-জটুৱা খণ্ড-বাক্যৰে বাক্য ৰচনা--
১)পেটকুলি: গাৰ্লফ্ৰেণ্ডৰ প্ৰফাইল
ফটোৰ তলত পেটকুলি এক্স-বয়ফ্ৰেণ্ডৰ
‘লুকিং প্ৰিটি’ কমেন্টটো দেখি
গোবিনে ফেচবুকত চাট আপচনটো
ডিএকটিভেট কৰি থ’লে৷
২)গাই বা চা:মহেন্দ্ৰই ইমান গাই বাই
চালে,তথাপিতো নিষ্ঠুৰ
ছোৱালীজনীয়ে তাৰ ফ্ৰেণ্ড
ৰিকুৱেষ্ট গ্ৰহণ নকৰিলে৷
৩)ডলাৰ বগৰী:দিনৰ দিনটো ললিতাই
ডলাৰ বগৰীৰ দৰে ঘূৰি ফুৰাৰ স্বত্বেও
পাঁচটকীয়া ইন্টাৰনেট কাৰ্ড এখন
বিচাৰি নাপালে৷
৪)মাটিৰ মানুহ:গজেন সঁচাকৈয়ে
মাটিৰ মানুহ,নতুন গাৰ্লফ্ৰেণ্ডে
ফেচবুকৰ পাছৱৰ্ডটো খোজাৰ আগতেই
সি তাইক সকলোবোৰ কৈ দিলে৷
৫)পানীত হাঁহ নচৰা: বাৰঘণ্টাৰ
ভিতৰতে বিশজনী বান্ধৱী মোহনৰ
ফ্ৰেণ্ডলিষ্টৰ পৰা ওলাই যোৱাত তাৰ
অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈ
পৰিল৷
৬)হাত লৰ: ৰাজেনৰ দৰে হাতলৰ মানুহৰ
পৰা সদায় আঁতৰত থাকিবা দেই,সি
বেলেগৰ ধুনীয়া প’ষ্টবোৰত খুব নজৰ
মাৰি ফুৰে৷
৭)হাত দীঘল: হাতদীঘল এঞ্জেলিনাই
‘hmmm’বুলি আপডেট দিওতেই দুশটা
লাইক আৰু চৌষষ্ঠিটা কমেন্ট পালে৷
৮)ন দি ক: শেৱালিয়ে প্ৰফাইলত
লগোৱা ফটোখন তাইৰ নিজৰ নহয়,এই
কথা মই ন দি ক’ব পাৰো ৷
৯)পৰশ্ৰীকাতৰ: তই যে ইমান পৰশ্ৰীকাতৰ
হ’বি সেই কথা মই সপোনতো ভবা
নাছিলো৷দুজনী ছোৱালীয়ে মোৰ
প’ষ্টত লাইক কৰাৰ কাৰণেই তই মোকনো
আনফ্ৰেণ্ড কৰিব লাগেনে হেৰৌ??
১০)কাণসাৰ:কাইলৈৰ পৰা ছেমিষ্টাৰ
পৰীক্ষা,তোৰ দেখোন একো
কাণসাৰেই নাই!!! কিমাননো আৰু
ফেচবুকত বহি থাক?
১১)হাড়ক মাটি কৰ-(কঠোৰ শ্ৰম কৰ)- হাড়ক
মাটি কৰি গৌৰৱে কমদিনৰ ভিতৰতে
ফে’চবুকত যশস্যা-খ্যাতি গোটাই তেওঁৰ
পৰিবাৰৰ লগতে পৰিয়ালকো
গৌৰৱান্বিত কৰিছে৷
১২)কাঠ-চিতীয়া(নিষ্ঠুৰ,নিৰ্দ্দয়)- তোৰ
দৰে কাঠ-চিতীয়া মানুহ জগতত
নোলাব অ’ হিমন্ত৷ হেৰৌ, দিনৰ
দিনডাল কমপিউটাৰটোৰ সমুখত ভূত
বহাদি বহি থাকিলি,তথাপি
বেচেৰা তৰুণৰ ফটোখনত লাইক এটা
নামাৰিলি৷
১৩)বুকু ডাঠ (সাহসী)-ৰাকেশে ক’ৰবাৰ
পৰা চুৰ কৰি অনা কবিতাটোৰ তলত
তীব্ৰ গৰিহণা আৰু ধিক্কাৰ দি বুকু ডাঠ
অখিলে ফে’চবুক কঁপাই তুলিলে৷
১৪)মুখৰ ভাত কাউৰীয়ে নিয়া (অতি
অকৰ্মণ্য)-হেৰৌ,চন্দনৰ দৰে মুখৰ ভাত
কাউৰীয়ে নিয়াএটাৰ গ্ৰুপতনো কোন
মানুহ সোমাব !
১৫)গা নচুৱাই ফুৰ (ধেমালি কৰি ফুৰ)-
দাঁত সৰিল,চুলি পকিল; পিছে গা
নচুৱাই ফে’চবুকত ওৰে দিনটো টিঘিল
ঘিলাই ফুৰা গৌতমৰ কৌটিকলীয়া
সেই স্বভাৱটোৰহে পৰিৱৰ্তন নহ’ল৷
১৬)ভৰি দাং(গা দাং,যাবলৈ ওলা)-
হেৰৌ ৰকি,বেলি গৈ পশ্চিমত লুকাল
দেখিছনে নাই ! সোনকালে ভৰি
দঙাৰহে কথা এতিয়া৷ ৰাতিলৈ গাঁৱত
পহৰা দিব নালাগিব জানো !
১৭)মূৰে কপালে হাত দে (বিমোৰত
পৰ,বৰ বেজাৰ পা)- হোৱাটছ্ আপত
ফটোখন আপলোড কৰিবলৈ গৈ শৰতে
মূৰে কপালে হাত দিলে৷ ফটোশ্বপত
অলপ আগতে এডিট কৰি থোৱা ফটোখন
এতিয়া দেখোন ম’বাইলত নাই৷
১৮)পেট ভাটৌ (পেটত কথা ৰাখি
থোৱা মানুহ)- ‘ফিলিং হেপি’
ষ্টেটাছটো দেখি প্ৰদ্যুতক কিনো কথা
,কিনো বতৰা আদি সুধিছিলোঁ যদিও
পেট ভাটৌটোৱে মুখেৰে এষাৰ মাত
নিদিলে৷