তোমাৰ বুকুত শব্দময় নদীৰ
গভীৰতা শাওণৰ আকাশৰ
উন্মাদনা তোমাক ভাল
পাওঁ বুলি কলেই ৰিম
ঝিম বৰষুণ নামে তুমি
শব্দময় প্রাণৰ দুহিতা,
ভালপোৱাৰ নন্দন
প্রতিমা... তুমি শব্দ তুমি
গোন্ধ আহিনৰ দুবৰি
বুটলা সোনাৰুৰে
মালা গোঠা কবিতাৰ
দৰে সজোৱা নিশাৰ
আকাশ তোমাৰ উশাহত
ফুলে শেৱালিৰ সুবাস!!
☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি । নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । ✍✍✍ইলিয়াছ হাছান✍✍✍
Tuesday, 21 November 2017
তোমাৰ অনুভৱৰেই শব্দৰ মায়াজালৰ সৃষ্টি
Tuesday, 14 November 2017
কোন বাৰু তুমি(প্ৰিয়তমা)
নিশাৰ এন্ধাৰৰ আৰেঁ আৰেঁ
জোনাকী পৰুৱাৰ দৰে
মোৰ হৃদয়ৰ আৰেঁ আৰেঁ
কোন বাৰু তুমি ?
ক'লা ডাৱৰৰ মাজত থকা
শুকুলা মেঘৰ দৰে
মোৰ হৃদয় দাপোনত
দেখা দিয়াহি
বিজুলীৰ চিক্ মিকনি স্বৰুপে ।
যেতিয়াই বিচৰণ কৰোগৈ
মোৰ স্বপ্ন-ৰাজ্যত
দেখা পাওঁ তোমাৰ হাহিঁ
আৰু বেকা চাৱনি,
যিয়ে দেখায় তোমাক
অতিব শুৱনি ।
Thursday, 2 November 2017
নষ্ট প্ৰেমিকৰ নীলা খামৰ চিঠি
মৰমৰ প্ৰিয়তমা,
এই শব্দহীন মায়ালগা নিশাটিত
তোমালৈ মনত পৰিছে। দুচকুৰ
প্ৰতিটোপাল চকুলোত তুমি জিলিকি
উঠিছা। বুটলিব খুজিছো চকুলোত তুমি
তুমি লগা অনুভৱ বোৰ।তোমাৰ বাবেই
সজাইছিলো অনুভৱৰ বুকত সকলো
সেউজীয়া। কিছু মৰম কিছু ভালপোৱা
আৰু কিছু অবিস্বাসৰ সুৰ- সকলোবোৰ
নেওচি তুমি গুছি গলা দুচকুত চকুলোৰ ঘৰ
সাজি। কপালত সেয়া ফোঁট নে তেজৰ
টোপাল, মোৰ ছোন চকুপানীৰেই জীৱন
জীপাল....
তুমি জানানে প্ৰিয়তমা??
মই নোৱাৰিলো তোমাৰ বুকুৰ
উত্তাল কামনা খিনি বুটলিব...আৰু
নোৱাৰিলো তোমাৰ হৃদয়ত প্ৰেমৰ
এগচি চাকি জ্বলাবলৈ...। কিজানিবা
সাজিব নোৱাৰিলো আঙুলিৰ সঁহাৰিত
সমুদ্ৰ গভীৰ বৰ্ণমালা...।তুমিছোন
জানাই প্ৰিয়তমা, এয়া উদ্মাদ প্ৰেমিকৰ নষ্ট
প্ৰেম...। এয়া চোৱা দুচকু ৰঙা হৈ
পৰিছে, চকুলো নিগৰি আহিছে, শব্দৰ অভাৱত মৌন হৈ পৰিছে মোৰ তেজৰ প্ৰতিটো কণিকাত মিহলি হৈ থকা মৰম-ভালপোৱাবোৰ ।
তোমাৰ নষ্ট প্ৰেমিক
ইলিয়াছ হাছান
তোমালৈ মনত পৰিছে। দুচকুৰ
প্ৰতিটোপাল চকুলোত তুমি জিলিকি
উঠিছা। বুটলিব খুজিছো চকুলোত তুমি
তুমি লগা অনুভৱ বোৰ।তোমাৰ বাবেই
সজাইছিলো অনুভৱৰ বুকত সকলো
সেউজীয়া। কিছু মৰম কিছু ভালপোৱা
আৰু কিছু অবিস্বাসৰ সুৰ- সকলোবোৰ
নেওচি তুমি গুছি গলা দুচকুত চকুলোৰ ঘৰ
সাজি। কপালত সেয়া ফোঁট নে তেজৰ
টোপাল, মোৰ ছোন চকুপানীৰেই জীৱন
জীপাল....
তুমি জানানে প্ৰিয়তমা??
মই নোৱাৰিলো তোমাৰ বুকুৰ
উত্তাল কামনা খিনি বুটলিব...আৰু
নোৱাৰিলো তোমাৰ হৃদয়ত প্ৰেমৰ
এগচি চাকি জ্বলাবলৈ...। কিজানিবা
সাজিব নোৱাৰিলো আঙুলিৰ সঁহাৰিত
সমুদ্ৰ গভীৰ বৰ্ণমালা...।তুমিছোন
জানাই প্ৰিয়তমা, এয়া উদ্মাদ প্ৰেমিকৰ নষ্ট
প্ৰেম...। এয়া চোৱা দুচকু ৰঙা হৈ
পৰিছে, চকুলো নিগৰি আহিছে, শব্দৰ অভাৱত মৌন হৈ পৰিছে মোৰ তেজৰ প্ৰতিটো কণিকাত মিহলি হৈ থকা মৰম-ভালপোৱাবোৰ ।
তোমাৰ নষ্ট প্ৰেমিক
ইলিয়াছ হাছান
Subscribe to:
Posts (Atom)