,চিধা কথা মই আন কাৰোৱাক ভাল পাব লৈছো ।
সি সুধিলেঃ-কাক,কোন হয় সেই জন???
তাই কলে বহু ধনী লৰা হয় সি,আৰু মই এতিয়া তাক
তোমাতকৈয়ো বহু বেছি ভাল পাওঁ ।।
সি কলেঃ-ধনী হোৱাৰ বাবেই তোমাৰ প্ৰেমো তাৰ
প্ৰতি বাঢ়ি যোৱা নাইটো
তাই কলেঃ –যদি তাৰ একো নাথাকিলে হৈ তেতিয়া হলেওঁ
মই তাকেই ভাল পালোহৈ
সি কলেঃ-সচাঁই তুমি তাক ইমান মনে প্ৰাণে ভাল পোৱা
তাই কলেঃ-অ বহু বেছি
তেতিয়া সি কলেঃ- এটা কথা কওঁ
তাই কলে-কোৱা
সি কলেঃ-তুমি মনে প্ৰাণে ভালপোৱা লৰাজনৰ নাম বাৰু
ৰাহুল নেকী ??
তাই আচৰিত হৈ-তুমি কেনেকে জানিলা
সি কলেঃ-তাৰ বাপেক অসমৰ এজন প্ৰতিষ্ঠিত
ব্যৱসায়ী আৰু ৰাহুলে এই বাৰ আই.পি.এছ ৰ
চাকৰি পাইছে নেকী।
তাই আগতকৈ বেছি আচৰিত হৈ সুধিলে-তুমি তাৰ
মানে তাক চিনি পোৱা..........কিন্ত কেনেকৈ
সি কলেঃ-জানো মানে আমি একে ৰোমতে থাকো,আৰু
সি মোৰ খাচ পাতনাৰ হয়।
এটা ইনতাৰ্চতিং ঘটনা কি জানা তাৰ বাপেক
কোনো অসমৰ প্ৰতিষ্ঠিত ব্যৱসায়ী নহয়
তাৰো উপৰি এটা মজাৰ খৱৰ হল সি নহয়
মইহে আই.পি.এছৰ চাকৰিটো পাইছো ।
তাই কলেঃ-ধেত তুমিটো জানাই মই তোমাক কিমান ভাল
পাওঁ,মই ধেমালীহে কৰিছো ।
সি কলেঃ-মই কিন্ত আজিলৈকে ধেমালী কৰা নাই ।
তোমাক সচাঁকৈ আৰু সচাঁ অন্তৰৰ পৰা ই ভাল
পাইছিলো ।
তাই কলেঃ-
উল্টা পুল্টা কৰি নাথিকিবা না জান,চাকৰি পালা যেতিয়া আমাৰ
আৰু চিন্তা নাই.............তুমি জানো তোমাক মই কিমান
ভাল পাওঁ ।
সি কলেঃ-হব হব তোৰ লেকচাৰ বন্ধ কৰ.......................

jetia tumi aha


Jetiyai tumi mur kakhole aaha, mur morohi ruwa
ukah hiya aako jiyai uthe, mur bedonare bhora
hiya khone bisare mathu tumar morom aru
prerona..jak pai hi ako jiyai uthibo bisare..janu
tumi diba,muk hei ek muhutto jar babei mur
hiya eman biyakul hoi porise..janu tumi diba
muk jiyai thokar hei morom aru ati prerona

