Sunday, 6 November 2016

মোৰ জীৱন ডায়েৰিৰ এটি বেদনাময় পৃষ্ঠাত লাহে লাহে ধুলি জমা হব ধৰিছে

মৰমৰ প্ৰিয়তমা,
কুশলে আছানে তুমি? আজি আকৌ বহুদিনৰ মুৰত মেলি লৈছো মোৰ জীৱন ডায়েৰিৰ এটি বেদনাময় অধ্যায় । আমনি দিছোঁ বুলি নপঢ়া কৰি নাথাকিবা । 
              অনলাইন হৈয়েই সৰ্বপ্ৰথমৰ মেছেজটো তোমাকে দিয়ো। এক ঘণ্টা তোমাৰ সৈতে মেছেজ নকৰিলে মনৰ ভিতৰত এক দুখ অনুভৱ হয় । তোমাৰ মেছেজৰ ৰিপ্লাই পাবলৈ এক মিনিট দেৰি হলে, চকুত চকুপানীয়ে টলমল কৰে ।
কোনো এক অজ্ঞাত কাৰণত, এটা সময়ত তোমাৰ সতে মেছেজিং বন্ধ হৈ পৰে । এক ঘণ্টাৰ পিছত 10 ঘণ্টা, 10 ঘণ্টাৰ পিছত 24 ঘণ্টা , তাৰ পিছত এদিন, এক সপ্তাহ , এক মাহ, এনেকৈয়ে মাহৰ পিছত মাহ গৈ থাকে । লাহে লাহে তোমাৰ সেই বিশেষ আইডিৰ মেছেজ বিলাক মেছেজ বক্সৰ পিছৰ ফালে গৈ থাকে ।
কিন্তু মেছেজিং পিছলৈ গৈ থকাৰ পিছত তুমি কি মনৰ পৰা গুচি যোৱা ???
প্ৰতি মিনিটত, প্ৰতি ঘণ্টাত, প্ৰতি সপ্তাহত তোমালৈ মেছেজ পঠাবৰ বাবে ইনবক্সত বহু কথাই লিখা হয়, কিন্তু শেষ পৰ্যায়ত কোনো এক অজান কাৰণত মেছেজ বিলাক আৰু পঠিওৱা নহয় ।
   হঠাৎ কোনো এদিন ৰাতি যেতিয়া বুকুৰ বাওঁফালে প্ৰচণ্ড বিষ হয়, তেতিয়া এটা মেছেজ দি খুউব জানিবৰ ইচ্ছা হয়, তুমি কেনে আছা ইত্যাদি ইত্যাদি ।
কিন্তু পিছ ক্ষণতেই মনলৈ আহে , নাই থাকক, তুমিতো মোৰ অবিহনে ভালেই আছা ! তেনেহলে মই নোৱাৰিম কিয় ???
সময়ৰ পৰিবৰ্তনত ! সকলো বিলাক অতীত হৈ যাব ধৰিল । মন ডায়েৰিৰ পৃষ্ঠাত ধুলি জমা হব ধৰিছে । 
সময়ৰ পৰিবৰ্তনৰ সৈতে তুমি মোক পাহৰি যাব পাৰা কিন্তু মই নোৱাৰোঁ পাহৰিব । মনত পৰে তোমালৈ । ।
কোনো এক ৰিমঝিম বৃষ্টি সৰা দুপৰীয়া অথবা গধুলি বেলা অথবা কোনো এক জোৎস্নাময় ৰাতি মনত পৰে । অতীতত এৰি অহা স্মৃতি ,  তেতিয়া অকলে অকলেই খুলি পঢ়িবলৈ আৰম্ভ কৰো ধুলি পৰা মনৰ ডায়েৰিৰ পৃষ্ঠা ।
মনৰ অজানিতেই চকুৰ মাজত অশ্ৰু জমা হয় , টপটপকৈ চকুৱেদি অশ্ৰু নিগৰি থাকে । মোৰ এই অশ্ৰু কেতিয়াও কোনেও দেখা নাপায় , ৰিমঝিম বৃষ্টিৰ মাজত হেৰাই যায় অশ্ৰু বিলাক , গধুলি বেলা উৰি থকা ধুলিত বিলীন হৈ যায় অশ্ৰু বিলাক ,  জোৎস্নাময় ৰাতি শুই থকা গাৰুৰ এটা কোন ভিজি যায়  চকুৰ পৰা নিগৰি অহা সেই অশ্ৰুত । ।
যেতিয়া মই অশ্ৰু বিসৰ্জন কৰো তেতিয়া তুমি কি কৰা ???  তেতিয়া তুমি হয়তো -- ৰিমঝিম বৃষ্টি, বৃষ্টি সৰা গধুলিৰ বেলা, ৰক্তিম সূৰ্যৰ বৰ্ণনা, জোৎস্নাময় ৰাতি , জোনৰ সৌন্দৰ্যৰ কথা খুউব সুন্দৰকৈ বৰ্ণনা কৰি তোমাৰ নতুন কোনো সংগীক মেছেজ দিয়াত অথবা ফোনকল কৰাত ব্যস্ত থকা । ।
তোমাৰ হয়তো মনলৈও নাহে অশ্ৰু বিসৰ্জন কৰি থকা এই নষ্ট প্ৰেমিকজনলৈ । । ।
     এয়াই হল মোৰ জীৱন নামৰ ডায়েৰিৰ এটি বেদনাময় অধ্যায় । ।
        [ এইদৰেই উলটি থাকিব জীৱন ডায়েৰিৰ প্ৰতিটো পৃষ্ঠা, প্ৰতিটো অধ্যায় । সময় পৰিবৰ্তনত শেষ হৈ যাব ডায়েৰিৰ পৃষ্ঠা,   শেষ হৈ যাব ডায়েৰিৰ সকলো অধ্যায় ।  শেষ হোৱা ডায়েৰিত লাহে লাহে ধুলি জমা হব । হঠাৎ এদিন এই ডায়েৰিৰ অস্তিত্ব বিলীন হৈ যাব । । । ]
    ☞☞সদৌ শেষত তোমাৰ নষ্ট প্ৰেমিক☜☜
✍✍✍ইলিয়াছ হাছান✍✍✍