Saturday, 21 September 2024

অনুভৱৰ একলম

সকলোৰে আশা
থাকে; থাকে সপোন। মোৰো
এটা সপোন আছে, পৃথিৱী
চোৱাৰ। এৰা, এদিন মই পৃথিৱীখন
হেঁপাহ পলুৱাই চাম। শুকুলা ডাৱৰৰ
সৈতে লুকা-ভাকু খেলি; দুহাত
মেলি আঁকোৱালি ল’ম ৰ’দজাক। চুই
চাম মোৰ আশাৰ আকাশখন।
সাগৰতীৰত শামুক বুটলিম।
কিনকিনিয়া বৰষুণত তিতি সুঘ্ৰাণ
ল’ম পাহাৰৰ বনৰীয়া ফুলৰ। গভীৰ
অৰণ্যৰ কোমল বননিত বহি চিঞৰি
চিঞৰি পাঠ কৰিম জন কীটছৰ বা
হীৰুদাৰ কবিতা-‘A thing of beauty is
a joy forever’ বা ‘প্ৰেম নিশ্চয়
এনেকুৱাই, আৱৰণ খুলি হৃদয় জুৰায়’ ।
নতুবা আকৌ কোনো প্ৰাণচঞ্চলা
জান বা জুৰিৰ কাষৰ মসৃণ শিলত
বহি দুহাতেৰে পানী উচালি
শূণ্যত আঁকিম হেঁপাহৰ সাতোৰঙী
ৰামধেনু। জোনৰ বুকুত সপোন ৰচিম ;
জোনাকত সাজিম এখন ঘৰ। নিশা
যেতিয়া গভীৰ হ’ব , তাতেই
জিৰাম অলপ নিয়ৰ সেমেকা
দূবৰিৰ বুকুৰ মিঠা উমত !