kenekoi bujam tumk


কেনেকৈ বুজাম হৃদয়ৰ মৰম বোৰ..!
কেনেকৈ দেখুৱাম তোমাক লৈ মোৰ
সপোন বোৰ..! হাজাৰ জনৰ হাজাৰ
সপোন তোমাক লৈ মোৰ এটাই
সপোন..! ভালপাওঁ তোমাক মই বহুতেই
কবহে নোৱাৰো মৰমবোৰ তোমালৈ
গোপনে সাঁচো..! কেতিয়াবা উদাস
উদাস লাগে জানা তোমাৰ খবৰ
নাপালে..! হৃদয় খনক বুজাবই নোৱাৰো
মনৰ অজানিতে তোমাৰ কাষ পাই..!
খুলি কব মন যায় হৃদয়ৰ অব্যক্ত মৰবোৰ..! ভয়
লাগে জানোচা হৃদয়ৰ দাপোণ
দেখিয়েই আতৰি যোৱা..!
এনেকৈয়ে আৰু কিমান দিন কিমান
বান্ধি ৰাখিম মৰমবোৰ..!

Tuesday, 22 December 2015

tenekoi nasaba muk


তেনেকৈ নাচাবা মোক..........ভয়
লাগে মোৰ তুমাৰ সেই মৰম সনা
চকুযুৰিলে চাব.......যদি মই হেৰাই যাও
তুমাৰ দুচকুৰ নীলাখিনিত ভয় লাগে
মোৰ.......তেনেকৈ নাচাবা
মোক.........কিয় আজি বাৰে বাৰে
আমনি কৰে মোক তুমাৰ সেই মৰম সনা
চকুযুৰিয়ে...... তেনেকৈ নাচাবা
মোক.....তুমি নকলেও মই বুজি পাও
তুমাৰ দুচকুৰ গুপন ভাষা........অনুগ্ৰহ কৰি
তেনেকৈ নাচাবা মোক.....

moi tumk val pao


মই তোমাক বহুত ভালপাইছো
,ভালপাওঁ আৰু এনেকৈয়ে গোটেই
জীৱন ভালপাইথাকিম ৷তুমি যিমান
দূৰত যাব বিচৰা যাব পাৰা মই
তোমাক আৰুবাধা নিদিওঁ ৷তুমি য'ত
গৈ সুখী হোৱা তাত গুছি যোৱা
৷নাভাৱিবা তোমাৰ ৰঙীণ জীৱনত
ক'লা ছাঁ হৈ আহিম ৷নাইবা তোমাক
আগৰ নিচিনাকৈ বিৰক্ত কৰিম
অভিমানভাঙি উভতি অহাৰ কাৰণে
৷কিন্তু তুমি আজিও আছা মোৰ হৃদয়ত
আৰু এনেকৈয়েথাকিবা গোটেই
জীৱন ৷নিজকে পাহৰি যাব পাৰো
কিন্তু তোমাক পাহৰিবনোৱাৰো
৷প্রতিটো মহূর্ত তোমাৰ কথা মনত পৰি
থাকে ৷যদি পাৰা মোক আৰু
কন্দোৱাই যোৱা তথাপিওঁতুমি সুখত
থাকা
Via www.Twitter.com/iliashasan1

adhani morom bisari


এধানি মৰম বিচাৰি আজি পৰিছো মই
ভাগৰি
লবানে মৰৰমি মোক সাবতি
নদি বৈ যায় সাগৰলৈ বুলি
মোৰ মন বৈ যায় তোমাৰ কাষলৈ
আজি কোৱানা এবাৰ মোক ভাল পাওঁ
বুলি
হিয়া ওজাৰি দিম তোমাক সমস্ত মৰম
মৰমৰে ওপচাই দিম তোমাৰ হিয়া
আহিছো তুমাৰ কাষলৈ মৰম বিচাৰি

Tuesday, 25 August 2015

Apekkha

অমানিশাৰ নিস্তব্ধতাৰ বুকুত
আজিও সাৰে আছো
তুমি অহাৰ অপেক্ষাত,

মোৰ হিয়াৰ বৈতৰনী পাৰত
তুমি যেতিয়া বীণ বজোরা
উন্মক্ত হৈ যাও
তুমাৰ বীণৰ সুৰত,

হে'ৰ নাৱৰীয়া
এবাৰ ভতিয়াই আহাছোন
তুমাৰ নাৱত উঠি
এইবাৰ মই বীণ বজাম
তুমি শুনি যাবা !!

