ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি
হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব
পাৰো আকাশৰ বিশালতালৈ আৰু
চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি
সেউজীয়া। বন্ধুত্ব হয়তো এনেকুৱাই—
য’ত গঢ়ি উঠে এখন বুকুৰ পৰা আন এখন বুকুলৈ
এক অদৃশ্য সাঁকো। যাৰ বাবেই হয়তো
প্ৰতিটো মুহূৰ্ততে আমি ভগাই ল’ব
পাৰো ইজনে-সিজনৰ মনৰ খবৰ। সেয়া
লাগিলে সুখৰেই হওক অথবা দুখৰ। বন্ধুত্ব
হৈছে পৃথিৱীৰ পৱিত্ৰতম সম্পৰ্ক। যাৰ
উমাল পৰশত আপুনি, মই আৰু সকলোৱেই জী
উঠো নতুনকৈ। বিচাৰি পাওঁ জীৱনৰ
অপৰূপ সৌন্দৰ্য্য। বন্ধুত্বৰ নিঃস্বাৰ্থ
ভালপোৱাত লুকাই থাকে অকৃত্ৰিম
প্ৰেম আৰু এই প্ৰেমৰ ৰাগীত মতলীয়া
হৈ উদযাপন কৰো জীৱন। যাৰ ইচ্ছাৰ
আঙুলিত ধৰি হেঁপাহ পলুৱাই তিতিব
পাৰো শাওণৰ এজাক বৰষুণত। প্ৰাণ ভৰাই
গাব পাৰো জীৱনৰ এটা গান। হাতত
হাত থৈ দৃঢ়তাৰে ক’ব পাৰো— আমি
একেখন নাৱৰেই সহযাত্ৰী।
চাৰিটা শাৰী বন্ধুসকলৰ নামত —- ” যদি
কেতিয়াবা লগ পোৱাৰ অজুহাত পাওঁ
অতীতৰ সমষ্ট ক্ষণবোৰ পুনৰ ঘূৰাই
বিচাৰিম…
এবাৰ দুচকু মুদি লওঁ আহা এৰি অহা
অতীতবোৰ পূনৰ ঘূৰাই পাম ”
☞☞☞ কঁপি কঁপি অহা কোলাহল হৃদয়ৰ দুখ বেদনাৰ শব্দবোৰত সৃষ্টি হোৱা অনুভৱৰ আবেগত মই এটি অন্ধকাৰ কোঠাত এখন উকা কাগজ আৰু এটি কলম লৈ বহিছো দু-এষাৰ লিখো বুলি । নাজানো জীৱনৰ শেষ কেতিয়া তথাপি সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ । হেৰুৱা সপোন কেতিয়াও দুনাই নাহে বুলি জানিও অপেক্ষাৰ বাটত ৰৈ থাকো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহে । । । ✍✍✍ইলিয়াছ হাছান✍✍✍
Friday, 19 May 2017
বিকালীয়ান বন্ধু বান্ধৱী সকললৈ
Subscribe to:
Posts (Atom)