hridayt sup khai thoka bedona bor


কেতিয়া আহি নিশেষ কৰিবা
মোৰৰ হৃদয়ত ঠুপ খাই থকা বেদনা বোৰ
নে নিসংগতাৰে অতিবাহিত হব
মোৰ জীৱনৰ অন্তিম শয়ন
চিতাগ্নীত যেতিয়া জ্বলি নিশেষ হব মোৰ বেদনা বোৰ
তেতিয়া নকৰো আন কাৰোবাৰ আশা
পূৰি ছায় হব মোৰ মানবীয় দেহা
ৰৈ যাব কেৱল স্মৃতি আৰু স্মৃতি

ati ful


অৰ্থহিন জীৱনৰ বাগিছাত ফুলা এটি ফুলে
দিনটোৰ ব্যস্ততাৰ অন্তত বাৰুকৈয়ে আমনি কৰে
অবশ্যে, সেই ফুলটো এটিয়া মোৰ হাতত নাই
তথাপিতো কিয় জানো
হথাৎ চিঞৰি  উঠো ফুলটিৰ ষ্পৰ্ষ পাই ।
সাৰ পাই দেখো কেৱল মাথো শুণ্যতা
অবাক হৈ ৰও কিছু মুহুৰ্ত
ঘড়ীটোলৈ চালো
নিশা চাৰে বাৰ বাজিছে
নাই কোনো ব্যতিক্রম ।
প্রতিটো নিশাৰ দৰেই সেই একে স্বপ্ন
শুনো মাথো এগৰাকি নাৰীৰ হৃদয় বিদাৰক অৰ্তনাদ
তেতিয়া অনুভৱ হয়
মই কিবা ভূল কৰিলো নেকি ?

Friday, 14 August 2015


Newton in romantic mood:..
.
law.
.
Love can neither be created nor be destroyed,
Only it can transfer from 1 girlfriend to
another girlfriend with some loss of money

Monday, 10 August 2015

jibonor kisu homoy


তিনিবছৰৰ ডেঞ্জাৰাছ প্ৰেম । প্ৰেম !! আউ.. প্ৰেম নহয় যেন সেয়া তিনিবছৰৰ সাংসাৰিক অভিজ্ঞতাহে আছিল । আৰু সেই সময়ত মোতকৈ সুখী আৰু ভাগ্যৱান চাগে এই দুনিয়াতে নোলাব । তেৰাৰ নামটো বাৰু নকওৱে দিয়কচোন... চিনাকি কৰাই দিবলৈ কামবোৰেই যথেষ্ঠ দেখোন । হৃষ্ট-পুষ্ট মানুহটোক যে তিনিটা বছৰতে এক্কেবাৰে পানীকেচুৱা কৰি পেলাইছিল ভাবকছোন সেইগৰাকীৰ মহিমা তেন্তে কম হ'ব নে...

এই ধৰক গৰমৰ দিনত ৰাতি কাৰেন্ট নাই, সৰু ভাৰাঘৰটোত বতাহ সোমাব পৰা এখনেই খিৰিকি... গুৱাহাটীৰ চোৰ ডকাইতলৈকো কেৰেপ নকৰি খিৰিকি খুলি শুবলৈ চেষ্টা কৰি আছো...পৰা নাই... কাৰেন্ট নাহে হে নাহে... বাৰ বাজি গ'ল..এক বাজি গ'ল..কাৰেন্ট তথাপিও নাই... শেষত প্ৰায় আঢ়ৈমান বজাত কাৰেন্টটো আহিল, ধপকৈ শব্দ এটা কৰি মোৰ পুৰণি ফেনখন লাহে লাহে ঘুৰিব ধৰিছে... মইও উস্..ৰক্ষা বুলি চকুকেইটা মুদি শুবলৈ চেষ্টা কৰিছো...বাজিল নহয় মোবাইলটো... চাই দেখু এঞ্জেল কলিং.... আউ.. এঞ্জেল মানে সেই তাই আকৌ... ক'লোৱে দেখুন সেই সময়ত মোতকৈ সুখী কোনোয়ে নাছিল বুলি... আৰু ইমান সুখী মানুহ এটাই কাৰোবাক যেনিবা এঞ্জেল বুলি মাতিলেই...মতিছো নো ক'ত... ফোনতহে চেভ কৰিছো... এতিয়া আকৌ বেলেগ অৰ্থ নুলিয়াব দেই... মই একো গালি খাই সেইটো নাম দিয়া নাই... আপোনালোকে চাগে ভাবিছে মই নাম্বাৰ চেভ নকৰাকৈ ৰাখি থোৱা তাই চাগে দেখিলে, দেখিয়ে মুখ উফন্দাই মোৰ লগত কাজিয়া কৰিলে...আৰু তাইৰ সমুখতে ধুনীয়া নাম এটা দি নাম্বাৰটো চেভ কৰিব দিলে... আৰু তেতিয়াৰ পৰা নাম্বাৰটো এঞ্জেল বুলি চেভ হৈ আছে মোৰ মোবাইলত । হ'ব হ'ব...তেনেকুৱা একো নহয় বুজিলে... আমাৰ তাই তেনেকুৱা নহয় ও....

চেহ তাই কল কৰি আছিল নহয়.... পাহৰিছিলোয়ে কথাটো আধৰোৱা হ'ল বুলি...
এই ৰাতি আঢ়ৈ বজাত হঠাৎ আকৌ এঞ্জেলৰ কি হ'ল....

মই বোলো – হেল্ল....

: কি কৰিছা....

মই বোলো- শুব লৈছিলো....

: তোমাৰেই দিন আৰু...

মই বোলো- কিয়..? কি হ'ল নো ?

: ইম্মান ধুনীয়াকৈ শুই আছিলো জানানে, হোষ্টেলৰ কাৰেন্টটো গুচি গ'ল...গৰমত এতিয়া শুব পৰা নাই...প্লিছ....জান... কথা পাতা না অলপ....প্লিছ..তোমাক বহুহুহুতত....মিছ কৰিছো...

উপাই নাই আৰু... গৰমতকৈ উফন্দা মুখৰ উত্তাপ বহুত বেছি... বুজা সকলে বুজিব... ওপৰত ফেনখন চলি আছে, তলত মোৰ মুখখন....

এয়াই আছিল প্ৰেম.. কথা পতাৰ কোনো নিৰ্দিষ্ট সময় যেনেদৰে নাছিল মিছ কৰাৰো কোনো নিৰ্দিষ্ট সময় নাছিল । আৰু ঠিক তেনেকৈ মৰম কৰাৰ, কেয়াৰ লোৱাৰ, চিন্তা কৰাৰ...

ঠাণ্ডা দিন পৰিল কি নাই আৰম্ভ হৈ যায়... গৰম পানী খাবা, ৰাতিটো নকৰিবাই দিনতো গৰম বেছি লাগিলে কল্ড ড্ৰিংকছ ইউজ নকৰিবা, পাৰিলে ৰাতিপুৱা গৰম পানীৰে গা ধুবা, তুমি কিন্তু বাইক বেছিকৈ চলোৱা দেই..একদম কমোৱা বাইক চলোৱা...

ক'লোৱে নহয় মোতকৈ ভাগ্যবান সম্ভৱ দ্বিতীয়টো কোনো নাই...
এই যে ডাক্তৰে দৰৱ দিলে কয় দুচামুচ আহাৰৰ আগত...মোৰো অৱস্থা ঠিক তেনেকুৱাই । দুচামুচ কেয়াৰ আহাৰৰ আগত... দুচামোচ চিন্তা বাইক চলোৱাৰ আগত, দুচামোচ মিছ শুই থকাৰ মাজত আৰু দুচামোচ মৰম.... তাইৰ বাৰ্থডেৰ আগত.....

জীৱন জীৱন বৰ অনুপম.... নিৰ্মলপ্ৰভা বাইদেউৰ কিতাপখনৰ শিৰোনামটোৰ সৈতে যেন মোৰ জীৱনটো মিলি গৈছিল সেই সময়ত.. কিতাপখন কিনি আনি পঢ়ি দিবই মন গৈছিল...পিছে প্ৰেমিক মানুহৰ আকৌ সময় ক'ত...তাতে মোৰ নিচিনাবোৰৰতো কথাই বেলেগ...
আজি বোলে এঞ্জেলক চিনেমা দেখুৱাবলৈ নিব লাগে...কাইলৈ আকৌ পেন্টালুনচত মহিলালৈ বুলি থোৱা কাপোৰৰ আঁৰে আঁৰে সোমাই তাইক ড্ৰেছ চইচ কৰাত হেল্প কৰি দিব লাগে...

এহ...আপোনালোকো কম নহয় দিয়ক... ডেবিট কাৰ্ডখন কাৰ ব্যৱহাৰ কৰিছিলো সেইটোকলৈহে চিন্তা কৰিছে... তাইৰ বা মোৰ এটাৰ হ'লেই হ'ল আৰু... মই ল'ৰা মানুহটো থাকোতে ছোৱালীজনীক বাৰু পেইমেন্ট কৰিব দিব পাৰো নে... ধুৰ.. প্ৰেষ্টিজৰ কথা নাই নেকি কিবা...

চকুচৰহাবোৰতো জ্বলিবই... কেৱল নিগেটিভ চিন্তা...আনৰ ভাল দেখিবই নোৱাৰে... আৰে এঞ্জেলৰ মৰম, চেনেহ, কেয়াৰ এইবোৰৰ ওচৰত মইচোন একোৱে দিবই পৰা নাই...তথাপি তাই কিমান বহল অন্তৰৰ চাওক, মোক লৈ কেতিয়াও একো অৱজেকচন নাই তাইৰ... অ' অৱশ্যে মই ঘৰৰ পৰা পঠোৱা টকা কেইটাৰে তাইক ইটো সিটো সৰু সুৰা বস্তু কিনি দিবলৈ অসুবিধা হোৱাৰ বাবে ক্ৰেডিট কাৰ্ডখন লওতে তাই অলপ অৱজেকচন নকৰা নহয়... সেইদিনা তাই মনটো একেবাৰে মাৰিয়ে পেলাইছিল....
তাই কৈছিল..এতিয়াতো তুমি মোক বহুত ভাবি চিন্তিহে কিবা দিবা চাগে... ক্ৰেডিট কাৰ্ডৰ বিল বুলিতো চাগে মাজে মাজে শুনাইয়ে থাকিবা আৰু... বাপৰে...কম বুজাইছিলোনে তেনেকুৱা একো নহ'ব বুলি....

এতিয়া আকৌ নুশুধিব দেই ক্ৰেডিট কাৰ্ডৰ বিল কিমান আহিছিল বুলি...
সেইবোৰ পুৰণি ফাইল খুচৰিবলৈ মোৰ ওচৰত এতিয়া ক্ৰেডিট কাৰ্ডো নাই বিলো নাই...

মুঠতে মোৰ হিট লাভ ষ্টৰি... চকুচৰহাবোৰে নামানিলে কি হ'ল...

প্ৰথমে মাজ নিশা সাৰ পাই শুনা – অ' জান মিছ ইউ, ৰাতিপুৱা এলাৰ্ম ক্লকৰ দৰে টোপনিৰ পৰা জগাই দি কোৱা – গুদ মৰ্নিং ছুইহাৰ্ট, চাণ্ডা দিনত বাইকলৈ ক'ৰবালৈ যাব ওলালে – অ' দেহা..ভালকৈ গৰম কাপোৰ পিন্ধি যাবা আদিৰ দৰে বিশেষণবোৰ পিছলৈ অস্তত্বৰ সংকতত ভোগিছিল... ভুলটো তেনেকুৱা শব্দবোৰ শুনিবলৈ পোৱা নাছিলো...। অৱশ্যে তাৰ ঠাইত বেলেগ কিছুমান শব্দহে সংযোগ হৈছিল। যেনে – তুমি কিন্তু শকত হৈছা... আগতকৈ অলপ কলাও পৰিছা... আজি কালি মই কিবা এটা কলেই তুমি উল্টা বুজা... কেতিয়াবা অলপ বেছিকৈ এনেদৰে- হ'ব..যি কৰা কৰি থাকা... তুমি বহুহুহুহুততত চেঞ্জ হ'লা.. মোক অলপো বুজিব ট্ৰাই নকৰা...

এনেকৈয়ে প্ৰব্লেম ৰ পিছত প্ৰব্লেম ওলাওতে ওলাওতে এদিন কোনোবা ৰাৱনে আহি এঞ্জেলক হৰণ কৰি লৈ গৈছিল... নে এঞ্জেল নিজেই পূৰণ হৈছিল ক'ব নোৱাৰো... মইটো আৰু ৰামচন্দ্ৰ নহয় যে শিলৰ সাকোঁ বনাই এঞ্জেলক বিচাৰি যাম... মদ খাবলৈও আকৌ দেৱদাস নহয়....
গতিকে পাৰোৰ নামত জগজিৎ সিঙ বা পংকজ উদাষৰ গজল কেইটামানকে শুনিব ল'লো... আৰু ফু বাবাই ফু দি বেমাৰ ভাল কৰাৰ নিচিনাকৈ মই জান, সোণ, ধন, দেহা আদি বিশেষণৰ মায়া মোহৰ পৰা সোনকালেই আৰোগ্য হৈ উঠিলো ।

সেইদিনা আই এছ এলত পুনেৰ লগৰ মেচখন চাবলৈ বুলি ষ্টেডিয়ামত বহি আছো.. লগত আৰু দুজন... খেল তেতিয়াও আৰম্ভ হোৱাই নাই... ইফালে আকৌ বন্ধুৰ দৰে দাদা দুজনমানেও একেলগে চাব... গতিকে মই আৰু লগৰ দুটা অলপ সোনকালে ষ্টেডিয়াম পালো কাৰণে সেই দাদা কেইজনলৈও চিট দুটামান ৰাখি থৈ দিছো... বহুতে আহি ছিট কেইটাৰ কথা সুধিছে, আমিও পানী বটল আনিবলৈ উঠি গৈছে বুলি কিবা প্ৰকাৰে চিট কেইটা ৰাখি আছো যেনেতেনে । ইফালে মানুহে ষ্টেডিয়াম ভৰি পৰিছে... বহুতে লাহে লাহে ছিটৰ আশা বাদ দি থিয় হৈ চাবলৈকে ঠিৰাং কৰিছে । আমিও দাদা কেইজনক ফোন লগাও হে লগাও... নাই...নেটৱৰ্ক নাই... ফোন নালাগে...ছেহ কি কৰা যায় বাৰু... ইফালে খেলপথাৰত খেলুৱৈবোৰ শাৰী পাতিছে ৰাষ্ট্ৰীয় সংগীত গাবলৈ.... দৰ্শকো থিয় হ'ল.... তথাপি দাদা কেইজনৰ কোনো খবৰ নাই... আৰম্ভ হ'ল....

"জন গণ মন অধিনায়ক জয় হে
ভাৰত ভাগ্য বিধাতা..."

এহ ভাৰতৰ ভাগ্য বাদ দিয়কহে মোৰ ভাগ্যখন চাওকচোন...
আমি বহা শাৰীতে কোলাত কেচুৱা লৈ থিয় হৈ আছে এঞ্জেল... এফালে গাই আছো ৰাষ্ট্ৰীয় সংগীত আনফালে চকু এবাৰ এঞ্জেললৈ এবাৰ কোলাৰ কেচুৱাটোলৈ এবাৰ আকৌ খুৰাকলৈ ।

ৰাষ্ট্ৰীয় সংগীত শেষ তাৰ পিছতে আমাৰ মিলন সংগীত বাজি উঠিল....
মই একো ক'বই নাপালো... দেখা লগে লগে অলপো পলম নকৰি তাই চিঞৰি উঠিল—অহ.. হাই...তুমি.... ইয়াত.....???

ইচ্ যেন মই ভনীয়েকৰ বিয়াত হে আছো...তাইৰ ৰিয়েকচনটো দেখি তেনেকুৱাই লাগিল....

মই বোলো—অ...হাই....এই খেল চাব আহিলো...

: অ' অ' ... আমিও... পিছে ছিটেই পোৱা নাই জানানে...
এইকেইটা ছিট দেখিহে লৰা লৰিকৈ আহিছো...কোনোবা আছে নেকি এইকেইটাত...??

মই বোলো—লগৰ দুজনমান আহি আছে...

: এহ হ'ব দিয়া.. আহিলে বাৰু এৰি দিম..এতিয়া বহি থাকো... কৈয়ে নিজেতো বহিলেই খুৰাককো হাতত ধৰি বহাই দিলে...

: অহ পাহৰিছিলো... অই শুনাছোন... এয়া মোৰ হাছবেণ্ড অনিৰ্বান... আৰু অনিৰ্বান, এয়া মোৰ ক্লাছ ফ্ৰেণ্ড........অমুক......

অট্ টেৰি.... খুৰাক নহয়...পতিহে সেইজন....

আৰু মই...!!! মোতকৈ বয়সত চাৰিবছৰৰ সৰু ছোৱালীজনী হ'লগৈ মোৰ ক্লাছ ফ্ৰেণ্ড...

মইও সৌজন্যতাৰ খাতিৰত হেল্ল' জাতীয় কিবা এটা দিলো... শুনিলেনে নাই নাজানো... প্ৰত্তোতৰ হিচাপে তেওঁ হাঁহিটো মাৰি হেল্ল' বুলিয়ে ক'লে যেন পাও... মই তেওঁনো কি কয় ইমান আগ্ৰহেৰে অপেক্ষা কৰা নাছিলো ।

খেল ইতিমধ্যে আৰম্ভ হৈ গৈছে... দাদা কেইজনৰ কোনো খবৰ নাই...

বাংলাদেশীয়ে চাগে এনেকৈয়ে অলপ বহিম বুলিয়ে নিগাজিকৈ অসমত বহি গৈছিল... মোৰ প্ৰাক্তন প্ৰেমিকাই পতি আৰু পুত্ৰৰ সৈতে ডেৰ ঘন্টা ধৰি নানা ফাকি ফুকা, কষ্টৰে ৰাখি থোৱা ছিটকেইটাত নিগাজিকৈ খুপনি পুতিছিল ।

কোলাৰ কেচুৱাটোৱে সম্ভৱ মানুহৰ ভিৰত অশান্তি কৰিছিল নেকি... এঞ্জেলে এগাৰাকী দায়িত্বশীল মাতৃৰ দৰে নিচুকাবলৈ যত্ন কৰিছিল... মই খেল চাই থকাৰ মাজতে মাজে মাজে এঞ্জেললৈ চাও... এবাৰ চকুৱে চকুৱে পৰিল... ডাঙৰ স্ক্ৰীণখনত তেতিয়া সাত মিনিতৰ খেল হৈ গৈছে...

চকুৱে চকুৱে পৰাত..তাই ক'লে... ভিৰ যে..অলপ আমনি কৰিছে ।
কিন্তু মগজ...বেয়া হ'ল তেতিয়া যেতিয়া কেচুৱাটোৱে মোক দেখি হাঁহিব খোজোতে তাই কৈ উঠিল...

কিনো... কিনো.... মামাৰ ওচৰলৈ যাবা...

মামা....!!!!

কোন...?? কোনো মামা ওলাল ইয়াত...??

কথাটো কৈ কেচুৱাটো মোৰ ফালে আগবঢ়াই দিয়াত হে বুজিলো...মামাটো চোন মইয়ে....

এতিয়া দৃশ্যপট মন কৰক.... মানুহে গিজগিজাই থকা সৰুসজাই ষ্টেডিয়াম... সমুখত কোকে, এলেন, কেপডাভিয়াই বল লৈ দৌৰি আছে... মই গেলেৰীত বহি আছো, কাষত হাছবেণ্ডৰ সৈতে আছে মোৰ প্ৰাক্তন প্ৰেয়সী...আৰু মই প্ৰথমতে প্ৰেয়সীৰ ক্লাছ ফ্ৰেণ্ড আৰু পিছলৈ মামা ৰূপ ধাৰণ কৰি প্ৰেয়সীৰ সন্তান মানে ভাগিনক কোলাত লৈ নিচুকাই আছো ।

নব্বৈ মিনিটৰ খেল চাই শেষ হ'বৰ হ'ল... তেতিয়াও মামা ভাগিনৰ যোগলবন্দী শেষ হোৱাৰ কোনো আশা নাই... মাজে মাজে এঞ্জেলে মোকে শুনাবলৈকে কেচুৱাটোক কয়... "ইছ...মামা পাই মোক পাহৰি গল আউ...নহ্...

নহ্ ধুনু... হয়নে...অ বুলু হয়নে...??"

লগে লগে কেচুৱাটোৰ এটা মিচিকিয়া হাঁহি...
সেই হাঁহিটোৰ কথাকে আকৌ হাছবেণ্ডক কয়....হাছবেণ্ডে মোলৈ চাই কয়—
আপুনি বাৰু আমনি পাইছে নেকি....

ক'বলৈ মন যায়... সেই মাজ ৰাতি শুব নিদি "কথা পাতা না জান" বুলি কোৱা ভুক্তভোগীটো হয় মই... মন আৰু ছাল এক্কেবাৰে ডাঠ কৰি থৈছে আপোনাৰ পত্নীয়ে ডাঙৰীয়া...এইবোৰ তেনেই সাধাৰণ কথা...নকওঁ... মিচিকিয়াই হাঁহি এটা মাৰি একো নাই বুলি কৈ থও...

খেলৰ অতিৰিক্ত সময়তহে এঞ্জেলে মোৰ পৰা এই অতিৰিক্ত দায়িত্বটো কমালে...

খেল শেষ হোৱাৰ পাছত ক'লে...
নাই নাই এনেকে খেল চাব দিগদাৰ জানানে... ইয়াকলৈ খেল চাব আহিব নোৱাৰি... মানুহ বেছি যে বৰ আমনি কৰে পাই...

ঘৰলৈ বুলি আহি থাকোতে ভাবিলো... নব্বৈ মিনিট কোলাত প্ৰাক্তন প্ৰেয়সীৰ কেচুৱা লৈ আই এছ এল চোৱা মানুহ চাগে মইয়ে প্ৰথম নেকি...!

এঞ্জেলৰ কথাবোৰকে ভাবি ভাবি আহি কেতিয়ানো ঘৰৰ গেটৰ ওচৰ পালোহি গমেই নাপালো... ব্ৰেকডাল মাৰিহে মনত পৰিল...দাদা কেইজন বা আহিছিল নে নাই খেল চাব...http://iliashasan.blogspot.in/2015/08/blog-post.html?m=1

Sunday, 9 August 2015